ভাৰত হ’ব বিশ্বগুৰু; দেশৰ ভৱিষ্যতক লৈ কোনো সন্দেহ নকৰিবলৈ আহ্বান মোহন ভাগৱতৰ

ভাৰত নিশ্চিতভাৱে বিশ্বগুৰুৰ আসনত অধিষ্ঠিত হ’ব। দেশৰ ভৱিষ্যতক লৈ কোনেও মনত কোনো ধৰণৰ সন্দেহ পুহি ৰখা উচিত নহয়। শুকুৰবাৰে এই মন্তব্য কৰে আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে। নাগপুৰত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সংঘচালকগৰাকীয়ে দেশৰ সাম্প্ৰতিক অগ্ৰগতিৰ বিষয়ে আলোকপাত কৰে। ভৱিষ্যতৰ লক্ষ্য সন্দৰ্ভত তেওঁ এইদৰে নিজৰ মত প্ৰকাশ কৰে।

ভাৰতৰ বিশ্বজোৰা পৰিচয় আৰু ক্ৰমবৰ্ধমান প্ৰভাৱৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে ভাগৱতে। তেওঁ কয়, “ভাৰত বিশ্বগুৰু হোৱাটো একেবাৰে নিশ্চিত। গণতন্ত্ৰত সকলোৰে নিজস্ব মতামত থাকিব পাৰে, কিন্তু দেশৰ সামগ্ৰিক উন্নয়নৰ যাত্ৰাক লৈ আমি আত্মবিশ্বাসী হোৱাটো প্ৰয়োজন।” দেশৰ প্ৰতিগৰাকী নাগৰিকক এক ইতিবাচক চিন্তাৰে আগুৱাই যাবলৈ তেওঁ এই অনুষ্ঠানৰ জৰিয়তে আহ্বান জনায়।

ভাৰতৰ এই উত্থান কোনোৱে বাধা দি ৰাখিব নোৱাৰে। এই দাবী কৰে আৰ এছ এছৰ মুৰব্বীগৰাকীয়ে। তেওঁৰ মতে, ভাৰতীয় সংস্কৃতি আৰু আদৰ্শই বিশ্বক নতুন দিশ দেখুৱাবলৈ সক্ষম হৈছে। নাগপুৰত অনুষ্ঠিত হোৱা এই কাৰ্যসূচীত সংঘৰ অন্যান্য জ্যেষ্ঠ পদাধিকাৰীসকলৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে। ৰাষ্ট্ৰীয় পৰ্যায়ত মোহন ভাগৱতৰ এই মন্তব্যই এতিয়া বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।

By Sonakshi Sarkar

Leave a Reply

Your email address will not be published. Required fields are marked *