ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

মণিপুৰৰ আলোচনাৰ দাবীৰে ৰাজ্যসভাত উত্তপ্ত পৰিস্থিতি! TMCৰ সাংসদ ডেৰেক অ’ব্ৰাইনক বৰ্ষাকালীন অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বন

মণিপুৰৰ আলোচনাৰ দাবীৰে ৰাজ্যসভাত উত্তপ্ত পৰিস্থিতি! TMCৰ সাংসদ ডেৰেক অ’ব্ৰাইনক বৰ্ষাকালীন অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বন

ৰাজ্যসভাৰ টিএমচিৰ সাংসদ ডেৰেক অ’ব্ৰাইনক মঙলবাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পৰা নিলম্বন কৰে অধ্যক্ষ জগদীপ ধনখৰে। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বন কৰা হৈছে ডেৰেক অ’ব্ৰাইনক। অধিৱেশনত ৰাজ্যসভাত এয়া দ্বিতীয়টো নিলম্বন। ইয়াৰ পূৰ্বে আপৰ সাংসদ সঞ্জয় সিঙক সংসদৰ অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বন কৰিছিল জগদীপ ধনখৰে। সদনৰ নেতা পীয়ুষ গোৱেলে “সদনৰ কাৰ্য্যবিধি অবিৰতভাৱে বিঘ্নিত কৰা, অধ্যক্ষৰ অমান্য কৰা আৰু সদনত অহৰহ অশান্তিৰ সৃষ্টি কৰাৰ বাবে” ডেৰেক অ’ব্ৰাইনক নিলম্বনৰ বাবে প্ৰস্তাৱ আগবঢ়ায়। ৰাজ্যসভাত উত্তপ্ত পৰিৱেশৰ আৰম্ভ হয় টিএমচিৰ সাংসদ ডেৰেক অ’ব্ৰাইনে নিজৰ আসনৰ পৰা উঠি কয় যে বিৰোধীৰ নেতাইও মণিপুৰক লৈ বিতৰ্কৰ বাবে অনুৰোধ কৰি আহিছে। তাৰ পিছত ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ…
Read More
দিল্লীৰ এইমছত বিধ্বংসী অগ্নিকাণ্ড! অনিৰ্দিষ্টকাললৈ বন্ধ জৰুৰীকালীন ৱাৰ্ড

দিল্লীৰ এইমছত বিধ্বংসী অগ্নিকাণ্ড! অনিৰ্দিষ্টকাললৈ বন্ধ জৰুৰীকালীন ৱাৰ্ড

সোমবাৰে পুৱা এক ভয়াৱহ অগ্নিকাণ্ডই দিল্লীৰ এইমছ চিকিৎসালয়ত সৃষ্টি কৰে আতংকৰ। অগ্নিকাণ্ডৰ পিছত কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ বহু সময় ধৰি চলোৱা প্ৰচেষ্টাৰ অন্তত নিৰ্বাপন কৰে জুই। এই ঘটনাত কোনো হতাহতিৰ খবৰ পোৱা নাই। অৱশ্যে অগ্নিকাণ্ডৰ পৰিপ্ৰেক্ষিতত অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰি দিয়া হৈছে চিকিৎসালয়খনৰ জৰুৰীকালীন ৱাৰ্ড। দিল্লী এইমছ দেশৰ অন্যতম শ্ৰেষ্ঠ চিকিৎসালয়। প্ৰতিদিনে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ৰোগী চিকিৎসাৰ বাবে ইয়ালৈ আহে। এই চিকিৎসালয়খনে সদায় উত্তম সেৱা আগবঢ়াবলৈ দৃঢ়প্ৰতিজ্ঞ। সেই এইমছত পুৱা প্ৰায় ১১:৫৪ বজাত সংঘটিত হয় এক অগ্নিকাণ্ড। ঘটনাস্থলীত ৮খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি প্ৰথমে এণ্ড’স্কপি বিভাগত জুই লাগে। সেই…
Read More
জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰ সফলতা! অবৈধ অনুপ্ৰৱেশৰ সময়তে এনকাউণ্টাৰত নিহত ২ সন্ত্ৰাসবাদী…

জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰ সফলতা! অবৈধ অনুপ্ৰৱেশৰ সময়তে এনকাউণ্টাৰত নিহত ২ সন্ত্ৰাসবাদী…

সোমবাৰে জম্মু-কাশ্মীৰৰ পুঞ্চৰ ডেগৱাৰ টেৰৱান অঞ্চলত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত নিৰাপত্তা বাহিনীয়ে অবৈধ অনুপ্ৰৱেশৰ চেষ্টা কৰাৰ সময়তে দুজন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰিবলৈ সক্ষম হয়। প্ৰতিৰক্ষা বিভাগৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে যৌথ অভিযান চলাই সন্ত্ৰাসবাদী দুটাৰ অনুপ্ৰৱেশ প্ৰতিৰোধ কৰাত সফল হয়। বিষয়াসকলৰ মতে, পুৱা প্ৰায় ০২:০০ বজাত পুঞ্চৰ গড়ী বেটেলিয়নত এম্বুছ কৰি যোগাযোগ স্থাপন কৰা হয়। ডেগৱাৰ টেৰভাৰ অঞ্চলত দুজন ব্যক্তিক এল অ’ চিৰ কাষেৰে আহি থকা পৰিলক্ষিত হৈছিল। ঘটনা সন্দৰ্ভত অধিক সবিশেষৰ বাবে অপেক্ষা কৰি আছে। একেদৰে দেওবাৰে টাংধৰ ছেক্টৰত ভাৰতীয় সেনা আৰু কুপোৱাৰা আৰক্ষীৰ যৌথ অভিযানত এজন সন্ত্ৰাসবাদী নিহত হয় বুলি কাশ্মীৰ মণ্ডল আৰক্ষীয়ে…
Read More
মৰ্মান্তিক! কৰ্মস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথতে তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু পিতা-পুত্ৰৰ

মৰ্মান্তিক! কৰ্মস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পথতে তীব্ৰবেগী বাহনৰ খুন্দাত মৃত্যু পিতা-পুত্ৰৰ

কৰ্ণাটকত সোমবাৰে সন্ধিয়া সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ দুজন সদস্যৰ মৃত্যু হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয়। সদাশিৱনগৰ যান-বাহন থানাৰ অন্তৰ্গত এম এছ ৰমাইয়াৰ সমীপৰ ইছৰো চক্ৰত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনা। স্থানীয় খবৰ অনুসৰি এম এছ ৰমাইয়া হাস্পতালৰ দিশৰ পৰা আহি থকা এখন মাৰুতি ইকো এখন ৰখাই থোৱা গাড়ী আৰু এখন অট’ৰ সৈতে সংঘৰ্ষ হয়। পিছত আৰু বেছি বেগেৰে গৈ থকা বাইক এখনত খুন্দা মাৰিলে। প্ৰথমে পথৰ কাষত থিয় হৈ থকা এজন ব্যক্তি আৰু তাৰ পিছত ডিঅ’ স্কুটাৰত অহা দুজন লোক দুৰ্ঘটনাটোত পতিত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত স্থানীয় লোকে লগে লগে গাড়ীখন ৰখাই…
Read More
পুনৰ সংসদলৈ উভতিল ৰাহুল গান্ধী! উচ্চতম ন্যায়ালয়ৰ সলনিৰ পিছতে সলনি কৰিলে টুইটাৰ বায়’…

পুনৰ সংসদলৈ উভতিল ৰাহুল গান্ধী! উচ্চতম ন্যায়ালয়ৰ সলনিৰ পিছতে সলনি কৰিলে টুইটাৰ বায়’…

সোমবাৰে লোকসভা সচিবালয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক পুনৰ সংসদ সদস্য হিচাপে নিযুক্তি দিয়ে। আজি সচিবালয়ৰ কাৰ্যালয়ৰ পৰা এই জাননী প্ৰকাশ কৰা হয়। ৪ আগষ্টত উচ্চতম ন্যায়ালয়ে ৰাহুলৰ দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিত ৰখাৰ মাত্ৰ কেইদিনমান পিছতে লোকসভাত গান্ধীৰ সদস্যপদ পুনৰ ঘূৰাই অনাৰ সিদ্ধান্ত লোৱা হৈছে। পুনৰ নিযুক্তি পোৱাৰ কিছু সময়ৰ পিছতে কংগ্ৰেছ নেতা তথা ৱায়ানাদৰ সাংসদগৰাকীয়ে নিজৰ টুইটাৰ বায়’ সলনি কৰি 'সাংসদ সদস্য’লৈ সলনি কৰে যিটো পূৰ্বে ‘অযোগ্য সাংসদ’ হিচাপে আপডেট কৰা হৈছিল। ইয়াৰ পূৰ্বে গান্ধীয়ে ২৬ মাৰ্চত নিজৰ টুইটাৰ বায়’ আপডেট কৰি ২৪ মাৰ্চত লোকসভাৰ সাংসদ হিচাপে অযোগ্য ঘোষণা কৰাৰ পিছত ‘অযোগ্য সাংসদ’ক নিজৰ প্ৰফাইলত অন্তৰ্ভুক্ত কৰিছিল। ২০১৯ চনৰ…
Read More
শোকাবহ! থাইলেণ্ড ভ্ৰমণৰ সময়তে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু কানাড়া অভিনেতা বিজয় ৰাঘৱেন্দ্ৰৰ পত্নী স্পন্দনাৰ

শোকাবহ! থাইলেণ্ড ভ্ৰমণৰ সময়তে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু কানাড়া অভিনেতা বিজয় ৰাঘৱেন্দ্ৰৰ পত্নী স্পন্দনাৰ

কানাড়া অভিনেতা বিজয় ৰাঘবেন্দ্ৰৰ পত্নী স্পন্দনা ৰাঘবেন্দ্ৰই থাইলেণ্ডত পৰিয়ালৰ সৈতে ছুটীত থকা অৱস্থাত সোমবাৰে শেষ নিশ্বাস ত্যাগ কৰে। খবৰ অনুসৰি, বেংককৰ এখন ব্যক্তিগত চিকিৎসালয়ত হাৰ্ট এটেকত আক্ৰান্ত হৈ মৃত্যু ঘটে তেওঁৰ। ২৬ আগষ্টৰ বিজয়ৰ সৈতে তেওঁৰ বিবাহ বাৰ্ষিকীৰ মাত্ৰ কেইদিনমান পূৰ্বে স্পন্দনাৰ এই কৰুণ মৃত্যু। ২০০৭ চনৰ ২৬ আগষ্টত বিজয় আৰু স্পন্দনাই বিবাহপাশত আবদ্ধ হয় আৰু তেওঁলোকৰ শৌৰ্য নামৰ এজন পুত্ৰ আছে। খবৰ অনুসৰি স্পন্দনা নিম্ন ৰক্তচাপৰ সমস্যাত ভুগিছিল, যাৰ বাবে থাইলেণ্ড ভ্ৰমণৰ সময়তে তেওঁ হৃদৰোগত আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি হ’বলগীয়া হৈছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৪ বছৰ। বেংককত প্ৰয়োজনীয় সকলো আনুষ্ঠানিকতাৰ পিছত মঙলবাৰে তেওঁৰ মৃতদেহ বেংগালুৰুলৈ লৈ অনাৰ…
Read More
নুহ সংঘৰ্ষৰ পিছতে হাৰিয়ানা চৰকাৰৰ ‘বুলডজাৰ’ অভিযান! স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

নুহ সংঘৰ্ষৰ পিছতে হাৰিয়ানা চৰকাৰৰ ‘বুলডজাৰ’ অভিযান! স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

সোমবাৰে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে নুহত হাৰিয়ানা চৰকাৰৰ বুলডজাৰ কাৰ্য স্থগিত ৰখাৰ নিৰ্দেশ জাৰি কৰে। সাম্প্ৰদায়িক হিংসাত জৰ্জৰ নুহত চতুৰ্থ দিনাও চৰকাৰে বুলডজাৰ চলাই ১৫০ টাতকৈ অধিক ব্যৱসায়িক প্ৰতিষ্ঠান আৰু অন্য বাসগৃহ ভাঙি পেলাইছিল। ৩১ জুলাইত হিংসাত্মক পৰিস্থিতিৰ সময়ত শিলগুটি নিক্ষেপ কৰাৰ অভিযোগত ৰেষ্টুৰেণ্ট-হোটেল আৰু টাইলছ শ্ব’ৰুমৰ বিৰুদ্ধেও হাৰিয়ানা চৰকাৰে বুলডজাৰৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছিল। হিন্দু ধৰ্মীয় শোভাযাত্ৰাত আক্ৰমণৰ পিছতে নুহত সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হয়। শোভাযাত্ৰাত অংশগ্ৰহণ কৰা লোকসকলে দাবী কৰে যে শোভাযাত্ৰাটোত শিলগুটি নিক্ষেপ কৰা হৈছিল আৰু তেওঁলোকে পূৰ্ব পৰিকল্পিত আক্ৰমণৰ দৰে দেখা যোৱা ভিৰটোক লক্ষ্য কৰি লোৱা হৈছিল। গুৰুগ্ৰাম, পালৱাল, ফৰিদাবাদৰ দৰে হাৰিয়ানাৰ আন আন প্ৰান্তলৈও এই…
Read More
উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ স্বামী! তাৰ পিছতে নিলম্বন কৰা হ’ল ৰাজস্থানৰ মেয়ৰ মুনেশ গুৰজাৰক…

উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ স্বামী! তাৰ পিছতে নিলম্বন কৰা হ’ল ৰাজস্থানৰ মেয়ৰ মুনেশ গুৰজাৰক…

জয়পুৰ হেৰিটেজ পৌৰ নিগমৰ মেয়ৰ মুনেশ গুৰজাৰক দেওবাৰে ৰাজস্থান চৰকাৰে নিলম্বন কৰে। খবৰ অনুসৰি, ভূমি পট্টা প্ৰদানৰ বাবে দুই লাখ টকাৰ উৎকোচ লোৱাৰ সময়ত তেওঁৰ স্বামী সুশীল গুৰজাৰ গ্ৰেপ্তাৰ হোৱাৰ পিছতে ৰাজস্থান চৰকাৰে মেয়ৰগৰাকীক নিলম্বন কৰাৰ নিৰ্দেশ জাৰি কৰে। জয়পুৰ হেৰিটেজ পৌৰ নিগমৰ মেয়ৰ মুনেশ গুৰজাৰৰ বাসগৃহতো দুৰ্নীতি নিবাৰক শাখাই অভিযান চলায়। এই গোচৰৰ সৈতে জড়িত দুজন দালালকো গ্ৰেপ্তাৰ কৰে এচিবিয়ে। মেয়ৰ মুনেশ গুৰজাৰৰ ঘৰৰ পৰা অভিযান চলাই দুর্নীতি নিবাৰক শাখাই উদ্ধাৰ কৰে ৪০ লাখ টকা। লগতে এজন দালালৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে ৮ লাখ টকা। বিষয়টোৰ ওপৰত অধিক তদন্ত অব্যাহত ৰাখিছে এচিবিয়ে। উৎকোচ গোচৰত মেয়ৰৰ জড়িত বুলি সন্দেহ কৰি…
Read More
মোডী চৰকাৰৰ বিৰুদ্ধে অহা ৮ আগষ্টত সদনত অনস্থা প্ৰস্তাৱ উত্থাপন কৰিব বিৰোধীৰ হৈ গৌৰৱ গগৈয়ে

মোডী চৰকাৰৰ বিৰুদ্ধে অহা ৮ আগষ্টত সদনত অনস্থা প্ৰস্তাৱ উত্থাপন কৰিব বিৰোধীৰ হৈ গৌৰৱ গগৈয়ে

অহা ৮ আগষ্টত বিৰোধীয়ে লোকসভাত মোডী নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব। কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে প্ৰস্তাৱ আগবঢ়াব। মঙলবাৰৰ কাৰ্যসূচী অনুসৰি গগৈয়ে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিব, য'ত লিখা আছে "যে এই সদনে মন্ত্ৰী পৰিষদৰ ওপৰত আস্থাৰ অভাৱ প্ৰকাশ কৰিছে"। সংসদৰ সূত্ৰৰ মতে, অনাস্থা প্ৰস্তাৱটো ৮ আগষ্টত উত্থাপন হোৱাৰ পিছত আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে, আৰু অহা দুদিন অৰ্থাৎ ৯ আৰু ১০ আগষ্টত আলোচনা চলি থকাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ আগষ্টত এই প্ৰস্তাৱৰ আলোচনাৰ উত্তৰ দিয়াৰ সম্ভাৱনা আছে। অৱশ্যে ৯ আৰু ১০ আগষ্টৰ সদনৰ কাৰ্যসূচী এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই। যোৱা ১ আগষ্টত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী মিত্ৰজোঁট…
Read More
তীব্ৰ বেগৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই খালত পৰিল চাৰিচকীয়া বাহন, ৩ কলেজীয়া ছাত্ৰৰ কৰুণ মৃত্যু

তীব্ৰ বেগৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই খালত পৰিল চাৰিচকীয়া বাহন, ৩ কলেজীয়া ছাত্ৰৰ কৰুণ মৃত্যু

দেওবাৰে পুৱতি নিশা অন্ধ্ৰ প্ৰদেশৰ পূব গোদাবৰী জিলাত এখন চাৰিচকীয়া বাহন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত তিনিগৰাকী কলেজীয়া ছাত্ৰৰ মৃত্যু হয়। অধিক তীব্ৰ বেগৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। আৰক্ষীৰ মতে, শনিবাৰে নিশা এলুৰু জিলাৰ এখন ব্যক্তিগত অভিযান্ত্ৰিক মহাবিদ্যালয়ত অধ্যয়ন কৰা ১০ জনীয়া ছাত্ৰ-ছাত্ৰীৰ এটা দলে জলপ্ৰপাত আৰু চহকী জৈৱ বৈচিত্ৰ্যৰে ভৰা পূব গোদাৱৰী জিলাৰ প্ৰকৃতি কেন্দ্ৰ মাৰেডুমিলিলৈ জয়ৰাইড লৈ যায়। মাজনিশা তেওঁলোকৰ গাড়ীখন পথৰ পৰা আঁতৰি গৈ পূব গোদাৱৰী জিলাৰ বুৰুগুপুডি গেটত খালত ডুব যায় বুলি আৰক্ষীয়ে লগতে জনায়। নিহত কেইজনক হৰ্ষবৰ্ধন, হেমন্ত আৰু উদয় কিৰণ বুলি চিনাক্ত হোৱাৰ বিপৰীতে বাহনখনত থকা বাকী কেইজন আহতক চিকিৎসালয়ত ভৰ্তি…
Read More