ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

ভয়ংকৰ! ট্ৰেক্টৰ-ট্ৰলীৰ সৈতে ডাম্পাৰৰ সংঘৰ্ষত ৫ জন নিহত, ১২ জনৰো অধিক আহত

ভয়ংকৰ! ট্ৰেক্টৰ-ট্ৰলীৰ সৈতে ডাম্পাৰৰ সংঘৰ্ষত ৫ জন নিহত, ১২ জনৰো অধিক আহত

শনিবাৰে পুৱা প্ৰকাশ পোৱা এক দুৰ্ভাগ্যজনক কাণ্ডত ট্ৰেক্টৰ-ট্ৰলী আৰু মিনি ট্ৰাকৰ সংঘৰ্ষত পাঁচজন লোক নিহত হোৱাৰ লগতে ১২ জনৰো অধিক লোক আহত হয়। উত্তৰ প্ৰদেশৰ হাথৰছত সংঘটিত হোৱা এই শোকাৱহ দুৰ্ঘটনাটোত প্ৰায় দুডজনীয়া ভক্তৰ দল এটাই ট্ৰেক্টৰ ট্ৰলীত উঠি ইটাৰ জলেছৰৰ পৰা গোবৰ্ধন পৰিক্ৰমাৰ বাবে মথুৰালৈ আহি আছিল। ট্ৰেক্টৰ-ট্ৰলীখন গোবৰ্ধন পৰিক্ৰমা অভিমুখে গৈ থকা অৱস্থাত হাথৰছৰ সদাবাদ পথত ডাম্পাৰৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। তীব্ৰ প্ৰভাৱৰ ফলত ট্ৰেক্টৰ-ট্ৰলীখন ওলোটা হৈ পৰে, যাৰ ফলত একাংশ ব্যক্তি তলত আবদ্ধ হৈ পৰে। তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীৰ দলটোৱে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসাৰ বাবে ওচৰৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যায়। পিছত গুৰুতৰভাৱে আহত হোৱা…
Read More
‘মোদী’ উপাধি গোচৰত ৰাহুল গান্ধীলৈ বৃহৎ সকাহ! শাস্তিত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

‘মোদী’ উপাধি গোচৰত ৰাহুল গান্ধীলৈ বৃহৎ সকাহ! শাস্তিত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ

মোদী উপাধি গোচৰত বৃহৎ সকাহ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। উচ্চতম ন্যায়ালয়ে স্থগিত ৰাখে ৰাহুলৰ শাস্তি। কংগ্ৰেছ নেতাগৰাকীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ চূড়ান্ত ৰায়দান নোহোৱালৈকে ৰাহুলে এই গোচৰত কোনো ধৰণৰ শাস্তিৰ সন্মুখীন নহ’ব। অৰ্থাৎ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাটত আৰু বাধা নাই কংগ্ৰেছ নেতাগৰাকীৰ। ২০১৯ চনৰ ১৩ এপ্ৰিলত কৰ্ণাটকৰ কোলাৰত অনুষ্ঠিত এক সমাৱেশত ৰাহুলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা কৰি কয় যে, "মোডী দেশৰ সকলো ডাঙৰ চোৰৰ নাম হোৱাটো দুৰ্ভাগ্যজনক।" পূৰ্ণেশ মোদীয়ে গুজৰাটৰ চুৰাট আদালতত গোচৰ ৰুজু কৰি কয় যে সেই ভাষণত তেতিয়াৰ কংগ্ৰেছৰ সাংসদগৰাকীয়ে সমগ্ৰ মোডী সমাজক অপমান কৰিছিল। গুজৰাটৰ চুৰাট আদালতে সেই গোচৰত ৰাহুলক দোষী সাব্যস্ত কৰি…
Read More
উত্তৰাখণ্ডত ভয়ংকৰ ভূমিস্খলনত সন্ধানহীন কমেও ১০ জন, অব্যাহত উদ্ধাৰ অভিযান

উত্তৰাখণ্ডত ভয়ংকৰ ভূমিস্খলনত সন্ধানহীন কমেও ১০ জন, অব্যাহত উদ্ধাৰ অভিযান

উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত বৃহস্পতিবাৰে নিশা হোৱা প্ৰচণ্ড বৰষুণৰ ফলত দুখন দোকান ভাঙি প্ৰায় এক ডজন লোক নিৰুদ্দেশ হোৱাৰ খবৰ পোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ৰুদ্ৰপ্ৰয়াগৰ আৰক্ষী অধীক্ষক বিশাখাই এএনআইক জনোৱা মতে, ১০ জনতকৈ অধিক লোকৰ অৱস্থিতি এতিয়াও জানিব পৰা হোৱা নাই। নিৰুদ্দেশ হোৱা লোকৰ সন্ধান উলিয়াবলৈ অব্যাহত আছে এক অনুসন্ধান অভিযান। "এই ঘটনাৰ খবৰ মাজনিশাৰ আশে-পাশে। ভূমিস্খলনৰ পিছত দহজনতকৈ অধিক লোক নিৰুদ্দেশ হোৱা বুলি কোৱা হৈছে আৰু তেওঁলোকৰ অৱস্থা এতিয়াও জানিব পৰা হোৱা নাই।" নিৰুদ্দেশ হোৱা লোকসকলক বিচাৰি উলিয়াবলৈ অপাৰেচন চলি আছে বুলিও তেওঁ কয়। তদুপৰি দুৰ্যোগ ব্যৱস্থাপনা এজন বিষয়াই জনাইছে যে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি…
Read More
নুহ হিংসাৰ পিছত আজি প্ৰথম জুম্মা! নামাজ আদায় কৰাৰ ক্ষেত্ৰত বিশেষ আহ্বান মৌলানাৰ…

নুহ হিংসাৰ পিছত আজি প্ৰথম জুম্মা! নামাজ আদায় কৰাৰ ক্ষেত্ৰত বিশেষ আহ্বান মৌলানাৰ…

৩১ জুলাইত হাৰিয়ানাৰ নুহত সংঘটিত হোৱা সাম্প্ৰদায়িক হিংসাৰ পিছত আজি প্ৰথম শুকুৰবাৰ। এনে পৰিস্থিতিত জুমাৰ নামাজৰ সময়ত যাতে শান্তি বৰ্তি থাকে আৰু কোনো বিবাদ নহয় তাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে। বাদি জামা মছজিদৰ ইমাম মৌলানা মুফতি জাহিদ হুছেইনে কয় যে তেওঁ ৰাইজক ঘৰতে থাকি নমাজ আদায় কৰিবলৈ আহ্বান জনাইছে। মৌলানাই কয়, ‘আমি সমগ্ৰ অঞ্চলটোক আহ্বান জনাইছো যে তেওঁলোকৰ গাঁৱৰ মছজিদ বা ঘৰত জুমাৰ নামাজ আদায় কৰক। এইটোৱেই আছিল প্ৰশাসনৰ অনুৰোধ। আমি কেৱল প্ৰশাসনৰ লগত আছো। আমাৰ ঠাইত ৪ৰ পৰা ৫ হাজাৰ মানুহ গোট খায় নমাজৰ বাবে, যিটো আজি নহ'ব, কিন্তু যিয়ে নমাজ আগবঢ়াবলৈ আহিব, আমি তেওঁক বাধা দিম। যি…
Read More
উচ্চতম ন্যায়ালয়ত মুখথেকেছা কাৰাবন্দী আপ নেতা মনীষ ছিছ’দিয়াৰ, পত্নীৰ অসুস্থতাৰ বাবে বিচাৰিছিল জামিন

উচ্চতম ন্যায়ালয়ত মুখথেকেছা কাৰাবন্দী আপ নেতা মনীষ ছিছ’দিয়াৰ, পত্নীৰ অসুস্থতাৰ বাবে বিচাৰিছিল জামিন

জামিন বিচাৰি উচ্চতম ন্যায়ালয়ত মুখথেকেছা দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াৰ। পত্নীৰ অসুস্থতাৰ কাৰণে চিছ’দিয়াই অন্তৱৰ্তীকালীন জামিন বিচাৰিছিল। কিন্তু ন্যায়ালয়ে শুকুৰবাৰে এই আবেদন নাকচ কৰি ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহত জামিন আৱেদন বিবেচনা কৰা হ’ব বুলি জানিবলৈ দিয়ে। ইয়াৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ে ছিছ’দিয়াক জামিন দিবলৈ অস্বীকাৰ কৰিছিল। উচ্চতম ন্যায়ালয়ৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছিল ছিছ’দিয়াই। ১৪ জুলাইত আদালতে ছিছ’ডিয়াৰ অন্তৱৰ্তীকালীন জামিন আবেদনৰ ওপৰত জাননী জাৰি কৰি কয় যে ৪ আগষ্টত ইয়াৰ শুনানি গ্ৰহণ কৰা হ’ব।
Read More
শোকাবহ! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, কমেও ১৭ জনৰ মৃত্যু

শোকাবহ! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা খাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ, কমেও ১৭ জনৰ মৃত্যু

বৃহস্পতিবাৰে পশ্চিম মেক্সিকোত এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়, য’ত এলিট যাত্ৰীবাহী লাইনৰ এখন যাত্ৰীবাহী বাছ ঘাইপথৰ পৰা আঁতৰি আহি ৰাজ্যখনৰ ৰাজধানী টেপিকৰ বাহিৰৰ বাৰাংকা ব্লাংকাৰ সমীপৰ গভীৰ খাদত বাগৰি পৰে। এই ঘটনাৰ ফলত তিনিটা শিশুকে ধৰি কমেও ১৭ জন লোকৰ মৃত্যু ঘটাৰ লগতে ২২ জন লোক আহত হয়। কৰ্তৃপক্ষই জনাইছে যে আহত যাত্ৰীসকলৰ অৱস্থা বৰ্তমান সুস্থিৰ যদিও খাৱৈৰ গভীৰতা প্ৰায় ৫০ মিটাৰ (১৬৪ ফুট) হোৱাৰ বাবে উদ্ধাৰ অভিযানটো ব্যতিক্ৰমীভাৱে প্ৰত্যাহ্বানজনক আছিল। কিহৰ বাবে বাছখনে পথ এৰি খাৱৈত বাগৰি পৰে তাৰ সঠিক কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। নায়াৰিট ৰাজ্যৰ নিৰাপত্তা আৰু নাগৰিক সুৰক্ষা সচিব জৰ্জ বেনিটো ৰড্ৰিগেজে উদ্ধাৰ অভিযানৰ সময়ত সন্মুখীন…
Read More
জম্মু-কাশ্মীৰৰ পৰা সন্ধানহীন হোৱা সেনা জোৱানক জীৱন্তে উদ্ধাৰ আৰক্ষীৰ

জম্মু-কাশ্মীৰৰ পৰা সন্ধানহীন হোৱা সেনা জোৱানক জীৱন্তে উদ্ধাৰ আৰক্ষীৰ

যোৱা সপ্তাহত জম্মু-কাশ্মীৰৰ কুলগাম জিলাৰ পৰা নিৰুদ্দেশ হোৱা এজন সেনা জোৱানক জীৱন্তে উদ্ধাৰ কৰা হৈছে বুলি বৃহস্পতিবাৰে আৰক্ষীয়ে প্ৰকাশ কৰে। লাডাখত কৰ্তব্যৰত জাভাইদ আহমদ ৱানী শনিবাৰে ছুটীত থকাৰ সময়তে জন্মস্থান কুলগাম জিলাৰ পৰা নিৰুদ্দেশ হয়। কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বিজয় কুমাৰে এক টুইটযোগে কয় যে, "নিৰুদ্দেশ হোৱা সেনা জোৱানজনক কুলগাম আৰক্ষীয়ে উদ্ধাৰ কৰিছে। চিকিৎসা পৰীক্ষাৰ কিছু সময়ৰ পিছতে যৌথ জেৰা আৰম্ভ হ'ব। অধিক সবিশেষ তথ্য অনুসৰণ কৰা হ'ব।" যদিও আৰক্ষীয়ে পূৰ্বে ৱানীৰ নিৰুদ্দেশ হোৱা গোচৰৰ কোনো সবিশেষ প্ৰকাশ কৰা নাছিল, তথাপিও তেওঁক সন্ত্ৰাসবাদীয়ে অপহৰণ কৰিছিল বুলি আশংকা কৰা হৈছিল।
Read More
লোমহৰ্ষক! ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি জ্বলাই হত্যা, ৩ জনক আটক

লোমহৰ্ষক! ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি জ্বলাই হত্যা, ৩ জনক আটক

ৰাজস্থানৰ ভিলৱাৰা জিলাত কয়লা চুলাত এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণ কৰি জীৱন্তে জ্বলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে। ঘটনা সন্দৰ্ভত তিনিজন লোকক আটক কৰিছে আৰক্ষীয়ে। বুধবাৰে ভিলৱাৰাৰ কোটডি ব্লকৰ এখন গাঁৱত সংঘটিত হয় এই ঘটনা। ভিলৱাৰাৰ আৰক্ষী অধীক্ষক আদৰ্শ সিদ্ধুৱে কয় যে এগৰাকী কন্যা শিশুক হত্যা কৰি জ্বলাই দিয়া হৈছে। তদন্তত চাৰিজন লোকৰ নাম আহিছে, ইয়াৰে তিনিজনক আটক কৰি ৰখা হৈছে। ধৰ্ষণৰ সম্ভাৱনা নুই কৰিব নোৱাৰি যদিও ইয়াৰ তদন্ত চলি আছে। কিশোৰীগৰাকীৰ জ্যেষ্ঠ ভাতৃয়ে জনোৱা মতে, বুধবাৰে পুৱা ৮ বজাত তেওঁৰ সৰু ভনীয়েকে ছাগলী লৈ ঘৰৰ পৰা ওলাই গৈছিল। সন্ধিয়া ৩ বজাৰ ওচৰত ছাগলীকেইটা ঘৰলৈ উভতি আহিল, কিন্তু ভনীয়েকে ঘূৰি নাহিল। পৰিয়ালৰ…
Read More
উগাণ্ডাৰ ভিক্টোৰিয়া হ্ৰদত ভয়ংকৰ নাও দুৰ্ঘটনা, কমেও ২০ জনৰ মৃত্যু

উগাণ্ডাৰ ভিক্টোৰিয়া হ্ৰদত ভয়ংকৰ নাও দুৰ্ঘটনা, কমেও ২০ জনৰ মৃত্যু

উগাণ্ডাৰ ভিক্টোৰিয়া হ্ৰদৰ পানীত অতিমাত্ৰা বোজাই কৰা এখন নাও ডুব যোৱাৰ ফলত প্ৰায় ২০ জন লোকে প্ৰাণ হেৰুৱাইছে বুলি আল জাজিৰাৰ তথ্যত প্ৰকাশ পাইছে। ইয়াৰ উপৰিও এতিয়াও সন্ধানহীন হৈ আছে পাঁচজন লোক। আৰক্ষীৰ তথ্য অনুসৰি বুধবাৰে পুৱা ৫ বজাত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ উদ্ধৃতি দি আল জাজিৰাই প্ৰকাশ কৰা অনুসৰি দুৰ্ঘটনাৰ সময়ত জাহাজখনত কয়লা, সতেজ খাদ্য আৰু মাছ আছিল। অৱশ্যে দুৰ্ঘটনাৰ কাৰণ অভাৰলোডিং আৰু বেয়া বতৰ বুলি জানিব পৰা গৈছে। আনহাতে, ৯ জন যাত্ৰীক উদ্ধাৰ কৰা হৈছে বুলিও আৰক্ষীয়ে কয়। তদুপৰি আৰক্ষীয়ে জনোৱা মতে, নিৰুদ্দেশ হোৱা লোককেইজনৰ সন্ধান উলিয়াবলৈ উদ্ধাৰ অভিযান চলি আছে। আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ হ্ৰদ ভিক্টোৰিয়া হ্ৰদটো…
Read More
হাৰিয়ানাৰ সাম্প্ৰদায়িক হিংসা! নুহৰ দুটা মছজিদত আক্ৰমণ

হাৰিয়ানাৰ সাম্প্ৰদায়িক হিংসা! নুহৰ দুটা মছজিদত আক্ৰমণ

হাৰিয়ানাৰ নুহ জিলাৰ টাউৰুৰ দুটা মছজিদত যোৱা নিশা মটৰ চাইকেল আৰোহী আক্ৰমণকাৰীয়ে বটল বোমা নিক্ষেপ কৰে বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। বুধবাৰে নিশা প্ৰায় ১১:৩০ বজাত সংঘটিত হোৱা এই ঘটনাত কোনো লোক আহত হোৱা নাই বুলি তেওঁলোকে জানিবলৈ দিয়ে। ইয়াৰে এটা মছজিদ বিজয় চ’কৰ সমীপত থকাৰ বিপৰীতে আনটো থানাৰ ওচৰত। দুয়োটা মছজিদৰ কিছু ক্ষতিসাধন হয়। আৰক্ষীয়ে জনোৱা মতে, এই কাণ্ডৰ তথ্য পোৱাৰ কিছু সময়ৰ পাছতে অগ্নিনিৰ্বাপক বাহিনীক মছজিদ দুটালৈ লৈ যোৱা হয় আৰু জুই নিৰ্বাপন কৰা হয়। পালৱাল জিলাৰ মিনাৰ গেট বজাৰৰ এখন বেংগলৰ দোকানতো অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে বুলি তেওঁলোকে জানিবলৈ দিয়ে। সোমবাৰে বিশ্ব হিন্দু পৰিষদৰ শোভাযাত্ৰা বন্ধ কৰিবলৈ একাংশ…
Read More