10
Aug
বাৰিষাৰ বৰষুণে দুৰ্যোগ নমাই আনিছে কেইবাখনো ৰাজ্যলৈ। বুধবাৰে প্ৰচণ্ড বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ খহি পৰিছিল। যাৰ বাবে ব্যাহত হৈ পৰিছিল অমৰনাথ যাত্ৰা। সমান্তৰালভাৱে উত্তৰাখণ্ডতো বাৰিষাই নমাই আনিছে প্ৰাকৃতিক দুৰ্যোগ। বিগত ২৪ ঘণ্টাত উত্তৰাখণ্ডত বৰষুণৰ বাবে সংঘটিত দুৰ্যোগত ৯ জন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো লোক সন্ধানহীন হৈ থকাৰ খবৰ পোৱা গৈছে। বুধবাৰে নিশাৰ পৰা হৃষিকেশৰ ধলৱালা আৰু খাৰা অঞ্চল ধাৰাসাৰ বৰষুণত ডুব যায়। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশাসনে উদ্ধাৰৰ কাম আৰম্ভ কৰিছে। ইফালে, গৌৰীকুণ্ডত খহি পৰাৰ ফলত মৃত্যুৰ খবৰ আহিছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে ধলৱালা, খৰাকে ধৰি বানাক্ৰান্ত অঞ্চলত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। ইতিমধ্যে ৫০…
