ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

শোকাবহ! হিমাচল প্ৰদেশত প্ৰচণ্ড বৰষুণৰ ফলত ভূমিস্খলন ঘটি ভগৱান শিৱৰ মন্দিৰ খহি কৰুণ মৃত্যু ৯ জনৰ…

শোকাবহ! হিমাচল প্ৰদেশত প্ৰচণ্ড বৰষুণৰ ফলত ভূমিস্খলন ঘটি ভগৱান শিৱৰ মন্দিৰ খহি কৰুণ মৃত্যু ৯ জনৰ…

সোমবাৰে পুৱা হিমাচল প্ৰদেশৰ শিমলাত এটা মন্দিৰ খহি পৰাৰ ফলত ৯ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ছামাৰ হিল অঞ্চলত ভূমিস্খলনৰ ফলত ভগৱান শিৱৰ মন্দিৰ ভাঙি পৰাত এই শোকাৱহ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি এই শোকাৱহ দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত প্ৰায় ২৫-৩০ জন লোক মন্দিৰত উপস্থিত আছিল। ৫ জন লোকক উদ্ধাৰ কৰাৰ লগতে আন কেইবাজনো লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে বুলি আইএনএছৰ এজন আৰক্ষী বিষয়াই জনায়। সম্প্ৰতি এই স্থানত উদ্ধাৰ অভিযান চলি আছে। মৃতকৰ সংখ্যা নিশ্চিত কৰি মুখ্যমন্ত্ৰী সুখবিন্দৰ সুখুৱে কয় যে এতিয়ালৈকে ৯টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। আন এক…
Read More
চৰকাৰী কৰ্মচাৰীৰ দ্বাৰা কিশোৰীক ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ পিছতে গ্ৰেপ্তাৰ

চৰকাৰী কৰ্মচাৰীৰ দ্বাৰা কিশোৰীক ধৰ্ষণ! ঘটনা পোহৰলৈ অহাৰ পিছতে গ্ৰেপ্তাৰ

ৰাজস্থানৰ কৰৌলী জিলাৰ টোডাভিম চহৰত শনিবাৰে জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগৰ এগৰাকী কৰ্মচাৰীয়ে এগৰাকী নাবালিকা কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। বিষয়াসকলৰ মতে, অভিযুক্ত চৰকাৰী কৰ্মচাৰীজনক সুনীল কুমাৰ জাংগীদ বুলি চিনাক্ত কৰা হৈছে, আৰু তেওঁৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা আইন আৰু আইপিচিৰ অন্যান্য প্ৰাসংগিক ধাৰাসমূহৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। অভিযুক্তজনক বিভাগটোৰ এজন কাৰ্যবাহী অভিযন্তাৰ জ্যেষ্ঠ সহায়ক হিচাপে নিযুক্তি দিয়া হৈছিল আৰু ঘটনা পোহৰলৈ অহাৰ পিছত তৎক্ষণাত কাৰ্যকৰী হোৱাকৈ তেওঁক পদৰ পৰা নিলম্বিত কৰা হৈছে। আৰক্ষীয়ে লগতে কয় যে আমি গোচৰটোৰ ওপৰত অধিক চকু ৰাখিছো। পি এইচ ই ডিৰ কাৰ্যবাহী অভিযন্তা কিৰোডী লাল মীনাৰ বিৰুদ্ধেও অভিযুক্তক সুৰক্ষা দিয়াৰ লগতে প্ৰমাণ…
Read More
স্বাধীনতা দিৱস উপলক্ষে সকলোকে নিজৰ ছচিয়েল মিডিয়াৰ ডিপি ত্ৰিৰংঙ্গালৈ সলনি কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

স্বাধীনতা দিৱস উপলক্ষে সকলোকে নিজৰ ছচিয়েল মিডিয়াৰ ডিপি ত্ৰিৰংঙ্গালৈ সলনি কৰিবলৈ আহ্বান প্ৰধানমন্ত্ৰীৰ

স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দেশবাসীক ছ’চিয়েল মিডিয়া একাউণ্টত ডিপি ত্ৰিৰংঙ্গালৈ সলনি কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে হৰ ঘৰ ত্ৰিৰংঙ্গা অভিযানৰ অধীনত ভাৰতবাসীক ডিপি সলনি কৰিবলৈ কয়। নৰেন্দ্ৰ মোদীয়ে দেশ আৰু জনসাধাৰণৰ মাজৰ বন্ধন গভীৰ কৰাৰ বাবে দেশবাসীক সমৰ্থন আগবঢ়াবলৈ অনুৰোধ জনায়। ‘হৰ ঘৰ ত্ৰিৰংঙ্গা’ পদক্ষেপৰ আঁৰৰ ধাৰণাটো হ’ল দেশবাসীৰ হৃদয়ত দেশপ্ৰেমৰ অনুভূতি উদগনি দিয়া আৰু ভাৰতীয় জাতীয় পতাকা সম্পৰ্কে সজাগতা বৃদ্ধি কৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি কয় যে হৰ ঘৰ ত্ৰিৰংঙ্গা পদক্ষেপৰ মনোভাৱেৰে আহক আমি আমাৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ ডি পি সলনি কৰি এই অনন্য প্ৰচেষ্টাক সমৰ্থন আগবঢ়াওঁ যিয়ে আমাৰ প্ৰিয় দেশ আৰু আমাৰ মাজৰ…
Read More
শীঘ্ৰেই গুজৰাটৰ পৰা আৰম্ভ হব ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰা ২.০

শীঘ্ৰেই গুজৰাটৰ পৰা আৰম্ভ হব ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো যাত্ৰা ২.০

গুজৰাট কংগ্ৰেছে ৰাষ্ট্ৰপিতা মহাত্মা গান্ধী আৰু চৰ্দাৰ পেটেলৰ ভূমিৰ পৰা দ্বিতীয় পৰ্যায়ৰ ভাৰত জোড়ো যাত্ৰা উদ্বোধন কৰিবলৈ ৰাহুল গান্ধীক আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত লৈছে। প্ৰথম পৰ্যায়ৰ সফলতাৰ ওপৰত আধাৰ কৰি এই যাত্ৰাই দেশৰ পূবৰ পৰা পশ্চিমলৈকে অঞ্চল সামৰি ৰাজনৈতিক আলোচনাক পৰৱৰ্তী পৰ্যায়লৈ লৈ যাবলৈ সাজু হৈছে। গুজৰাটৰ ওপৰত গুৰুত্ব আৰোপ কৰি গুজৰাট বিধানসভাৰ বিৰোধী দলপতি অমিত চাৱদাই কয় যে আমি মহাত্মা গান্ধী আৰু চৰ্দাৰ পেটেলৰ ভূমি গুজৰাটৰ পৰা দ্বিতীয় পৰ্যায়ৰ ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিবলৈ আমি ৰাহুল গান্ধীক আমন্ত্ৰণ জনাইছো৷ গুজৰাট বাছনি কৰাৰ প্ৰতীকী তাৎপৰ্যই এই ৰাজনৈতিক পদক্ষেপত ওজন বৃদ্ধি কৰে। ২০২২ চনৰ গুজৰাট নিৰ্বাচনৰ সময়ত বহু লোকে ৰাহুল গান্ধীৰ প্ৰথম…
Read More
মৰ্মান্তিক! চৰকাৰী বাছ আৰু ট্ৰাকৰ ভয়ংকৰ সংঘৰ্ষত ৪ জনৰ মৃত্যু, আহত ৯ জন

মৰ্মান্তিক! চৰকাৰী বাছ আৰু ট্ৰাকৰ ভয়ংকৰ সংঘৰ্ষত ৪ জনৰ মৃত্যু, আহত ৯ জন

উত্তৰ প্ৰদেশৰ বুলন্দশ্বহৰ জিলাত এখন চৰকাৰী বাছ আৰু ট্ৰাকৰ মাজত সংঘটিত দুৰ্ঘটনাত ৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ৯ জন লোক আহত হয়। শুকুৰবাৰে বিয়লি সংঘটিত হয় এই দুৰ্ঘটনা। দিল্লীলৈ গৈ থকা উত্তৰ প্ৰদেশ ৰাজ্যিক পথ পৰিবহণ নিগমৰ এখন বাছত বিপৰীত দিশৰ পৰা অহা এখন ট্ৰাকে আদৌলি গাঁৱৰ সমীপত খুন্দা মাৰে। চাহিবাবাদ ডিপোৰ পৰা অহা বাছখন বদৌনৰ পৰা দিল্লী অভিমুখে আহিছিল। ছেকেণ্ডৰাবাদৰ পৰা আহি থকা এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত স্থানীয় বিষয়াসকলে দ্ৰুতগতিত উপস্থিত হৈ আহত লোকসকলক ওচৰৰ চিকিৎসালয়লৈ লৈ যায়। দুৰ্ভাগ্যজনকভাৱে চাৰিজন যাত্ৰী আঘাতৰ বাবে মৃত্যুক সাৱটি লয়, আৰু আন ৯ জন আহত হয়।…
Read More
মৰ্মান্তিক! লক্ষ্মী নৰসিংহ স্বামী মন্দিৰৰ সমীপত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু ৬ বছৰীয়া কণমানিৰ

মৰ্মান্তিক! লক্ষ্মী নৰসিংহ স্বামী মন্দিৰৰ সমীপত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু ৬ বছৰীয়া কণমানিৰ

শনিবাৰে অন্ধ্ৰ প্ৰদেশৰ তিৰুমালাত নাহৰফুটুকীৰ আক্ৰমণত এটি ছয় বছৰীয়া কণমানিৰ মৃত্যু ঘটাৰ ঘটনাই অঞ্চলটোত শোক আৰু আতংকৰ সৃষ্টি কৰিছে। শুকুৰবাৰে নিশা আলিপিৰিত খোজকাঢ়ি তিৰুমালালৈ আহি থকা অৱস্থাত নৰসিংহ স্বামী মন্দিৰৰ সমীপত সন্ধানহীন হৈছিল লক্ষীতা নামৰ কণমানিটি। ইয়াৰ পিছতে শনিবাৰে নৰসিংহ স্বামী মন্দিৰত মৃত অৱস্থাত উদ্ধাৰ হয় শিশুটি। লক্ষীতাৰ পিতৃ দীনেশে কয়, “তিৰুমালাত ফুটৱেত বগাই থাকোঁতে কেইখোজমান আগুৱাই থকা তেওঁৰ ছোৱালীজনীয়ে বিস্কুটৰ পেকেট এটা ক্ৰয় কৰিবলৈ গ’ল। ভক্তৰ গধুৰ ভিৰৰ বাবে আমি ভাবিছিলো তাই আগত আছে, কিন্তু কিছু সময়ৰ পাছত তাইক বিচাৰি নাপালোঁ। পিছত লক্ষ্মীনৰসিংহ স্বামী মন্দিৰৰ সমীপত নাহৰফুটুকী আক্ৰমণত মৃত অৱস্থাত উদ্ধাৰ হয়।” ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে…
Read More
ধৰ্মৰ ভিত্তিত ঘৃণামূলক ভাষণ দিয়া বন্ধ কৰিবলৈ সকলো ৰাজ্যৰ আৰক্ষীক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ধৰ্মৰ ভিত্তিত ঘৃণামূলক ভাষণ দিয়া বন্ধ কৰিবলৈ সকলো ৰাজ্যৰ আৰক্ষীক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে প্ৰতিখন ৰাজ্যৰ আৰক্ষীক ঘৃণামূলক ভাষণ দিয়া বন্ধ কৰি ধৰ্মৰ ভিত্তিত এনে ভাষণ দিয়াত লিপ্ত হোৱাসকলক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছে। ৫ আগষ্টত উচ্চতম ন্যায়ালয়ে ঘৃণামূলক ভাষণৰ অপৰাধৰ বিষয়ে আৰক্ষীক সংবেদনশীল কৰাৰ প্ৰয়োজন বুলি উল্লেখ কৰে। আদালতে একেদৰেই এই সন্দৰ্ভত কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সহায় বিচাৰিছিল আৰু দুসপ্তাহৰ পাছত ঘৃণামূলক ভাষণ ৰোধ কৰাৰ বাবে এক গোট আবেদন পোষ্ট কৰিছিল। দিল্লী আৰু হাৰিয়ানাৰ নুহত সংঘটিত হোৱা ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল (এনচিআৰ)ত সংঘটিত হোৱা সাম্প্ৰদায়িক সংঘাত সন্দৰ্ভত ২ আগষ্টত আদালতে গ্ৰহণ কৰা একাধিক আবেদন পৰ্যবেক্ষণ কৰি আছিল। বুধবাৰে আদালতে কেন্দ্ৰ আৰু ৰাজ্যসমূহক নিৰ্দেশ দিয়ে যে অঞ্চলটোত পুনৰ কোনো ধৰণৰ ঘৃণামূলক ভাষণ বা হিংসাত্মক পৰিস্থিতিৰ…
Read More
মৰ্মান্তিক! কেদাৰনাথ যাত্ৰাৰ সময়তে বাহনৰ ওপৰত পাহাৰৰ শিল বাগৰি পৰাত কমেও ৫ তীৰ্থযাত্ৰীৰ মৃত্যু

মৰ্মান্তিক! কেদাৰনাথ যাত্ৰাৰ সময়তে বাহনৰ ওপৰত পাহাৰৰ শিল বাগৰি পৰাত কমেও ৫ তীৰ্থযাত্ৰীৰ মৃত্যু

উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত বৃহস্পতিবাৰে নিশা ভূমিস্খলনৰ ফলত কেদাৰনাথলৈ যোৱা এখন গাড়ীৰ ওপৰত পাহাৰৰ শিল বাগৰি পৰাত গুজৰাটৰ তিনিজনকে ধৰি কমেও পাঁচজন তীৰ্থযাত্ৰীৰ মৃত্যু ঘটে। গুপ্তকাশী-গৌৰিকুণ্ড ঘাইপথৰ ফাটাৰ সমীপৰ টাৰছালিত সংঘটিত হোৱা ভূমিস্খলনে পথটোৰ ৬০ মিটাৰ দৈৰ্ঘ্যৰ অংশ উটুৱাই লৈ যায়। ভক্তসকলে এখন গাড়ীত উঠি কেদাৰনাথৰ পবিত্ৰ মন্দিৰলৈ গৈ থকা অৱস্থাত ফাটা আৰু সোণপ্ৰয়াগৰ মাজত পাহাৰৰ পৰা পৰি থকা শিল আৰু শিলগুটিৰ ভৰত খুন্দা মাৰে। ঘটনাৰ তথ্য পোৱাৰ লগে লগে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও ধাৰাসাৰ বৰষুণে কামত বাধাৰ সৃষ্টি কৰে। শুকুৰবাৰে বতৰ পৰিষ্কাৰ হোৱাৰ লগে লগে গাড়ীখনৰ ছিন্নভিন্ন অৱশিষ্টৰ পৰা পাঁচটা মৃতদেহ উলিয়াই অনা হয় বুলি…
Read More
ৰাহুল গান্ধীৰ বাবে কমবয়সীয়া ছোৱালীৰ অভাৱ নাই, ৫০ বছৰীয়া এগৰাকী মহিলাক তেওঁ ফ্লায়িং কিছ দিব কিয়?- স্মৃতি ইৰাণীক উভতি ধৰিলে মহিলা সাংসদে…

ৰাহুল গান্ধীৰ বাবে কমবয়সীয়া ছোৱালীৰ অভাৱ নাই, ৫০ বছৰীয়া এগৰাকী মহিলাক তেওঁ ফ্লায়িং কিছ দিব কিয়?- স্মৃতি ইৰাণীক উভতি ধৰিলে মহিলা সাংসদে…

কম বয়সীয়া ছোৱালীৰ অভাৱ নাই ৰাহুল গান্ধীৰ বাবে। গতিকে ৫০ বছৰীয়া এগৰাকী মহিলাক তেওঁ কিয় চুমা খাব? এই প্ৰশ্ন উত্থাপন কৰে বিহাৰৰ মহিলা কংগ্ৰেছৰ এগৰাকী সাংসদে। ৰাহুল গান্ধীৰ সদনত ফ্লায়িং কিছক লৈ বিজেপি মন্ত্ৰী স্মৃতি ইৰাণীয়ে সূত্ৰপাত ঘটোৱা বিতৰ্কৰ পিছতে এই মন্তব্য কৰে বিহাৰৰ মহিলা সাংসদ নীতু সিঙে। কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে দাবী কৰে যে অনাস্থা প্ৰস্তাৱৰ আলোচনাৰ সময়ত ৰাহুল গান্ধীয়ে তেওঁক ফ্লায়িং কিছ প্ৰদান কৰি সদনৰ গৰিমাৰ আঘাত হানিছে। তেতিয়াৰ পৰাই সূত্ৰপাত ঘটিছে এই বিতৰ্কৰ। বিহাৰৰ সাংসদ নীতু সিঙে কয়, ‘আমাৰ নেতা ৰাহুল গান্ধীৰ বাবে কমবয়সীয়া ছোৱালীৰ অভাৱ নাই। ফ্লায়িং কিছ দিব লগা হ’লে সৰু কাৰোবাক দিব পাৰিলেহেঁতেন। ৫০…
Read More
লোমহৰ্ষক! ১৬ বছৰীয়া ছাত্ৰীক অপহৰণ কৰি ধৰ্ষণৰ পিছত হত্যা শিক্ষকৰ, উত্তাল ৰাজস্থান

লোমহৰ্ষক! ১৬ বছৰীয়া ছাত্ৰীক অপহৰণ কৰি ধৰ্ষণৰ পিছত হত্যা শিক্ষকৰ, উত্তাল ৰাজস্থান

আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে ৰাজস্থানৰ ছাৱাই মাধোপুৰ জিলাৰ এটা কুঁৱাত এগৰাকী ১৬ বছৰীয়া কিশোৰীক মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে স্থানীয় ৰাইজে ছাত্ৰীগৰাকীৰ শিক্ষকে ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে। ইতিমধ্যে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে অভিযুক্তৰ বিৰুদ্ধে বনলী থানাত ধৰ্ষণ আৰু হত্যাৰ গোচৰ ৰুজু কৰিছে। যোৱা ৮ আগষ্টত চৰকাৰী বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকী নিৰুদ্দেশ হোৱাৰ পিছত পিতৃয়ে তেওঁক অপহৰণ কৰাৰ অভিযোগত বিদ্যালয়ৰ শিক্ষক ৰামৰতন মীনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতে কিশোৰীগৰাকীৰ আত্মীয় আৰু স্থানীয় গাঁওবাসীয়ে মৃতদেহটো বিদ্যালয়ৰ খেলপথাৰত ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে। ক্ষতিপূৰণ, বিদ্যালয়ৰ সমগ্ৰ কৰ্মচাৰীক অপসাৰণ, জ্যেষ্ঠ আৰক্ষী বিষয়াৰ তদন্ত আৰু অভিযুক্তক তৎকালীনভাৱে গ্ৰেপ্তাৰ…
Read More