19
Aug
ৰাজস্থানৰ আলৱাৰৰ পৰা পোহৰলৈ আহিছে গণ প্ৰহাৰৰ আন এক কাণ্ড, য’ত হাবিৰ পৰা গছ কটাৰ সন্দেহত তিনিজন মুছলমান যুৱকক আক্ৰমণ কৰি প্ৰহাৰ কৰাৰ ফলত এজন লোকে প্ৰাণ হেৰুৱায়। আলৱাৰৰ বনছুৰ তহচিলৰ ৰামপুৰ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। বনাঞ্চলত অবৈধভাৱে কাঠ কাটিবলৈ গৈ থকা বুলি দাবী কৰি যুৱক তিনিজনক আক্ৰমণ কৰে ৰাইজে। বৃহস্পতিবাৰে (১৮ আগষ্ট) নিশা যুৱককেইজনক আক্ৰমণ চলায়। খবৰ অনুসৰি তিনিওজন মুছলমান যুৱকক তেওঁলোকৰ পিকআপ জীপত গৈ থকা অৱস্থাত হাবিত প্ৰায় এক ডজন লোকৰ এটা দলে ৰখাই দিয়ে। গছ-গছনি কাটিবলৈ হাবিলৈ যোৱা বুলি সন্দেহ কৰি জীপৰ পৰা উলিয়াই অনাৰ পিছতে যুৱক তিনিজনক আক্রমণ কৰে৷ আশ্চৰ্যজনকভাৱে যুৱক-যুৱতীক আক্ৰমণ কৰা জনসমাগমৰ সৈতে…
