02
Sep
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই শনিবাৰে অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা আদিত্য-এল১ সৌৰ অভিযান সফলতাৰে আৰম্ভ কৰে। এই মহাকাশযানখন প’লাৰ চেটেলাইট লঞ্চ ভেহিকেল (PSLV-C57)ৰ জৰিয়তে উৎক্ষেপণ কৰা হয়। ২ ছেপ্টেম্বৰৰ পৰা ১২:১০ বজাত আৰম্ভ হয় উৎক্ষেপণৰ কাউণ্টডাউন। এই মহাকাশযানখনে পৃথিৱীৰ পৰা সূৰ্যৰ দিশলৈ ১৫ লাখ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ চাৰি মাহ সময় লাগিব। মহাকাশযানে তৃতীয় পৰ্যায়ৰ পৃথকীকৰণ সম্পূৰ্ণ কৰে। ইছৰ’ই কয় যে এল ১ বিন্দুৰ চাৰিওফালে হেলো কক্ষপথত স্থাপন কৰা উপগ্ৰহৰ প্ৰধান সুবিধাটো হ’ল কোনো ধৰণৰ গুপ্ত আৰু গ্ৰহণ নোহোৱাকৈ সূৰ্য্যক অবিৰতভাৱে চোৱা। আদিত্য-এল১ উৎক্ষেপণৰ পাছত ভাৰতে সৌৰ পদাৰ্থ বিজ্ঞান আৰু হেলিঅ’ফিজিক্সৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে।…
