ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

৫০০ টকাৰ দিন মজুৰি দি শিশুৰ দ্বাৰা মোবাইল চুৰি! আৰক্ষীৰ জালত চুৰি গেং…

৫০০ টকাৰ দিন মজুৰি দি শিশুৰ দ্বাৰা মোবাইল চুৰি! আৰক্ষীৰ জালত চুৰি গেং…

মহাৰাষ্ট্ৰৰ নাগপুৰ আৰক্ষীয়ে বিভিন্ন ৰাজ্যৰ শিশু আৰু কিশোৰক ৫০০ টকা দিন মজুৰি দি মোবাইল চুৰি কৰোৱা এটা আন্তঃৰাজ্যিক চক্ৰৰ উন্মোচন কৰিছে। নাগপুৰৰ ধনতোলী আৰক্ষীয়ে ঝাৰখণ্ডৰ পৰা শিশু-কিশোৰক ৫০০ টকা মজুৰি দি মোবাইল ফোন চুৰি কৰোৱা এটা দল কৰায়ত্ত কৰাৰ পিছতে পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। আৰক্ষীয়ে তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰি লাখ লাখ টকাৰ মূল্যৱান মোবাইল ফোন জব্দ কৰিছে। আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি তেওঁলোকৰ পৰা প্ৰায় ৭৩টা মোবাইল ফোন উদ্ধাৰ কৰা হৈছে। ধৃত অভিযুক্ত কেইজন শ্বাহবাজ খান, ইৰছাদ আনছাৰী আৰু শ্বেখ বাবৰ বুলি জানিব পৰা গৈছে। ধনতোলী আৰক্ষী পৰিদৰ্শক প্ৰভাতি একুৰকে কয় যে গেংটোৰ সদস্যসকলে অটোত উঠাই এই সৰু ল’ৰা-ছোৱালীক ধৰ্মীয়…
Read More
উচ্চতম ন্যায়ালয়তো ৰেহাই নাপালে প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে, সৰ্বোচ্ছ আদালতে ক’লে…

উচ্চতম ন্যায়ালয়তো ৰেহাই নাপালে প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে, সৰ্বোচ্ছ আদালতে ক’লে…

অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক উচ্চতম ন্যায়ালয়ে কয় যে দুৰ্নীতিৰ গোচৰত তদন্ত আৰম্ভ কৰাৰ পূৰ্বে যোগ্য কৰ্তৃপক্ষৰ পৰা অনুমতি বিচাৰি তেওঁ দুৰ্নীতি বিৰোধী আইনখনৰ উদ্দেশ্যকে পৰাস্ত কৰিব। ২০১৮ চনৰ জুলাই মাহত এই আইনখনৰ ১৭এ ধাৰা সংযোজন কৰি এজন আৰক্ষী বিষয়াই কোনো ৰাজহুৱা কৰ্মচাৰীৰ বিৰুদ্ধে তদন্ত চলোৱাৰ পূৰ্বে যোগ্য কৰ্তৃপক্ষৰ পৰা অনুমতি লোৱাটো বাধ্যতামূলক কৰা হৈছিল। ইফিচিয়েন্সি ডেভেলপমেণ্ট কাউন্সিল কেলেংকাৰীৰ গোচৰত অন্ধ্ৰ উচ্চ ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা এফআইআৰ বাতিল কৰাৰ সিদ্ধান্তক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে নাইডুৱে। ন্যায়াধীশ অনিৰুদ্ধ বসু আৰু বেলা এম ত্ৰিবেদীৰ এখন বিচাৰপীঠে তেলেগু দেশম পাৰ্টিৰ নেতাগৰাকীৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভে আৰু অধিবক্তা সিদ্ধাৰ্থ লুথ্ৰাক…
Read More
কেন্দ্ৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ, ৰোহিংগীয়া শৰণাৰ্থীক লৈ বিচাৰিলে উত্তৰ…

কেন্দ্ৰলৈ জাননী উচ্চতম ন্যায়ালয়ৰ, ৰোহিংগীয়া শৰণাৰ্থীক লৈ বিচাৰিলে উত্তৰ…

উচ্চতম ন্যায়ালয়ে ৰোহিংগীয়া শৰণাৰ্থীৰ মুক্তিৰ দাবীত কেন্দ্ৰৰ পৰা উত্তৰ বিচাৰিছে। দৰাচলতে সমগ্ৰ দেশৰ জেল বা কিশোৰ-কিশোৰীৰ ঘৰত অবৈধ আৰু স্বেচ্ছাচাৰীভাৱে বন্দী হৈ থকা বুলি অভিযোগ উত্থাপন কৰা ৰোহিংগীয়া শৰণাৰ্থীসকলক মুকলি কৰি দিয়াৰ দাবীৰে এই আবেদনত কৰা হৈছে। এই সন্দৰ্ভত উচ্চতম আদালতে কেন্দ্ৰলৈ জাননী জাৰি কৰে। চাৰি সপ্তাহৰ ভিতৰত এই আবেদন সন্দৰ্ভত শপতনামা দাখিল কৰিবলৈ কেন্দ্ৰক জনাইছে আদালতে। একে সময়তে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্বাচনী বণ্ড আঁচনিক প্ৰত্যাহ্বান জনোৱা আৱেদনসমূহৰ ওপৰত ৩১ অক্টোবৰত শুনানিৰ দিন ধাৰ্য কৰিছে। উল্লেখ্য যে, এই আঁচনিখনে ৰাজনৈতিক দলসমূহৰ বেনামী পুঁজিৰ অনুমতি দিয়ে।
Read More
ভয়ংকৰ! মন্দিৰ দৰ্শন কৰি ওভতাৰ পথতে ৩খন বাহনৰ ভয়ংকৰ সংঘৰ্ষত কৰুণ মৃত্যু ৭ জনৰ…

ভয়ংকৰ! মন্দিৰ দৰ্শন কৰি ওভতাৰ পথতে ৩খন বাহনৰ ভয়ংকৰ সংঘৰ্ষত কৰুণ মৃত্যু ৭ জনৰ…

কৰ্ণাটকৰ বিজয়নগৰত সংঘটিত এক ভয়াবহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি লয় ৭ জনকৈ লোকে। তথ্য অনুসৰি বিজয়নগৰৰ হচপেটৰ সমীপত তিনিখন বাহনৰ মাজত সংঘটিত হয় সংঘৰ্ষ। খনন কামত নিয়োজিত দুখন টিপাৰ ল’ৰী আৰু এখন ক্ৰুজাৰৰ মাজত তীব্ৰ সংঘৰ্ষ সংঘটিত হোৱাত ৭ জনৰ থিতাতে মৃত্যু ঘটে। ক্ৰুজাৰখনত আছিল ১৩ জন লোক জানিব পৰা মতে, ক্ৰুজাৰখনত মুঠ ১৩ জন লোক আছিল। ইয়াৰে দুৰ্ঘটনাত ৭ জন লোকৰ মৃত্যু হয়। আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বিজয়নগৰৰ আৰক্ষী অধীক্ষক শ্ৰীবাবুৱে কয় যে আহতসকলৰ অৱস্থা এতিয়াও সংকটজনক হৈ আছে। তথ্য অনুসৰি এই ঘটনা সংঘটিত হৈছে হচপেট চহৰৰ উপকণ্ঠ অঞ্চলৰ মৰিয়াম্মানহল্লী থানাৰ সমীপত। জানিব পৰা মতে, ল’ৰীখনৰ…
Read More
চাঞ্চল্যকৰ! মোবাইল চাবলৈ মানা কৰাৰ বাবেই অন্তসত্বা পত্নীৰ ওপৰত তিনি জাঁই গুলীচালনা আৰক্ষী বিষয়াৰ…

চাঞ্চল্যকৰ! মোবাইল চাবলৈ মানা কৰাৰ বাবেই অন্তসত্বা পত্নীৰ ওপৰত তিনি জাঁই গুলীচালনা আৰক্ষী বিষয়াৰ…

উত্তৰ প্ৰদেশৰ ঝাঁচীত এজন উপ-পৰিদৰ্শকে নিজৰ গৰ্ভৱতী পত্নীক চাৰ্ভিচ পিষ্টলেৰে তিনিবাৰকৈ গুলীচালনা কৰাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। এই ঘটনাত গুৰুতৰভাৱে আহত হয় পত্নী শালিনী মিশ্ৰ। পত্নী শালিনী মিশ্ৰৰ হাতৰ মাজেৰে দুটা গুলী যোৱাৰ লগতে পেটত এটা গুলীয়ে আঘাত কৰে। ইয়াৰ পিছতে উপ-পৰিদৰ্শকজনে সংকটজনক অৱস্থাত ঝাঁচী চিকিৎসা মহাবিদ্যালয়ত পত্নীক ভৰ্তি কৰাই তাৰ পৰা পলায়ন কৰে। পৰিদৰ্শকৰ এই কাৰ্যই আলোড়নৰ সৃষ্টি কৰিছে আৰক্ষী বিভাগত। মাত্ৰ ২ বছৰ পূৰ্বে সম্পন্ন হৈছিল বিবাহ উলদান থানাৰ বাংৰা আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া শশাংক মিশ্ৰৰ সৈতে দুবছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল শালিনী মিশ্ৰ। তেওঁলোক বৰ্তমান বাস কৰি আছিল ঝাঁচীৰ এটা ভাড়াঘৰত। পিতৃ-মাতৃৰ মতে, দুয়োৰে বিবাহৰ বাবে…
Read More
‘মন্দিৰ কোনো মনোৰঞ্জনৰ স্থান নহয়, ইয়াত ভগৱান থাকে’! পুৰীৰ জগন্নাথ মন্দিৰত বলবৎ হ’ব ড্ৰেছ কোড

‘মন্দিৰ কোনো মনোৰঞ্জনৰ স্থান নহয়, ইয়াত ভগৱান থাকে’! পুৰীৰ জগন্নাথ মন্দিৰত বলবৎ হ’ব ড্ৰেছ কোড

ওড়িশাৰ পুৰীত অৱস্থিত বিখ্যাত জগন্নাথ মন্দিৰত এতিয়া ড্ৰেছ কোড কাৰ্যকৰী কৰা হ’ব। ফটা জিন্স, হাতৰ আঁচল নথকা কাপোৰ আৰু হাফ পেণ্ট পিন্ধি কোনো ভক্তই প্ৰৱেশ কৰিব নোৱাৰিব মন্দিৰৰ ভিতৰত। দ্বাদশ শতিকাৰ এই মন্দিৰত ১ জানুৱাৰীৰ পৰা ভক্তসকলৰ বাবে ‘ড্ৰেছ কোড’ কাৰ্যকৰী কৰা হ’ব। মন্দিৰ প্ৰশাসনে কয় যে মন্দিৰটো বিল বা উদ্যান নহয়, মন্দিৰত ভগৱান থাকে, মনোৰঞ্জনৰ স্থান নহয়। কিছুমান মানুহে ধৰ্মীয় আৱেগক গুৰুত্ব নিদিয়েশ্ৰী জগন্নাথ মন্দিৰ প্ৰশাসনৰ মুৰব্বী ৰঞ্জন কুমাৰ দাসে কয়, “মন্দিৰৰ মৰ্যাদা আৰু পবিত্ৰতা বজাই ৰখাটো আমাৰ দায়িত্ব। দুৰ্ভাগ্যজনকভাৱে কিছুমান মানুহে আনৰ ধৰ্মীয় আৱেগক গুৰুত্ব নিদিয়াকৈ মন্দিৰলৈ আহে।” তেওঁ কয়, ”মন্দিৰত কিছুমান মানুহক ফটা জিন্স, হাতৰ আঁচল নথকা…
Read More
চৰকাৰৰ বাবেই প্ৰাইভেট স্কুলত পঢ়িবলৈ বাধ্য হৈছে দৰিদ্ৰ পৰিয়ালৰ ল’ৰা-ছোৱালীওঃ উচ্চ ন্যায়ালয়

চৰকাৰৰ বাবেই প্ৰাইভেট স্কুলত পঢ়িবলৈ বাধ্য হৈছে দৰিদ্ৰ পৰিয়ালৰ ল’ৰা-ছোৱালীওঃ উচ্চ ন্যায়ালয়

কৰ্ণাটক উচ্চ ন্যায়ালয়ে কয় যে চৰকাৰে বিদ্যালয়ত মৌলিক সা-সুবিধা প্ৰদান নকৰাৰ বাবে দিনটোত তিনিবাৰকৈ আহাৰ খোৱাৰ সামৰ্থ্যও নথকা দৰিদ্ৰ লোকে নিজৰ সন্তানক ব্যক্তিগত বিদ্যালয়লৈ পঠিয়াবলৈ বাধ্য হৈ পৰিছে। মুখ্য ন্যায়াধীশ প্ৰসন্ন বি ভাৰলে আৰু ন্যায়াধীশ কৃষ্ণ এছ দীক্ষিতৰ বিচাৰপীঠে "শিক্ষা কেৱল বিশেষাধিকাৰ প্ৰাপ্ত শিশুৰ বাবে সংৰক্ষিত নেকি?" বুলিও প্ৰশ্ন কৰে। ২০১৩ চনত সংবাদ মাধ্যমৰ বাতৰিৰ ভিত্তিত আদালতত দাখিল কৰা এখন আবেদনৰ শুনানিত এই প্ৰশ্ন কৰে আদালতে। অভাৱ দূৰ কৰিবলৈ কোনো ব্যৱস্থা লোৱা হোৱা নাই চৰকাৰী বিদ্যালয়সমূহত শৌচাগাৰ আৰু খোৱাপানীৰ সুবিধাৰ অভাৱৰ সৈতে জড়িত অভাৱসমূহ ২০১৩ চনত আঙুলিয়াই দিয়া হৈছিল যদিও এই অভাৱসমূহ শুধৰাবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল বুলি…
Read More
ঘোষণা হ’ল ৫ ৰাজ্যৰ নিৰ্বাচনী তাৰিখ, ৩ ডিচেম্বৰত আহিব ফলাফল! জানক প্ৰতিখন ৰাজ্যৰ নিৰ্বাচনী সৱিশেষ

ঘোষণা হ’ল ৫ ৰাজ্যৰ নিৰ্বাচনী তাৰিখ, ৩ ডিচেম্বৰত আহিব ফলাফল! জানক প্ৰতিখন ৰাজ্যৰ নিৰ্বাচনী সৱিশেষ

আজি অৰ্থাৎ সোমবাৰে দুপৰীয়া ১২ বজাত নিৰ্বাচন আয়োগে এক গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত কৰে। এই সময়ছোৱাত পাঁচখন ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ কথা ঘোষণা কৰা হয়। মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰাম বিধানসভা নিৰ্বাচনৰ তাৰিখ সন্দৰ্ভত বিতংভাৱে ব্যাখ্যা কৰে। সেই অনুসৰি মধ্যপ্ৰদেশত ১৭ নৱেম্বৰত, ৰাজস্থানত ২৩ নৱেম্বৰত, ছত্তীশগড়ত দুটা পৰ্যায়ত ৭ আৰু ১৭ নৱেম্বৰত, মিজোৰামত ৭ নৱম্বৰত আৰু তেলেংগানাত ৩০ নৱেম্বৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ৩ ডিচেম্বৰত ঘোষণা কৰা হ’ব সকলো ৰাজ্যৰ নিৰ্বাচনী ফলাফল। এই নিৰ্বাচনত মুঠ ১৬.১৪ কোটি ভোটাৰে কৰিব ভোটদান মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে এই নিৰ্বাচনত মুঠ ১৬.১৪ কোটি ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত…
Read More
কাৰাবন্দীত্বৰ পৰা ৰেহাই নাপালে প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুয়ে, তিনিখনকৈ জামিন আবেদন খাৰিজ উচ্চ ন্যায়ালয়ৰ

কাৰাবন্দীত্বৰ পৰা ৰেহাই নাপালে প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুয়ে, তিনিখনকৈ জামিন আবেদন খাৰিজ উচ্চ ন্যায়ালয়ৰ

অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ত পুনৰ মুখথেকেচা কাৰাবন্দী প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ। বিভিন্ন গোচৰত নাইডুৱে দাখিল কৰা তিনিখন জামিন আবেদন নাকচ উচ্চ ন্যায়ালয়ৰ। অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা তেলেগু দেশম পাৰ্টিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুক ৩৭১ কোটি টকাৰ দক্ষতা বিকাশ কেলেংকাৰিত গ্ৰেপ্তাৰ কৰা হৈছিল। যোৱা ৯ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ৬ বজাত জ্ঞানপুৰমত বাছত শুই থকা অৱস্থাত তেওঁক গ্ৰেপ্তাৰ কৰে ৰাজ্যৰ অপৰাধ অনুসন্ধান বিভাগে। চি আই ডিৰ দাবী, নাইডুৰ নেতৃত্বত শ্বেল কোম্পানীৰ জৰিয়তে ব্যক্তিগত প্ৰতিষ্ঠানলৈ চৰকাৰী ধন হস্তান্তৰ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। শুকুৰবাৰে নন্দিয়াল জিলাৰ বানাগনাপল্লীত নাইডুৱে এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল। ইয়াৰ পিছত বাছত জিৰণি লৈ আছিল নাইডু। শনিবাৰে পুৱা প্ৰায়…
Read More
অন্নদাতাৰ দুৰ্দশা! কৰ্ণাটকত ১৮ মাহত ১২১৯ গৰাকী কৃষকে বাচি ল’লে আত্মহত্যাৰ পথ…

অন্নদাতাৰ দুৰ্দশা! কৰ্ণাটকত ১৮ মাহত ১২১৯ গৰাকী কৃষকে বাচি ল’লে আত্মহত্যাৰ পথ…

কৰ্ণাটকৰ পৰা ধাৰাবাহিকভাৱে পোহৰলৈ আহিছে কৃষকৰ আত্মহত্যাৰ ঘটনা। ইফালে, সোমবাৰে চিক্কামাগালুৰু জিলাত আন এজন কৃষকে আত্মহত্যা কৰে। বৰষুণৰ অভাৱত ফচল বেয়া হোৱাক লৈ চিন্তিত হৈ পৰি অৱশেষত নিজ বাসগৃহতে চিপ লৈ আত্মহত্যা কৰে ৫৫ বছৰীয়া কৃষকজনে। মূৰৰ ওপৰত আছিল ৩ লাখ টকাৰ ঋণৰ বোজা আৰক্ষীৰ মতে, কৃষক কৃষ্ণ নায়ক কাদূৰ তালুকৰ লিংগাদহল্লীৰ বাসিন্দা আছিল। কৃষক কৃষ্ণ নায়কৰ ওপৰত আছিল ৩ লাখ টকাৰ ঋণ। তেওঁৰ কৃষি পথাৰত ৰাগী আৰু জোৱাৰ শস্য সিঁচিছিল যদিও বৰষুণৰ অভাৱত শস্যবোৰ নষ্ট হৈ গৈছিল। ইয়াৰ পিছত কৃষকজনে এই পদক্ষেপ গ্ৰহণ কৰে। কেৱল কাদুৰ তালুকতে বিগত ৪০ দিনত ৫জনকৈ কৃষকে আত্মহত্যা কৰাৰ ঘটনাই উদ্বিগ্ন কৰি তুলিছে সকলোকে।…
Read More