ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

সুৰা নীতি কেলেংকাৰীত দিল্লীৰ মুখ্যমন্ত্ৰীলৈ চমন EDৰ! শিৱসেনাৰ প্ৰশ্ন- বিজেপিৰ সকলো নেতা ধোৱা তুলসীৰ পাত নেকি?

সুৰা নীতি কেলেংকাৰীত দিল্লীৰ মুখ্যমন্ত্ৰীলৈ চমন EDৰ! শিৱসেনাৰ প্ৰশ্ন- বিজেপিৰ সকলো নেতা ধোৱা তুলসীৰ পাত নেকি?

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ জাননী প্ৰেৰণ কৰিছে বলবৎকাৰী সঞ্চালকালয়ে। এই সন্দৰ্ভত উদ্ধৱ থাকৰে নেতৃত্বাধীন শিৱসেনাই কয় যে যিয়ে বিজেপিৰ বিৰোধী হ’ব তেওঁক নিৰ্বাচনৰ পূৰ্বে যিকোনো ক্ষেত্ৰতে জড়িত কৰা হ’ব আৰু তেওঁক জেললৈ প্ৰেৰণ কৰা হ’ব। দিল্লীৰ মুখ্যমন্ত্ৰীলৈ ইডিৰ চমন সন্দৰ্ভত সাংসদ সঞ্জয় ৰাউতে কয়, ‘যি বিজেপি বিৰোধী হওক, তেওঁলোকৰ নেতাসকলক ধন সৰবৰাহৰ বা আন কিবা অভিযোগ কৰি নিৰ্বাচনৰ পূৰ্বে তলাবন্ধ কৰি ৰখা হ’ব। আমি উচ্চতম ন্যায়ালয়ত শুনিছো যে মনীষ চিছ’দিয়াৰ বিৰুদ্ধে কোনো প্ৰমাণ নাই, তথাপিও জামিন আবেদন নাকচ কৰা হ’ল। একে সময়তে পশ্চিম বংগৰ এজন মন্ত্ৰীকো গ্ৰেপ্তাৰ কৰা হৈছে। আপ হওক, আৰজেডি হওক, টিএমচি হওক, এনচিপি হওক বা শিৱসেনা হওক,…
Read More
মণিপুৰ আৰক্ষীৰ মহানিৰ্দেশক আৰু জ্যেষ্ঠ IPS বিষয়াসহ দেশৰ ২০৪ গৰাকী আৰক্ষীক গৃহমন্ত্ৰীৰ বিশেষ অভিযান পদক…

মণিপুৰ আৰক্ষীৰ মহানিৰ্দেশক আৰু জ্যেষ্ঠ IPS বিষয়াসহ দেশৰ ২০৪ গৰাকী আৰক্ষীক গৃহমন্ত্ৰীৰ বিশেষ অভিযান পদক…

মণিপুৰ আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ সিং আৰু আন ২০৪ গৰাকী আৰক্ষীক ২০২৩ চনৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ বিশেষ অভিযান পদকৰ বাবে নিৰ্বাচিত কৰা হৈছে। জম্মু-কাশ্মীৰৰ বিভিন্ন পদত কাম কৰি বৰ্তমান কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত পদবীত থকা জ্যেষ্ঠ আই পি এছ বিষয়া অমিত কুমাৰৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। মে’ মাহৰ পৰা আৰম্ভ হোৱা হিংসাত্মক পৰিস্থিতিৰ পিছতে মণিপুৰ আৰক্ষীৰ মুৰব্বী হিচাপে দায়িত্ব দিয়া হৈছিল আই পি এছ অমিত কুমাৰক। চি আৰ পি এফৰ মহাপৰিদৰ্শক হিচাপে পূৰ্বৰ ভূমিকাত কৰা কামৰ স্বীকৃতি স্বৰূপে তেওঁক এই বঁটাৰ বাবে নিৰ্বাচিত কৰা হৈছে। এই বঁটাৰ বাবে নিৰ্বাচিত হোৱা ২০৪ জন আৰক্ষী জোৱান ১০খন ৰাজ্যৰ তিনিটা কেন্দ্ৰীয়…
Read More
অন্ধ্ৰপ্ৰদেশত ভয়াবহ ৰে’ল দুৰ্ঘটনা! দুখন ৰে’লৰ সংঘৰ্ষত মৃত্যু ১৩ জন, আহত শতাধিক

অন্ধ্ৰপ্ৰদেশত ভয়াবহ ৰে’ল দুৰ্ঘটনা! দুখন ৰে’লৰ সংঘৰ্ষত মৃত্যু ১৩ জন, আহত শতাধিক

দেওবাৰে অন্ধ্ৰ প্ৰদেশত দুখন ৰে’লৰ মাজত সংঘটিত হোৱা ব্যাপক সংঘৰ্ষত এতিয়ালৈকে ১৩ জন যাত্ৰীৰ মৃত্যু হৈছে। অন্ধ্ৰ প্ৰদেশৰ ভিজিয়ানগৰম জিলাৰ কান্তকাপালি আৰু আলমাণ্ডা ষ্টেচনৰ মাজত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত শ শ যাত্ৰী আহত হৈছে। সংবাদ সংস্থা পিটিআইৰ সৈতে হোৱা কথা-বতৰাত ইষ্ট ক’ষ্ট ৰে’লৱেৰ চিপিআৰঅ’ বিশ্বজিৎ চাহুৱে কয় যে বৰ্তমানৰ পৰিসংখ্যা অনুসৰি ১৩ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২৯ জন লোক আহত হৈছে। তথ্য অনুসৰি একেটা ট্ৰেকতে ওড়িশালৈ অহা দুখন যাত্ৰীবাহী ৰে’লৰ মাজত সংঘৰ্ষ হৈছে। এই দুৰ্ঘটনাটোৰ অনুমান কৰিব পাৰি যে সংঘৰ্ষৰ পিছত যাত্ৰীবাহী ৰে’লৰ ডবাবোৰ সিঁচৰতি হৈ আনটো ট্ৰেকত পৰি যায়। একে সময়তে আনটো ট্ৰেকত অহা মালবাহী ৰেলখনে খুন্দা মাৰে…
Read More
গেৰেজত হঠাৎ বিধ্বংসী অগ্নিকাণ্ড, ১০ খন বাছ জ্বলি ভষ্মীভূত

গেৰেজত হঠাৎ বিধ্বংসী অগ্নিকাণ্ড, ১০ খন বাছ জ্বলি ভষ্মীভূত

বাংগালুৰুৰ বীৰভদ্ৰ নগৰত অৱস্থিত বাছ ষ্টেণ্ডৰ ওচৰৰ এটা গেৰেজত হঠাতে সংঘটিত অগ্নিকাণ্ডই সমগ্ৰ অঞ্চলটোত সৃষ্টি কৰে তীব্ৰ আতংকৰ। বাতৰি অনুসৰি এই অগ্নিকাণ্ডত গেৰেজটোত সেই সময়ত ৰখাই থোৱা ১০ খন বাছ জ্বলি সম্পূৰ্ণৰূপে ছাই হৈ পৰে। অৱশ্যে এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপণ কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও প্ৰাথমিক তদন্তত আৰক্ষীয়ে চৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰিছে।
Read More
দুই সন্তানক এৰি পাকিস্তানী প্ৰেমিকৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা অঞ্জু এতিয়া পুনৰ উভতিব ভাৰতলৈ! কিন্তু কিয়?

দুই সন্তানক এৰি পাকিস্তানী প্ৰেমিকৰ সৈতে বিবাহ পাশত আৱদ্ধ হোৱা অঞ্জু এতিয়া পুনৰ উভতিব ভাৰতলৈ! কিন্তু কিয়?

দুই সন্তান, ১৫ বছৰীয়া কন্যা আৰু ছয় বছৰীয়া পুত্ৰক ভাৰতত এৰি ফেচবুকত লগ পোৱাৰ পিছত প্ৰেমিকক বিয়া কৰাবলৈ পাকিস্তানলৈ যোৱা অঞ্জুৱে এতিয়া ভাৰতলৈ উভতি আহিব। উল্লেখ্য যে ৩৪ বছৰীয়া অঞ্জুৱে ভাৰতৰ পৰা পাকিস্তানৰ খাইবাৰ পখতুনখোৱাৰ এখন দুৰ্গম গাঁওলৈ গৈছিল নিজৰ ফেচবুক বন্ধুক বিয়া কৰাবলৈ, যি এতিয়া পাকিস্তান চৰকাৰৰ অনুমোদন লৈ ভাৰতলৈ উভতি আহিব। অঞ্জুৰ পাকিস্তানী স্বামী নছৰুলাই এই তথ্য দিছে। আগষ্ট মাহত পাকিস্তান চৰকাৰে অঞ্জুৰ ভিছা এবছৰৰ বাবে বৃদ্ধি কৰিছিল। ভাৰতৰ পৰা প্ৰেমিকক বিয়া কৰাবলৈ পাকিস্তানলৈ অহা অঞ্জুৱে ধৰ্মান্তৰিত হৈছিল আৰু নছৰুল্লাক বিয়া কৰাই তেওঁৰ নাম সলনি কৰি ফাতিমা কৰা হৈছিল। অঞ্জুৰ পাকিস্তানী স্বামীয়ে পিটিআইক কয় যে আমি ইছলামবাগৰ স্বৰাজ…
Read More
ইজৰাইলৰ দৰে ভাৰতেও ২০২৮-২৯ চনৰ ভিতৰত নিৰ্মাণ কৰিব থলুৱা আইৰন ড’ম, ডি আৰ ডি অ’ই চলাইছে প্ৰস্তুতি

ইজৰাইলৰ দৰে ভাৰতেও ২০২৮-২৯ চনৰ ভিতৰত নিৰ্মাণ কৰিব থলুৱা আইৰন ড’ম, ডি আৰ ডি অ’ই চলাইছে প্ৰস্তুতি

ভাৰতে ২০২৮-২০২৯ চনৰ ভিতৰত দীৰ্ঘ দূৰত্বৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা সক্ৰিয়ভাৱে স্থাপন কৰাৰ পৰিকল্পনা কৰিছে। এই প্ৰতিৰক্ষা ব্যৱস্থাৰ ৩৫০ কিঃমিঃতকৈ অধিক দূৰত্বত অহা ষ্টীল্থ ফাইটাৰ্ছ, বিমান, ড্ৰ’ন, ক্ৰুজ মিছাইল আৰু নিখুঁত গাইড অস্ত্ৰ ধৰা পেলোৱা আৰু ধ্বংস কৰাৰ ক্ষমতা আছে। টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি সূত্ৰসমূহে প্ৰকাশ কৰিছে যে প্ৰজেক্ট কুশাৰ অধীনত ডি আৰ ডি অ’ই থলুৱা দীৰ্ঘ দূৰত্বৰ পৃষ্ঠৰ পৰা বায়ুলৈ ক্ষেপণাস্ত্ৰ (এল এম-এছ এ এম) ব্যৱস্থা প্ৰস্তুত কৰি আছে। এই প্ৰকল্পটো ইন্টাৰচেপচন ক্ষমতাৰ সৈতে জড়িত। যদি আমি এই ব্যৱস্থাৰ কথা কওঁ তেন্তে ই শেহতীয়াকৈ অন্তৰ্ভুক্ত কৰা ৰাছিয়াৰ এছ-৪০০ ট্ৰাইমফ এয়াৰ ডিফেন্স চিষ্টেমৰ দৰেই হ’ব। ২০২২ চনৰ মে’ মাহত নিৰাপত্তা…
Read More
২০ কোটি টকা দিয়ক, অন্যথা হত্যা কৰা হ’ব! মুকেশ আম্বানীলৈ পুনৰ ভাবুকি ভৰা ই-মেইল

২০ কোটি টকা দিয়ক, অন্যথা হত্যা কৰা হ’ব! মুকেশ আম্বানীলৈ পুনৰ ভাবুকি ভৰা ই-মেইল

পুনৰ হত্যাৰ ভাবুকি ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীলৈ। আৰক্ষীৰ তথ্য অনুসৰি ই-মেইলৰ জৰিয়তে ভাবুকি প্ৰদান কৰি আম্বানীৰ পৰা দাবী কৰা হৈছিল ২০ কোটি টকা। আৰক্ষীৰ তথ্য অনুসৰি চলিত সপ্তাহৰ আৰম্ভণিতে মুকেশ আম্বানীয়ে এনে ভাবুকিপূৰ্ণ ই-মেইল লাভ কৰিছিল। ই-মেইলত লিখা আছিল, “২০ কোটি টকা নিদিলে হত্যা কৰা হ’ব। আমাৰ হাতত দেশৰ ভিতৰতে শ্ৰেষ্ঠ শ্বুটাৰ আছে।" ঘটনাৰ পিছতে আম্বানীৰ ঘৰৰ নিৰাপত্তাৰ দায়িত্বত থকা বিষয়াসকলে আৰক্ষীক খবৰ দিয়ে। ইয়াৰ পিছতে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰে। তেওঁলোকে জানিব পাৰিছে যে যোৱা ২৭ অক্টোবৰত ছাদাব খান নামৰ এজন ব্যক্তিৰ পৰা এই ভাবুকি আহিছিল। এই ভাবুকিৰ আঁৰত কোনো ডাঙৰ গেং আছে নে নাই সেই বিষয়েও তদন্ত…
Read More
‘অশ্লীল’ পোষ্টত লাইক কৰাটো অপৰাধ হ’ব নোৱাৰেঃ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

‘অশ্লীল’ পোষ্টত লাইক কৰাটো অপৰাধ হ’ব নোৱাৰেঃ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ মন্তব্য

'অশ্লীল' পোষ্ট এটা লাইক কৰাটো অপৰাধ হ'ব নোৱাৰে। শ্বেয়াৰ কৰা বা পুনৰ পোষ্ট কৰাটো শাস্তিযোগ্য অপৰাধ। এলাহাবাদ উচ্চ ন্যায়ালয়ে এটা গোচৰৰ শুনানিৰ সময়ত এনে পৰ্যবেক্ষণ কৰি মন্তব্য কৰে। আদালতত মহম্মদ ইমৰাণ কাজী নামৰ এজন ব্যক্তিৰ বিৰুদ্ধে অপৰাধমূলক গোচৰৰ শুনানি চলি আছিল। সেই গোচৰ খাৰিজ কৰিছিল ন্যায়াধীশ অৰুণ কুমাৰ সিঙে। অবৈধ সমাৱেশৰ এটা পোষ্ট লাইক কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে। ন্যায়াধীশগৰাকীয়ে কয়, "আৱেদনকাৰীক কোনো আপত্তিজনক পোষ্টৰ সৈতে সংযোগ কৰিব পৰা কোনো সামগ্ৰী মই পোৱা নাই। কাৰণ আবেদনকাৰীৰ ফেচবুক আৰু হোৱাটছএপ একাউণ্টত কোনো আপত্তিজনক পোষ্ট পোৱা নগ’ল। গতিকে আবেদনকাৰীৰ বিৰুদ্ধে কোনো গোচৰ থাকিব নোৱাৰে।” একে সময়তে তেওঁ কোৱা শুনা যায়, "অভিযুক্তই ফাৰহান উছমানৰ…
Read More
মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰিল যাত্ৰীবাহী বাছ, ৫ জনৰ মৃত্যু, আহত ২৬ জন

মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰিল যাত্ৰীবাহী বাছ, ৫ জনৰ মৃত্যু, আহত ২৬ জন

উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাৰ দাদৰী বান্ধৰ সমীপত শুকুৰবাৰে এখন ব্যক্তিগত বাছ নিয়ন্ত্ৰণহীন হৈ বাগৰি পৰাত ৫ জন লোক নিহত হোৱাৰ লগতে ২৬ জন আহত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি জিলা দণ্ডাধীশ প্ৰিয়ংকা নিৰঞ্জনে জানিবলৈ দিয়ে। ভুক্তভোগীৰ ভিতৰত আছে দুটা শিশুও। জানিব পৰা মতে, বাছখনে ৩১ জন যাত্ৰী কঢ়িয়াই সন্ত নগৰৰ পৰা হালিয়ালৈ গৈ থকা সময়তে দুৰ্ঘটনাটো সংঘটিত হয়। এই ঘটনাত বাছখনৰ চালক ৪০ বছৰীয়া সত্যনাৰায়ণৰো মৃত্যু হয়। আনহাতে মমতা (২৬), মণিতা (২৫), অভিষেক (২) আৰু বিষ্ণু কুমাৰ (১০) নামৰ আন কেইজন যাত্ৰীৰ মৃত্যু হোৱা বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে। এই দুৰ্ঘটনা সংঘটিত হৈছে সন্তনগৰ থানা এলেকাৰ হালিয়া দাদৰী পথত।…
Read More
ধন লৈ সংসদত প্ৰশ্ন কৰাৰ অভিযোগ! ২ নৱেম্বৰত এথিক্স কমিটীৰ সন্মুখত হাজিৰ হ’ব লাগিব TMCৰ সাংসদ মহুৱা মৈত্ৰা

ধন লৈ সংসদত প্ৰশ্ন কৰাৰ অভিযোগ! ২ নৱেম্বৰত এথিক্স কমিটীৰ সন্মুখত হাজিৰ হ’ব লাগিব TMCৰ সাংসদ মহুৱা মৈত্ৰা

সংসদত ধন লৈ প্ৰশ্ন কৰা অভিযোগ সন্দৰ্ভত টিএমচিৰ সাংসদ মহুৱা মৈত্ৰাৰ ওপৰত তদন্ত অব্যাহত ৰাখিছে লোকসভাৰ এথিক্স সমিতিয়ে। টিএমচিৰ সাংসদগৰাকীৰ অনুৰোধত এতিয়া এথিক্স সমিতিয়ে তেওঁক ৩১ অক্টোবৰৰ পৰিৱৰ্তে ২ নৱেম্বৰৰ পুৱা ১১ বজাত কমিটীৰ সন্মুখত হাজিৰ হৈ নিজৰ পক্ষত তথ্য দাখিল কৰিবলৈ অনুৰোধ জনাইছে। ধন সন্দৰ্ভত সাংসদ মহুৱা মৈত্ৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা বিজেপিৰ সাংসদ নিশিকান্ত ডুবে আৰু জয় অনন্ত দেহাদ্ৰাইৰ সাক্ষ্যৰ পিছতে ৩১ অক্টোবৰত লোকসভাৰ নৈতিকতা সমিতিয়ে মহুৱা মৈত্ৰাক ফোন কৰি পক্ষ দাখিল কৰিছিল। শুকুৰবাৰে (২৭ অক্টোবৰ) নৈতিকতা সমিতিৰ অধ্যক্ষ বিনোদ সোণকাৰলৈ এখন পত্ৰ লিখিছিল মহুৱা মৈত্ৰাই। য’ত কোৱা হৈছিল যে তেওঁৰ সংসদীয় সমষ্টিত ইতিমধ্যে নিৰ্ধাৰিত কাৰ্যসূচীৰ বাবে তেওঁ…
Read More