03
Jul
মণিপুৰত নতুনকৈ সংঘৰ্ষত দুজন লোকৰ মৃত্যু। আৰক্ষীৰ তথ্য অনুসৰি শনিবাৰে নিশা খোইজুমন্তবি গাঁৱত সংঘটিত গুলিচালনাত দুজন ‘গ্ৰামসেৱক’ৰ মৃত্যু ঘটে। সেই ঘটনাত মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। যোৱা দুমাহ ধৰি জ্বলি আছে মণিপুৰ। গৃহমন্ত্ৰী অমিত শ্বাহৰ উত্তৰ-পূব ৰাজ্য ভ্ৰমণৰ পিছতো পৰিস্থিতিৰ উন্নতি হোৱা নাই। ৰাজ্যত শান্তি ঘূৰাই অনাৰ বাবে শ্বাহে সৰ্বদলীয় বৈঠকৰ আহ্বান জনায়। মেইটেই-কুকি সংঘাতত এতিয়ালৈকে ১০০ৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে। কাৰ্যতঃ গৃহযুদ্ধৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। ইফালে দেওবাৰে আৰক্ষীয়ে নতুন সংঘৰ্ষৰ খবৰ দিয়ে। শনিবাৰে নিশা খোইজুমন্তবি গাঁৱত সংঘটিত হয় এই সংঘৰ্ষ। বিৰোধী সংগঠনটোৱে গাঁওখনত আক্ৰমণ কৰে। সেই সময়ত অঞ্চলটোত পহৰা দি থকা দুজন ‘গ্ৰামসেৱক’ৰ মৃত্যু হয়।…
