01
Oct
২০২২ৰ জানুৱাৰী পৰা ২০২৪ চনৰ মে' মাহলৈ ভিজিটৰ ভিছাত কম্বোডিয়া, থাইলেণ্ড, ম্যানমাৰ আৰু ভিয়েটনাম ভ্ৰমণ কৰা ৭৩,১৩৮ জন ভাৰতীয়ৰ ভিতৰত ২৯,৪৬৬ জন এতিয়াও উভতি অহা নাই। ইয়াৰে আধাতকৈ অধিকৰ (১৭,১১৫) বয়স ২০-৩৯ বছৰ। ইয়াৰে ২১,১৮২ জন পুৰুষ। ইয়াৰে এক তৃতীয়াংশৰো অধিক লোক তিনিখন ৰাজ্যৰ।সেই ৰাজ্যকেইখন হৈছে পঞ্জাৱ (৩,৬৬৭), মহাৰাষ্ট্ৰ (৩,২৩৩) আৰু তামিলনাডু (৩,১২৪)।থাইলেণ্ডৰ পৰা ২০,৪৫০ জন উভতি অহা নাই।গৃহ মন্ত্ৰালয়ৰ (এমএইচএ) অধীনত ইমিগ্ৰেচন বিভাগে প্ৰকাশ কৰা তথ্যত এই কথা প্ৰকাশ কৰিছে। দক্ষিণ-পূব এছিয়াৰ কিছু দেশত কিছু ভাৰতীয় চাইবাৰ দাসত্বত পৰিছে বুলি বাতৰি প্ৰকাশ পোৱাৰ মাজতে গৃহ মন্ত্ৰালয়ৰ অধীনত ইমিগ্ৰেচন বিভাগে প্ৰকাশ কৰা তথ্যত এই কথা প্ৰকাশ পাইছে। উল্লেখ্য যে 'চাইবাৰ…