03
Jun
নতুন দিল্লীত ভাৰত-বাংলাদেশৰ মাজত বুধবাৰে চতুৰ্থ পৰ্যায়ৰ কনচুলাৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত ভাৰতীয় প্ৰতিনিধি দলটোৰ নেতৃত্বত আছিল যুটীয়া সচিব (চিপিভি) ড০ আমান পুৰী। আনহাতে বাংলাদেশৰ প্ৰতিনিধি দলটোৰ নেতৃত্ব আছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মহানিৰ্দেশক (দক্ষিণ এছিয়া) ৰকিবুল হক। এক বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, "এই বৈঠকৰ সময়ত দুয়োখন দেশে কনছুলাৰ ইছ্যু, ভিছাৰ বিভিন্ন দিশ, প্ৰত্যাৱৰ্তন, এমএলএটি আৰু প্ৰত্যাৰ্পণৰ বিষয়সমূহত সমন্বয় আৰু সহযোগিতা শক্তিশালী কৰাৰ উপায় বা ব্যৱস্থা সম্পৰ্কে বিস্তৃত আলোচনাত মিলিত হয়। আলোচনাৰ সময়ত সহযোগিতাৰ বাবে দুয়োপক্ষই সন্মতি প্ৰকাশ কৰে। লগতে দুয়োখন দেশৰ নাগৰিকৰ চলাচল বা ভ্ৰমণৰ সুবিধাৰ বাবে দ্বিপাক্ষিক সংশোধিত ট্ৰেভেল এৰেঞ্জমেণ্ট(আৰটিএ)ক আৰু অধিক শক্তিশালী কৰাৰ পোষকতা কৰে।”…
