21
Sep
মহিন্দ্ৰা ট্ৰাক এণ্ড বাছ ডিভিজন(এমটিবিডি)-এ ২০২৫ বিত্তীয় বৰ্ষত ট্ৰাক চালকসকলৰ ১০০০গৰাকী মেধাৱী কন্যাক ১০,০০০ টকাকৈ বৃত্তি প্ৰদান কৰি বাৰ্ষিক সাৰথি অভিযানৰ ইতিবাচক পদক্ষেপসমূহ অব্যাহত ৰখাৰ কথা ঘোষণা কৰিছে। ২০১৪ চনত আৰম্ভ কৰা এই জলপানিয়ে ইতিমধ্যে ১০,০২৯গৰাকী যুৱতীক উপকৃত কৰিছে, মহিন্দ্ৰা বাহনৰ সৈতে এইসকল যুৱতীৰ দেউতাকৰ সম্পৰ্কক স্বীকৃতি প্ৰদান কৰি শৈক্ষিক দিশত সহায় কৰাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰি আহিছে। চালক দিৱস ২০২৪ৰ সৈতে সংগতি ৰাখি মুকলি কৰা আঁচনিখনে ট্ৰাক চালকৰ কন্যাসকলৰ বাবে শৈক্ষিক সুযোগ বৃদ্ধিৰ বাবে মহিন্দ্ৰাৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। প্ৰতিগৰাকী নিৰ্বাচিত শিক্ষাৰ্থীয়ে বৃত্তি আৰু এখন প্ৰমাণপত্ৰ প্ৰাপ্ত কৰিব, ২০২৫ৰ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চলৈ সমগ্ৰ ভাৰতৰ বিভিন্ন পৰিবহন কেন্দ্ৰত…
