16
Nov
ভাৰতত শিশুৰ প্ৰথম বছৰত প্ৰতিষেধকৰ হাৰ অধিক হ’লেও যথেষ্টসংখ্যক শিশুৰ প্ৰথম জন্মদিনৰ পিছতো আংশিকভাৱেহে টীকাকৰণ গ্ৰহণ কৰে। ইণ্ডিয়ান একাডেমী অৱ পেডিয়াট্ৰিক্সে প্ৰতিৰোধযোগ্য ৰোগৰ পৰা ৰক্ষা পাবলৈ ১ৰ পৰা ২ বছৰ বয়সৰ শিশুৰ বাবে ৭টা অত্যাৱশ্যকীয় টীকাকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াৰ ভিতৰত চিকেনপক্স আৰু হেপাটাইটিছ এৰ দুটা ড’জ, মেনিনজাইটিছ আৰু এমএমআৰৰ দ্বিতীয় ড’জ, পিচিভি আৰু ডিটিপি হিব আইপিভিৰ বুষ্টাৰ ড’জ আৰু বাৰ্ষিক ফ্লুৰ প্ৰতিষেধক অন্যতম। এই ভেকচিনসমূহে শিশুৰ সুস্থ বিকাশৰ বাবে অতি গুৰুত্বপূৰ্ণ চিকেনপক্স, মেনিনজাইটিছ, মিজিলছ, নিউমোনিয়াকে ধৰি ১৪টা ৰোগৰ পৰা ৰক্ষা কৰে। গুৱাহাটীৰ ইনষ্টিটিউট অৱ হিউমেন ৰিপ্ৰডাকচনৰ জ্যেষ্ঠ শিশু বিশেষজ্ঞ ডাঃ নিৰ্মল কুমাৰ জৈনে শিশুসকলক গুৰুতৰ স্বাস্থ্য জটিলতাৰ…
