05
Aug
আমাজনে বেংগালুৰুত তৃতীয় এমেজৱিট – আমাজন ৱমেন ইন টেকন'লজী সন্মিলনৰ আয়োজন কৰে, য’ত প্ৰযুক্তি খণ্ডত মহিলাসকলৰ বাবে উন্নীতকৰণ আৰু কেৰিয়াৰৰ সুযোগ প্ৰদানৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰা হয়। এই হাইব্ৰিড সন্মিলনত নিৰ্ধাৰিত কৰা অধিবেশন, নেটৱৰ্কিঙৰ সুযোগ আৰু উদ্ভাৱনীমূলক প্ৰযুক্তি আৰু পেছাদাৰী অগ্ৰগতিৰ বিষয়ে জানিবলৈ সুযোগ প্ৰদান কৰা হয়। ‘এম্পাৱাৰিং ইনক্লুছন, ফষ্টাৰিং বিলংগিং বা অন্তৰ্ভুক্তিৰ ক্ষমতা প্ৰদান, স্বকীয়তা বৃদ্ধি’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত কেন্দ্ৰিত এই অনুষ্ঠানে সমগ্ৰ প্ৰযুক্তি খণ্ডৰ মহিলাসকলক অনুপ্ৰেৰণামূলক উদাহৰণ আৰু অভিজ্ঞতাৰ জৰিয়তে শিকিবলৈ সক্ষম কৰি তুলিছিল। উল্লেখ্য যে, এমেজউইট ২০২৩ সন্মিলনত উদ্ভাৱন, সামগ্ৰিকতা, অন্তৰ্ভুক্ত প্ৰযুক্তি দল গঠন, যন্ত্ৰ শিক্ষণ, কৃত্ৰিম বুদ্ধিমত্তা আৰু আমাজন পে প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।…
