26
Jun
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষে আয়োজন কৰা - "কোভিড প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ লগতে ভাৰতত কোভিড টীকাকৰণ "সম্পৰ্কীয় এখন আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰ ৱেবিনাৰৰ যোগেৰে সম্পন্ন হয়। আলোচনাচক্ৰখনত অতিথি আৰু অংশগ্ৰহণকাৰীক আদৰণি জনাই গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ কল্যাণ সঞ্চালক তথা এনএছএছ ৰ কাৰ্য্যসূচী সমন্বয়ক ডঃ ৰঞ্জন কুমাৰ কাকতিয়ে কয় ভেকচিন লোৱাৰ ফলত নিজক সুৰক্ষা কৰাৰ উপৰিও আনকো সুৰক্ষা দিয়ে আৰু ভেকচিনক লৈ যি অপপ্রচাৰ চলি আছে তাৰ বিৰুদ্ধেও স্বেচ্ছাসেৱক সকলক যুজঁ দিবলৈ আহ্বান জনায় । আলোচনাচক্ৰখন কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ হৈ উদ্বোধন কৰে সহকাৰী উপায়ুক্ত অনুৰাগ ৰুদ্ৰই । উদ্বোধনী ভাষণত তেওঁ কয় যে -কোভিডক লৈ সজাগতা বৃদ্ধি কৰি সকলকে কোভিড ভেকচিন…