08
Aug
পেৰিছ অলিম্পিকত সোণৰ পদকৰ খেলৰ পূৰ্বে অযোগ্য ঘোষণা হোৱাৰ পিছত মাকক সম্বোধন কৰা এক আৱেগিক বাৰ্তাত ভাৰতীয় মহিলা মল্লযোদ্ধা বিনেশ ফোগাটে মল্লযুদ্ধৰ পৰা অৱসৰ ঘোষণা কৰে আৰু কয় যে তেওঁৰ আৰু খেলিবলৈ শক্তি নাই। বুধবাৰে মহিলাৰ ৫০ কিলোগ্ৰাম ফাইনেলৰ আগতে ১০০ গ্ৰাম ওজন অধিক হোৱা বাবে বিনেশক অযোগ্য ঘোষণা কৰা হৈছিল। তেওঁ ছ'চিয়েল মিডিয়াত অৱসৰ ঘোষণা কৰিছে। মাক প্ৰেমলতাক সম্বোধন কৰি ২৯ বছৰীয়া তাৰকাগৰাকীয়ে লিখিছে, "মা, মোৰ ক্ষেত্ৰত মল্লযুদ্ধ জয়ী হৈছে , মই পৰাজিত হৈছোঁ। ক্ষমা কৰিব। আপোনাৰ সপোন, মোৰ সকলো সাহস ভংগ হৈছে। এতিয়া আৰু কোনো শক্তি নাই। গুডবাই ৰেষ্টলিং ২০০১-২০২৪। মই সদায় আপোনালোক সকলোৰে ওচৰত ঋণী হৈ থাকিম।…
