উত্তৰ-পূৱ

বৰপেটা উন্নয়ন প্ৰাধিকাৰীৰ কাৰ্যালয় ভৱন উদ্বোধন মন্ত্ৰী ৰণজিৎ দাসৰ

বৰপেটা উন্নয়ন প্ৰাধিকাৰীৰ কাৰ্যালয় ভৱন উদ্বোধন মন্ত্ৰী ৰণজিৎ দাসৰ CIDF আঁচনিৰ ১০০ কোটিৰে বৰপেটাৰ উন্নয়নৰ পৰিকল্পনা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ ৷ উল্লেখযোগ্য যে বৰপেটাত আজি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে বৰপেটা উন্নয়ন প্ৰাধিকাৰীৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনটো মুকলি কৰে ৷ নৱনিৰ্মিত কাৰ্যালয় ভৱনতো মুকলি কৰি বৰপেটা চহৰৰ উন্নয়ন সম্পৰ্কতো মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷আনকি পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত CIDF আচনিৰ জৰিয়তে বৰপেটা চহৰৰ উন্নয়নৰ বাবে আৱন্টন দিয়া ১০০ কোটি টকা কিদৰে মোকলাই আনিব পাৰি সেইসম্পৰ্কে জিলা উপায়ুক্তক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷ ইপিনে শতিকাপ্ৰাচীন বৰপেটা চহৰৰ উন্নয়নৰ বাবে বৰপেটা উন্নয়ন প্ৰাধিকাৰী, পৌৰসভা আৰু জিলা উপায়ুক্তক লৈ এখন যৌথসভা…
Read More
কমনৱেলথ গেমছ-২০২২ত মল্লযুঁজ-ভাৰোত্তোলকত অভূতপূৰ্ব প্ৰদৰ্শন

কমনৱেলথ গেমছ-২০২২ত মল্লযুঁজ-ভাৰোত্তোলকত অভূতপূৰ্ব প্ৰদৰ্শন

বিশ্বৰ ক্ৰীড়া প্ৰেমীৰ মন মোহিত কৰি ৰখা কমনৱেলথ গেমছ-২০২২ৰ ইভেণ্টৰ অন্ত পৰিছে। ভাৰতে ২২ টা সোণৰ পদকসহ ৬১ টা পদকৰ সৈতে তেওঁলোকৰ অভিযান সমাপ্ত কৰে। ইয়াৰ সৈতে, ভাৰতে পদক তালিকাত চতুৰ্থ স্থান লাভ কৰে। এইবাৰ ভাৰতে ভাৰোত্তোলন, বক্সিং, লন বল, কুস্তি আৰু এথলেটিকছত যথেষ্ট পদক জিকিছিল। কিছু ক্ৰীড়াত আনকি ইতিহাস ৰচনা কৰিছিল।এইবাৰ এথলেটিকছত ভাৰতীয় খেলুৱৈসকলে ইতিহাস সৃষ্টি কৰিছিল। পুৰুষৰ ট্ৰিপল-জাম্প ইভেণ্টত এলডছ পল আৰু আব্দুল্লাহ আবুবাকাৰে প্ৰথম দুটা স্থান দখল কৰে। এইটো প্ৰথম বাৰৰ বাবে আছিল যে ভাৰতে ট্ৰিপল জাম্পত ২ টা পদক লাভ কৰিছিল আৰু সেইটোও সোণ আৰু ৰূপ। এথলেটিকছত ভাৰতে এটা স্বৰ্ণ, চাৰিটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক…
Read More
২০২৬ৰ কমনৱেলথ গেমছ অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়াত

২০২৬ৰ কমনৱেলথ গেমছ অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়াত

কমনৱেলথ গেমছ ২০২২ৰ অন্ত পৰিছে। এই ছিজনত যোৱা ১১ দিনত বিশ্বৰ এই প্ৰতিষ্ঠিত প্ৰতিযোগিতাখনত ৫,০০০ ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। এই সময়ছোৱাত, অষ্ট্ৰেলিয়াৰ দলটোৱে সদায়েই আধিপত্য বজাই ৰাখিছিল। সামৰণি অনুষ্ঠানত, কমনৱেলথ গেমছৰ ২৩ তম ছিজন ক'ত খেলা হ'ব সেয়াও সিদ্ধান্ত লোৱা হৈছে। বাৰ্মিংহামৰ আলেকজেণ্ডাৰ ষ্টেডিয়ামত সামৰণি অনুষ্ঠানৰ সময়ত কমনৱেলথ গেমছৰ পতাকা ভিক্টোৰিয়াৰ গভৰ্ণৰক হস্তান্তৰ কৰা হৈছিল। কমনৱেলথ গেমছৰ ২৩ তম ছিজন এতিয়া ২০২৬ চনত অষ্ট্ৰেলিয়াৰ নেতৃত্বত ভিক্টোৰিয়াত খেলা হ'ব। কমনৱেলথ গেমছ ২০২২ ৰ সামৰণি অনুষ্ঠানত ভাৰতীয় দলটোৰ নেতৃত্ব দিছিল অচন্ত শৰৎ কমল আৰু নিখাত জাৰিনে।অনুৰাগীসকলে অষ্ট্ৰেলিয়াত অনুষ্ঠিত কমনৱেলথ গেমছৰ ২৩ তম ছিজনত বহুতো পৰিৱৰ্তন পৰিলক্ষিত হ'ব। ইয়াত প্ৰথমবাৰৰ বাবে, ক্ৰীড়া…
Read More
বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতৰ ২২ টা সোণৰ পদক

বাৰ্মিংহাম কমনৱেলথ গেমছত ভাৰতৰ ২২ টা সোণৰ পদক

ভাৰতৰ ২১০ জনীয়া দলটোৱে বাৰ্মিংহাম কমনৱেলথ গেমছত ৬১ টা পদক অর্জন কৰে, যাৰ ভিতৰত আছিল এথলেটিকছ, ক্ৰিকেট, হকী, বক্সিং আৰু  কুস্তিত ২২ টা সোণ, ১৬ টা ৰূপ আৰু ২৩ টা ব্ৰঞ্জ। ভাৰতীয় স্বৰ্ণ পদক বিজয়ীৰ তালিকা আছে- অচিন্ত শৌলী (ভাৰোত্তোলন): সোণ, জেৰেমি লালৰিনুঙ্গা (ভাৰোত্তোলন): সোণ,  মীৰাবাঈ চানু (ভাৰোত্তোলন): সোণ, ৰূপা ৰাণী তিৰ্কী, লাভলী চৌবে, নয়নমনী শইকীয়া, পিঙ্কি সিং (লন বল): সোণ, বজৰং পুনিয়া (কুস্তি): সোণ,  সাক্ষী মালিক (কুস্তি): সোণ, দীপক পুনিয়া (কুস্তি): সোণ, ৰবি কুমাৰ দাহিয়া (কুস্তি): সোণ, বিনেশ ফোগাট (কুস্তি): সোণ, নবীন মালিক (কুস্তি): সোণ, নিখাত জাৰিন (বক্সিং): সোণ,  অমিত পাংঘাল (বক্সিং): সোণ, নীতু গাংহাচ (বক্সিং): সোণ,  সুধীৰ (পাৱাৰ…
Read More

লাহৰীঘাটত চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ

চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । মৰিগাওঁ আৰক্ষী আৰু লাহৰীঘাট আৰক্ষীয়ে যৌথ অভিযান চলাই দুটা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।ধৃত লোক দুটা হল আব্দুল ৰেকিব আৰু ৱাচিম আক্ৰাম । অঞ্চলটোৰ বোৱালগুৰি আৰু নগাবন্ধাত আৰক্ষীয়ে আজি অভিযান চলাই ধৃত লোক দুজনক গ্ৰপ্তাৰ কৰে । লোক দুজনৰ পৰা ৮৫ টা চিম কাৰ্ড , পান কাৰ্ড , আধাৰ কাৰ্ড , দুটা মবাইল , তিনিখন বাইক আৰু এখন চাৰিচকীয়া বাহন আৰক্ষীয়ে জদ্ধ কৰে ।অঞ্চলটোত দীৰ্ঘদিন ধৰি চাইবাৰ অপৰাধৰ লগত জড়িত আছিল ধৃত লোকদুজন । আৰক্ষীয়ে 311/22 নম্বৰত U/S 120(B)420/379/406 IPC ত গোচৰ ৰুজু কৰি মৰিগাওঁ জেল হাজোতলৈ প্ৰেৰণ কৰে।
Read More

লাহৰীঘাটত প্ৰধান শিক্ষকক হাৰাশাস্তিৰ অভিযোগ

লাহৰীঘাটত এগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে এটা দুষ্টচক্ৰই বিভিন্ন সময়ত হাৰাশাস্তি কৰি অপপ্ৰচাৰ চলাই অহাৰ অভিযোগ উঠিছে । লাহৰীঘাট প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত বোৱালগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল মালিকৰ বিৰুদ্ধে এজন ছাত্ৰক প্ৰহাৰ কৰা বুলি মিছা অভিযোগ তুলি শিক্ষকজনক ৰাজহুৱাকৈ অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে । যাৰ ফলত এতিয়া উক্ত বিদ্যালয়খনৰ কৰ্মৰত আন আন মহিলা শিক্ষয়িতীসকল তীব্ৰ শংকাত পাঠদান কৰিবলগা পৰিস্থিতিৰ সৃষ্টি হৈছে । উল্লেখ্য যে , দুষ্টচক্ৰটোৱে যোৱা ৫ আগষ্টৰ পুৱা বিদ্যালয়খনত অনাধিকাৰ প্ৰৱেশ কৰি প্ৰধান শিক্ষকগৰাকীক অভব্য আচৰণ কৰাত এতিয়া জাঙুৰ খাই উঠিছে বিদ্যালয় পৰিচালনা সমিতি । বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰা উক্ত চক্ৰটোৰ বিৰুদ্ধে মৰিগাওঁ জিলা প্ৰশাসনে শীঘ্ৰে…
Read More
কমনৱেলথ গেমছৰ বেডমিণ্টনত লক্ষ্য সেনৰ স্বৰ্ণ পদক

কমনৱেলথ গেমছৰ বেডমিণ্টনত লক্ষ্য সেনৰ স্বৰ্ণ পদক

ভাৰতৰ তাৰকা শ্বাটলাৰ লক্ষ্য সেনেও কমনৱেলথ গেমছত তেওঁৰ প্ৰতিভা দাঙি ধৰে। লক্ষ্য সেনে পুৰুষৰ একক ফাইনেলত মালয়েছিয়াৰ এন জি টি য়ংক পৰাস্ত কৰি সোণৰ পদক অর্জন কৰে। উল্লেখ্য যে য়ঙে কিদাম্বি শ্ৰীকান্তক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছিল আৰু লক্ষ্যই এতিয়া তেওঁৰ ভাৰতীয় সহযোগীৰ প্ৰতিশোধ লয়। লক্ষ্য সেনে প্ৰথমবাৰৰ বাবে কমনৱেলথ গেমছত অংশগ্ৰহণ কৰিছে আৰু প্ৰথমবাৰৰ বাবে তেওঁৰ প্ৰদৰ্শন আশ্চৰ্যজনক আছিল। সেন প্ৰথমখন খেলত পৰাজিত হৈছিল, তাৰ পিছত চমৎকাৰভাৱে খেলিছিল। লক্ষ্য সেনৰ ফাইনেলত দুৰ্বল আৰম্ভণি হৈছিল। তেওঁ প্ৰথম বলটো ১৯-২১ ৰ নিকট ব্যৱধানত হেৰুৱাইছিল। দ্বিতীয়খন খেলত তেওঁ ৮-৬ ত পিছ পৰি আছিল, কিন্তু তাৰ পিছত লক্ষ্যই আশ্চৰ্যজনক খেল প্ৰদৰ্শন কৰে আৰু…
Read More
কমনৱেলথ গেমছত মল্লযোদ্ধা বজৰং-সাক্ষী- পুনিয়াৰ স্বৰ্ণ

কমনৱেলথ গেমছত মল্লযোদ্ধা বজৰং-সাক্ষী- পুনিয়াৰ স্বৰ্ণ

 তাৰকা মল্লযোদ্ধা বজৰং পুনিয়া, সাক্ষী মালিক আৰু দীপক পুনিয়াই কমনৱেলথ গেমছত তেওঁলোকৰ অভিযানৰ এক দুৰ্দান্ত আৰম্ভণি কৰি তিনিটা সোণৰ পদক লাভ কৰে আৰু অংশু মালিকে অভিষেকত ৰূপৰ পদক লাভ কৰে। দিব্যা কাক্ৰন আৰু মোহিত গ্ৰেৱালে ব্ৰঞ্জৰ পদক অর্জন কৰিছে। টকিঅ' অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী বজৰঙে ৬৫ কিলোগ্ৰাম শাখাত ইমান আধিপত্য বিস্তাৰ কৰিছিল যে তেওঁ প্ৰথম ৰাউণ্ডত চাৰিটা বাউটৰ তিনিটাত জয়ী হৈছিল। ফাইনেলত তেওঁ কানাডাৰ লাচলন মেকনেইলক ৯-২ ত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে ইংলেণ্ডৰ জৰ্জ ৰামে কাৰিকৰী শ্ৰেষ্ঠতাৰ (১০-০) দ্বাৰা সহজে ফাইনেলত প্ৰৱেশ কৰে। সাক্ষী মালিকে ৬২ কিলোগ্ৰামৰ ফাইনেলত কানাডাৰ আন্না গণ্ডিনেজ গঞ্জালেজক পৰাস্ত কৰি সোণৰ পদক অর্জন কৰে। কমনৱেলথ গেমছত…
Read More
কমনৱেলথ গেমছৰ ২০০ মিটাৰত পদক জয় স্বপ্ন ভংগ হিমাৰ

কমনৱেলথ গেমছৰ ২০০ মিটাৰত পদক জয় স্বপ্ন ভংগ হিমাৰ

কমনৱেলথ গেমছ ২০২২ত হিমা দাসে কোনো পদক জিকিবলৈ সক্ষম হোৱা নাই। কমনৱেলথ গেমছ ২০২২ৰ ২০০ মিটাৰ দৌৰত ডাঙৰ বিফলতাৰ সন্মুখীন হৈছে। য'ত তেওঁক পদকৰ বাবে প্ৰবল দাবীদাৰ হিচাপে গণ্য কৰা হৈছিল, তাতে তেওঁ মাত্ৰ এক ছেকেণ্ডৰ ব্যৱধানত পিছ পৰি ফাইনেলত স্থান নিশ্চিত কৰিব নোৱাৰিলে। ২০০ মিটাৰ দৌৰৰ অন্তিম ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ তেওঁ নিজৰ হিটৰ প্ৰথম দুজন খেলুৱৈৰ ভিতৰত থাকিব লাগিছিল। হিমা দাসে ইয়াৰ বাবে নিজৰ সকলো শক্তি প্ৰয়োগ কৰিছিল, কিন্তু শেষত তেওঁ ০.০১ ছেকেণ্ডত পিছ পৰি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে। হিমাই ২০০ মিটাৰ দৌৰ ছেমি ফাইনেলত ২৩.৪২ ছেকেণ্ডত সম্পন্ন কৰিছিল। অৱশ্যে, তেওঁ নিজৰ হিটত তৃতীয় স্থান লাভ কৰিছিল আৰু ফাইনেলত…
Read More

বৰনগৰ বাসীৰ বাবে এক গৌৰৱ বিষয়। পুনৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ত উজ্জ্বলিল বৰনগৰ মহাবিদ্যালয় ।

পুনৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ত উজ্জ্বলিল বৰনগৰ মহাবিদ্যালয় ।বৰনগৰ বাসীৰ বাবে এক গৌৰৱৰ বিষয়। বৰনগৰ মহাবিদ্যালয়ত আনন্দ উল্লাখৰ পৰিবেশ দেখিবলৈ পোৱা গৈছে। ছাত্ৰ-ছাত্ৰীসকলকে আতচ বাদীৰে বৰনগৰ মহাবিদ্যালয়ৰ পৰিবেশ উৎসৱমুখী গঢ়ি তোলে । ভাৰতবৰ্ষৰ জনপ্ৰিয় আলোচনী India today ৰ সমীক্ষাত একেৰাহে তিনিবাৰকৈ শ্ৰেষ্ঠ মহাবিদ্যালয় স্থান দখল কৰে । বৰনগৰ মহাবিদ্যালয় পুনৰ ৰাষ্ট্ৰীয় পৰ্য্যায়ত লাভ কৰিলে এই সফলতা । ভাৰতীয় জনপ্ৰিয় Open আলোচনীৰ সমীক্ষাত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হল বৰনগৰ মহাবিদ্যালয়। Open আলোচনী সমীক্ষাত সৰভোগৰ বৰনগৰ মহাবিদ্যালয় State Wise Ranking ৰ চতুৰ্থ স্থান আৰু East Zone Ranking ত বাৰ নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে । বৰনগৰ মহাবিদ্যালয়ৰ অধ্যক্ষ বীৰেণ কুমাৰ চক্ৰৱৰ্তী নেতৃত্বত মহাবিদ্যালয়…
Read More