উত্তৰ-পূৱ

আজাদী কা অমৃত মহোৎসৱৰ অংশ হিচাপে বিজনী আৰক্ষীৰ উদ্যোগত হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ সজাগতা মুলক সমদল

ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বৰ্ষ উপলক্ষে আজাদী কা অমৃত মহোৎসৱ"ৰ লগত সংগতি ৰাখি হৰ ঘৰ ত্ৰিৰংগা কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে আজি বিজনীত বিজনী আৰক্ষীৰ উদ্যোগত এক সজাগতামুলক সমদল উলিওৱা হয়।বিজনী থানাৰ পৰা আৰম্ভ হোৱা সমদলটোৱে বিজনী চহৰ পৰিভ্ৰমণ কৰি পুনৰ বিজনী থানাত সামৰণি মাৰে। উক্ত কাৰ্যসূচীত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, বিজনীৰ মহকুমাধিপতী ৰাহুল কুমাৰ গুপ্তা, মহকুমা আৰক্ষী বিষয়া শেখৰজ্যোতি ৰয় উপস্থিত থকাৰ লগতে বিজনীৰ আৰক্ষী, চিআৰপিএফ, গাঁওৰক্ষী বাহিনীৰ লোক অংশগ্ৰহণ কৰে।
Read More

সৰভোগ পৌৰসভাৰ আজাদী কা অমৃত মহোৎসৱৰ পদযাত্ৰা

সৰভোগ পৌৰসভাৰ আজাদী কা অমৃত মহোৎসৱৰ পদযাত্ৰা ভাৰতৰ প্ৰধানমন্ত্ৰী অসমৰ মুখ্য মন্ত্ৰী নিৰ্দেশমৰ্মে হৰ ঘৰে ঘৰে তিৰংগা পতকা লগোৱাবলৈ আজি সৰভোগ পৌৰসভাৰ পৰা পদযাত্ৰা কৰে । পৌৰসভাৰ সভানেত্ৰী মালবিকা দাস উপ পৌৰপতি সম্পদ দাস আৰু সদস্য - সদস্যাসকলৰ নেতৃত্বত অহা ১৩-১৫ আগষ্টলৈ প্ৰতিজন ব্যক্তিয়ে নিজৰ ঘৰে ঘৰে পতকা লগোৱাই তাৰে উদ্দোগ লৈ সৰভোগ নগৰৰ চাৰিওফালে পদযাত্ৰা কৰে । এই পদযাত্ৰাত ৰাইজে সজাগ হবলৈ আহ্বান জনায়।
Read More

গোৰেশ্বৰত গোৰেশ্বৰ আৰক্ষী মৃদুল হাজৰিকাৰ গাঞ্জাৰ বিৰুদ্ধে অভিযান।

গোৰেশ্বৰত গোৰেশ্বৰ আৰক্ষী মৃদুল হাজৰিকাৰ গাঞ্জাৰ বিৰুদ্ধে অভিযান। গোপন সুত্রৰ পম খেদি বৃহস্পতিবাৰে লোক্ৰা বড় নগৰত এক অভিযান চলাই। অভিযান কালত আৰক্ষীৰ দলটোৱে ১ কিলো গাঞ্জাৰ লগতে ব্যবসায় লগত ব্যবহাৰ কৰা সামগ্রী জব্দ কৰে। গাওঁখনত দীর্ঘদিন ধৰি ব্যৱসায় চলাই থকা দেবেন নাথ নামৰ লোক এজনক আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। ইয়াৰ পিছতে গোৰেশ্বৰ আৰক্ষীয়ে ব্যৱসায় চলাই থকা ব্যক্তি গৰাকীক আটক কৰি এক গোচৰ ৰুজু কৰে।যদিহে সেই অঞ্চলত কোনে লোকে এনেদৰে ব্যৱসায় চলাই থাকে আৰক্ষীক খৱৰ দি সহায় কৰিৱলৈ আহ্বান কৰে আৰক্ষী বিষয়া গৰাকীয়ে।
Read More
কমনৱেলথ গেমছ-২০২২ত মল্লযুঁজ-ভাৰোত্তোলকত অভূতপূৰ্ব প্ৰদৰ্শন

কমনৱেলথ গেমছ-২০২২ত মল্লযুঁজ-ভাৰোত্তোলকত অভূতপূৰ্ব প্ৰদৰ্শন

বিশ্বৰ ক্ৰীড়া প্ৰেমীৰ মন মোহিত কৰি ৰখা কমনৱেলথ গেমছ-২০২২ৰ ইভেণ্টৰ অন্ত পৰিছে। ভাৰতে ২২ টা সোণৰ পদকসহ ৬১ টা পদকৰ সৈতে তেওঁলোকৰ অভিযান সমাপ্ত কৰে। ইয়াৰ সৈতে, ভাৰতে পদক তালিকাত চতুৰ্থ স্থান লাভ কৰে। এইবাৰ ভাৰতে ভাৰোত্তোলন, বক্সিং, লন বল, কুস্তি আৰু এথলেটিকছত যথেষ্ট পদক জিকিছিল। কিছু ক্ৰীড়াত আনকি ইতিহাস ৰচনা কৰিছিল।এইবাৰ এথলেটিকছত ভাৰতীয় খেলুৱৈসকলে ইতিহাস সৃষ্টি কৰিছিল। পুৰুষৰ ট্ৰিপল-জাম্প ইভেণ্টত এলডছ পল আৰু আব্দুল্লাহ আবুবাকাৰে প্ৰথম দুটা স্থান দখল কৰে। এইটো প্ৰথম বাৰৰ বাবে আছিল যে ভাৰতে ট্ৰিপল জাম্পত ২ টা পদক লাভ কৰিছিল আৰু সেইটোও সোণ আৰু ৰূপ। এথলেটিকছত ভাৰতে এটা স্বৰ্ণ, চাৰিটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদক…
Read More
২২ আৰু ২৩ আগষ্টত ভাস্কৰ নাট্য মন্দিৰত

২২ আৰু ২৩ আগষ্টত ভাস্কৰ নাট্য মন্দিৰত

প্ৰতিবছৰৰ দৰে এই বেলিও গুৱাহাটী বিদ্যালয়সমূহৰ প্ৰাক্তন ছাত্ৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ সাংস্কৃতিক আৰু বৌদ্ধিক বিকাশৰ লক্ষৰে অহা ২২ আৰু ২৩ আগষ্ট তাৰিখে উজানবজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মন্দিৰত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত তৰ্ক, কবিতা আবৃত্তি, সমবেত সঙ্গীত আৰু আধুনিক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে। প্ৰতিখন বিদ্যালয়ৰ পৰা তৰ্ক, আবৃত্তি আৰু আধুনিক গীতৰ প্ৰতিযোগিতাত দুজনকৈ প্ৰতিযোগী আৰু সমবেত সঙ্গীতত সাতৰ পৰা বাৰ জনলৈ প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিব পাৰিব। সবিশেষ জানিবৰ বাবে ৯৩৯৫০৭৭৪৪৬ আৰু ৯৮৬৪০৬০২৫৭ নম্বৰত যোগাযোগ কৰিবলৈ উদ্যোক্তাসকলে অনুৰোধ জনাইছে।
Read More
প্ৰকৃতিয়ে বিনিময় নিবিচাৰে, প্ৰকৃতি আমাৰ দ্বিতীয় মাতৃ, প্ৰকৃতিৰ লালন পালন আমাৰ দায়িত্ব-এ আই ডি চি চৌহদত বৃক্ষ ৰোপন কৰি উদ্যোগ মন্ত্রী বিমল বড়া       

প্ৰকৃতিয়ে বিনিময় নিবিচাৰে, প্ৰকৃতি আমাৰ দ্বিতীয় মাতৃ, প্ৰকৃতিৰ লালন পালন আমাৰ দায়িত্ব-এ আই ডি চি চৌহদত বৃক্ষ ৰোপন কৰি উদ্যোগ মন্ত্রী বিমল বড়া       

প্ৰকৃতিয়ে কেতিয়াও বিনিময় নিবিচাৰে, প্ৰকৃতি আমাৰ দ্বিতীয় মাতৃ,প্ৰকৃতিৰ লালন পালন আমাৰ দায়িত্ব -মুখ্যমন্ত্রীৰ প্ৰতিষ্ঠানিক বৃক্ষ ৰোপন কাৰ্যসূচীৰ অংশ হিচাপে ৰাধাগোবিন্দ বৰুৱা পথ স্হিত অসম ঔদ্যোগিক উন্নয়ন নিগম(এ আই ডি চি)ৰ চোহদত বৃক্ষ ৰোপনৰ এক কাৰ্যসূচীত অংশগ্রহণ কৰি উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান দপ্তৰৰ মন্ত্রী বিমল বড়াই এইদৰে কয়।     সমগ্র বিশ্বজুৰি হোৱা জলবায়ু পৰিবৰ্তনৰ কথা উল্লেখ কৰি পৰিৱেশ সন্তুলিত কৰি ৰখাৰ ক্ষেত্রত উদ্যোগ বিভাগৰ বিশেষ দায়িত্ব আছে বুলিও তেও কয়। উদ্যোগ সমূহৰ বাবেই পৰিৱেশ দূষিত হয় বুলি উল্লেখ কৰি পৰিৱেশ প্ৰদূষণ মুক্ত কৰি ৰখাৰ বাবে উদ্যোগ সমূহতো বৃক্ষ ৰোপনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বিষয়া সকলক মন্ত্রী বড়াই নিৰ্দেশ দিয়ে।   চৰকাৰী…
Read More

বজালীৰ ভট্টদেব বিশ্ববিদ্যালয়ত পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান

যোৱা ৬ আগষ্টত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক গুৰু প্ৰসাদ খাটনীয়াৰক ঠিকাদাৰৰ পৰা উৎকোচ লোৱা অৱস্থাত গুৱাহাটীত গ্ৰেপ্তাৰ কৰিছিল দুৰ্নীতি নিবাৰক শাখাই।প্ৰায় দুই ঘণ্টা সময় ধৰি বিশ্ববিদ্যালয়খনত অভিযান চলাই আছে দুৰ্নীতি নিবাৰক শাখাই।বিশ্ববিদ্যালয়খনত সাংবাদিকৰ প্ৰবেশত বাধা প্ৰদান কৰিছিল।জানিব পৰা মতে ভট্টদেব বিশ্ববিদ্যালৰ পঞ্জীয়কৰ কাৰ্যালয়ৰ পৰা বহু নথি পত্ৰ জব্দ কৰে অভিযানকাৰী দলে।উল্লেখযোগ্য যে সাংবাদিকৰ প্ৰবেশ নিষিদ্ধ কৰাৰ পিছত একাংশ সাংবাদিকৰ প্ৰবেশ ভট্টদেব বিশ্ববিদ্যালয়ত ।সাংবাদিকৰ প্ৰবেশৰ উমান পাই বিশ্ববিদ্যালয়ৰ মূল তোৰন এৰি অইন তোৰনৰে অভিযানকাৰী দল ওলাই যায় বুলি জানিব পৰা গৈছে।
Read More

পাঠশালাত কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

কংগ্ৰেছৰ গৌৰৱ যাত্ৰাক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কটাক্ষ কৰা পৰিলক্ষিত হৈছে।কংগ্ৰেছৰ এই যাত্ৰা গান্ধী নেহেৰু পৰিয়ালৰ গৌৰৱ গাঁথা নে অসমৰ বংশবাদ ৰক্ষা কৰা তৰুণ গগৈৰ পুতেকৰ গৌৰৱ যাত্ৰা সেয়া আমি বুজি পোৱা নাই বুলিও উল্লেখ কৰে।যদি বংশবাদ বাদ দি গৌৰৱ গগৈৰ স্হানৰ বাবে এই যাত্ৰা তেন্তে তাত মূল্য আছে ।যদি গান্ধী নেহেৰু পৰিয়ালৰ কিবা গৌৰৱ গাঁথা লৈ যদি কিবা কৰিছে সেয়া ভাৰতৰ মানুহে গ্ৰহণ নকৰে বুলি উল্লেখ কৰে।আমি বিৰোধী দল শক্তিশালী হোৱাটো বিচাৰো বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই।ভূপেন বৰাই কবিতা লিখাত কৈ সংগঠনৰ কাম কৰিলে আমি ভাল পাম বুলি মত পোষণ কৰে মন্ত্ৰী গৰাকীয়ে।ভূপেন বৰা, ৰিপুণ বৰা আদিৰ…
Read More

বটদ্ৰৱা বৰভেটি প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনত চূড়ান্ত অনিয়ম

নগাঁও জিলাৰ বটদ্ৰৱা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত বটদ্ৰৱা বৰভেটি প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজন আঁচনিত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ গুৰুত্বৰ অভিযোগ উঠিছে ৷ প্ৰাপ্ত অভিযোগ মতে, বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে চৰম দুৰ্নীতিৰ আশ্ৰয় লৈ আঁচনিখন এক প্ৰকাৰে ভেকো ভাওনাত পৰিণত কৰি তুলিছে ৷ কিয়নো, চৰকাৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক দুপৰীয়াৰ আহাৰ খোৱাবৰ বাবে যি নীতি-নিয়ম আৰোপ কৰি দিছে সেয়া বিদ্যালয়খনৰ প্ৰধান শিক্ষকজনে সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি আহিছে ৷ অভিযোগ অনুসৰি, চৰম মইমতালিৰে প্ৰধান শিক্ষকজনে ছাত্ৰ-ছাত্ৰীসকলক দুপৰীয়া আহাৰৰ নামত কেৱল ভাতৰ লগতে দাইলৰ নামত পানী আৰু কেইডোখৰমান আলুু দিয়েই আভুৱা ভাৰি আহিছে ৷ আচলতে, চৰকাৰী নিৰ্দেশনা অনুসৰি ছাত্ৰ-ছাত্ৰীক দুপৰীয়া আহাৰ হিচাপে নিৰ্দিষ্ট দিনত ভাতৰ…
Read More

সৰভোগত মটৰ চাইকেলৰ বৃহৎ সমদল

ব্ৰিটিছ সকলৰ শাসনৰ পৰা আমাৰ দেশখন ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে আজি সৰভোগ থানাৰ উদ্যোগত এক পদযাত্ৰা মটৰ চাইকেল সমদল উলিয়াই । সৰভোগ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্জীৱ কুমাৰ দাসে কয় হৰ ঘৰ তিৰংগা ’ কাৰ্যসূচী সফল কৰি তুলিবলৈ সৰভোগবাসী ৰাইজে সহায়-সহযোগিতা আগবঢ়াই বুলি জানিব দিয়ে। অসমৰ মুখ্যমন্ত্ৰী নিৰ্দেশমৰ্মে বৰপেটা জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ নেতৃত্বত বৰপেটাৰ পৰা একশতকৈ অধিক বাইকৰে সৰভোগ থানাৰ বাইক ৰেলীত অংশগ্ৰহণ কৰি ঘৰে ঘৰে তিৰংগা লগোৱা সম্পকে সজাগতা অভিযান চলাই । এই ৰেলী ৬-৭ কিলোমিটাৰ পদযাত্ৰা মটৰ চাইকেলৰে অমৃত কা মহোৎসৱ আৰু ১৫ আগষ্ট উপলক্ষে হৰে ঘৰে ঘৰে তিৰংগা পতাকা লগোৱা লগাবলৈ আহ্বান জনায় । প্ৰতিজন…
Read More