উত্তৰ-পূৱ

ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ ওপৰত খৰ্গহস্ত মুখ্যমন্ত্ৰী

ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ ওপৰত খৰ্গহস্ত মুখ্যমন্ত্ৰী

মাজুলীত খৰালিও অব্যাহত আছে ভয়াবহ খহনীয়া। ভকত চাপৰি,কমলাবাৰী ঘাট, চুমৈমাৰী, শালমৰা, কামজান এলেঙীত বিঘাই বিঘাই ভূমি দিনৌ বিলীন হৈছে লুইতত। কুম্ভকৰ্ণ নিদ্ৰাত মাজুলী সুৰক্ষাৰ দায়িত্বত থকা ব্ৰহ্মপুত্ৰ ব’ৰ্ড, কানসাৰ নাই জিলা প্ৰশাসনৰ। আগন্তুক উপ-নিৰ্বাচন বৰ্জন, ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ আদি কঠোৰ সিদ্ধান্ত লৈছে মাজুলী ভকত চাপৰি ১৭ খন গাঁৱৰ গঞাই। যোৱা ৯ ফেব্ৰুৱাৰীত অঞ্চলটোৰ ৰাইজ একত্ৰিত হৈ ভোট বৰ্জনৰ লগতে ৰাজনৈতিক নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰিলে। ১৫০০ ভোটাৰ আছে অঞ্চলটোত। অসম চৰকাৰ, জিলা প্ৰশাসন, কুম্ভকৰ্ণ নিদ্ৰাত থকাৰ বিপৰীতে ব’ৰ্ড আৰু টি কে কোম্পানীয়ে ২৩৭ কোটি টকা লুতি আছে। বাৰিষা আহিলেই ব’ৰ্ডে ভৰা লুইতত জিঅ’ বেগ পেলাই কোটি টকা শৰাধ কৰা ব্ৰহ্মপুত্ৰ…
Read More
মহামৃত্যুঞ্জয় মন্দিৰত মাঘী পূৰ্ণিমা উপলক্ষে ভিৰ

মহামৃত্যুঞ্জয় মন্দিৰত মাঘী পূৰ্ণিমা উপলক্ষে ভিৰ

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মঠ মন্দিৰৰ লগতে নগাঁও জিলাৰ বঢ়মপুৰৰ ভেৰভেৰীস্থিত নৰসিংহ ক্ষেত্ৰৰ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ মহামৃত্যুঞ্জয় মন্দিৰতো পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে ভক্তপ্ৰাণ ৰাইজৰ সমাগম। ২০০৩ চনত নিৰ্মাণ কৰা মহামৃত্যুঞ্জয় মন্দিৰত প্ৰতিবছৰে এই মাঘী পূৰ্ণিমাৰ দিনটোৰ পৰায়ে আয়োজন কৰা হয় মহামৃত্যুঞ্জয় যজ্ঞৰ। এইবাৰো বাৰ্ষিক মহামৃত্যুঞ্জয় যজ্ঞৰ আয়োজন কৰে ৫ দিনিয়াকৈ মন্দিৰ পৰিচালনা সমিতিয়ে।স্মৰ্তব্য যে আজিৰ এই দিনটোত অসমৰ মুখ্যমন্ত্রীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই অংশ গ্ৰহণ কৰি পূজা অৰ্চনা কৰে মহামৃত্যুঞ্জয় মন্দিৰত।
Read More
প্ৰেমৰ দিনাই গ্ৰেপ্তাৰ দুই যুৱক-যুৱতী

প্ৰেমৰ দিনাই গ্ৰেপ্তাৰ দুই যুৱক-যুৱতী

প্ৰেমৰ দিৱসৰ দিনাই মৰিগাঁৱত নকল টকা সহ আটক দুই যুৱক যুৱতী। জাগীৰোড শিলভঙাৰ মজিফা বেগম আৰু হোজাইৰ জইনাল উদ্দীন নামৰ দুয়ো যুৱক যুৱতীয়ে ব্যৱহাৰ কৰা AS01JC0536 নম্বৰৰ এখন চুইফট ডিজাইৰ গাড়ী জব্দ আৰক্ষীৰ। লগতে দুয়োৰে পৰা ১ লাখ ৬২ হাজাৰ ৫ শ নকল টকা সহ তিনিটা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে। ভেলেণ্টাইনদেৰ দিনা গুৱাহাটী খানাপাৰৰ পৰা মৰিগাঁও যাম বুলি ভাড়া কৰিছিল গাড়ীখন। দুই যুৱক আৰু এগৰাকী যুৱতী মিলি সুদৰ্শন বাৰ কম ৰেষ্টুৰেণ্টত খাই ওলাই আহোঁতে গোপন খবৰ ভিত্তিত খাপ পিটি থকা মৰিগাঁও আৰক্ষীয়ে নকল টকা সহ আটক কৰে দুই প্ৰেমিক প্ৰেমিকাক। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
Read More
এল আই চিৰ শ্বেয়াৰ বিক্ৰীৰ পথ মুকলি

এল আই চিৰ শ্বেয়াৰ বিক্ৰীৰ পথ মুকলি

এল আই চিয়ে এছ বি আইৰ ওচৰত ড্ৰাফ্ট ৰেড হেৰিং প্ৰস্পেক্টাছ দাখিল কৰিছে। ইয়াৰ অৰ্থ হৈছে যে এই বিত্তীয় বৰ্ষত এল আই চিৰ আই পি অ’ আহিব পাৰে। এতিয়া প্ৰশ্ন হৈছে, চৰকাৰে এল আই চিৰ কিমান অংশবিক্ৰী কৰিব আৰু ইয়াৰ পৰা কোনে ধন পাব, চৰকাৰে নে এল আই চিয়ে? সোমবাৰে দেশৰ কেইবাখনো ৰাষ্ট্ৰীয় বাতৰি কাকত এল আই চি শ্বেয়াৰ বজাৰত প্ৰৱেশ কৰাৰ আই পি অ’ৰ বাতৰি প্ৰকাশ পাইছে। এল আই চিয়ে দেওবাৰে ইয়াৰ আই পি অ’ শ্বেয়াৰ বজাৰলৈ অনাৰ বাবে মূলধন বজাৰ নিয়ন্ত্ৰক এছ বি আইৰ ওচৰত নথিপত্ৰৰ এখন খচৰা (ডি আৰ এইচ পি) দাখিল কৰিছে। খচৰা অনুসৰি, চৰকাৰে এল…
Read More
মৰিয়নীত ভয়ংকৰ পথ দুৰ্ঘটনা

মৰিয়নীত ভয়ংকৰ পথ দুৰ্ঘটনা

মৰিয়নী ধোদৰ আলিত নাগালেণ্ড, ডিমাপুৰৰ মোককচাঙলৈ গৈ থকা এখন টাটা ছুম’ৰ খুন্দাত তিনি গৰাকী স্কুটি আৰোহীৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । ডিমাপুৰৰ পৰা মোককচাঙ জিলালৈ অসমৰ মাজেৰে যাত্ৰী কঢ়িয়াই নিয়া এন এল ০২টি ২১১৪ নম্বৰৰ টাটা ছুম’খনৰ এছ এছ ০৩জেদ ৫৮৮৬ নম্বৰৰ স্কুটিৰ সৈতে হোৱা সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। একেটা পৰিয়ালৰ তিনিজন ক্ৰমে মাতৃ, পুত্ৰ আৰু জোৱাঁয়েক থিতাতে নিহত হয়। এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে অঞ্চলটো উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় আৰু একাংশ উন্মুক্ত জনতাই আৰক্ষী বিষয়া উপস্থিতে ছুমখন পথৰ পৰাই বগৰাই পেলাই দিয়ে ।
Read More
কাজিৰঙাত লক্ষাধিক টকাৰ কাঠ

কাজিৰঙাত লক্ষাধিক টকাৰ কাঠ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বনকৰ্মীয়ে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অবৈধভাবে লক্ষাধিক টকাৰ কাঠ কঢ়িয়াই নি থকা অৱস্থাত এখন ট্রাক শুকুৰবাৰে জব্দ কৰিবলৈ সক্ষম হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিবিত দিহিঙ্গীয়াই জানিবলৈ দিয়া মতে কাজিৰঙাৰ এটা বনকৰ্মীৰ দলে টহল দি থকা অৱস্থাত গোলাঘাট আৰু নগাঁও জিলাৰ সীমান্ত বাগৰিত এ এচ ০২ ২ ৩৯২৭ নম্বৰৰ এখন টাকত নগাওঁ দিশে অবৈধভাৱে কাঠ (ফান্টা) কঢ়িয়াই নি থকাৰ সময়তে বনকর্মীয়ে অভিযান চলাওঁতে ট্ৰাকখন ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থৈ চালক আৰু হেণ্ডিমেনে পলায়ন কৰে। পৰৱৰ্তী সময়ত বন বিভাগৰ লোকে ট্রাকখনৰ সৈতে কাঠখিনি জব্দ কৰে। বিভাগীয় সূত্রে জানিব পৰা মতে ট্ৰাকখনত মূল্যবান ১৮ টুকুৰা কাঠ (ফান্টা)…
Read More
দেশত বন্ধ হ’ব প্লাষ্টিক: নৰেন্দ্ৰ মোদী

দেশত বন্ধ হ’ব প্লাষ্টিক: নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে one ocean summit ত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰে। এই সন্মিলনত অংশগ্ৰহণ কৰি তেওঁ কয় যে ভাৰতে এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিক শেষ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।ভাৰতত ইতিমধ্যে ৩ লাখ যুৱক-যুৱতীয়ে ১৩ টন পেলনীয়া প্লাষ্টিক জমা কৰিছে।লগতে তেওঁ কয় যে ভাৰতে ইতিমধ্যে উপকূলীয় অঞ্চলৰ পৰা প্লাষ্টিক অথবা অন্যান্য জাবৰ ছাফ কৰাৰ বাবে ৰাষ্ট্ৰীয় অভিযান চলাইছে। মোদীয়ে কয় যে আমি নৌসেমা সকলক সাগৰৰ পৰা পেলনীয়া প্লাষ্টিক ছাফ কৰিবলৈ বিশেষ নিৰ্দেশ দিছো।তেওঁ সন্মিলনত কয় যে একক ব্যৱহাৰ প্লাষ্টিকৰ বিৰুদ্ধে বিশ্বব্যাপী পদক্ষেপ গ্ৰহণ কৰাৰ বাবে ফ্ৰান্সৰ সৈতে যোগদান কৰিবলৈ ভাৰত সুখী হব।
Read More
প্ৰশান্ত কিশোৰৰ কোম্পানী আই-পেকত গ্ৰেপ্তাৰ

প্ৰশান্ত কিশোৰৰ কোম্পানী আই-পেকত গ্ৰেপ্তাৰ

গোৱাত তৃণমূল কংগ্ৰেছে নিজৰ স্থিতি সবল কৰাৰ চেষ্টা কৰি থকাৰ মাজতেই ৰণনীতিকাৰ প্ৰশান্ত কিশোৰৰ কোম্পানী আই-পেকৰ এটি কাৰ্যালয়ত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰে গাঞ্জা। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰশান্ত কিশোৰৰ কোম্পানীৰ এগৰাকী সদস্যক পোৰবোৰিম চহৰৰ পৰা গ্ৰেপ্তাৰ কৰে।লগতে তেওঁৰ পৰা গাঞ্জাও জব্দ কৰে। গোৱা আৰক্ষীয়ে শুকুৰবাৰে পোৰবোৰিমৰ কেইবাটাও বাংলোত তালাচী চলাই আৰু তাৰ ভিতৰত ৮ নং বাংলোটি ভাড়ালৈ লৈছিল আই-পেকে। এই তালাচী অভিযানৰ মাজতেই আৰক্ষীয়ে ২৮ বছৰীয়া আই-পেকৰ কৰ্মচাৰী এগৰাকীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ইতিমধ্যে তেওঁৰ বিৰুদ্ধে এনডিপিএছৰ অধীনত গোচৰ ৰুজু কৰিছে।
Read More
লামডিঙত পৌৰ চাফাইকৰ্মীৰ প্ৰতিবাদ

লামডিঙত পৌৰ চাফাইকৰ্মীৰ প্ৰতিবাদ

পৌৰ সভা নিৰ্বাচনৰ তাৰিখ ঘোষনা হোৱাৰ পিছতে ৰাজনৈতিক দলসমূহৰ মাজত কোচ কৱাচ আৰম্ভ হোৱাৰ সময়তে লামডিঙৰ পৌৰসভা কাৰ্যালয়ত চলিল প্ৰতিবাদ ৷ চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰি লামডিঙ পৌৰসভাৰ চাফাই কৰ্মীয়ে সাবস্ত্য কৰিলে এই প্ৰতিবাদ ৷ কভিড ১৯ যুদ্ধাৰো হিচাপে উপাধি প্ৰদান কৰিয়েই নিজৰ দায়িত্ব সামৰছি বিভাগটোৱে ৷ চৰকাৰ আহে আৰু যায় কিন্তু চৰকাৰে সমগ্ৰ অসমৰ লগতে লামডিঙৰ চাফাই কৰ্মী সকলক নিযুক্তি পত্ৰ আৰু পৰিচয় পত্ৰ প্ৰদান কৰা নাই আজি পৰ্যন্ত ৷ ইয়াৰোপৰি বিগত দুটা মাহ ধৰি তেওঁলোকে লাভ কৰা নাই মাহিলি দৰমহা যাৰ ফলত পেটে ভাতে চলিব লগীয়া হৈছে এই চাফাই কৰ্মী সকল ৷ দহ বছৰ ধৰি যিসকলে পৌৰসভাত চাফাই কৰ্মী…
Read More
কমিছে কোৰোনাৰ প্ৰভাৱ

কমিছে কোৰোনাৰ প্ৰভাৱ

বিগত  ২৪ঘন্টাত  ভাৰতত ৫৮হাজাৰ ৭৭গৰাকী লোকৰ দেহত কোৰোনাৰ সংক্ৰমণ ধৰা পৰাৰ  বিপৰীতে সুস্থ  হৈ  উভতিছে  ডেৰলাখ  লোক। ২৪ঘন্টাত  ভাৰতত  ৬৫৭ গৰাকী  ৰোগীৰ  মৃত্যু  হৈছে। বৰ্তমানলৈ  ভাৰতত  কোৰোনাই  প্ৰাণ  লৈছে  ৫লাখ ৭হাজাৰ  লোকৰ।  বৰ্তমানো  দেশত  ৬লাখ  ৯৭হাজাৰ ৮০২গৰাকী  ৰোগী  চিকিতসাধীন  হৈ  আছে।
Read More