31
Aug
টেনিছ কেৰিয়াৰৰ অন্তিমখন গ্ৰেণ্ড শ্লেম টুৰ্ণামেণ্ট ইউএছ অ'পেন খেলি থকা ছেৰেনা উইলিয়ামছে ইয়াত জয়ৰে অভিযান আৰম্ভ কৰিছে। তেওঁ নিউয়ৰ্কত ইউএছ অ'পেনৰ প্ৰথম ৰাউণ্ডত বিজয়ী হৈছে। বিশ্বৰ ৮০ তম স্থানত থকা মণ্টেনিগ্ৰোৰ ডানকা কোবিনিকৰ বিৰুদ্ধে ছেৰেনাই উইলিয়ামছে ৬-৩, ৬-৩ ছেটত জয়লাভ কৰে। ৪০ বছৰীয়া তাৰকাগৰাকীয়ে জয়ৰ সৈতে প্ৰথম ৰাউণ্ডৰ মেচ জয়ৰ অভিলেখ বৰ্তাই ৰাখিছে। তেওঁ প্ৰথম ৰাউণ্ডত ২১ খন খেল খেলিছে আৰু এটাইকেইখনতে জিকিছে। দৰ্শকেৰে ভৰি থকা আৰ্থাৰ এশ্বে ষ্টেডিয়ামত চেৰেনাৰ সমৰ্থনত 'আমি চেৰেনাক ভাল পাওঁ' শ্লোগান দিয়া দেখা গৈছিল। খেলখনৰ পূৰ্বে, ২৩ বাৰ গ্ৰেণ্ড শ্লেম বিজয়ী উইলিয়ামছৰ এটা ভিডিঅ' প্ৰচাৰ কৰা হৈছিল, য'ত তেওঁৰ কেৰিয়াৰ আৰু জীৱনৰ সফলতা দেখুওৱা হৈছিল।…
