উত্তৰ-পূৱ

ৰাজ্যজুৰি বঞ্চিত শ্ৰমিকৰ সমাৱেশ আৰু সমদল

ৰাজ্যজুৰি বঞ্চিত শ্ৰমিকৰ সমাৱেশ আৰু সমদল

 চি আই টি ইউৰ আহ্বানত গুৱাহাটীকে ধৰি ৰাজ্যজুৰি চৰকাৰী বঞ্চনাৰ অৱসান বিচাৰি বঞ্চিত শ্ৰমিকৰ সমদল আৰু আৰু সমাৱেশ সংগঠিত কৰে। অসমৰ বিভিন্ন কল-কাৰখানাত কৰ্মৰত শ্ৰমিক, অঙ্গনৱাড়ী কৰ্মী-সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মচাৰীকে ধৰি আঁচনিভুক্ত কৰ্মচাৰীসকল, চাহ বাগিছা শ্ৰমিক, নিৰ্মাণ শ্ৰমিক, মটৰ পৰিবহন শ্ৰমিক আৰু অন্যান্য অসংগঠিত খণ্ডত কাম কৰা শ্ৰমিক-কৰ্মচাৰীসকলে এই সমাৱেশ আৰু সমদলত যোগদান কৰে। জানিব পৰা মতে গুৱাহাটীৰ উপৰিও ৰাজ্যখনৰ শিলচৰ, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, লক্ষিমপুৰ, ধুবুৰী আৰু কোকৰাঝাৰত শ শ শ্ৰমিকে চৰকাৰী বঞ্চনাৰ অৱসান বিচাৰি সভা-সমদল সংগঠিত কৰে। গুৱাহাটীত চচল ধৰ্ণাস্থলীত ছয় সহস্ৰাধিক শ্ৰমিক-কৰ্মচাৰীয়ে চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ প্ৰতিবাদ জনাই পৰিস্থিতি উত্তাল কৰি তোলে। শ্ৰমিকৰ নূন্যতম মাহিলি…
Read More

নেমকেয়াৰৰ চুড়ান্ত হেমাহিৰ বাবেই প্ৰাণ হেৰুৱালে এজন যুৱকে

তেজপুৰত ব্যক্তিগত চিকিৎসালয় নেমকেয়াৰৰ চুড়ান্ত হেমাহিৰ বাবেই প্ৰাণ হেৰুৱালে এজন যুৱকে ৷ মানৱ সেৱাৰ নামত মানুহৰ জীৱনক লৈ হেতালি খেলিছে তেজপুৰস্থিত নেমকেয়াৰ হস্পিতালে ৷ যোৱা নিশা প্ৰায় দহ মান বজাত L B road ৰ এখন দোকানত কাম কৰা তেজপুৰৰ পাঁছমাইল নপাম বৰগুৰীৰ প্ৰনৱ দাস নামৰ যুৱক জনে ব্যৱসায় প্ৰতিষ্ঠান বন্ধ কৰি AS 12 N 8221 নম্বৰৰ গ্লেমাৰ বাইক খনেৰে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা দ্ৰুতবেগী AS 12 AB 6425 নম্বৰৰ ডমিনজ 250 বাইক খনেৰে অভিনাশ শইকীয়া নামৰ যুৱক জনে প্ৰচণ্ড জোৰেৰে খুন্ধা মৰাৰ ফলত দুয়ো চিঠিকি পৰে ৷ পিছত দুয়োকে নিশা 10,30 মান বজাত স্থানীয় ৰাইজৰ সহযোগত তেজপুৰ…
Read More

গোলাঘাট জিলাৰ মৰঙী মৌজাৰ অন্তৰ্গত 1নং কৌৱানীত নৃশংস হত্যা কাণ্ড

গোলাঘাট জিলাৰ মৰঙী মৌজাৰ অন্তৰ্গত 1নং কৌৱানীত নৃশংস হত্যা কাণ্ড।কৌৱানী পাহাৰ লাইনৰ নিবাসী আৰবেল কেৰকেটা নামৰ যুবক জনক হত্যা কৰি পেলাই থলে পথৰ কাষত ।স্থানীয় গাওঁৰক্ষী বাহিনীয়ে জানিব পাৰি এখন স্কুটীত মৃতদেহ পৰি থকা দেখা পাই বগীজান আৰক্ষী ক খবৰ দিয়ে।সহযোগী গৌতম বিশ্বাস (বিকি)নামৰ লোকজনে হত্যা কাণ্ড সংঘটিত কৰা অভিযোগ। অভিযুক্ত গৌতম বিশ্বাসক নিশা ই বগীজান আৰক্ষী গ্ৰেপ্তাৰ কৰিছে।বৰ্তমান বগীজান আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।
Read More

ৰামপুৰ সত্ৰ বালক এম ই মাদ্ৰাছা বিদ্যালয় খনৰ পয়ালগা প্ৰতিচ্ছবি

যি সময়ত সমগ্ৰ দেশত স্বাধীনতাৰ 75 বছৰীয়া অমৃত মহোৎসৱ পালন কৰা হৈছে য'ত শিক্ষাৰ প্ৰগতিৰ বাবে চৰকাৰে নতুন নতুন আঁচনি হাতত লৈছে সেই সময়তে নগাওঁ জিলাৰ ঐতিহাসিক বটদ্ৰৱা অঞ্চলৰ দাঁতিকাষৰীয়া হাইডুবী ৰামপুৰ সত্ৰ বালক এম ই মাদ্ৰাছা বিদ্যালয় খনৰ পয়ালগা প্ৰতিচ্ছৱিয়ে সকলোৰে চকু কপালত উঠিছে। এই দৃশ্য সমূহলৈ মন কৰক।কেমেৰাৰ সন্মুখত স্থানীয় ৰাইজে কৰা অভিযোগ অনুসৰি হাইডুবী ৰামপুৰ সত্ৰ বালক এম ই এম বিদ্যালয়ৰ প্ৰধান শিক্ষক ছফিকূল ইছলামৰ চৰম অৰাজকতাৰ কাৰনে বৰ্তমান বিদ্যালয় খনৰ পয়ালগা অৱস্থাৰ ফালে গতি কৰিছে। ৰাইজৰ অভিযোগ অনুসৰি বিগত দুটা বছৰ ধৰি বিদ্যালয় খনত প্ৰধান শিক্ষক আৰু বিদ্যালয় চতুৰ্থ শ্ৰেনীৰ কৰ্মচাৰী চাদিকূল ইছলাম, উপস্থিত নাই। বিভাগীয়…
Read More

পুৱতি নিশা ধুবুৰীৰ সাহেৱগঞ্জ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড ঘটনা

পুৱতি নিশা ধুবুৰীৰ সাহেৱগঞ্জ বজাৰত ভয়ংকৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হয়। জুইত জাহ যায় ৬ খনকৈ দোকান। উল্লেখযোগ্য যে প্ৰায় ৪০ লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হৈছে বুলি জানিব পৰা গৈছে।জুইৰ লেলিহান শিখাই নিমিষতে ছাই কৰিলে এখন ফাৰ্মাচী, এখন গেলামাল দোকান, দুখনকৈ ফলৰ দোকান, এখন দৰ্জীৰ দোকান।চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সুত্ৰপাতৰ সন্দেহ।পুৱতি নিশা সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। ঘটনা স্থলীত উপস্থিত ধুবুৰী আৰু গোলকগঞ্জৰ অগ্নিনিৰ্বাপক বাহিনী। দুখনকৈ অগ্নি নিৰ্বাপক গাড়ীৰে জুই নুমুৱাবলৈ সক্ষম হয়।
Read More
কামৰূপ মহানগৰ জিলাত পৰিবহণ বিভাগৰ সংস্পৰ্শবিহীন সেৱাৰ আনুষ্ঠানিক শুভাৰম্ভ ; চি এছ চি বিষয়ক  গুৰুত্বপূৰ্ণ সভা সম্পন্ন

কামৰূপ মহানগৰ জিলাত পৰিবহণ বিভাগৰ সংস্পৰ্শবিহীন সেৱাৰ আনুষ্ঠানিক শুভাৰম্ভ ; চি এছ চি বিষয়ক  গুৰুত্বপূৰ্ণ সভা সম্পন্ন

এতিয়াৰে পৰা ৰাজ্যৰ যান বাহনৰ গৰাকী সকলে  যাবতীয় কৰ পৰিশোধ কৰাৰ পৰা আৰম্ভ কৰি বাহনৰ ক্ৰয় - বিক্ৰয়লৈকে  বহু কামত পৰিবহণ আয়ুক্তৰ কাৰ্যালয় বা জিলা পৰিবহণ বিষয়াৰ  ( ডি টি অ ) কাৰ্যালয়লৈকে তাত বাটি কাঢ়িব নালাগে । গাড়ীচালনাৰ অনুজ্ঞা পত্ৰ লোৱা , অনুজ্ঞাপত্ৰ নৱীকৰণ কৰাকে ধৰি পৰিবহণ বিভাগৰ  মুঠ ৪০ টা সেৱা এতিয়াৰে  পৰা নিজৰ স্মাৰ্ট বা এনৰয়ড ফোনৰ সহায়ত নাইবা ওচৰৰ সামূহিক সেৱা কেন্দ্ৰৰ ( চি এছ চি ) জৰিয়তে কৰিব পৰা যাব । ইতিমধ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে পৰিবহণ সেৱাক যি সস্পর্ক  বিহীন সেৱালৈ উন্নীতকৰণ অৰ্থাৎ মানুহ এজন পৰিবহণ আয়ুক্ত বা ডি টি অ…
Read More
বিপ্লৱী-শিল্পী ব্ৰজনাথ শৰ্মা সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা

বিপ্লৱী-শিল্পী ব্ৰজনাথ শৰ্মা সোঁৱৰণী চিত্ৰাংকন প্ৰতিযোগিতা

বৰনগৰীয়া সমাজ, গুৱাহাটী বাসীৰ উদ্যোগত  উদযাপন কৰিবলগীয়া বিপ্লৱী-শিল্পী ব্ৰজনাথ শৰ্মা স্মৃতি দিৱসৰ লগত সংগতি ৰাখি অহা   এখনি চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সেই উপলক্ষে অহা ৪ চেপ্তেম্বৰত  গুৱাহাটীৰ পশ্চিম বৰাগাঁওস্থিত বীনাপাণি একাডেমীত আৰু ১১ চেপ্তেম্বৰত  নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ত প্ৰতিযোগিতাৰ বাবে স্থান নিৰ্ধাৰণ  কৰা হৈছে। প্ৰতিযোগিতা দিনৰ  দহ বজাত আৰম্ভ  হ'ব। প্ৰতিযোগীসকলে চিত্ৰাংকনৰ সঁজুলি লগত লৈ আহিব লাগিব। প্ৰতিযোগিতাৰ ভৰ্তি মাচুল নালাগে। প্ৰতিযোগিতা "ক" শাখাত প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীলৈ, "খ" শাখাত ষষ্ঠ পৰা অষ্টম শ্ৰেণীলৈ আৰু "গ" শাখাত নৱম-দশম শ্ৰেণীক লৈ মুঠ তিনিটা শাখাত অনুস্থিত হ'ব। প্ৰতিটো শাখাৰ বাবে তিনিটাকৈ পুৰষ্কাৰ আৰু মানপত্ৰ থাকিব। পুৰস্কাৰসমূহ ১২ চেপ্টেম্বৰত বিয়লি  ২-৩০ বজাত…
Read More
দেশত জাল নোটকলৈ ৰুজু হোৱা গোচৰৰ তালিকাৰ শীৰ্ষত পশ্চিম বংগ, দ্বিতীয়ত অসম

দেশত জাল নোটকলৈ ৰুজু হোৱা গোচৰৰ তালিকাৰ শীৰ্ষত পশ্চিম বংগ, দ্বিতীয়ত অসম

বিমুদ্ৰাকৰণৰ পিছতো দেশত অধিক মাত্ৰাত জাল নোটৰ প্ৰচলন অব্যাহত আছে। এটা বছৰতে দেশত ২০ কোটি টকাৰ জাল নোট জব্দ কৰা হৈছে। যি তিনি লাখতকৈ অধিক জাল নোটৰ দ্বাৰা দেশত ইয়াক প্ৰচলন কৰা হৈছিল। ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো (এনচিআৰবি) ২০২১-ৰ প্ৰতিবেদন অনুসৰি যোৱা বছৰ ২০ কোটি টকাৰ অধিক মূল্যৰ জাল নোট জব্দ কৰা হৈছে। জব্দ কৰা জাল নোটৰ সৰহ সংখ্যক ২০০০ টকাৰ নোট বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে। যিটো মুঠ মূল্যৰ প্ৰায় ৬০ শতাংশ। জাল নোটৰ ক্ষেত্ৰত পশ্চিম বংগ আৰু অসমত সৰ্বাধিক সংখ্যক গোচৰ ৰুজু কৰা হৈছে। যদিও মূল্যৰ আধাৰত, তামিলনাডু আৰু কেৰালাত সৰ্বাধিক সংখ্যক জাল নোট জব্দ কৰা হৈছে। প্ৰতিবেদন অনুসৰি,…
Read More

ৰূপহীহাটত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথান অভিযান।

ৰূপহীহাটত চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীৰ মাৰাথান অভিযান।ৰূপহীহাটৰ তাৰাবাৰীৰ পৰা জব্দ কৰে গৰু ভৰ্তি এখন ট্ৰাক।ৰূপহীহাট আৰক্ষীয়ে জুৰীয়া আৰক্ষীৰ সহযোগত যৌথভাৱে অভিযান চলাই ২২ টাকৈ চোৰাং গৰুৰ লগতে আটক কৰে তিনিজন লোকক।ধৃত লোক কেইজন ক্ৰমে গেহুৱা চলচলীৰ খলিল উদ্দিন, চামগুৰি ভগামুখৰ ওৱাহিদুল ইছলাম আৰু জুৰীয়া কালিয়াটেঙ্কিয়াৰ ৰফিকুল ইছলাম। AS 02 BC 3654 নম্বৰৰ এখন ট্ৰাকেৰে সৰবৰাহ কৰাৰ সময়তে জব্দ কৰে গৰু কেইটা।ৰূপহীহাটৰ জুৰীয়াৰ পৰা বহিঃৰাজ্য লৈ সৰবৰাহ কৰাৰ সময়তে জব্দ কৰে গৰু ভৰ্তি বাহনসহ তিনিজনকৈ লোকক।অধিক তথ্যৰ বাবে ধৃত আটকাধীন কেইজনক জেৰা অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষীয়ে ৷ জব্দ কৃত গৰু কেইটা গোশালাত প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে ৰূপহীহাট আৰক্ষীয়ে।
Read More

ডিব্ৰুগড়বাসীক গৌৰৱবোধ কৰোৱা ক্লক টাৱাৰ কাৰ বাবে নিস্তব্ধ!

ডিব্ৰুগড়বাসীক গৌৰৱবোধ কৰোৱা ক্লক টাৱাৰ কাৰ বাবে নিস্তব্ধ!স্তব্ধ হৈ পৰিল ডিব্ৰুগড়ৰ ক্লক টাৱাৰৰ ক্লক।কাণষাৰ নাই ডিব্ৰুগড় প্ৰশাসনৰ।ৰাইজে উদঙালে ডিব্ৰুগড় নগৰ উন্নয়নৰ ফোপোলা স্বৰূপ। প্ৰায় ৩ বছৰ ধৰি স্তব্ধ হৈ আছে ডিব্ৰুগড়ৰ চৌকীডিঙ্গী স্থিত ক্লক টাৱাৰ ক্লক।জানিব পৰা মতে ডিব্ৰুগড়ৰ তৈল ক্ষেত্ৰ দুলিয়াজানৰ দ্বাৰা ৭ লাখকৈ টকা পুজিঁ আবন্টনেৰে স্থাপিত ক্লক টাৱাৰটোৰ স্থাপনৰ ক্ষেত্ৰত অতিকৈ গৌৰৱবোধ কৰিছিলে ডিব্ৰুগড়ৰ জনসাধাৰনে। ডিব্ৰুগড়ৰ সেই সময়ৰ তদানীন্তন জিলা উপায়ুক্ত অৰুনা ৰাজৰীয়া আৰু পৌৰপতি চন্দ্ৰকান্ত বৰুৱাৰ তত্বাৱধানত স্থাপিত কৰা হৈছিল এই ক্লক টাৱাৰ। কিন্তু পৰিতাপৰ বিষয় যে এটা সময়ত সগৌৰৱে থিয় দি থাকি ডিব্ৰুগড়বাসী ৰাইজক গৌৰৱবোধ কৰোৱা ক্লক টাৱাৰ এতিয়া নিষ্কৃয়, নিস্তব্ধ। কিন্তু এই ক্লক টাৱাৰ…
Read More