উত্তৰ-পূৱ

জীৱনৰ ৫৯তম বসন্তত ভৰি দিলে বলিউডৰ বাদশ্বাহে

জীৱনৰ ৫৯তম বসন্তত ভৰি দিলে বলিউডৰ বাদশ্বাহে

আজি জীৱনৰ ৫৯তম বসন্তত ভৰি দিলে বলীউডৰ বাদশ্বাহ খ্যাত শ্বাহৰুখ খানে। ১৯৮০ ৰ দশকৰ শেষৰ ফালে দূৰদৰ্শনৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলা শ্বাহৰুখ খানে ১৯৯২ চনত আত্মপ্ৰকাশ কৰে বলীউডত। ইয়াৰ পিছতে শতাধিক চিনেমাত অভিনয়েৰে অনুৰাগীৰ হৃদয় জিনি শ্বাহৰুখ হৈ পৰে বলীউডৰ কিং খান।আজি বলীউডৰ বাদশ্বাহ ‘কিং খান’ শ্বাহৰুখৰ জন্মদিন।কিন্তু বহু লোক হয়তো জ্ঞাত নহয় যে বলীউডত শ্বাহৰুখ খানৰ প্ৰথম ছবিখন আছিল ‘দিল আশ্না হায়’। কিন্তু ছবিখন মুক্তি পোৱাত পলম হোৱাৰ বাবে ‘দীৱানা’ক তেওঁৰ প্ৰথম ছবি হিচাপে গণ্য কৰা হয়।তিনিখন পৃথক বিশ্ববিদ্যালয়ৰ পৰা তিনিটা বিদেশী ডক্টৰেট ডিগ্ৰী লাভ কৰা বলীউডৰ প্ৰথম আৰু একমাত্ৰ অভিনেতা শ্বাহৰুখ খান। তদুপৰি ২০১১ চনৰ ১০ নৱেম্বৰত…
Read More
পুনৰ বৃদ্ধি পালে ছিলিণ্ডাৰৰ মূল্য

পুনৰ বৃদ্ধি পালে ছিলিণ্ডাৰৰ মূল্য

দীপাৱলীৰ লগে লগে দেশত গেছ চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে। এইবাৰ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দাম বৃদ্ধি হোৱা দেখা গৈছে। একেৰাহে চতুৰ্থ মাহৰ বাবে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে। এই সময়ছোৱাত চাৰিখন মহানগৰতে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য গড়ে ১৫৬ টকাকৈ বৃদ্ধি পাইছে। আনহাতে, মাৰ্চ মাহৰ পৰা ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি হোৱা নাই। যোৱাবাৰ ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য ১০০ টকা হ্ৰাস কৰা হৈছিল।
Read More
পুনৰ ভয়ংকৰ অগ্নিকাণ্ড

পুনৰ ভয়ংকৰ অগ্নিকাণ্ড

দীপাৱলীৰ আনন্দ-উলাহৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ভয়ংকৰ অগ্নিকাণ্ড। নিশা শিৱসাগৰত বিধ্বংসী অগ্নিকাণ্ড৷ ৭নং ৱাৰ্ডৰ লক্ষীপ্ৰিয়া পথৰ ১১টাকৈ ভাড়াঘৰত লাগে জুই৷ বিধ্বংসী জুইত অগ্নিদগ্ধ দুজনকৈ লোক৷ অগ্নিদগ্ধ দুজনৰ এজন লোকৰ মৃত্যু৷শিৱসাগৰ থানাপট্টীত নিশা সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ এজন লোকৰ মৃত্যু হয়। মৃত লোকজনৰ নাম ৰামজন্ম ৰায়। এই বিধ্বংসী জুইত জাহ গ’ল ১১টা ভাড়াঘৰ।
Read More
৩দিনৰ CBI জিম্মালৈ প্ৰেৰণ স্বপ্ননীল দাসক

৩দিনৰ CBI জিম্মালৈ প্ৰেৰণ স্বপ্ননীল দাসক

৩ দিনৰ CBIৰ জিম্মালৈ প্ৰেৰণ স্বপ্ননীল দাসক। আদালতত হাজিৰ কৰোৱাই স্বপ্ননীলক জিম্মাত ল'লে CBI-এ। দিছপুৰ থানাত ৯৩৪/২৪ নম্বৰত স্বপ্ননীলৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। লাষ্টগেটত TFAL নামেৰে প্ৰতিষ্ঠান খুলি ট্ৰেডিঙৰ প্ৰশিক্ষণ দিছিল স্বপ্ননীলে। দিছপুৰ থানাত ৰুজু হোৱা গোচৰটোত কেইবাদিনো জিম্মাত লৈ জেৰা চলাইছিল আৰক্ষীয়ে। স্বপ্ননীলৰ পৰা পোৱা তথ্যসমূহ CBIলৈ হস্তান্তৰ কৰিছিল আৰক্ষীয়ে।
Read More
১নৱেম্বৰৰ পৰা কাজিৰঙাত মুকলি হ’ব হাতী চাফাৰী

১নৱেম্বৰৰ পৰা কাজিৰঙাত মুকলি হ’ব হাতী চাফাৰী

পৰম্পৰাগত হস্তী পূজাৰে অহা ১ নৱেম্বৰৰ পৰা মুকলি হ'ব কাজিৰঙাৰ অতিকৈ আকৰ্ষণীয় হাতী ছাফাৰী ৷ পুৱাৰ কোমল ৰ’দজাক লগত লৈ কাজিৰঙাৰ এবুকু পৰিষ্কাৰ বতাহ প্ৰাণ ভৰি গ্ৰহণ কৰাৰ উদ্দেশ্যে হাতী ছাফাৰী কৰিবলৈ পুনৰ আহিব দেশী-বিদেশী পৰ্যটক ৷ এইবাৰ কাজিৰঙাৰ হাতী ছাফাৰীৰ নেতৃত্ব দিব অত্যন্ত সাহসী হাতী লক্ষীমায়ে ৷ইতিমধ্যে বাগৰি বনাঞ্চলৰ হাতীসমূহৰো স্বাস্থ্য পৰীক্ষা, মাইক্ৰ'চিপ পৰীক্ষা আদি সমাপ্ত হৈছে ৷ আনহাতে, যোৱা ১ অক্টোবৰৰ পৰা আৰম্ভ হোৱা কাজিৰঙাৰ জীপ ছাফাৰীয়ে পৰ্যটকৰ যথেষ্ট সহাঁৰি লাভ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই ৷
Read More
পুনৰ ডেংগুৰ আতংক

পুনৰ ডেংগুৰ আতংক

কামৰূপ মহানগৰ, ডিমা হাছাও, কাৰ্বি আংলঙকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত ডেংগুৱে জটিল ৰূপ ধাৰণ কৰিছে । এডিছ মহে কামোৰাৰ ফলত হোৱা এই জ্বৰত যোৱা ২৫ অক্টোবৰ পর্যন্ত অসমত ১৪৫১ গৰাকী লোক আক্রান্ত হোৱা বুলি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তথ্যত প্ৰকাশ । এই তথ্য মতে, ডিমা হাছাও জিলাত ৪৪১ গৰাকী, কামৰূপ মহানগৰ জিলাৰ ২২৫ গৰাকী, যোৰহাট জিলাত ৮৪ পশ্চিম কাৰ্বি আংলং জিলাত ৬৬ গৰাকী, নলবাৰীত ৪৫ গৰাকী, শোণিতপুৰ জিলাত ৪২ গৰাকী আক্রান্ত হৈছে । ৰাজ্যৰ তামুলপুৰ আৰু দক্ষিণ শালমাৰা জিলাৰ বহিৰে সকলো জিলাত এই ৰোগত আক্ৰান্ত হৈছে লোক । অৱশ্যে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য মতে বৰ্তমানলৈকে এই ৰোগত কোনো লোকৰ…
Read More
কেৰেলাত অঘটন

কেৰেলাত অঘটন

দীপাৱলীলৈ মাজত মাত্ৰ এটা দিন বাকী আছে । তাৰ প্ৰাকক্ষণত কেৰালাৰ কাছাৰগোড জিলাত ভয়ংকৰ বিস্ফোৰণ । জিলাখনৰ নীলেশ্বৰমৰ সমীপত এটা মন্দিৰত আয়োজিত উৎসৱৰ সময়তে আতচবাজীৰ গুদামত বিস্ফোৰণ হয় । য'ত ৮ গৰাকী লোক গুৰুতৰভাৱে আহত হয় । আনহাতে বিস্ফোৰণটোত ১৫০ৰো অধিক লোক আহত হয় । ঘটনাটো নীলেশ্বৰমৰ থেৰু অনুত্তম্বালাম মন্দিৰত সংঘটিত হয় । আহত লোসকলক কাছাৰাগোড, কান্নুৰ আৰু মেংগালুৰুৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।
Read More
শ্বিলং হৈ পৰিছে ভাৰতীয় পৰ্যটকৰ ভ্ৰমণ আটাইতকৈ পছন্দৰ গন্তব্য স্থান

শ্বিলং হৈ পৰিছে ভাৰতীয় পৰ্যটকৰ ভ্ৰমণ আটাইতকৈ পছন্দৰ গন্তব্য স্থান

ভাৰতীয় পৰ্যটকসকলে ২০২৫ চনত ভ্ৰমণ কৰিবলৈ মেঘালয়ৰ ৰাজধানী শ্বিলংক তেওঁলোকৰ আটাইতকৈ পছন্দৰ গন্তব্য স্থান হিচাপে বাছনি কৰিছে। এইটো গোলকীয় ভ্ৰমণ এপ 'স্কাইস্কেনাৰ'ৰ বাৰ্ষিক 'ট্ৰেভেল ট্ৰেণ্ডছ ৰিপ'ৰ্ট'ত প্ৰকাশ পাইছে। শেহতীয়াকৈ প্ৰকাশিত প্ৰতিবেদনত অন্তৰ্ভুক্ত শ্বিলং হৈছে একমাত্ৰ ভাৰতীয় চহৰ। অহা বছৰ ভাৰতীয় ভ্ৰমণকাৰীসকলৰ ভ্ৰমণৰ পৰিস্থিতিৰ বিষয়ে, প্ৰতিবেদনত দাবী কৰা হৈছে যে ৬৬ শতাংশ ভাৰতীয়ই ২০২৫ চনত আৰু অধিক ভ্ৰমণ কৰিব বিচাৰে। শ্বিলং, যাক প্ৰাচ্যৰ স্কটলেণ্ড বুলি জনা যায়, প্ৰিয় গন্তব্যস্থানৰ তালিকাত শীৰ্ষত আছে, যি ইয়াৰ বিবিধ অভিজ্ঞতাৰ সৈতে আৰাম আৰু শিহৰণ কৰাৰ এক উৎকৃষ্ট সুযোগ প্ৰদান কৰে। আজাৰবাইজানৰ বাকু আৰু মালয়েছিয়াৰ লাংকাৱীয়ে ক্ৰমান্বয়ে দ্বিতীয় আৰু তৃতীয় স্থানত আছে।
Read More
চুমি,বিশালৰ নতুন ঠিকনা এইবাৰ গুৱাহাটী

চুমি,বিশালৰ নতুন ঠিকনা এইবাৰ গুৱাহাটী

এতিয়া পৰা চুমি, বিশালৰ নতুন ঠিকনা হ’ব গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ। গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে চুমি, বিশাল, তাৰ্কিকসহ ৮টাকৈ প্ৰৱঞ্চকক। ডিব্ৰুগড় কাৰাগাৰৰ পৰা ৮জনকৈ প্ৰৱঞ্চকক গুৱাহাটীলৈ স্থানান্তৰ। চুমি, তাৰ্কিক, বিশাল, অম্লানক হাজিৰ কৰোৱা হ’ব CBIৰ আদালতত। এতিয়া পৰা চুমি, বিশালৰ নতুন ঠিকনা হ’ব গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰ। অনলাইন ট্ৰেডিং গোচৰত ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা বিশাল ফুকন,চুমি বৰা আৰু তাৰ্কিক বৰাসহ আন ৮গৰাকীকৈ অভিযুক্তক গুৱাহাটীলৈ আনে। চিবিআইৰ এটা বিশেষ দলে শুকুৰবাৰে পুৱা ৮:২৫ বজাত এখন ট্ৰেভেলাৰ বাহনত গুৱাহাটীলৈ আনে ৮ অভিযুক্তক৷ CBIৰ ৭ জনীয়া এটা দলে আনে বিশাল, চুমি, তাৰ্কিক।
Read More
পুনৰ বন্ধ হ’ব ইণ্টাৰনেট সেৱা

পুনৰ বন্ধ হ’ব ইণ্টাৰনেট সেৱা

দেওবাৰে ADREৰ অধীনত অনুষ্ঠিত হ’বলগীয়া চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যতে মোবাই ইণ্টাৰনেট সেৱা কৰ্তন কৰা হ’ব। পুৱা ৮.৩০ বজাৰ পৰা ৪ বজালৈ ৰাজ্যত ইণ্টাৰনেট সেৱা বন্ধ থাকিব। ৰাজ্য চৰকাৰে এক জাননী যোগে এই সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰিছে।ৰাজ্যৰ মুঠ ২৮ খন জিলাত দুটা শ্বিফ্টত চতুৰ্থ বৰ্গৰ মুঠ ৫,০২৩টা পদৰ বাবে নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব। ইয়াৰে প্ৰথম শ্বিফ্টত মুঠ ১,৪৮৪টা কেন্দ্ৰত পুৱা ০৯:০০ বজাৰ পৰা পুৱা ১১:৩০ বজালৈ মেট্ৰিক পৰ্যায়ৰ পদৰ বাবে আৰু দ্বিতীয় শিফ্টত দুপৰীয়া ০১:৩০ বজাৰ পৰা বিয়লি ০৪:০০ বজালৈ ৮০৮টা কেন্দ্ৰত সপ্তম শ্ৰেণী পৰ্যায়ৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব।
Read More