উত্তৰ-পূৱ

ৰাজস্থানত মৰ্মান্তিক ঘটনা সংঘটিত হৈছে

ৰাজস্থানত মৰ্মান্তিক ঘটনা সংঘটিত হৈছে

ৰাজস্থানৰ দৌছা জিলাত সংঘটিত হৈছে এই মৰ্মন্তিক ঘটনা। এটা বোৰৱেলত তিনিদিন ধৰি আৱদ্ধ হৈ থকাৰ ফলত এটি ৫ বছৰীয়া শিশুৰ মৃত্যু হয়। প্ৰায় ৫৬ ঘণ্টাৰ পিছত বুধবাৰে নিশা ১১.৪৫ বজাত আৰিয়নক বোৰৱেলৰ পৰা বাহিৰলৈ উলিয়াই অনা হৈছিল। কিন্তু ৰক্ষা কৰিব পৰা নগ’ল আৰিয়ন জীৱন। । সকলোৰে প্ৰচেষ্টা, প্ৰাৰ্থনাই নিদিলে কাম। নিয়তিৰ ওচৰত হাৰ মানিলে নিষ্পাপ শিশুটিয়ে। চিকিৎসালয়ত চিকিৎসকৰ এটা দলে মৃত ঘোষণা কৰে আৰিয়নক।ইফালে ৫ বছৰীয়া পুত্ৰৰ মৃতদেহ দেখি তিনিদিন ধৰি ভোকতুৰ হৈ থকা আৰিয়নৰ মাতৃ অচেতন হৈ পৰিল। এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে পৰিয়ালটোৰ মাজত।
Read More
দিল্লীত বোমা বিস্ফোৰণৰ ভাবুকি

দিল্লীত বোমা বিস্ফোৰণৰ ভাবুকি

মেইলৰ জৰিয়তে দিল্লীৰ ৪০ খন বিদ্যালয়ে লাভ কৰিছে বোমা বিস্ফোৰণৰ ভাবুকি । যিটো পক্ষৰ পৰা এই ভাবুকি দিয়া হৈছে তেওঁলোকৰ ফালৰ পৰা ৩০ হাজাৰ মাৰ্কিন ডলাৰ দাবী কৰা বুলি আৰক্ষীৰ সূত্ৰই সদৰী কৰিছে ।বোমা বিস্ফোৰণৰ ভাবুকি অহা বিদ্যালয়সমূহৰ ভিতৰত আছে-জি ডি গোৱেংকা, পাছিম বিহাৰ; চাণক্যপুৰীৰ ব্ৰিটিছ স্কুল; দ্য মাদাৰছ ইণ্টাৰনেশ্যনেল, অৰোবিণ্ডো মাৰ্গ; মডাৰ্ণ স্কুল, মাণ্ডি হাউচ; ডি পি এছ বসন্ত কুঞ্জ; দিল্লী পুলিচ পাব্লিক স্কুল, ছফদাৰজং; ছালৱান পাব্লিক স্কুল, কৈলাশ ডি পি এছ।খবৰ অনুসৰি, বোমা ভাবুকি লাভ কৰাৰ পাছতে বেছিভাগ বিদ্যালয়েই নিজৰ শ্ৰেণী বন্ধ কৰি ছাত্ৰ-ছাত্ৰীক ঘৰলৈ ঘূৰাই পঠিয়াই।
Read More
অসম আৰক্ষীৰ বৃহৎ সফলতা

অসম আৰক্ষীৰ বৃহৎ সফলতা

গুৱাহাটীত বৃহৎ পৰিমাণৰ হেৰ’ইন জব্দ কৰাৰ খবৰ লাভ কৰা গৈছে । সূত্ৰ খবৰ অনুসৰি, হেৰ’ইন জব্দ কৰাৰ লগতে তিনি সৰবৰাহকাৰীক আটক কৰাৰ বুলিও জানিব পৰা গৈছে । গোপন সূত্ৰৰ তথ্যৰ ভিত্তি চলোৱা দুটা পৃথক অভিযানত প্ৰায় ১.৪ কোটি টকাৰ হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে ।বিশেষ টাস্ক ফ’ৰ্চে গোপন সূত্ৰ পৰা পোৱা তথ্যৰ ভিত্তিত চলোৱা এই অভিযানত ১.৪ কোটি টকাৰ হেৰ’ইন জব্দ কৰে । অসম আৰক্ষীৰ মুখ্য জনসংযোগ বিষয়া প্ৰণৱজ্যোতি গোস্বামীয়ে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে, বালুঘাটত প্ৰথমটো অভিযান চলাই এজন ড্ৰাগছ বেপাৰীক আটক কৰে বিশেষ টাস্ক ফ’ৰ্চে । ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা ২৭ টা কণ্টেইনাৰত ৩৬.০৫ গ্ৰাম হেৰ’ইন, এটা মোবাইল…
Read More
গৃহযুদ্ধই ছিৰিয়াত লৈছে ভয়ংকৰ ৰূপ

গৃহযুদ্ধই ছিৰিয়াত লৈছে ভয়ংকৰ ৰূপ

ছিৰিয়াত ১৩ বছৰীয়া গৃহযুদ্ধই শেহতীয়াকৈ ভয়ংকৰ ৰূপ লৈছে। ছিৰিয়াৰ বিদ্ৰোহী বাহিনীৰ দ্ৰুত আগ্ৰাসনত দেশখন অস্থিৰ হৈ পৰিছে। বিদ্ৰোহী বাহিনীয়ে এফালৰ পৰা দখল কৰি আহিছে উত্তৰ পশ্চিমৰ ভিন্ন অঞ্চল।ভাৰতীয় নাগৰিকক ছিৰিয়া ভ্ৰমণ নকৰিবলৈ কেন্দ্ৰীয় চৰকাৰে পৰামৰ্শ আগবঢ়াইছে। ছিৰিয়াৰ অস্থিৰ পৰিস্থিতিৰ বাবে পৰৱৰ্তী জাননী নিদিয়াপৰ্যন্ত বিদেশ মন্ত্ৰণালয়ে ছিৰিয়া ভ্ৰমণত বাধা আৰোপ কৰিছে। ছিৰিয়া ভ্ৰমণত বাধা আৰোপ কৰাৰ লগতে ছিৰিয়াত থকা ভাৰতীয়সকলক দেশলৈ ঘূৰি আহিবলৈও বিদেশ মন্ত্ৰণালয়ে পৰামৰ্শ আগবঢ়াইছে।ভাৰতীয় বৈদেশিক মন্ত্ৰণালয়ে জৰুৰীকালীন হেল্পলাইন নম্বৰো মুকলি কৰিছে। জৰুৰীকালীন পৰিস্থিতিত ছিৰিয়াত থকা ভাৰতীয়ই +963 993385973 হেল্পলাইন নম্বৰত ফোন কৰি ডামাছকাছত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰিব পাৰিব। একেটা নম্বৰতে ৱাটছআপো কৰিব পাৰিব। ডামাছকাছৰ দূতাবাসৰে hod.damascus@mea.gov.inত…
Read More
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ শোচনীয় পৰাজয়

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ শোচনীয় পৰাজয়

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ শোচনীয় পৰাজয়। এডিলেইড টেষ্টত অষ্ট্ৰেলিয়াৰ হাতত পৰাস্ত টীম ইণ্ডিয়া। ১০ উইকেটত ৰোহিত বাহিনীক পৰাস্ত কেংগাৰু বাহিনীৰ। দ্বিতীয় টেষ্টত বেটিং-বলিং দুয়োটাতে দুৰ্বল প্ৰদৰ্শন ৰোহিত বাহিনীৰ। ৫ খনীয়া টেষ্ট শৃংখলাত ১-১ৰে সমতা স্থাপন অষ্ট্ৰেলিয়াৰ।
Read More
দিল্লীত হাজাৰ হাজাৰ কৃষকৰ প্ৰতিবাদ

দিল্লীত হাজাৰ হাজাৰ কৃষকৰ প্ৰতিবাদ

আজি শম্ভূ সীমান্তৰ পৰা প্ৰতিবাদী কৃষকৰ ‘দিল্লী চলো’ অভিযান। দিনৰ ১ বজাত প্ৰতিবাদী কৃষকৰ ১০১জনীয়া প্ৰথমটো দলে যাত্ৰা কৰিছে। ভূমি অধিগ্ৰহণ আইনৰ আসোঁৱাহ দূৰ কৰাৰ দাবীত এই বিক্ষোভ। যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰাই শম্ভূ সীমান্তত বিক্ষোভ অব্যাহত ৰাখিছে কৃষকে। কিন্তু আজি প্ৰথমবাৰলৈ হাতত লৈছে দিল্লী যাত্ৰাৰ কাৰ্যসূচী। ইফালে আইন-শৃংখলাজনিত পৰিস্থিতিক লৈ অধিক কঠোৰ প্ৰশাসন। শম্ভূ সীমান্তত ১৪৪ ধাৰা জাৰি, ব্যাপক সংখ্যক CRPF জোৱান নিয়োগ। আম্বালাত দিনটোৰ বাবে প্ৰশাসনে বন্ধ কৰিছে সকলো শিক্ষানুষ্ঠান।
Read More
প্ৰশাসনে বন্ধ কৰিলে বহু হোটেল

প্ৰশাসনে বন্ধ কৰিলে বহু হোটেল

অসমৰ হোটেল, ৰেষ্টুৰেণ্টত গো-মাংস বন্ধ কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ পিছতে ব্যৱস্থা গ্ৰহণ কৰিলে প্ৰশাসনে। গুৱাহাটীকে ধৰি ভিন্নপ্ৰান্তৰ কেইবাখনো গো-মাংস বিক্ৰী কৰা ৰেষ্টুৰেণ্টত ওলমিল তলা। গুৱাহাটীৰ জালুকবাৰীৰ মোগল দৰবাৰ, দৰং হোটেল বন্ধ কৰিলে আৰক্ষী আৰু প্ৰশাসনে।পৌৰ নিগমৰ অভিযানত হোটেল দুখনত নিষিদ্ধ খাদ্য প্ৰস্তুত কৰা তথ্য পোহৰলৈ আহে।উল্লেখ্য যে, গো মাংস বিতৰ্কৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে এক ডাঙৰ ঘোষণা কৰে। সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, আজিৰে পৰা অসমৰ হোটেল, ৰেষ্টুৰেন্টত নচলিব গো মাংস। ৰাজহুৱা স্থানতো নিষিদ্ধ কৰা হয় গো মাংস।
Read More
এইবাৰ তাঁতশালত ইংৰাজীত বৈ উলিয়ালে ধৰ্মীয় পুথি

এইবাৰ তাঁতশালত ইংৰাজীত বৈ উলিয়ালে ধৰ্মীয় পুথি

চুতীয়াৰ হাতৰ পৰশত এইবাৰ তাঁতশালত প্ৰস্তুত হ’ল মহাপুৰুষৰ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত ‘গুণমালা’। অসম গৌৰৱ তথা শিপিনী হেমপ্ৰভা চুতীয়াই তাঁতশালত ইংৰাজী ভাষাত বৈ উলিয়ালে ধৰ্মীয় পুথি গুণমালা। ২ বছৰ ৯ মাহ ধৰি কৰা চেষ্টাৰ অন্তত এৰি সূতা আৰু বাঁহৰ কাঠিৰে প্ৰায় ২৩০ ফুট দৈৰ্ঘৰে ইংৰাজীত এই গুণমালা বৈ উলিয়াইছে শিপিনীগৰাকীয়ে। জানিব পৰা মতে অহা ৮ ডিচেম্বৰচত মৰাণৰ ফটিকাছোৱা অভয়পুৰীয়া শ্ৰী শ্ৰী কালশিলা সত্ৰত এই বস্ত্ৰ উন্মোচন কৰা হ’ব।বস্ত্ৰখনি তৈয়াৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা বাঁহৰ কাঠিকে ধৰি সকলো সামগ্ৰী তেওঁ নিজেই প্ৰস্তুত কৰিছে। বস্ত্ৰখনৰ দীঘ এৰি সূতা আৰু বাণী বাঁহৰ কাঠিৰ। ২০২২ চনৰ ৪ ফেব্ৰুৱাৰীত এই গুণমালা তাঁতশালত ববলৈ আৰম্ভ কৰিছিল শিপিনীগৰাকীয়ে।…
Read More
দেশবাসীৰ বাবে আহিল সুখবৰ

দেশবাসীৰ বাবে আহিল সুখবৰ

দেশবাসীৰ বাবে আহিল সুখবৰ।আপুনি লাভ কৰিব বিনামূলীয়া বিদ্যুৎ সেৱা।উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীলৈ আগবঢ়োৱা এক অভিলাষী আঁচনি হৈছে পিএম সূৰ্য ঘৰ বিনামূলীয়া বিজুলী যোজনা। এই যোজনাৰ জৰিয়তে পৰিয়ালসমূহে প্ৰতিমাহে ৩০০ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ লাভ কৰিবলৈ সক্ষম হ’ব।২৯ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় কেবিনেটে এই অভিলাষী আঁচনিৰ অনুমোদন জনাইছিল । ইয়াৰ বাবদ কেন্দ্ৰীয় চৰকাৰে ব্যয় কৰিব ৭৫,০২১ কোটি টকা।ভাৰতৰ ১ কোটি পৰিয়ালক বিনামূলীয়া বিদ্যুৎ প্ৰদানৰ লক্ষ্যৰে ৰূপায়ণ কৰা এই আঁচনিখনৰ বাবে প্ৰায় ১.৪৫ কোটি পঞ্জীয়ন হৈছে। লগতে ৬.৩৪ লাখ সংস্থাপন ইতিমধ্যেই সম্পূৰ্ণ হৈছে বুলি সংসদত অৱগত কৰে।
Read More
বিধানসভা নিৰ্বাচনক লৈ সাজু সকলো

বিধানসভা নিৰ্বাচনক লৈ সাজু সকলো

ৰাজ্যত অনুষ্ঠিত হবলগীয়া বিধানসভা নিৰ্বাচনক লৈ সাজু হৈছে শাসক-বিৰোধী। ইয়াৰ মাজতে এ আই ইউ ডি এফৰ পৰা নিলম্বন হৈছে এজনৰ পাছত আনজন বিধায়ক। শেহতীয়াকৈ দলটোৱে বৰাকৰ এজন বিধায়কক দলৰ পৰা নিলম্বন কৰে।২ ডিচেম্বৰৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ দলে এই সিদ্ধান্ত গ্ৰহণ কৰে। এই সন্দৰ্ভত দলটোৱে এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক হাফিজ বাছিৰ আহমেদে স্বাক্ষৰিত এখন পত্ৰ জাৰি কৰে য’ত নেতাগৰাকীক নিলম্বনৰ কথা উল্লেখ থাকে। অভিযোগ অনুসৰি নেতাগৰাকী দল বিৰোধী আৰু বিতৰ্কিত কাৰ্যাকলাপত লিপ্ত আছিল।উল্লেখ্য যে, কেইদিনমান পূৰ্বে আন এগৰাকী বিধায়কক এ আই ইউ ডি এফে দলৰ পৰা ৬ বছৰৰ বাবে নিলম্বন কৰিছিল। দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত…
Read More