উত্তৰ-পূৱ

অসম গ্ৰন্থ মেলাত ১০দিনত ৫কোটি টকাৰ কিতাপ বিক্ৰী

অসম গ্ৰন্থ মেলাত ১০দিনত ৫কোটি টকাৰ কিতাপ বিক্ৰী

বৰ্তমান চলি আছে অসম গ্ৰন্থমেলা ২০২৪-২৫। প্ৰতিবছৰৰ দৰে চলিত বৰ্ষতো গ্ৰন্থমেলালৈ বিপুললোকৰ সমাগম ঘটিছে। এইবাৰা খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা ২০২৪-২৫।এইবাৰ চানমাৰীত নহয়, খানাপাৰৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা ২০২৪-২৫। প্ৰতিদিনে গ্ৰন্থমেলালৈ শ শ মানুহৰ আগমন ঘটিছে। জানিব পৰা মতে, ১০ টা দিনত অসম গ্ৰন্থমেলাত প্ৰায় ৫ কোটি ৮০ লাখ টকাৰ কিতাপ বিক্ৰী হৈছে। অহা ৭ জানুৱাৰীলৈ চলিবলগীয়া এই গ্ৰন্থমেলাত আগন্তুক সময়ত আৰু অধিক কিতাপ বিক্ৰী হ'ব বুলি আশা কৰা হৈছে।
Read More
ভোগালী বিহু ম্লান পৰাৰ সম্ভাৱনা

ভোগালী বিহু ম্লান পৰাৰ সম্ভাৱনা

পদূলিত হেঁপাহৰ ভোগালী বিহু। চৌদিশে হেঁপাহৰ ভোগালী বিহুৰ প্ৰস্তুতি। কিন্তু তাৰ মাজতেই আহিল ডাঙৰ খবৰ।উল্লেখযোগ্য যে ৭ জানুৱাৰীৰ পৰা ৰাজ্যৰ কেইবাখনো জিলাত হ’ব বজ্ৰপাত আৰু ধুমুহা।৭ জানুৱাৰীত ৭খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে Yellow Alert। ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰ, কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি জিলাত বতৰ বিজ্ঞানে Yellow Alert জাৰি কৰিছে।৭ জানুৱাৰীত ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, শিৱসাগৰত হ’ব বৰষুণৰ লগতে বজ্ৰপাত। আনফালে কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি জিলাত অতিপাত কুঁৱলী পৰিব।৮ জানুৱাৰীত কামৰূপ, মৰিগাঁও, নগাঁও, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত হ’ব বৰষুণৰ লগতে বজ্ৰপাত।
Read More
আৰক্ষীৰ জালত পুনৰ পৰিল মহাপ্ৰৱঞ্চক

আৰক্ষীৰ জালত পুনৰ পৰিল মহাপ্ৰৱঞ্চক

যোৰহাট আৰক্ষীৰ জালত মহাপ্ৰৱঞ্চক অলেখ্য প্ৰাণ শইকীয়া। গুৱাহাটীৰ পৰা নিশা আটক প্ৰৱঞ্চকটোক। বাৰ কাম ৰেষ্টুৰেণ্টৰ অনুজ্ঞাপত্ৰৰ নামত প্ৰৱঞ্চকটোৱে সংগ্ৰহ কৰিছিল ধন। মৰিয়নিৰ গণেশ কুমাৰ নামৰ এজনৰ পৰা লুটিছিল ৩২ লাখ টকা। ধন ঘূৰাই নাপাই মানসিকভাৱে ভাগি পৰি ৩১ ডিচেম্বৰত গণেশ কুমাৰে বাছি লৈছিল চৰম সিদ্ধান্ত।
Read More
ৰোহিত শৰ্মাকলৈ ডাঙৰ আপডেট

ৰোহিত শৰ্মাকলৈ ডাঙৰ আপডেট

ছিডনীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পঞ্চমখন টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বেই ৰোহিত শর্মাৰ অৱসৰক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছিল। সেই সকলোবোৰ জল্পনা-কল্পনাৰ অন্ত পেলালে ৰোহিত শৰ্মাই।অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পঞ্চমখন টেষ্ট আৰম্ভ হোৱাৰ পূৰ্বেই ৰোহিত শর্মাৰ অৱসৰক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছিল। সেই সকলোবোৰ জল্পনা-কল্পনাৰ অন্ত পেলালে ৰোহিত শৰ্মাই।শনিবাৰে ভাৰতীয় প্ৰাক্তন তাৰকা ইৰফান পাঠানৰ সাক্ষাৎকাৰ দি ৰোহিতে এই মন্তব্য কৰে। শেহতীয়া সময়ত বেটৰ সৈতে ফৰ্মত নাই বুলি দাবী কৰিছে ৰোহিতে। গতিকে দলটোৰ স্বাৰ্থত ছিডনী টেষ্টৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছিল ৰোহিতে।"হাতত কলম, লেপটপ বা মাইক্ৰ’ফোন লৈ ঘৰৰ ভিতৰত বহি কোনো কি লিখেছে, কোনে কি কৈছে, তাকে লৈ আমাৰ জীৱন সলনি নহয়। ইমান বছৰ ধৰি ক্ৰিকেট খেলি আহিছো।…
Read More
আজি ৩খন নতুন ৰে’ল মুকলি

আজি ৩খন নতুন ৰে’ল মুকলি

অসমৰ বাবে আজি ৩ খন নতুন ৰে’ল মুকলি কৰিলে কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে। অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে “উত্তৰ-পূব ভাৰতৰ বাবে নতুন ইঞ্জিন। দেশক আগুৱাই নিয়াৰ নতুন ইঞ্জিন উত্তৰ-পূব। অসমৰ বহুত দম আছে। অসমৰ যুৱ প্ৰজন্ম সাজু হ’বৰ হ’ল।” আজি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মুকলি কৰা তিনিখন ৰে’ল হৈছে- গুৱাহাটী- নিউ লখিমপুৰ জনশতাব্দী এক্সপ্ৰেছ, নিউ বঙাইগাঁও- গুৱাহাটী পেছেঞ্জাৰ আৰু তিনিচুকীয়া- নাহৰলগুন এক্সপ্ৰেছ।অনুষ্ঠানত কেন্দ্ৰীয় ৰে’লমন্ত্ৰীৰ সৈতে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।
Read More
জলবিস্ফোৰণৰ ক্ষতিগ্ৰস্ত হোৱা লোকক ক্ষতিপূৰণ ৰ ঘোষণা

জলবিস্ফোৰণৰ ক্ষতিগ্ৰস্ত হোৱা লোকক ক্ষতিপূৰণ ৰ ঘোষণা

খাৰঘূলিত বৃহস্পতিবাৰে পুৱা সংঘটিত হৈছিল ভয়ংকৰ ঘটনা৷ জলবিস্ফোৰণ হৈ ৭টাকৈ বাসগৃহ, ৬খন দোকান ক্ষতিগ্ৰস্ত হোৱাৰ লগতে আহত হৈছিল এটি কণমানি৷ ১৪খন ই-ৰিক্সা, ৪খন দুচকীয়া বাহন, ২খন অটো ক্ষতিগ্ৰস্ত হৈছিল এই ঘটনাত ৷ নতুন বছৰৰ আৰম্ভণিতে এক শোকাৱহ ঘটনাই জোকাৰি গৈছে গুৱাহাটী মহানগৰী। হেঁপাহৰ ঘৰখন হেৰুৱাই প্ৰচণ্ড শীতৰ মাজতে আশ্ৰয় শিবিৰত কটালে ক্ষতিগ্ৰস্ত ৰাইজে।vপানীৰ সোঁতত ক্ষতিসাধন হৈছে কেইবাখনো বাহনৰো। এই জল বিস্ফোৰণত আহত হৈছে এটি শিশু। পানীৰ ইমানেই প্ৰৱল সোত আছিল যে পানীৰ তীব্ৰ সোঁতে ভাঙি নিছিৱ গছৰ ডাল। ৩০ৰ পৰা ৪০ পৰ্যন্ত ওপৰলৈ উঠিছিল পানীৰ ফোঁৱাৰা।ইয়াৰ পাছতেই খাৰঘুলিত ক্ষতিগ্ৰস্ত পৰিয়াললৈ আৰ্থিক সাহায্য ৰাজ্য চৰকাৰৰ। পাইপ বিস্ফোৰণৰ পিছত অতিকৈ ক্ষতিগ্ৰস্ত ৪টা…
Read More
ঐতিহাসিক বীৰ ৰজা জোঙাল বলহু দিৱস

ঐতিহাসিক বীৰ ৰজা জোঙাল বলহু দিৱস

আজি ঐতিহাসিক বীৰ ৰজা জোঙাল বলহু দিৱস। তিৱাসকলৰ পিতৃপুৰুষ তথা শৌৰ্য-বীৰ্যৰ প্ৰতীক বীৰগৰাকীক সুঁৱৰিবলৈ ৰহাৰ জোঙালবলহু ক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে আয়োজন।পৰাক্ৰমী ৰজা জোঙালবলহু অসম বুৰঞ্জীৰ এক অমৰ চৰিত্ৰ৷ অসম চৰকাৰে জোঙালবলহুৰ স্মৃতি যুগমীয়া কৰাৰ উদ্দেশ্যে নগাঁও জিলাৰ ৰহাত জোঙালবলহু পৰ্যটন ক্ষেত্ৰ নিৰ্মাণৰ কাম কৰি থকাৰ লগতে তেখেতৰ শৌৰ্যগাথাৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে।১৩৬৫-১৩৮৫ চনৰ আশে-পাশে মধ্যযুগীয় উত্তৰ-পূব ভাৰতৰ এজন তিৱা ৰজা আছিল। ৰাজ্যখন অসম ৰাজ্যৰ বৰ্তমানৰ ৰহাত আছিল। তেওঁ তিৱা জনগোষ্ঠীৰ লোক সকলক শাসন কৰিছিল। আজি জোঙাল বলহু দিৱস উপলক্ষে অসমৰ সোণালী ইতিহাসৰ পাত লুটিয়াই তিৱা ৰজা জনক সশ্ৰদ্ধে স্মৰণ কৰিছোঁ।
Read More
কেৰেলাত ভয়ংকৰ দু*ৰ্ঘটনা

কেৰেলাত ভয়ংকৰ দু*ৰ্ঘটনা

ভয়ংকৰ দুৰ্ঘটনাত পতিত স্কুল বাছ। বুধবাৰৰ বিয়লি কেৰালাৰ কান্নুৰত সংঘটিত এই ভয়াৱহ ঘটনা। দুৰ্ঘটনাত পতিত এখন স্কুলীয়া ছাত্ৰ-ছাত্ৰী কঢ়িওৱা বাহন। ঘটনাৰ ফলত থিতাতে নিহত এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰী। বিয়লি ৪ বজাত নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে। দ্ৰুতগতিৰ বাহনখনে দুৰ্ঘটনাৰ ফলত কেইবালুটি খাই পৰে। ১৫গৰাকী শিক্ষাৰ্থী কঢ়িওৱা বাহনখনৰ পৰা ওলাই পৰে নেধ্যা এছ ৰাজেশ নামৰ এগৰাকী ১১ বছৰীয়া কিশোৰী। বিয়লি ৪ বজাত নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে। দ্ৰুতগতিৰ বাহনখনে দুৰ্ঘটনাৰ ফলত কেইবালুটি খাই পৰে।ঘটনাত আঘাতপ্ৰাপ্ত হয় আন ১৪গৰাকী শিক্ষাৰ্থী। ব্ৰেক বিকল হোৱাৰ বাবেই এই অঘটন ঘটা বুলি দাবী কৰা হৈছে।ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে শোকে বিৰাজ কৰিছে।আহত শিক্ষাৰ্থীসকলক ততাতৈয়াকৈ তালিপাৰম্বা তালুক চিকিৎসালয়লৈ লৈ যোৱা হয়।
Read More
ভাৰতীয় পৰ্বতাৰোহীয়ে গঢ়িলে নতুন অভিলেখ

ভাৰতীয় পৰ্বতাৰোহীয়ে গঢ়িলে নতুন অভিলেখ

২০ বছৰীয়া পৰ্বতাৰোহী ভূক্য যশৱন্ত নাইক পুনৰবাৰ বাতৰিৰ শিৰোনামলৈ আহিছে। নাইকে কম বয়সতে মাউণ্ট গোৰিচেনে আৰোহণ সম্পূৰ্ণ কৰিছে। বৰ্তমানলৈ এই বয়সৰ কোনেও আগতে এই আৰোহণ সম্পূৰ্ণ কৰা নাই।যুৱ পৰ্বতাৰোহী যশৱন্তই কয় যে, তেওঁ তেলেংগানাৰ পৰাই স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছে। বৰ্তমান তেওঁ স্নাতক ডিগ্ৰী লাভ কৰিছে। যশৱন্তই কয় যে, ভৱিষ্যতে তেওঁ প্ৰতিৰক্ষা সেৱাত যোগদান কৰাৰ সপোন পুহি ৰাখিছে।যশৱন্তই আৰোহণৰ বাবে প্ৰতিদিনে শাৰীৰিক পৰিশ্ৰম কৰে। তেওঁ কয় যে, প্ৰতিদিনে ৰাতিপুৱা শুই উঠি দৌৰাৰ লগতে তেওঁ প্ৰায় ২ ঘণ্টা ধৰি শাৰীৰিক ব্যায়াম কৰে।উল্লেখ্য যে, গোৰিচেন শৃংগ অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত অৱস্থিত এটা শৃংগ। এই শৃংগ পূৱ-ভাৰত আৰু অৰুণাচল প্ৰদেশৰ সৰ্বোচ্চ। যাৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ…
Read More
আছাম ৰাইফলছৰ বৃহৎ সফলতা

আছাম ৰাইফলছৰ বৃহৎ সফলতা

হিংসাজৰ্জৰ মণিপুৰত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অসম ৰাইফলছে চলাইছে ব্যাপক অভিযান। চাণ্ডেল জিলাৰ দুটা পৃথক স্থানত অভিযান চলাই অসম ৰাইফলছে বুজণ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰসহ বিষ্ফোৰক সামগ্ৰী জব্দ কৰিছে।স্থানীয়ভাৱে নিৰ্মিত ৩টা লাথোড বন্দুক, ১টা এ কে ৫৬ ৰাইফল, ৩ টা মেগজিনৰ সৈতে ১টা চীনত নিৰ্মিত এছাল্ট ৰাইফল, বুজণ পৰিমাণৰ আই ই ডি, লাথড বোমা আৰু ৫.৫৬ এম এম পিস্তলৰ বহু‌ গুলি জব্দ কৰিছে।
Read More