অসম

চাঞ্চল্যকৰ! গেছ এজেন্সীৰ পৰা চোৰে চুৰি কৰি লৈ গ’ল ৩ শতাধিক এলপিজি চিলিণ্ডাৰ…

চাঞ্চল্যকৰ! গেছ এজেন্সীৰ পৰা চোৰে চুৰি কৰি লৈ গ’ল ৩ শতাধিক এলপিজি চিলিণ্ডাৰ…

হাইলাকান্দিত চাঞ্চল্যকৰ চুৰি কাণ্ড। এটা গেছ এজেন্সীৰ পৰা চোৰে চুৰি কৰি লৈ গ’ল ৩০০ৰো অধিক এলপিজি গেছ চিলিণ্ডাৰ। প্ৰাৰম্ভিক খবৰ অনুসৰি চিলিণ্ডাৰ চুৰিৰ খবৰ দিছিল হাইলাকান্দি জিলাৰ সোৰাছৰী গেছ এজেন্সীয়ে। যোৱা নিশা সংঘটিত হোৱা এই চুৰি কাণ্ডত ৩৭০টা গেছ চিলিণ্ডাৰ চুৰি হোৱা বুলি আৰক্ষীয়ে জনায়। ইফালে পঞ্চগ্ৰাম থানাৰ পৰা মাত্ৰ ৫০ মিটাৰ দূৰত্বত চুৰিকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি চোৰৰ সন্ধানত অভিযান আৰম্ভ কৰিছে। এই বৃহৎ চুৰি কাণ্ডই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Read More
জ্যেষ্ঠ সাংবাদিক, সমাজকৰ্মী পি পি সিঙৰ হৃদৰোগত আক্ৰান্ত হৈ বিয়োগ…

জ্যেষ্ঠ সাংবাদিক, সমাজকৰ্মী পি পি সিঙৰ হৃদৰোগত আক্ৰান্ত হৈ বিয়োগ…

জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট সমাজকৰ্মী পি পি সিঙৰ মৃত্যু। দেওবাৰে গুৱাহাটীত শেষ নিশ্বাস ত্যাগ জ্যেষ্ঠ সাংবাদিকগৰাকীৰ। বিয়োগৰ সময়ত তেওঁৰ বয়স আছিল ৭২ বছৰ। জানিব পৰা মতে, বিগত কিছুদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ আছিল জ্যেষ্ঠ সাংবাদিক পি পি সিং। ৩০ বছৰতকৈও অধিক সময় ধৰি সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ থকাৰ সমান্তৰালভাৱে তেওঁ কৰি গৈছিল অনেক সমাজ হিতকৰ কামো। ত্ৰিপুৰাৰ ‘দ্য টাইমছ অৱ ইণ্ডিয়া’ৰ জৰিয়তে তেওঁ সাংবাদিকতাৰ সৈতে জড়িত হৈ পৰিছিল। তাৰ পিছতে বিভিন্ন উত্থান-পতনৰ মাজেৰে আগবাঢ়ি তেওঁ আৰম্ভ কৰিছিল উত্তৰ-পূবৰ প্ৰথমটো নিউজ পৰ্টেল। শেহতীয়াকৈ খালচা চেণ্টাৰ নৰ্থ-ইষ্টৰ মুৰব্বী হিচাপে তেওঁ কৰি গৈছিল বিভিন্ন সামাজিক কাম। বিশেষকৈ দৰিদ্ৰৰ মাজত বিনামূলীয়া খাদ্য সামগ্ৰী…
Read More
নগাঁৱত জালি নোটসহ আটক অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত জোৱান…

নগাঁৱত জালি নোটসহ আটক অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত জোৱান…

সোমবাৰে পুৱা অসম আৰক্ষীয়ে নগাঁও জিলাৰ অৱসৰপ্ৰাপ্ত আৰক্ষীৰ পৰা ভুৱা ভাৰতীয় জালি নোট জব্দ কৰে। সূত্ৰ অনুসৰি বৰভেটিত অৱসৰপ্ৰাপ্ত পুলিচজনক জাল নোটৰ সৈতে আটক কৰে আৰক্ষীয়ে। অভিযুক্তজনক ধিং নিৱাসী আব্দুল আলী বুলি জানিব পৰা গৈছে। চাকৰিৰ পৰা অৱসৰ লোৱাৰ পূৰ্বে আলী ১৬ অসম আৰক্ষী বেটেলিয়নত কনিষ্টবল হিচাপে কৰ্মৰত আছিল। ইফালে আৰক্ষীয়ে বিষয়টোৰ ওপৰত তদন্ত আৰম্ভ কৰিছে।
Read More
পাৰিবাৰিক কন্দ্বলৰ ভয়ংকৰ পৰিণতি! সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ আত্মহত্যা

পাৰিবাৰিক কন্দ্বলৰ ভয়ংকৰ পৰিণতি! সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানৰ আত্মহত্যা

সোমবাৰে পুৱা নগাঁও জিলাত পাৰিবাৰিক বিবাদৰ বাবে সীমান্ত সুৰক্ষা বাহিনীৰ এজন জোৱানে আত্মহত্যা কৰে। জানিব পৰা মতে, কামপুৰত সংঘটিত হৈছে এই ঘটনা। সঞ্জীৱ লস্কৰ নামৰ জোৱানজনে নিজৰ কোঠাৰ ভিতৰত থকা ফেনত চিপ লৈ আত্মহত্যা কৰে। লস্কৰৰ পৰিয়ালে অভিযোগ কৰে যে কেইবাদিনো তেওঁ আৰু তেওঁৰ পত্নী ছুইটি ৰাজা লস্কৰৰ ব্যক্তিগত সংঘাতৰ সৃষ্টি হৈছিল যাৰ বাবে তেওঁ দীৰ্ঘদিন ধৰি জাজৰি অঞ্চলৰ মাতৃৰ পৰিয়ালৰ ঘৰত তেওঁৰ পৰা আঁতৰত থাকিছিল। ১৫ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা এই যুটিৰ পিতৃ-মাতৃ আছিল অকলশৰীয়া সন্তান। ইফালে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে।
Read More
বটদ্ৰৱাত গঁড়ৰ খৰ্গসহ আটক চোৰাং চিকাৰী, অভিযানৰ সময়তে পলায়ন…

বটদ্ৰৱাত গঁড়ৰ খৰ্গসহ আটক চোৰাং চিকাৰী, অভিযানৰ সময়তে পলায়ন…

গোপন সূত্ৰৰ ভিত্তিত কাম কৰি অসম আৰক্ষীৰ বিশেষ টাস্ক ফ’ৰ্চে নগাঁৱৰ বটদ্ৰৱা অঞ্চলত চাৰিজনীয়া গঁড়ৰ খৰ্গ চোৰাংচিকাৰীৰ এটা দলৰ বিৰুদ্ধে অভিযান চলাই শুকুৰবাৰে নিশা এজনক আটক কৰে। আটকাধীন চোৰাং চিকাৰীটো নগাঁও জিলাৰ লাহৰিঘাটৰ নিবাসী ছাইদুল ইছলাম বুলি জানিব পৰা গৈছে। লগতে এছটিএফে তেওঁৰ হাতৰ পৰা ৭৫০ গ্ৰাম ওজনৰ এটা গঁড়ৰ খৰ্গ জব্দ কৰে। ইয়াৰ পিছতে এছটিএফৰ দলটোৱে ছাইদুলৰ সৈতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি ৰেঞ্জলৈ গৈ গঁড়ৰ মৃতদেহটো বিচাৰি উলিয়ায় যদিও আন্ধাৰৰ সুযোগ লৈ চোৰাং চিকাৰীটোৱে পলায়ন কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, চোৰাংচিকাৰী দলটোৱে গঁড়ৰ খৰ্গটো বটদ্ৰৱাৰ শান্তিপুৰ বজাৰত বিক্ৰী কৰিবলৈ ক্ৰয় কৰিছিল। খবৰ অনুসৰি আন তিনিটা চোৰাংচিকাৰীও সেই স্থানৰ…
Read More
তিনিচুকীয়াৰ আৱাসিক অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড…

তিনিচুকীয়াৰ আৱাসিক অট্টালিকাত বিধ্বংসী অগ্নিকাণ্ড…

শুকুৰবাৰে নিশা তিনিচুকীয়া জিলাৰ এটা আৱাসগৃহত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। তিনিচুকীয়াৰ চিৰাপুটিস্থিত ৰাজ টাৱাৰ নামৰ এটা অট্টালিকাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে। সূত্ৰ অনুসৰি, প্ৰথমে অট্টালিকাটোৰ নিৰাপত্তাৰক্ষীৰ কোঠাৰ পৰাই জুই লাগে। অট্টালিকাটোৰ নিৰাপত্তাৰক্ষীয়ে জনোৱা মতে, জ্বলি থকা মমবাতিৰ ফলত বৃহৎ অগ্নিকাণ্ড সংঘটিত হয়। ইফালে ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পিছতে তিনিখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয়। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ) আৰু আৰক্ষীৰ জোৱানেও সেই স্থানত উপস্থিত হয়। অগ্নিনিৰ্বাপক বাহিনীৰ দলৰ অদম্য প্ৰচেষ্টাই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অৱশ্যে এই ঘটনাত কোনো লোক হতাহতি বা আহত হোৱাৰ খবৰ পোৱা নাই।
Read More
ইমানেই যদি সত্যবাদী, তেন্তে লাই ডিটেক্টৰ টেষ্ট দিয়কঃ অৰবিন্দ কেজৰিৱালক আক্ৰমণ বিজেপিৰ…

ইমানেই যদি সত্যবাদী, তেন্তে লাই ডিটেক্টৰ টেষ্ট দিয়কঃ অৰবিন্দ কেজৰিৱালক আক্ৰমণ বিজেপিৰ…

আবকাৰী নীতিৰ গোচৰৰ সন্দৰ্ভত চিবিআইয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক চমন কৰাৰ পিছত বিজেপিয়ে তেওঁক পলিগ্ৰাফ টেষ্ট দিবলৈ কয়। বিজেপিয়ে কয়, “সোধা প্ৰশ্নৰ উত্তৰ দিয়ক। লাই ডিটেক্টৰ টেষ্ট কৰক। আমি আশাবাদী যে সদ্য পোহৰলৈ আহিব।” বিজেপিয়ে লগতে কয়, “কিন্তু আপুনি লাই ডিটেক্টৰ টেষ্ট নকৰে। কাৰণ আপুনি ভয় কৰে।” উল্লেখ্য যে, সুৰা কেলেংকাৰীৰ গোচৰত চিবিআইয়ে সোধাপোছাৰ বাবে কেজৰিৱালক চমন জাৰি কৰাৰ পিছতে বিজেপিয়ে তদন্তকাৰী সংস্থাৰ দুৰ্ব্যৱহাৰ কৰি এনে ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ তুলিছিল কেজিৰৱালে।
Read More
অসমীয়াৰ স্বাভিমানী গামোচাই আনুষ্ঠানিকভাৱে লাভ কৰিলে GI চাৰ্টিফিকেট…

অসমীয়াৰ স্বাভিমানী গামোচাই আনুষ্ঠানিকভাৱে লাভ কৰিলে GI চাৰ্টিফিকেট…

অসমবাসীৰ বাবে এক গৌৰৱৰ ক্ষণ। অসমীয়াৰ স্বাভিমানী গামোচাখনে লাভ কৰিলে GI চাৰ্টিফিকেট। সৰুসজাইত মুখ্যমন্ত্ৰীৰ হাতত আনুষ্ঠানিকভাৱে প্ৰদান প্ৰমান পত্ৰ। উল্লেখ্য যে, আজি সৰুসজাইত বিশ্ব অভিলেখৰ বাবে নাচিব সমগ্ৰ অসমৰ ১১ হাজাৰ ঢুলীয়া-নাচনীয়ে। ঢোল বজাই আৰু বিহু নাচি বিশ্ব অভিলেখ ৰচনা কৰাৰ বাবে চলিছে এই প্ৰচেষ্টা।
Read More
ৰোজগাৰ মেলা উপলক্ষ্যে দেশৰ ৭১ হাজাৰোধিক নিবনুৱাক নিযুক্তি পত্ৰ বিতৰণ চৰকাৰৰ…

ৰোজগাৰ মেলা উপলক্ষ্যে দেশৰ ৭১ হাজাৰোধিক নিবনুৱাক নিযুক্তি পত্ৰ বিতৰণ চৰকাৰৰ…

নিয়োগৰ সুযোগ বৃদ্ধি আৰু অৰ্থনীতিৰ সহায়ৰ বাবে প্ৰধানমন্ত্ৰীয়ে ২০২৩ চনৰ ১৩ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ ৰোজগাৰ মেলাৰ আৰম্ভণি কৰে। এই পদক্ষেপৰ অংশ হিচাপে দেশৰ ৩৮টা বিভাগৰ পদৰ বাবে ৭১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। দেশৰ অন্যতম বৃহৎ নিয়োগকৰ্তা ইণ্ডিয়ান ৰেলৱেয়ে শেহতীয়াকৈ দেশজুৰি ৫ হাজাৰৰো অধিক চাকৰিৰ পদৰ নিযুক্তি পত্ৰ বিতৰণৰ কথা ঘোষণা কৰিছে। চাকৰিৰ পদসমূহৰ ভিতৰত আছে ট্ৰেইন মেনেজাৰ, টেকনিচিয়ান, ষ্টেচন মাষ্টাৰ, টিকট ক্লাৰ্ক, পইণ্টমেন, ট্ৰেক মেইণ্টেইনাৰ, হাস্পতালৰ সহায়ক, আৰু বহুতো। ৰে’লৱে নিযুক্তি অভিযানত প্ৰাৰ্থীসকলৰ বিপুল সঁহাৰিৰ সাক্ষী হৈ পৰে, বিভিন্ন পদৰ বাবে বৃহৎ সংখ্যক আৱেদন লাভ কৰে। নিযুক্তি প্ৰক্ৰিয়াৰ অংশ হিচাপে নিৰ্বাচিত প্ৰাৰ্থীসকলক নথি পৰীক্ষণ আৰু চিকিৎসা পৰীক্ষাৰ…
Read More
গৌৰৱৰ ক্ষণ! সৰুসজাইত বিশ্ব অভিলেখ চেনেহৰ বিহুটিৰ…

গৌৰৱৰ ক্ষণ! সৰুসজাইত বিশ্ব অভিলেখ চেনেহৰ বিহুটিৰ…

অসমে একক ফ্ৰেমত সৰ্ববৃহৎ বিহু নৃত্য প্ৰদৰ্শনৰ নতুন গিনিজ ৱৰ্ল্ড ৰেকৰ্ড গঢ়িলে। বৃহস্পতিবাৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ১১ হাজাৰৰো অধিক নাচনী আৰু ঢুলীয়াই বিহু নৃত্য প্ৰদৰ্শন কৰি গিনীজ বুকত সন্নিৱিষ্ট কৰে অসমৰ বিহুক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে, অসম চৰকাৰৰ উদ্যোগত এই অনুষ্ঠানৰ লক্ষ্য আছিল "একক স্থানত সৰ্ববৃহৎ বিহু নৃত্য প্ৰদৰ্শন আয়োজন কৰি লোক-নৃত্য শাখাত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান দখল কৰা"। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নিৰ্বাচিত হোৱা কলা-কুশলীসকলৰ ভিতৰত কমেও ৭০ শতাংশ মহিলা আৰু ৩০ শতাংশ পুৰুষ। ডিব্ৰুগড়ত সৰ্বাধিক প্ৰতিনিধিত্ব আছিল, ১৪০০ গৰাকী কলা-কুশলী উপস্থিত থকাৰ বিপৰীতে দক্ষিণ ছালমাৰাত সৰ্বনিম্ন প্ৰতিনিধিত্ব আছিল মাত্ৰ ২০ গৰাকী কলা-কুশলী। এই প্ৰক্ৰিয়াৰ…
Read More