অসম

ভেনিজুৱেলাৰ মাৰিয়া মাচাডোক শান্তিৰ ন’বেল বঁটা

ভেনিজুৱেলাৰ মাৰিয়া মাচাডোক শান্তিৰ ন’বেল বঁটা

স্বপ্ন ভংগ হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। দীৰ্ঘদিন ধৰি তেওঁ শান্তি ন'বেল বঁটা লাভৰ প্ৰবল প্ৰতিদ্বন্দ্বী আছিল বুলি দাবী কৰি আছিল। তেওঁক শান্তিৰ ন'বেল বঁটা প্ৰদান কৰিব লাগে বুলি ইজৰাইল আৰু পাকিস্তানে ন'বলে কমিটিলৈ পত্ৰও প্ৰেৰণ কৰিছিল। অৱশ্যে তেওঁৰ সপোন এতিয়া ভংগ হৈ পৰিছে। ইয়াৰ পৰিৱৰ্তে ভেনিজুৱেলাত গণতান্ত্ৰিক অধিকাৰৰ প্ৰসাৰৰ লগতে একনায়কত্ববাদৰ পৰা গণতন্ত্ৰলৈ শান্তিপূৰ্ণ পৰিৱৰ্তন সাধনৰ বাবে অক্লান্ত প্ৰচেষ্টাৰ বাবে ভেনিজুৱেলাৰ বিৰোধী নেত্ৰী মাৰিয়া মাচাডোক শান্তিৰ ন'বেল বঁটাৰে সন্মানিত কৰা হৈছে। ন'বেল বঁটা সমিতিৰ মতে ভেনিজুৱেলাত একনায়কত্ববাদী শাসন ব্যৱস্থাৰ বাবে ৰাজনৈতিক কাম অত্যন্ত কঠিন। মাচাডোৱে গণতন্ত্ৰৰ উন্নতিৰ বাবে কাম কৰা সংস্থা সুমাটে প্ৰতিষ্ঠা কৰিছিল। তেওঁ দেশত মুক্ত আৰু নিকা…
Read More
বিজেপি ত্যাগ কৰিলে জ্যোষ্ঠ নেতা ৰাজেন গোঁহাইয়ে

বিজেপি ত্যাগ কৰিলে জ্যোষ্ঠ নেতা ৰাজেন গোঁহাইয়ে

বিজেপি ত্যাগ কৰিলে জ্যোষ্ঠ নেতা ৰাজেন গোঁহাইয়ে। আজি বাজপেয়ী ভৱনত উপস্থিত হৈ তেওঁ পদত্যাগ পত্ৰ দাখিল কৰে। দীৰ্ঘ সময় ধৰি তেওঁ বিজেপিৰ বহু কেইটা গুৰুত্বপূৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰিছিল।৯ অক্টোবৰ,২০২৫ ত গুৱাহাটীস্থিত বাজপেয়ী ভৱনলৈ আহি তেওঁ পদত্যাগ পত্ৰ দাখিল কৰে। এইগৰাকী জ্যেষ্ঠ নেতাই বিগত সময়চোৱাত বিজেপিৰ হৈ বহু দায়িত্ব পালন কৰিছে। গোহাঁই বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি হোৱাৰ লগতে নগাঁৱৰ চাৰিবাৰৰ সাংসদ আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী চৰকাৰৰ প্ৰথমটো কাৰ্যকালত গোঁহাই আছিল ৰাজ্যিক ৰেল মন্ত্ৰী।
Read More
ইজৰাইল- হামাছৰ মাজত গাজা শান্তি চুক্তিত স্বাক্ষৰ

ইজৰাইল- হামাছৰ মাজত গাজা শান্তি চুক্তিত স্বাক্ষৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে ইজৰাইল আৰু হামাছ দুয়োয়ে আমেৰিকাৰ গাজা শান্তি পৰিকল্পনাৰ প্ৰথম পৰ্যায়ত স্বাক্ষৰ কৰিছে। ট্ৰাম্পে ট্ৰুথ ছ’চিয়েলত পোষ্ট কৰি কয় যে ইয়াৰ অৰ্থ হ'ল সকলো পণবন্দীক অতি সোনকালে মুকলি কৰি দিয়া হ'ব আৰু ইজৰাইলে নিজৰ সৈন্যক চুক্তিবদ্ধ সীমালৈকে প্ৰত্যাহাৰ কৰিব। এইটো হ'ব এক শক্তিশালী, সুস্থিৰ আৰু স্থায়ী শান্তিৰ দিশত প্ৰথম পদক্ষেপ। সকলো পক্ষৰ সৈতে ন্যায্য ব্যৱহাৰ কৰা হ'ব। ট্ৰাম্পে লিখিছে আৰব আৰু মুছলমান বিশ্বৰ বাবে, ইজৰাইলৰ বাবে, ইয়াৰ সকলো চুবুৰীয়া দেশৰ বাবে আৰু আমেৰিকাৰ বাবে এইটো এটা গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক দিন। এই বিষয়ত মধ্যস্থতা কৰা কাটাৰ, ইজিপ্ত আৰু তুৰস্কক ধন্যবাদ জনায় আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে।
Read More
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ এজাহাৰ দাখিল

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ এজাহাৰ দাখিল

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে এই এফ আই আৰ দাখিল কৰিছে। ভাষণৰ সময়ত মুখ্যমন্ত্ৰীয়ে কৰা এক মন্তব্য সন্দৰ্ভত এই এফ আই আৰ।কাৰ্বি আংলং জিলা কংগ্ৰেছ কমিটিৰ (KADCC) মাধ্যম অধ্যক্ষ চৰিশ্মা ৰঙপিপিৰে নেতৃত্ব বুধবাৰে দিনৰ ২ বজাত ডিফু থানাত এই এজাহাৰ দাখিল কৰে। তেওঁলোকে অভিযোগ কৰিছে যে, ‘অৰুণোদয় ৩.০’ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কিছুমান বিৰূপ মন্তব্য কৰিছিল। এনে মন্তব্য কৰাৰ তেওঁৰ অধিকাৰ নাই। যাৰ বাবে এই এজাহাৰ দাখিল কৰে।
Read More
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত নতুন মোৰ, গ্ৰেপ্তাৰ সন্দীপন গাৰ্গ

জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তত নতুন মোৰ, গ্ৰেপ্তাৰ সন্দীপন গাৰ্গ

​জনপ্ৰিয় কণ্ঠশিল্পী তথা অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ সৈতে জড়িত তদন্তত বুধবাৰে ​গ্ৰেপ্তাৰ হয় অসম আৰক্ষীৰ বিষয়া। চিআইডিয়ে জেৰা কৰাৰ পিছত গ্ৰেপ্তাৰ কৰে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা অসম আৰক্ষীৰ এজন উপ-আৰক্ষী অধীক্ষক (DSP) সন্দীপন গাৰ্গক। জুবিনৰ মৃত্যুৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষী বিষয়াজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু তেওঁক জেৰা কৰি থকা হৈছে। এই গোচৰত এয়া পঞ্চমটো গ্ৰেপ্তাৰ। উল্লেখ্য যে জুবিনৰ মৃত্যুৰ সময়ত য়টত থকা আঠজন অসমীয়া ব্যক্তিৰ ভিতৰত এজন ব্যক্তিয়ে সোমবাৰে চিআইডিৰ আগত নিজৰ ভাষ্য দাখিল কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল আৰু মঙলবাৰে ৰূপকমল কলিতা SIT-ৰ ওচৰত হাজিৰ হয়। আন সাতজন লোকে এতিয়াও তদন্তকাৰী দলৰ ওচৰত হাজিৰ হোৱা…
Read More
গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ SITৰ প্ৰতিবেদন ৰাজহুৱা কৰিব ৰাজ্য চৰকাৰে

গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ SITৰ প্ৰতিবেদন ৰাজহুৱা কৰিব ৰাজ্য চৰকাৰে

গৌৰৱ গগৈ আৰু তেওঁৰ পৰিয়ালৰ কথিত পাকিস্তান লিংকৰ তদন্ত কৰা এছ আই টিৰ প্ৰতিবেদন ৰাজহুৱা কৰিব ৰাজ্য চৰকাৰে। সোমবাৰে এই কথা সংবাদমেলত ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে প্ৰতিবেদনত ভয়ংকৰ নিন্দাসূচক তথ্য আছে যিবোৰ দেশৰ সকলো ৰাইজে জানিব লাগিব।
Read More
জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যত নাম সাঙোৰ খাইছে অভিনেত্ৰী নিশিতা গোস্বামীৰ

জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যত নাম সাঙোৰ খাইছে অভিনেত্ৰী নিশিতা গোস্বামীৰ

জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যত নাম সাঙোৰ খাইছে অভিনেত্ৰী নিশিতা গোস্বামীৰ। কিয়নো সেই সময়ত এইগৰাকী অভিনেত্ৰীও ছিংগাপুৰত আছিল। কিন্তু এতিয়ালৈকে তেওঁ মৌনতা অৱলম্বন কৰি আছে। অসমৰ হেঁপাহৰ শিল্পী জুবিন গাৰ্গে। কিন্তু এই মৃত্যু যেন এতিয়াও মানি ল’ব পৰা নাই অসমবাসীয়ে। কিয়নো জুবিন গাৰ্গৰ মৃত্যুৰ পূৰ্বৰ যিসমূহ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে সেইসমূহে এতিয়া তেওঁৰ মৃত্যু অধিক ৰহস্যৰ মাজলৈ ঠেলি দিছে।অসমৰ প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুত নাম সাঙোৰ খাইছে শ্যামকানু মহন্ত, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, সঞ্জীৱ নাৰায়ণ, নিশিতা গোস্বামী আদিৰ। এতিয়ালৈকে এই বিষয়টোৰ ওপৰত বহু অভিযুক্তই কোনো মত প্ৰকাশ কৰা নাই। কিন্তু আশ্চৰ্যজনকভাৱে নিশিতা গোস্বামীয়েও এই বিষয়টোত মৌনতা অৱলম্বন কৰি আছে। কিন্তু সত্য…
Read More
জুবিন অনুৰাগীয়ে গ্ৰহণ কৰিছে চৰম পন্থা

জুবিন অনুৰাগীয়ে গ্ৰহণ কৰিছে চৰম পন্থা

জুবিন গাৰ্গৰ মৃত্যুই এতিয়াও শোকস্তব্ধ কৰি ৰাখিছে ৰাজ্য। ইয়াৰ মাজতে পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। জানিব পৰা মতে এজন জুবিন অনুৰাগীয়ে গ্ৰহণ কৰিছে চৰম পন্থা।জুবিন দাৰ বিৰহত শৰাইঘাটত জাপ দিলে এজনে। আমিনগাঁৱৰ পৰা জালুকবাৰী অহা দিশত পৰা দুশ মিটাৰৰ পৰিসীমাত দলঙৰ ওপৰৰ পৰা জাপ দিয়ে জুবিন অনুৰাগী গৰাকীয়ে। এই সময়চোৱাত তেওঁ নিজ নিজক কাপোৰ, পইচা আদি ফালি পানীত জাপ দিয়ে।জানিব পৰা মতে, জাপ দিয়াৰ পূৰ্বে যুৱকজনে “জুবিন দাই যেতিয়া নাই আমি থাকি কি কৰিম? জয় জুবিন দা” বুলি কৈ জাপ দিয়ে ব্ৰহ্মপুত্ৰৰ বুকুত। এই ঘটনাৰ পাছত লগে লগে পাণ্ড নদী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।শুৱালকুছিৰ দাঁতিত থকা…
Read More
অসমত নিষিদ্ধ শ্যামকানু মহন্তৰ সকলো অনুষ্ঠান

অসমত নিষিদ্ধ শ্যামকানু মহন্তৰ সকলো অনুষ্ঠান

হাৰ্ট'থ্ৰব জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ পিছতেই কঠোৰ হৈছে অসম চৰকাৰ। অসম চৰকাৰে নিষিদ্ধ ঘোষণা কৰিলে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱা বিতর্কিত শ্যামকানু মহন্ত আৰু তেওঁৰ প্ৰতিষ্ঠানৰ সকলো অনুষ্ঠান। সামাজিক মাধ্যমযোগে এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে পুৱা সামাজিক মাধ্যমযোগে ঘোষণা কৰে এইদৰে ৰাজ্য চৰকাৰে শ্যামকানু মহন্ত আৰু তেওঁৰ সৈতে সম্পর্কিত যিকোনো সংস্থাক অসমৰ ভিতৰত কোনো ধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে। তদুপৰি, ৰাজ্য চৰকাৰেও তেওঁৰ সৈতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে যিকোনো অনুষ্ঠানৰ সৈতে জড়িত কোনো অনুষ্ঠানলৈ কোনো ধৰণৰ আৰ্থিক অনুদান, বিজ্ঞাপন বা পৃষ্ঠপোষকতা প্ৰদান নকৰে।
Read More
১৬ বছৰ আগতে দীপৰ বিলৰ পাৰত জুবিন গাৰ্গৰ ৰুমাল নামৰ গীতৰ শ্বুটিঙৰ স্মৃতি ৰোমন্ঠন কৰিলে চকৰ্দো কলিতা পাৰাবাসীয়ে

১৬ বছৰ আগতে দীপৰ বিলৰ পাৰত জুবিন গাৰ্গৰ ৰুমাল নামৰ গীতৰ শ্বুটিঙৰ স্মৃতি ৰোমন্ঠন কৰিলে চকৰ্দো কলিতা পাৰাবাসীয়ে

ভাৰত ৰত্ন, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ দৰে জুবিন গাৰ্গেও প্ৰাকৃতিক ভাল পাইছিল। ভূপেন হাজৰিকাৰ দৰে জুবিন গাৰ্গৰ গীতত গুৱাহাটীৰ দীপৰ বিলৰ কথা উল্লেখ আছে। আনকি জুবিন গাৰ্গৰ অন্যতম জনপ্ৰিয় আৰু কালজয়ী গীত হিচাপে পৰিগণিত হোৱা ৰুমাল নামেৰ গীতটোৰ ভিডিঅ শ্বুটিং ২০০৯ চনৰ জানুৱাৰী মাহত দীপৰ বিলৰ পাৰত কৰা হৈছিল। জানুৱাৰী মাহৰ কোনো এটা দিনত পুৱাৰে পৰা সন্ধিয়া আন্ধাৰ হোৱাৰ আগলৈকে গীতটোৰ শ্বুটিং কৰা হৈছিল বৰ্তমানৰ পক্ষী নিৰীক্ষণ স্তম্ভ তথা ৱাচিং টাৱাৰৰ পৰা ৰেলৱে দলং হৈ চকৰ্দো কলিতাপাৰাৰ সমীপলৈকে । সেই কথাৰ স্মৃতি ৰোমন্ঠন  কৰি শিল্পী গৰাকীৰ অকাল মৃত্যুত আবেগিক হৈ পৰিছে চকৰ্দো কলিতাপাৰাৰ একাংশ বাসিন্দা। এই সন্দৰ্ভত চকৰ্দো কলিতাপাৰাৰ বাসিন্দা…
Read More