অসম

২০০ৰো অধিক কণ্ঠশিল্পীয়ে চানমাৰি খেলপথাৰত গীতেৰে স্মৰণ কৰিব প্ৰাণৰ শিল্পীগৰাকীক

২০০ৰো অধিক কণ্ঠশিল্পীয়ে চানমাৰি খেলপথাৰত গীতেৰে স্মৰণ কৰিব প্ৰাণৰ শিল্পীগৰাকীক

বিগত তিনিটা দশক জুৰি অসমীয়া সংগীতৰ একক, অনন্য, অতুলনীয় আৰু এক অম্লান সত্ত্বা হিচাপে প্রতিগৰাকী অসমীয়াৰ বুকুৰ আপোন হৈ পৰা জুবিন গার্গৰ আকস্মিক আৰু অনাকাংক্ষিত মৃত্যুত সমগ্র ৰাজ্যবাসী ম্রিয়মাণ হৈ থকাৰ সময়তে অসমৰ কণ্ঠশিল্পীসকলে একত্ৰৰূপত প্ৰাণৰ শিল্পীগৰাকীক তেখেতৰ গীতেৰেই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উদ্দেশ্যে আয়োজন কৰিছে এক বিশাল আৰু ব্যতিক্রমী অনুষ্ঠান 'জুবিন- জোনাক কণ্ঠলৈ সুৰৰ অৰ্ঘ্য'। সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি আয়োজকসকলে জনায় যে অহা ১৯ নৱেম্বৰ, সন্ধিয়া ৫ বজাৰ পৰা চান্দমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানত হার্টথ্র'ব জুবিন গাৰ্গে কণ্ঠদান কৰা ভক্তিমূলক, আধুনিক, লোকসংগীত, জনজাতীয় গীতকে ধৰি প্রতিটো ধৰণৰ প্রায় দুকুৰি গীত কণ্ঠশিল্পীসকলে পৰিৱেশন…
Read More
টিন ইণ্ডি ফিল্ম এৱাৰ্ড ২০২৫ত উন্মোচনী ছবি হিচাপে প্ৰদৰ্শন অসমীয়া বোলছবি ‘গুডবাই গুৰুজী’

টিন ইণ্ডি ফিল্ম এৱাৰ্ড ২০২৫ত উন্মোচনী ছবি হিচাপে প্ৰদৰ্শন অসমীয়া বোলছবি ‘গুডবাই গুৰুজী’

বাংগালুৰুৰ আৰ ভি বিশ্ববিদ্যালয়ৰ উদ্যোগত আজি অনুষ্ঠিত হোৱা টিন ইণ্ডি ফিল্ম এৱাৰ্ডছ (টি আই এফ এ) ২০২৫ত উন্মোচনী ছবি হিচাপে প্ৰদৰ্শিত হয় অসমীয়া বোলছবি ‘গুডবাই গুৰুজী’। ১০ নৱেম্বৰৰ পৰা ১৪ নৱেম্বৰলৈ চলিবলগীয়া এই চলচিত্ৰ মহোৎৱৰ উন্মোচনৰ সময়ত প্ৰদৰ্শিত অসমীয়া ছবিখনে দৰ্শকৰ পৰা অভূতপূৰ্ব সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, অৰুণজিৎ বৰাৰ পৰিচালনাৰ ‘গুডবাই গুৰুজী’ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে যুৱ অভিনেতা পাৰ্থ প্ৰতিম হাজৰিকা আৰু আইমী বৰুৱাই। শেহতীয়াকৈ ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত ‘Festival Gange Sur Siene’ত প্ৰদৰ্শিত হোৱা ছবিখনে ইতিমধ্যে কাহিনীৰ উপস্থাপন আৰু সাংস্কৃতিক গভীৰতাৰ বাবে ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে। বাংগালুৰুত ছবিখনৰ প্ৰদৰ্শনৰ পূৰ্বে পৰিচালক অৰুণজিৎ বৰাই কয়, “টি…
Read More
কামৰূপ মহানগৰ CJM আদালতৰ অস্থায়ী স্থানান্তৰৰ বিৰোধিতা

কামৰূপ মহানগৰ CJM আদালতৰ অস্থায়ী স্থানান্তৰৰ বিৰোধিতা

কামৰূপ মহানগৰ  CJM আদালতৰ অস্থায়ী স্থানান্তৰৰ বিৰোধিতাৰে উকিল সন্থাৰ প্ৰতিবাদী সমদল। সোমবাৰে উকলি সন্হা, গুৱাহাটীৰ উদ্যোগত প্ৰায় দুই শতাধিক অধিবক্তাই হাতে হাতে বেনাৰ পোষ্টাৰ লৈ  এই স্থানান্তৰ অবৈধ, একপক্ষীয় স্থানান্তৰ অবৈধ, CJM ক'ৰ্ট ঘূৰাই আনক, এই স্থানান্তৰ জনবিৰোধী, CJM  ক'ৰ্ট মেৰামতি কৰক, আমাৰ কথা শুনক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে। পুৰণি CJM আদালতৰ চৌহদৰ পৰা এই সমদল  কটন বিশ্ববিদ্যালয়ৰ সন্মুখেৰে গৈ গুৱাহাটী উচ্চ ন্যায়ালয় হৈ পুৰণি CJM আদালতৰ চৌহদত এই ৰেলীৰ সামৰণি পৰে।
Read More
আবতৰীয়া বৰষুণত বৃহত্তৰ ৰাণী অঞ্চলত শালি ধানৰ বিস্তৰ ক্ষতিসাধন

আবতৰীয়া বৰষুণত বৃহত্তৰ ৰাণী অঞ্চলত শালি ধানৰ বিস্তৰ ক্ষতিসাধন

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ শালি ধানৰ খেতিৰ বাবে বিখ্যাত বৃহত্তৰ ৰাণী অঞ্চলত ৫ নৱেম্বৰৰ দিনা মাজনিশাৰ পাছত অহা মজলীয়াৰ পৰা ধাৰাষাৰ বৰষুণৰ বাবে পকা ধানসমূহ বাগৰি পৰাৰ ফলত চিন্তিত হৈ পৰিছে  অঞ্চলটোৰ কৃষক ৰাইজ। আহাৰ আৰু শাওন মাহত কপালৰ ঘাম মাটিত পেলাই কৰা শালি ধান সমুহ পকিবলৈ আৰম্ভ কৰাত কৃষক ৰাইজে ধান কটাৰ বাবে সাজু হৈছিল।  আনকি বনৰীয়া হাতীৰ মুক্ত বিচৰণৰ ফলত ধানৰ বহু ক্ষতিসাধন হোৱা স্বত্বেও কৃষক ৰাইজ হতাশ হোৱা নাছিল। কিন্তু  শেহতীয়াভাৱে ৫ নৱেম্বৰৰ দিনা অহা বৰষুণে  শালি ধানৰ বিস্তৰ ক্ষতিসাধন কৰে। এই সন্দৰ্ভত ৰাণী অঞ্চলৰ আদৰ্শ কৃষক দীনেশ নাথ, ৰমেশ দাস, যুৱ কৃষক জোন ৰাভাকে ধৰি শালি ধানৰ…
Read More
বহুবিবাহ কৰিলে হ’ব ৭ বছৰৰ কাৰাদণ্ড

বহুবিবাহ কৰিলে হ’ব ৭ বছৰৰ কাৰাদণ্ড

আগন্তুক শীতকালীন বিধানসভা অধিৱেশনত ৰাজ্য চৰকাৰে উত্থাপন কৰিব বহুচৰ্চিত বহুবিবাহ বিধেয়ক। এই বিধেয়কখন বিধানসভাত উত্থাপনৰ বাবে দেওবাৰে ৰাজ্যিক কেবিনেটে অনুমোদন জনাইছে। সেই অনুসৰি ২৫ নৱেম্বৰৰ পৰা ৫ দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া বিধানসভা অধিৱেশনত এই বিধেয়কখন উত্থাপন কৰিবলৈ প্রস্তুতি সম্পূর্ণ কৰি তুলিছে। ৰাজ্যিক কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই সংবাদমেলযোগে কয় যে বহুবিবাহ বন্ধ কৰাৰ বাবে বহুবিবাহ বিধেয়ক বিধানসভাত উত্থাপনৰ বাবে কেবিনেটে অনুমোদন জনাইছে। এই বিধেয়কখনৰ নাম হ'ব 'দ্য আছাম প্রভিজন অব পলিগামী বিল-২০২৫'। এই বিধেয়কখন গৃহীত হৈ আইনত পৰিণত হোৱাৰ পাছত কোনো ব্যক্তিয়ে দ্বিতীয় তৃতীয় বিবাহ কৰিব নোৱাৰিব। দ্বিতীয়-তৃতীয় বিবাহ কৰিলে সেই ব্যক্তিজনৰ ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড হ'ব। ইয়াৰ উপৰি…
Read More
অসমত গৌতম আদানীয়ে স্থাপন কৰিব ৩২০০ মেগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্প

অসমত গৌতম আদানীয়ে স্থাপন কৰিব ৩২০০ মেগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্প

অসমত গৌতম আদানীয়ে ৩২০০ মেগাৱাটৰ এটা তাপবিদ্যুৎ প্ৰকল্প স্থাপন কৰিব। কিন্তু প্ৰকল্প স্থাপনৰ সমগ্ৰ অনুমোদন প্ৰক্ৰিয়া চৰকাৰ বা মুখ্যমন্ত্ৰীয়ে গোপনে ৰাখিছে বুলি অভিযোগ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে। তেওঁ অভিযোগ কৰি কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অতি প্ৰচাৰমুখী মানুহ আৰু সাধাৰণ কথা এটাও ঢাক-ঢোল বজাই প্ৰচাৰ কৰে। অথচ অসমৰ সৰ্ববৃহৎ এই বিদ্যুৎ উৎপাদন প্ৰকল্প স্থাপনৰ বিষয়ত মুখ্যমন্ত্ৰী ইমান মৌন কিয়? মুখ্যমন্ত্ৰীৰ এই মৌনতা কেৱল আশ্চৰ্যজনকেই নহয়, ৰহস্যজনকো। কিয়নো মুখ্যমন্ত্ৰীয়ে যোৱা ২ নৱেম্বৰৰ দিনা নতুন দিল্লী আদানীৰ ঘৰলৈ গৈ উদ্যোগপতিগৰাকীক সাক্ষাৎ কৰিছিল। সেইদিনা তেওঁ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু পিছদিনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছিল। গতিকে কথাটো এনেকুৱা…
Read More
১০০ গৰাকী ছাত্ৰই বাঁহী বজাই বাঁহীবাদক দীপক শৰ্মালৈ শেষ শ্রদ্ধা জনায়

১০০ গৰাকী ছাত্ৰই বাঁহী বজাই বাঁহীবাদক দীপক শৰ্মালৈ শেষ শ্রদ্ধা জনায়

স্বগৃহলৈ অনা হ'ল আন্তঃৰাষ্ট্ৰীয়  বাঁহীবাদক দীপক শৰ্মাৰ পাৰ্থিৱ শৰীৰ। মঙলবাৰে পুৱা চেন্নাইৰ পৰা বিমানযোগে লৈ অনা হয় বাঁহীবাদক দীপক শৰ্মাৰ নশ্বৰ দেহ। নশ্বৰ দেহ  অম্বিকাগিৰি নগৰৰ বাসগৃহত শোকাকুল পৰিৱেশৰ বিৰাজ কৰে।  বাসগৃহত শ্ৰদ্ধাজ্বলি জনোৱাৰ পিছত সেউজসংঘৰ বাকৰিত গুণমুগ্ধৰ শেষ শ্রদ্ধাঞ্জলি জনাই। ১০০ গৰাকী ছাত্ৰই বাঁহী বজাই শেষ শ্রদ্ধা জনায় শিল্পী গৰাকীক। বিয়লি নৱগ্ৰহ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে  শেষকৃত্য সম্পন্ন কৰা হ'ব।
Read More
দিল্লীত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

দিল্লীত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে দিল্লীত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱক সাক্ষাৎ কৰি পৰ্যটনস্থলী উমৰাংছ’লৈ নতুন ৰে’লপথ নিৰ্মাণকে ধৰি ৰাজ্যৰ ৰে’ল সংযোগ সম্পৰ্কীয় বিভিন্ন বিষয়ত আলোচনা কৰে। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে কয় যে কোকৰাঝাৰ জিলাৰ মাজেৰে ভূটানৰ সৈতেও প্ৰস্তাৱিত আন্তঃৰাষ্ট্ৰীয় লাইনৰ বিষয়ে আলোচনা কৰা হৈছে। তেওঁ কয় মন্ত্ৰী শ্ৰীযুত অশ্বিনী বৈষ্ণৱৰ সৈতে মোৰ এক অতি উপযোগী বৈঠক হয়। আমি অসমৰ ৰে'লপথ সম্প্ৰসাৰণ আৰু জনসাধাৰণৰ বাবে সামগ্ৰিক সংযোগ বৃদ্ধিৰ সৈতে জড়িত মূল বিষয়সমূহৰ ওপৰত আলোচনা কৰিলোঁ। উমৰাংছ’ চহৰৰ পৰা লংকালৈ নতুন ৰে’লপথ নিৰ্মাণ, কোকৰাঝাৰৰ পৰা ভূটানৰ গেলেফুলৈ নতুন ৰে’লপথৰ কাম ক্ষিপ্ৰ কৰা, অসমৰ বাবে তিনিখন নতুন অমৃত ভাৰত ৰে’ল,…
Read More
বাঁহীবাদক দীপক শৰ্মা আৰু নাই

বাঁহীবাদক দীপক শৰ্মা আৰু নাই

বাঁহীবাদক দীপক শৰ্মা আৰু নাই। ৫৭ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশিষ্ট শিল্পীগৰাকী। চেন্নাইত চিকিৎসাধীন অৱস্থাত ইহসংসাৰ ত্যাগ কৰে শিল্পী গৰাকীয়ে ।  ১৯৬৮ চনৰ ২৩ আগষ্টত নলবাৰী জিলাৰ পানীগাঁৱত জন্মগ্ৰহণ কৰিছিল বাঁহীবাদক দীপক শৰ্মাই। গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ বাসিন্দা দীপক শৰ্মা বিগত কেইবাবছৰ ধৰি যকৃত ৰোগত আক্ৰান্ত হৈ আছিল।
Read More
মুক্তিৰ দিনটোতে  ৪ কোটি টকা উপাৰ্জন কৰিলে জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে

মুক্তিৰ দিনটোতে  ৪ কোটি টকা উপাৰ্জন কৰিলে জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে

অভিলেখৰ পাছত অভিলেখ গঢ়িছে জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে। মুক্তিৰ দিনটোতে ৪ কোটি টকা উপাৰ্জন কৰে জুবিন গাৰ্গৰ  ৰৈ ৰৈ বিনালে। আজি দ্বিতীয় দিনটোত ছবিখন চাবলৈ ৰাইজ ওলাই আহিছে। উল্লেখ্য যে প্ৰথম দিনটোত প্ৰায় ৮০০ দৰ্শনী হৈছিল ছবিখনৰ। অসমৰ ৮০ টা ছবিগৃহত ছবিখনে মুক্তি লাভ কৰা ছবিখনে  উত্তৰ পূৰ্বাঞ্চলৰ  সৰ্বমুঠ ৯২ টা হলত মুক্তিৰ প্ৰথম দিনটোত প্ৰদৰ্শিত হয় ছবিখন। আনহাতে  বহিঃৰাজ্যৰ ৯৪  চলচ্চিত্ৰ গৃহত ছবিখন প্ৰদৰ্শীত হৈ ইতিহাস ৰচনা কৰে ছবিখনে।
Read More