অসম

১৩ বিদেশী নাগৰিকৰ অসমত প্ৰৱেশৰ চেষ্টা ব্যৰ্থ

১৩ বিদেশী নাগৰিকৰ অসমত প্ৰৱেশৰ চেষ্টা ব্যৰ্থ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে কয় যে অসমৰ মাজেৰে অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ১৩জন বিদেশী নাগৰিকক ধৰি নিজৰ দেশলৈ ঘূৰাই পঠিওৱা হৈছে। মুখ্যমন্ত্ৰীয়ে এক্সৰ এটা পোষ্টত তেওঁ কয় যে আমি অসমৰ অস্তিত্বক সুৰক্ষা প্রদান কৰি অনুপ্রৱেশকাৰীৰ অসমত সোমোৱাৰ অধিকাৰ সম্পূর্ণৰূপে খর্ব কৰিবলৈ দৃঢ় সংকল্পবদ্ধ। এই সংকল্পক আমি কার্যৰ ৰূপ দিয়াৰ ধাৰাবাহিকতাৰে ১৩জনকৈ অনুপ্রৱেশকাৰীক শ্রীভূমিৰ সমীপৰ আন্ত:ৰাষ্ট্রীয় সীমান্তইদি সিপাৰলৈ ওভতাই পঠিৱাওঁ। আমাৰ প্রতিটো কামতে আমাৰ স্পষ্ট বার্তা— অনুপ্রৱেশকাৰী হুচিয়াৰ! শ্ৰীভূমি, কাছাৰ, ধুবুৰী, আৰু দক্ষিণ ছালমাৰা-মানকাচৰ জিলাৰ বাংলাদেশৰ সৈতে ২৬৭.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে। শ্ৰীভূমিৰ সুতাৰকান্দিত ইন্টিগ্ৰেটেড চেক পোষ্ট (আই চি পি)। উত্তৰ-পূবৰ ভাৰত-বাংলাদেশ সীমান্তত মুঠ তিনিটা সংহত চেক…
Read More
অত্যাধুনিক সা-সুবিধাৰে প্ৰতিৰোধমূলক স্বাস্থ্যসেবা প্রদানত জিএনআৰচি হাস্পতাল সদায় প্রতিশ্রুতিবদ্ধ

অত্যাধুনিক সা-সুবিধাৰে প্ৰতিৰোধমূলক স্বাস্থ্যসেবা প্রদানত জিএনআৰচি হাস্পতাল সদায় প্রতিশ্রুতিবদ্ধ

অসম আৰু উত্তৰ পূর্বাঞ্চলৰ ৰাইজলৈ ৩৯ বছৰৰ সহানুভূতিশীল সেজ সম্পূর্ণ হোবার উপলক্ষ্যে আজি জিএনআৰচি হাস্পতাল দিছপুৰ শাখাত ৪০তম প্রতিষ্ঠা দিবস পালন কৰা হয়। এই প্রতিষ্ঠা দিৱসত প্রতিষ্ঠানটোৰ যাত্রা, ইয়াৰ সৈতে জড়িত প্রতিগধারী কর্মচারী আক গুণগত স্বাস্থ্যসেবা আৰু দুখীনাজনিত সজাগতা ওপৰত বিশেষভারে আলোকপাত করা হয়। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গবেষণা বিভাগৰ আযুক্ত আৰু সচিব, ডা সিদ্ধার্থ সিংহ, সম্মানীয় অতিথি হিচাপে উপস্থিত থাকে স্বাস্থ্য সেৱাৰ সঞ্চালক ডাঃ উমেশ ফাংচো আৰু জনপ্রিয় চেনেল ডি বাই ৩৬৫ ৰ মুখ্য সম্পাদক শ্রী অদীপ কুমাৰ ফুকন। তেওঁলোকে স্বাস্থ্যসেবাত অত্যাধুনিক প্রযুক্তিৰ প্রয়োগ কৰি ৰাজ্যত তৃতীয় স্তৰৰ চিকিৎসা সেবা শক্তিশালীকৰণত…
Read More
অসম গ্ৰন্থমেলাত ভিক্টৰ ৰাজকুমাৰৰ ‘পৃথিৱী’ উন্মোচন

অসম গ্ৰন্থমেলাত ভিক্টৰ ৰাজকুমাৰৰ ‘পৃথিৱী’ উন্মোচন

অসম গ্ৰন্থমেলাৰ প্ৰফুল্ল গোবিন্দ বৰুৱাৰ সভাগৃহত গুৱাহাটী পাঞ্জাবাৰী আনন্দিনী প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা কবি ভিক্টৰ ৰাজকুমাৰৰ দ্বিতীয়খনি কবিগ্ৰন্থ ‘পৃথিৱী’ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক, গীতিকাৰ ড° অঞ্জনজ্যোতি চৌধুৰী, কবি দেৱপ্ৰসাদ তালুকদাৰ আৰু ডা° তথা সমাজকৰ্মী ৰুবী কটকীয়ে৷ ড°সংগীতা ৰাজখোৱাই আঁত ধৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠান ক্ৰমে প্ৰকাশক ভবেনজ্যোতি বৰা,ব্যৱস্থাপক ৰাজলক্ষ্মী ৰাজশ্ৰী, সেউজী কবি সন্মিলনৰ সম্পাদক অঞ্জনা দাস,কবি অঞ্জুম আৰা হুছেইন, কবি মিনতি বৰুৱা, কবি স্বপ্নালী নাথ, লেখিকা মেঘালি বৰা, সাহিত্যৰথী সাহিত্য সভা সভাপতি মফিজুদ্দিন আহমদ,উপ সভাপতি শান্তিৰাম বৰা, প্ৰচাৰ ভাৰতীৰ উত্তৰপূৱ অনাতাঁৰ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত উপ সঞ্চালক প্ৰধান দীনেশ দাস, আৰ জে সুজিতা, বিশিষ্ট সাংবাদিক দিগন্ত কুমাৰ নাথ,কবি ড°অলিকা বৰফুকন, গায়িকা অলকা হালৈ,…
Read More
অসম গ্ৰন্থমেলা, গুৱাহাটীত ১২ দিনত ৬ কোটি ৩০ লাখ টকাৰ কিতাপ বিক্ৰী

অসম গ্ৰন্থমেলা, গুৱাহাটীত ১২ দিনত ৬ কোটি ৩০ লাখ টকাৰ কিতাপ বিক্ৰী

নৱবৰ্ষৰ প্ৰথমটো দেওবাৰে   গ্ৰন্থপ্ৰেমীৰ সমাৱেশত উছৱমুখৰ হৈ পৰে খনাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অসম প্ৰকাশন পৰিষদ আৰু  সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ৰাজ্য চৰকাৰে ঘোষণা কৰা “গ্ৰন্থ-বৰ্ষ”ৰে সংগতি ৰাখি যৌথভাৱে অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলা , গুৱাহাটী । প্ৰথমটো দেওবাৰ কিতাপৰ সান্নিধ্যত কটাই স্মৃতিমধুৰ কৰিবলৈ মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন স্থানৰ পৰা শীত নেওচি আহি গ্ৰন্থমেলাত সমৱেত হয় লেখক-পাঠক, শিক্ষক-শিক্ষাৰ্থী তথা পুথিপ্ৰেমী ৰাইজ ৷ সন্ধিয়াৰ ভাগত লোকাৰণ্য হৈ পৰে গ্ৰন্থমেলাৰ বাকৰি ৷ পুৱা গ্ৰন্থমেলাৰ প্ৰৱেশদ্বাৰ মুকলি হোৱাৰে পৰা নিশালৈ অব্যাহত জনস্ৰোতে খানাপাৰা বাকৰিত দলদোপ হেন্দোলদোপ পৰিৱেশ সৃষ্টি কৰে৷ উল্লেখ্য যে অসম গ্ৰন্থমেলা, গুৱাহাটীত যোৱা ২৪  ডিচেম্বৰৰ পৰা দেওবাৰলৈ…
Read More
ৰাজ্যজুৰি আৰম্ভ হৈছে বিজেপিৰ দেৱাল লিখন কাৰ্যসূচী

ৰাজ্যজুৰি আৰম্ভ হৈছে বিজেপিৰ দেৱাল লিখন কাৰ্যসূচী

আগন্তুক বিধানসভাৰ নিৰ্বাচনক লৈ সাজু হৈছে শাসকীয় দল বিজেপি। আজিৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে বিজেপিৰ দেৱাল লিখন কাৰ্যসূচী। গুৱাহাটী মহানগৰীৰ খানাপাৰাত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত দেৱাল লিখন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই।
Read More
বন্ধাকবিত থকা ফিটা পলুৱে কাঢ়িলে প্ৰাণ! উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ ঘটনা

বন্ধাকবিত থকা ফিটা পলুৱে কাঢ়িলে প্ৰাণ! উত্তৰ প্ৰদেশত চাঞ্চল্যকৰ ঘটনা

বন্ধাকবিৰ ভিতৰত থকা ফিটা পলুৱে অকাল মৃত্যুৰ কাৰণ হৈ পৰিল এগৰাকী ১৭ বছৰীয়া ছাত্ৰীৰ। উত্তৰ প্ৰদেশৰ অমৰোহা জিলাৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰী ইলমাৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হোৱা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰে। চিকিৎসকৰ মতে, ফাষ্ট ফুডত ব্যৱহাৰ কৰা সংক্ৰমিত বন্ধাকবিৰ জৰিয়তে এই পৰজীৱীবিধ ছাত্ৰীগৰাকীৰ মগজুত প্ৰৱেশ কৰে আৰু তাৰ ফলতেই মগজুত গাঠিৰ সৃষ্টি হয়। দিল্লীৰ ডাঃ ৰাম মনোহৰ লোহিয়া হাস্পতালত মগজুৰ জটিল অস্ত্ৰোপচাৰ কৰা হৈছিল যদিও ছাত্ৰীগৰাকীক ৰক্ষা কৰা সম্ভৱ নহ’ল। প্ৰাপ্ত তথ্য অনুসৰি, উত্তৰ প্ৰদেশৰ আমৰোহা জিলাৰ চুচেলা কলা গাঁৱৰ নদীম আখতাৰৰ কন্যা ইলমা যোৱা এমাহ ধৰি তীব্ৰ জ্বৰ আৰু মূৰৰ বিষত আক্ৰান্ত হৈ আছিল। নয়ডাৰ এজন চিকিৎসকে স্বাস্থ্য পৰীক্ষাৰ…
Read More
১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত গুৱাহাটীত বাগৰুম্বা নৃত্য

১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত গুৱাহাটীত বাগৰুম্বা নৃত্য

মেগা বিহু আৰু ঝুমুই বিন্দিনিৰ পাছত এতিয়া অসম চৰকাৰে এইবাৰ বাগৰুম্বাৰ আয়োজন কৰিছে। সৰুসজাই ষ্টেডিয়ামত বড়ো সমাজে বিশ্ববাসীৰ আগত উপস্থাপন কৰিব বাগৰুম্বা নৃত্য। শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈ প্ৰস্তুতি পৰ্যালোচনা কৰে। সংবাদ মাধ্যমৰ আগত মন্ত্ৰী বিমল বৰাই কয় যে ১৭ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বাগৰুম্বা নৃত্য অনুষ্ঠান হ’ব। তেওঁ লগতে কয় যে এই অনুষ্ঠানত ২৩খন জিলাৰ ১০ হাজাৰৰো অধিক শিল্পীয়ে অংশগ্ৰহণ কৰিব। ৪, ৫, আৰু ৬ জানুৱাৰীত মাষ্টাৰ ট্ৰেইনাৰৰ প্ৰশিক্ষণ দিয়া হ’ব।
Read More
ৰাজ্যত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী

ৰাজ্যত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী

ৰাজ্যজুৰি অনুষ্ঠিত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ কাৰ্যসূচী আজি কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগতো আৰম্ভ হ’ল । আজি নতুন বছৰটোৰ প্ৰথম দিনাই হেলমেট পৰিধান নকৰা উদণ্ড বাইক চালকক নিয়ন্ত্ৰণ কৰিবলৈ ৰাজপথত সদলবলে উপস্থিত হ’ল যমৰাজ আৰু চিত্তগুপ্ত। হেলমেট নিপিন্ধি দুচকীয়া বাহন চলোৱা আইন উলংঘাকাৰী চালক শীঘ্ৰে নিয়ন্ত্ৰণলৈ নাহিলে যমনগৰীলৈ আদৰণি জনাই হাতে হাতে তুলি দিলে ৰঙা গোলাপৰ কলি ৷ ৰাজপথৰ মাজতে আগচি ধৰি আইন উলংঘাকাৰী চালকক যমৰাজে শুনালে যানবাহন চালনাৰ সতৰ্কবাণী। এনেকৈয়ে অগতানুগতিকভাৱে নাট্যকাৰ-পৰিচালক চন্দ্ৰশেখৰ দাসৰ পৰিচালনাত নেডফিমছৰ শিল্পীসকলৰ অভিনয়েৰে ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰাজ্যৰ ৰাজধানী চহৰখনত আৰম্ভ হ’ল। পথ-যানবাহন ব্যৱহাৰকাৰীৰ মাজত ব্যাপক সজাগতা সৃষ্টিত গুৰুত্ব দি দুৰ্ঘটনা…
Read More
পথ দুৰ্ঘটনাত আহত বলিউডৰ অভিনেতা আশীষ বিদ্যাৰ্থী

পথ দুৰ্ঘটনাত আহত বলিউডৰ অভিনেতা আশীষ বিদ্যাৰ্থী

পথ দুৰ্ঘটনাত পতিত হৈছে বলিউডৰ অভিনেতা আশীষ বিদ্যাৰ্থী। গুৱাহাটী মহানগৰীৰ জু ৰোডত সংঘটিত হৈছে এই ঘটনা। শুকুৰবাৰে মাজ নিশা মহানগৰী গীতানগৰ আৰক্ষী থানাৰ অন্তৰ্গত জু-ৰোডৰ দ্য গুৱাহাটী এড্ৰেছ নামৰ হোটেল খনৰ সন্মুখত সংঘটিত হয় এই  পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত বলীউডৰ বিখ্যাত অভিনেতা তথা অসমৰ জোঁৱাই আশীষ বিদ্যাৰ্থী আৰু তেওঁৰ পত্নী ৰূপালী বৰুৱা আঘাতপ্ৰাপ্ত হয়।
Read More
সুখদায়ক নহ’ল নৱবৰ্ষৰ আদৰণি! বনভোজলৈ গৈ কৰুণ মৃত্যু প্ৰজ্ঞাশ্ৰীৰ

সুখদায়ক নহ’ল নৱবৰ্ষৰ আদৰণি! বনভোজলৈ গৈ কৰুণ মৃত্যু প্ৰজ্ঞাশ্ৰীৰ

এটা বছৰক বিদায় দি আন এটা বছৰৰ আদৰণি জনোৱাৰ উল্লাসেৰে এতিয়া ভৰি পৰিছে ৰাজ্যৰ বনভোজস্থলীসমূহ। নতুন বছৰটোক সুখেৰে আদৰাৰ এই পৰিকল্পনাৰ মাজতে কাল অমানিশা নামি আহিল এটা পৰিয়াললৈ। ব্ৰহ্মপুত্ৰৰ পাৰত সমনীয়াৰ সৈতে পিকনিক খাবলৈ গৈ কৰুণ মৃত্যু ঘটে প্ৰজ্ঞাশ্ৰী ফুকন নামৰ এগৰাকী যুৱতীৰ। যোৰহাটৰ বাঘমৰা বনভোজস্থলীত সংঘটিত হয় এই মৰ্মান্তিক ঘটনা। ঘটনাৰ বিৱৰণী অনুসৰি, নৈত হাত ধুবলৈ যোৱাৰ সময়তে যুৱতীগৰাকী হঠাতে নদীৰ পলসত সোমাই পৰে। ইয়াৰ পাছতে যুৱতীগৰাকীক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। নিহত প্ৰজ্ঞাশ্ৰী ফুকন জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰী আছিল। ছাত্ৰীগৰাকীৰ এই অকাল মৃত্যুয়ে এতিয়া সমগ্ৰ অঞ্চলটোত…
Read More