অসম

ঝাৰখণ্ডৰ হাজাৰীবাগত ভয়ংকৰ বোমা বিস্ফোৰণঃ তিনিজনৰ থিতাতে মৃত্যু

ঝাৰখণ্ডৰ হাজাৰীবাগত ভয়ংকৰ বোমা বিস্ফোৰণঃ তিনিজনৰ থিতাতে মৃত্যু

ঝাৰখণ্ডৰ হাজাৰীবাগ সদৰ থানা অঞ্চলৰ অন্তৰ্গত হাবিবীনগৰত বুধবাৰে সংঘটিত হোৱা এটা শক্তিশালী বোমা বিস্ফোৰণৰ ঘটনাত তিনিজন লোকে প্ৰাণ হেৰুৱায়। এই ঘটনাত আন এজন ব্যক্তি গুৰুতৰভাৱে আহত হয়। মৃতসকলৰ ভিতৰত মহম্মদ ইউনুছৰ পুত্ৰ ছাদ্দাম আৰু নহী পৰবীন বুলি চিনাক্ত কৰা হৈছে যদিও আন এজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। বৰ্তমান সংকটজনক অৱস্থাত আহত ব্যক্তিজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। স্থানীয় লোকৰ ভাষ্য অনুসৰি, হাবিবীনগৰ অঞ্চলত জোপোহা চাফা কৰি থকাৰ সময়তে মাটিৰ তলত পুতি থোৱা এটা বোমা হঠাত্‍ বিস্ফোৰণ ঘটে। চাফাই কামত ব্যৱহৃত কোৰ বা আন কোনো সঁজুলিৰ আঘাত লাগিয়েই এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল…
Read More
এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত “হেঁপাহৰ ভোগালী” শীৰ্ষক অনুষ্ঠান

এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত “হেঁপাহৰ ভোগালী” শীৰ্ষক অনুষ্ঠান

উত্তৰ পূব সীমান্ত ৰেলৱেৰ অগ্ৰণী ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ হেড কোৱাৰ্টাৰ মহিলা শাখাৰ উদ্যোগত বিগত বৰ্ষৰ দৰে এইবেলিও উত্তৰ পূব সীমান্ত ৰেলৱেৰ মালিগাঁওস্থিত সদৰ কাৰ্যালয়ৰ সন্মুখৰ বাকৰিত মাঘ বিহুৰ উৰুকাৰ লগত সংগতি ৰাখি ১২ জানুৱাৰীত  দিনযোৰা কাৰ্যসূচীৰে "হেঁপাহৰ ভোগালী" শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়। বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক  সাধাৰণ সম্পাদক মুনীন শইকীয়াই। এই উপলক্ষে হেড কোৱাৰ্টাৰ মহিলা শাখাৰ সম্পাদিকা মিতালী দত্তই আঁত ধৰা অনুষ্ঠানটোত ভাষণ প্ৰসংগত মুনীন শইকীয়াই অসমীয়া জাতিৰ বাপটি সাহোন স্বৰুপ ভোগৰ উৎসৱ ভোগালী তথা মাঘ বিহুৱে জাতি, ধৰ্ম, ভাষা , সম্প্ৰদায় নিৰ্বিশেষে অসমত…
Read More
নিৰ্বাচন আয়ুক্তক অপৰাধমূলক গোচৰৰ পৰা আজীৱন ৰেহাই! কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

নিৰ্বাচন আয়ুক্তক অপৰাধমূলক গোচৰৰ পৰা আজীৱন ৰেহাই! কেন্দ্ৰ আৰু নিৰ্বাচন আয়োগলৈ উচ্চতম ন্যায়ালয়ৰ জাননী

গণতন্ত্ৰৰ অন্যতম স্তম্ভ নিৰ্বাচন আয়োগৰ মুৰব্বীসকলক আইনী প্ৰক্ৰিয়াৰ ঊৰ্ধত ৰখাৰ চৰকাৰী প্ৰচেষ্টাই এতিয়া দেশৰ সৰ্বোচ্চ আদালতৰ মজিয়া পাইছে। মুখ্য নিৰ্বাচন আয়ুক্ত আৰু নিৰ্বাচন আয়ুক্তসকলক তেওঁলোকৰ কাৰ্যকালৰ যিকোনো কামৰ বাবে আজীৱন দেৱানী আৰু ফৌজদাৰী গোচৰৰ পৰা ৰেহাই দিয়া এক নতুন আইনৰ বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে সোমবাৰে কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগলৈ জাননী জাৰি কৰে। মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ বিচাৰপীঠে এই বিষয়টো অত্যন্ত গুৰুত্বসহকাৰে গ্ৰহণ কৰি সমগ্ৰ প্ৰক্ৰিয়াটো পৰীক্ষা কৰাৰ সিদ্ধান্ত লয়। বিভাগীয় সূত্ৰই জানিবলৈ দিয়া মতে, 'মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যকাল) বিধেয়ক, ২০২৩'ৰ এটা বিশেষ ব্যৱস্থাক লৈ এই বিতৰ্কৰ সূত্ৰপাত…
Read More
বিশ্বৰ চাউল ৰপ্তানিৰ বজাৰত ভাৰতৰ একক আধিপত্য! থাইলেণ্ড-পাকিস্তানক পিছ পেলাই শীৰ্ষস্থানত দেশ

বিশ্বৰ চাউল ৰপ্তানিৰ বজাৰত ভাৰতৰ একক আধিপত্য! থাইলেণ্ড-পাকিস্তানক পিছ পেলাই শীৰ্ষস্থানত দেশ

ভাৰতীয় অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ কৃষিখণ্ডই এতিয়া দেশৰ সীমা অতিক্ৰমি বিশ্বৰ দৰবাৰত এক নতুন পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। চাউল উৎপাদনৰ ক্ষেত্ৰত অভিলেখ স্থাপন কৰাৰ পাছত এতিয়া ৰপ্তানিৰ বজাৰতো ভাৰতে বিশ্বৰ শীৰ্ষস্থান দখল কৰিছে। বাছমতিয়েই হওক বা উখোৱা চাউলেই হওক, বিগত বৰ্ষত ভাৰতে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বৃহৎ পৰিমাণৰ চাউল ৰপ্তানি কৰি নিজৰ আধিপত্য বজাই ৰাখিছে। চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে, বিশ্বজুৰি হোৱা মুঠ চাউল ৰপ্তানিৰ ১৯.৪ শতাংশই কেৱল ভাৰতৰ পৰা যোগান ধৰা হয়। ৰপ্তানিৰ এই তালিকাত ভাৰতৰ পাছতে থাইলেণ্ড, ভিয়েটনাম আৰু পাকিস্তানৰ দৰে দেশৰ নাম আছে যদিও এই তিনিওখন দেশৰ মুঠ ৰপ্তানিৰ পৰিমাণ ভাৰততকৈ বহু পৰিমাণে কম। এগৰাকী উচ্চপদস্থ বিষয়াই সদৰী কৰিছে…
Read More
সংকটত কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰ! প্ৰয়োজন হ’লেই দিল্লীলৈ তলব কৰা হ’ব সিদ্ধাৰামাইয়া-শিৱকুমাৰক

সংকটত কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰ! প্ৰয়োজন হ’লেই দিল্লীলৈ তলব কৰা হ’ব সিদ্ধাৰামাইয়া-শিৱকুমাৰক

দক্ষিণ ভাৰতৰ ৰাজনৈতিক প্ৰেক্ষাপটত ক্ষমতাৰ সমীকৰণক লৈ চলি থকা আভ্যন্তৰীণ খামখেয়ালিৰ মাজতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই এতিয়া কঠোৰ স্থিতি গ্ৰহণ কৰাৰ ইংগিত দিছে। কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেই সোমবাৰে স্পষ্ট কৰি দিয়ে যে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়া আৰু উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰক "প্ৰয়োজন হ’লেই" দিল্লীলৈ তলব কৰা হ’ব। কৰ্ণাটক চৰকাৰৰ নেতৃত্বক লৈ সৃষ্টি হোৱা জটিলতা আৰু দুই শীৰ্ষ নেতাৰ মাজৰ শীতল যুদ্ধৰ চৰ্চাৰ মাজতে খাৰ্গেৰ এই মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে। ৰাজনৈতিক সূত্ৰই জানিবলৈ দিয়া মতে, উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰে ইতিমধ্যে খাৰ্গেৰ সৈতে প্ৰায় ৪৫ মিনিট ধৰি এক সুদীৰ্ঘ আলোচনাত মিলিত হৈছে। ইফালে, মঙলবাৰে মহীশূৰ বিমানবন্দৰত লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীকো দুয়োগৰাকী…
Read More
কক্ষচ্যুত উত্তৰ-পূবৰ প্ৰথমটো উপগ্ৰহ! মহাকাশত বিজুতিৰ ফলত ‘লাচিত-১’ৰ সৈতে সংযোগ বিচ্ছিন্ন ইছৰ’ৰ

কক্ষচ্যুত উত্তৰ-পূবৰ প্ৰথমটো উপগ্ৰহ! মহাকাশত বিজুতিৰ ফলত ‘লাচিত-১’ৰ সৈতে সংযোগ বিচ্ছিন্ন ইছৰ’ৰ

অসমৰ বৈজ্ঞানিক চিন্তা আৰু ছাত্ৰ-ছাত্ৰীৰ অপৰিসীম পৰিশ্ৰমৰ এক ঐতিহাসিক যাত্ৰাৰ যেন এক মৰ্মান্তিক আৰু অনিশ্চিত পৰিণতি ঘটিল মহাকাশৰ বুকুত। গুৱাহাটীৰ অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত নিৰ্মিত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো উপগ্ৰহ 'লাচিত-১' আজি পুৱা হায়দৰাবাদৰ ধ্ৰুৱ স্পেচৰ পৰা উৎক্ষেপণ কৰা হয় যদিও নিৰ্দিষ্ট লক্ষ্যত উপনীত হোৱাৰ পূৰ্বেই ইছৰ’ৰ সৈতে ইয়াৰ যোগাযোগ বিচ্ছিন্ন হয়। সোণাপুৰৰ ডন বস্কো বিশ্ববিদ্যালয়ৰ কেম্পাছত অনলাইন মাধ্যমেৰে এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ উৎসাহিত হৈ থকা ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলৰ মাজত এই খবৰে শোকৰ ছাঁ পেলাইছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সূত্ৰই জানিবলৈ দিয়া মতে, শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ পৰা পি এছ এল ভি চি-৬২ ৰকেটৰ সহায়ত আজি পুৱা…
Read More
জুবিন গাৰ্গৰ হত্যাৰ বিচাৰত ফাষ্টট্ৰেক আদালতৰ বাবে সাজু চৰকাৰঃ জনালে মুখ্যমন্ত্ৰীয়ে

জুবিন গাৰ্গৰ হত্যাৰ বিচাৰত ফাষ্টট্ৰেক আদালতৰ বাবে সাজু চৰকাৰঃ জনালে মুখ্যমন্ত্ৰীয়ে

ৰাজ্যৰ সাংস্কৃতিক জগতৰ অপূৰণীয় ক্ষতি আৰু এক আবেগিক যন্ত্ৰণাৰ উপশম ঘটাবলৈ চৰকাৰে এতিয়া আইনী প্ৰক্ৰিয়াত অধিক ক্ষিপ্ৰতা আনিবলৈ তৎপৰ হৈ পৰিছে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ হত্যাৰ ন্যায়িক বিচাৰ অহা মাহৰ পৰা ফাষ্টট্ৰেক আদালতত হোৱাৰ ইংগিত দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে বোকাখাতত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে চৰকাৰৰ পক্ষ আদালতত জোৰদাৰভাৱে ৰাখিবলৈ ইতিমধ্যে বিশেষ পাব্লিক প্ৰচিকিউটৰ টীম গঠন কৰা হৈছে আৰু অহা মাহত ফাষ্টট্ৰেক আদালতৰ বাবে মুখ্য ন্যায়াধীশক আবেদন জনোৱা হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, “বিশেষ পাব্লিক প্ৰচিকিউটৰ নিয়োগ কৰা হৈছে আৰু তেওঁলোকে চৰকাৰক জনোৱাৰ পাছতে আমি ফাষ্টট্ৰেক আদালতৰ বাবে আবেদন কৰিম।” ইয়াৰ সমান্তৰালভাৱে ৰাজ্যবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনাই…
Read More
আৰক্ষী থানাৰ ভিতৰতে পত্নীক গুলীয়াই হত্যা! উত্তৰ প্ৰদেশৰ হৰদৈত স্বামীৰ বৰ্বৰ কাণ্ড

আৰক্ষী থানাৰ ভিতৰতে পত্নীক গুলীয়াই হত্যা! উত্তৰ প্ৰদেশৰ হৰদৈত স্বামীৰ বৰ্বৰ কাণ্ড

সুৰক্ষিত বুলি গণ্য কৰা আৰক্ষী থানাৰ চৌহদতে এগৰাকী মহিলাক গুলীয়াই হত্যা কৰাৰ এক চাঞ্চল্যকৰ ঘটনাই এতিয়া উত্তৰ প্ৰদেশৰ নিৰাপত্তা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। হৰদৈ জিলাৰ পালি আৰক্ষী থানাৰ ভিতৰতে সোমবাৰে পুৱা ৩৬ বছৰীয়া অনুপ নামৰ এজন ব্যক্তিয়ে নিজ পত্নীক গুলীয়াই হত্যা কৰে। আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে এগৰাকী মহিলা কনিষ্টবলে ভুক্তভোগীগৰাকীক কেণ্টিনলৈ লৈ যোৱাৰ সময়তে এই মৰ্মান্তিক হত্যাকাণ্ডটো সংঘটিত হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে, অনুপে পাঁচ দিন পূৰ্বে তেওঁৰ পত্নী ছোনীৰ বিৰুদ্ধে ঘৰৰ পৰা অলংকাৰ আৰু নগদ ৩৫,০০০ টকা লৈ পলাই যোৱাৰ অভিযোগত এখন এজাহাৰ দাখিল কৰিছিল। দেওবাৰে আৰক্ষীয়ে ছোনীক বিচাৰি উলিয়াই আইনী প্ৰক্ৰিয়াৰ বাবে…
Read More
এন এফ ৰেলৱে এম্পলইজৰ উদ্যোগত শ্ৰমিক নেতা পবেন্দ্ৰ নাথ কলিতাক সোঁৱৰণ

এন এফ ৰেলৱে এম্পলইজৰ উদ্যোগত শ্ৰমিক নেতা পবেন্দ্ৰ নাথ কলিতাক সোঁৱৰণ

বিশিষ্ট শ্ৰমিক নেতা, উত্তৰ পূব সীমান্ত ৰেলৱেৰ অগ্ৰণী ট্ৰেড ইউনিয়ন এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ  কেন্দ্ৰীয় কমিটিৰ প্ৰাক্তন সভাপতি , ৰেলৱেৰ অৱসৰপ্ৰাপ্ত অধীক্ষক পবেন্দ্ৰ নাথ কলিতাৰ  ১৯ সংখ্যক মৃত্যু তিথিৰ লগত সংগতি ৰাখি ৭ জানুৱাৰীৰ দিনা সন্ধিয়াৰ ভাগত  এম্পলইজ ইউনিয়নৰ উদ্যোগত কেন্দ্ৰীয়, মাণ্ডলিক আৰু শাখা ভিত্তিত সোঁৱৰণ কৰা হয়। সন্ধিয়া ইউনিয়নৰ পাণ্ডুস্থিত মূখ্য কাৰ্যালয়ত আয়োজিত অনুষ্ঠানটোত পবেন্দ্ৰ নাথ কলিতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে কলিতাৰ পুত্ৰ দেৱজিৎ কলিতাই। এই উপলক্ষে ইউনিয়নৰ কেন্দ্ৰীয় কমিটিৰ উপ সভাপতি ত্ৰিদীপ মজুমদাৰে আঁত ধৰা অনুষ্ঠানটোত ইউনিয়নৰ যুটীয়া সাধাৰণ সম্পাদকদ্বয় প্ৰকাশ বৰ্মন আৰু দেবাশীষ মুখাৰ্জী , কোষাধক্ষ্য জোন দাস, সহকাৰী সাধাৰণ সম্পাদক তথা প্ৰচাৰ গোটৰ…
Read More
খেলপথাৰত বেটিং কৰি থাকোতেই হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু মিজোৰামৰ প্ৰবীণ ক্ৰিকেটাৰৰ

খেলপথাৰত বেটিং কৰি থাকোতেই হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু মিজোৰামৰ প্ৰবীণ ক্ৰিকেটাৰৰ

ক্ৰিকেট খেলি থকাৰ সময়তে হঠাৎ ক্ৰীড়াঙ্গনত ঢলি পৰি মৃত্যুক সাৱটিলে এগৰাকী প্ৰবীণ ক্ৰিকেটাৰে। মিজোৰামৰ ৩৮ বছৰীয়া অভিজ্ঞ ক্ৰিকেটাৰ খাউলহ্ৰিং লালৰেমৰুৱাতাইৰ আকস্মিক মৃত্যুৱে শোকস্তব্ধ কৰি তুলিছে ক্ৰিকেট মহলক। বৃহস্পতিবাৰে চিহ্মুইৰ চুৱাকা খেলপথাৰত এখন ক্ৰিকেট মেচত অংশ লোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা। খেলৰ মাজভাগলৈকে সকলো স্বাভাৱিক হৈ আছিল যদিও কিছু সময়ৰ পাছতে খেলপথাৰত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। বেটিং সম্পূৰ্ণ কৰাৰ মাত্ৰ কেইমিনিটমানৰ পাছতে খেলুৱৈগৰাকীয়ে বুকুত তীব্ৰ বিষ অনুভৱ কৰে আৰু হঠাতে ঢলি পৰে। ক্ৰিকেট এছ’চিয়েশ্যন অৱ মিজোৰামৰ উদ্যোগত আয়োজিত খালেদ মেম’ৰিয়েল দ্বিতীয় ডিভিজন স্ক্ৰীনিং টুৰ্ণামেণ্টত লালৰেমৰুৱাতাই ভি আৰ চি চি দলক প্ৰতিনিধিত্ব কৰিছিল। চাউনপুই আই এল এম অ’ ভি ক্ৰিকেট…
Read More