অসম

কানলৈ প্ৰথমজন অসমীয়া মে’কআপ আৰ্টিষ্ট

কানলৈ প্ৰথমজন অসমীয়া মে’কআপ আৰ্টিষ্ট

 ৭৬ সংখ্যক  কান চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থাকি নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ লাভ কৰিছে চেলিব্ৰেটী মে'কআপ আৰ্টিষ্ট তথা হেয়াৰ ষ্টাইলিষ্ট বিজয়জিৎ শইকীয়াই । এই গৌৰৱ কঢ়িয়াই অনা তেওঁ প্ৰথমজন অসমীয়া মে'কআপ আৰ্টিষ্ট। মহোৎসৱটোলৈ আমন্ত্ৰিত হোৱা কুইন অৱ দ্যা ৱৰ্ল্ড - ইণ্ডিয়াৰ চি ই অ' উৰ্মিলা বৰুৱা আৰু ২০২৩-২৪ৰ 'মিছেছ ইণ্ডিয়া'ৰ খিতাপধাৰী তথা 'কুইন অৱ দ্য ৱৰ্ল্ড - ইণ্ডিয়া'ৰ বিজয়ী প্ৰিয়া ছেগীৰ মে'কআপ আৰ্টিষ্ট তথা হেয়াৰ ষ্টাইলিষ্ট হিচাপে  বিজয়জিতে এই মহোৎসৱলৈ যোৱাৰ সুযোগ লাভ কৰিছে ।
Read More
২৪ মে’ত ছবিগৃহলৈ নতুন অসমীয়া চলচ্চিত্ৰ প্ৰতিশ্ৰুতি

২৪ মে’ত ছবিগৃহলৈ নতুন অসমীয়া চলচ্চিত্ৰ প্ৰতিশ্ৰুতি

গুৱাহাটী সমগ্ৰ অসমৰ ৫৫টা ছবিগৃহত ২৪ শুক্ৰবাৰে  মুক্তি লাভ কৰিব মধুৰ চিনে আৰ্টৰ বেনাৰত ৰাতুল চন্দ্ৰ বৰুৱা প্ৰযোজিত আৰু কিশোৰ তহবিলদাৰ পৰিচালিত অসমীয়া চলচ্চিত্ৰ "প্ৰতিশ্ৰুতি"৷এই উদ্দেশ্যে  আজি গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা এক সংবাদমেল সম্বোধন কৰি ছবিখনৰ প্ৰযোজক- পৰিচালক আৰু ছবিখনত অভিনয় কৰা শিল্পীসকলৰ লগতে অন্যান্য কলাকুশলীসকলে সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে ছবিখনৰ প্ৰচাৰৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ সহায়- সহযোগিতা কামনা কৰে৷ আজিৰ সংবাদ মেলত  জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ,প্লাৱিতা বৰঠাকুৰ ,সিদ্ধাৰ্থ কাশ্যপ,সংগীত শিল্পী ৰূপম ভূঞা আদি উপস্থিত থাকে৷ মধুৰ চিনে আৰ্টৰ বেনাৰত নিৰ্মিত প্ৰতিশ্ৰুতি ছবিখন ড্ৰাগচৰ অন্ধকাৰ জগতৰ পটভূমিত এদল সাহসী আইন ৰক্ষকৰ ন্যায় যুঁজৰ কাহিনীৰে  আগবঢ়াই নিয়া হৈছে৷
Read More
ভাৰত ভ্ৰমণলৈ অহা অষ্ট্ৰেলিয়াৰ শিশুৰ দেহলৈ ‘বাৰ্ড ফ্লু’ সংক্ৰমণ

ভাৰত ভ্ৰমণলৈ অহা অষ্ট্ৰেলিয়াৰ শিশুৰ দেহলৈ ‘বাৰ্ড ফ্লু’ সংক্ৰমণ

মানৱ দেহলৈ 'বাৰ্ড ফ্লু' সংক্ৰমণ বিয়পাৰ প্ৰথমটো ঘটনা পোহৰলৈ আহিছে। অষ্ট্ৰেলিয়াই মানুহৰ ক্ষেত্ৰত 'বাৰ্ড ফ্লু' সংক্ৰমণৰ কথা ঘোষণা কৰিছে। অষ্ট্ৰেলিয়াৰ স্বাস্থ্য বিভাগে কয় যে ভাৰতত থাকোতে কেইসপ্তাহমান আগতে এটি শিশু এই ভাইৰাছত আক্ৰান্ত হৈছিল। স্বাস্থ্য বিভাগে বুধবাৰে সংবাদ মাধ্যমক এই তথ্য আগবঢ়ায়। এইটো কোৱা হৈছিল যে শিশুটো এতিয়াও সুস্থ। ভিক্টোৰিয়াত এটি শিশুৰ এই ৰোগৰ বাবে পজিটিভ টেষ্ট কৰা হৈছিল। শিশুটি কেইসপ্তাহমান আগতে ভাৰত ভ্ৰমণ কৰিছিল, ভাৰতত থাকোতে এইচ৫এন১ ফ্লুত আক্ৰান্ত হৈছিল আৰু এই বছৰৰ মাৰ্চত অসুস্থ আছিল। ভিক্টোৰিয়া স্বাস্থ্য বিভাগে কয় যে মানৱ দেহলৈ বাৰ্ড ফ্লু এইচ৫এন১ সংক্ৰমণৰ এটা ঘটনা প্ৰতিবেদিত হৈছে। ভিক্টোৰিয়াত প্ৰাদুৰ্ভাৱ হোৱাৰ কোনো লক্ষণ নাই আৰু ই…
Read More
শালকাঠনিত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ

শালকাঠনিত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ

শিৱসাগৰ জিলাৰ আমগুৰি নামতিৰ শালকাঠনি গাঁৱখনৰ বাবু বৰা নামৰ যুৱকজনৰ ঘৰৰ চোতালত নিশা উদ্ধাৰ হয় বনৰৌ | জানিব পৰা মতে উক্ত নিশা যুৱকজনৰ চোতালত কুকুৰে চিঞৰ-বাখৰ লগোৱাত পৰিয়ালৰ লোকসকল বাহিৰলৈ ওলাই অহাৰ পিছতেই বনৰৌটো প্ৰত্যক্ষ কৰে | অৱশেষত বন বিভাগৰ লোক আহি ঘটনাস্থলীৰ পৰা দুষ্প্ৰাপ্য বনৰৌটো চমজি লয় |
Read More
নাৰেংগীত ৰেলৰ খুন্দাত বালাপাৰাৰ দুজন শ্ৰমিকৰ মৃত্যু

নাৰেংগীত ৰেলৰ খুন্দাত বালাপাৰাৰ দুজন শ্ৰমিকৰ মৃত্যু

গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত বহতীৰ বালাপাৰা গাঁওৰ হাফিজুৰ ৰহমান (৩৫) আৰু ছহিনুৰ ইছলাম (১৮) নামৰ দুগৰাকী শ্ৰমিকৰ মৃত্যুৰ খৱৰ পোৱাৰ লগে লগে হাহাকাৰ লাগে দুয়োটা পৰিয়ালৰ মাজত৷ দুয়োজন শ্ৰমিকৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগে শোকত ভাগি পৰিছে পৰিয়াল তথা আত্মীয় স্বজনৰ লগতে অঞ্চলবাসী ৰাইজ৷পৰিয়ালৰ লোকে ব্যক্ত কৰা মতে,পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবেই মাত্ৰ এসপ্তাহ পূৰ্বে গুৱাহাটীলৈ শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছিল হাফিজুৰ ৰহমান আৰু ছহিনুৰ ইছলামৰ লগত অঞ্চলটোৰ আন কেইবাজন ব্যক্তি৷ জানিব পৰা মতে,অইন দিনাৰ দৰে শনিবাৰৰ দিনাও পুৱাই কাম কৰিবলৈ ওলাই যোৱা পাঁচজন শ্ৰমিকে নাৰেংগী ষ্টেচনৰ সমীপৰ ৰেল লাইন পাৰ হওঁতেই নামনিমুৱা ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছে মহটিয়াই নিয়ে…
Read More
বৰপেটা জিলা কমিটি গঠন

বৰপেটা জিলা কমিটি গঠন

অসম বাঙালী পৰিষদৰ বৰপেটা জিলা কমিটি গঠন সভাত অতিথি হিচাপে উপস্থিত থাকি সদৌ অসম বাঙালী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰদীপ কুমাৰ নাগে অসমত বসবাস কৰা হিন্দু বাঙালী সকলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰে । সভাত ৰীতা নাগক সভাপতি, ৰাজা সাহাক কাৰ্যকাৰী সভাপতি, দীপক ঘোষক উপ-সভাপতি,  প্ৰনয় দে'ক সাধাৰণ সম্পাদক, সুমিত দে (ৰনী)ক যুটীয়া সম্পাদক, ৰাজেন্দ্ৰ সৰকাৰক সাংগঠনিক সম্পাদক, বিনয় দে'ক সাংস্কৃতিক সম্পাদকৰ লগতে প্ৰচাৰ সম্পাদক, কাৰ্যকৰী সদস্য হিচাপে লৈ ২১ জনীয়া এক শক্তিশালী বৰপেটা জিলা সমিতি গঠন কৰা হয় ।
Read More
কালঝাৰ সত্ৰৰ আয়ুস ৰেখা পল্লা নদীত ব্যাপক খননৰ অভিযোগ

কালঝাৰ সত্ৰৰ আয়ুস ৰেখা পল্লা নদীত ব্যাপক খননৰ অভিযোগ

গোপাল আতাৰ দ্বাৰা স্থাপিত ঐতিহ্যমণ্ডিত হাউলীৰ কালঝাৰ সত্ৰৰ গাতে লাগি থকা তথা সত্ৰখনৰ আয়ুসৰেখা হিচাপে পৰিচিত পল্লা নদীত চৰকাৰৰ বিধিগত অনুমতি নোহোৱাকৈ ব্যাপক হাৰত খনন কাৰ্য্য চলোৱা কাৰ্য্যই নদীপৰীয়া ৰাইজক সংকিত কৰি তুলিছে। সংগ্ৰামী সতীৰ্থ সন্মিলন হাউলীৰ উপদেষ্টা যুগান্ত বায়ন আৰু মহানন্দ কুমাৰ পাঠকে বৰপেটাৰোড বন বিভাগৰ শীৰ্ষ বিষয়াৰ লগত এই দুষ্টচক্ৰটোৰ থকা অবৈধ বুজাবুজিৰ বাবে কালঝাৰ সত্ৰৰ লগত জড়িত লোকসকলৰ লগতে পল্লা নদীখনক কেন্দ্ৰ কৰি গঢ়ি উঠা এক বৃহৎ অঞ্চলৰ ৰাইজৰ আয়ুসৰেখা পল্লা নদীখন ভৱিষ্যতৰ বাবে প্ৰবাহিত হৈ থকাৰ ক্ষেত্ৰত তীব্ৰ ভাবুকিৰ সন্মুখীন হোৱা বুলি এক বিবৃতি যোগে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এই সন্দৰ্ভত সতীৰ্থ সন্মিলন হাউলীৰ পৰা প্ৰকাশ…
Read More
এছিয়ান মিছন ইনষ্টিটিউট অব ফাৰ্মাছিটিকেল চাইন্স এণ্ড নাৰ্ছিংত বাৰ্ষিক অধিবেশন তথা বঁটা বিতৰণী সভা সম্পন্ন

এছিয়ান মিছন ইনষ্টিটিউট অব ফাৰ্মাছিটিকেল চাইন্স এণ্ড নাৰ্ছিংত বাৰ্ষিক অধিবেশন তথা বঁটা বিতৰণী সভা সম্পন্ন

কয়াকুছিস্থিত ব্যক্তিগত খণ্ডৰ অগ্ৰণী ফাৰ্মাছিটিকেল চাইন্স এণ্ড নাৰ্ছিং শিক্ষানুষ্ঠান এছিয়ান মিছন ইনষ্টিটিউটৰ কালি দিন ব্যাপি বিস্তৃৰ্ণ কাৰ্যক্ৰমণিকাৰে বাৰ্ষিক অধিবেশন তথা বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। এছিয়ান মিছন ইনষ্টিটিউটৰ পৰিচালনা সঞ্চালক ডাঃ আব্দুল কদ্দুছ শিকদাৰৰ তত্বাৱধানত আয়োজিত বাৰ্ষিক অধিবেশন তথা বঁটা বিতৰণী অনুষ্ঠানত পুৰস্কাৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীক বঁটা বিতৰণ কৰা হয়। উক্ত বঁটা বিতৰণী অনুষ্ঠানত মুখ্য অতিথি হিচাপে ক্ৰমে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ, বৰপেটা জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক কাৰ্যালয়ৰ মুখ্য চিকিৎসা তথা স্বাস্থ্য বিষয়া ডাঃ হাসমত আলী,পাঠশালা ছাব ডিভিজন চিভিল হস্পিটালৰ জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ নুৰ ইছলাম, এছিয়ান মিছন ইনষ্টিটিউট অব ফাৰ্মাছিটিকেল চাইন্সৰ অধ্যাপক ড° সুমিত দাস, অধ্যক্ষা কুসুম…
Read More
ভেল্লাত ৰঙালী বিহু উদযাপন

ভেল্লাত ৰঙালী বিহু উদযাপন

১৯৭১ চনৰ পৰাই ভেল্লাৰ ভূমিপুত্ৰ মুছলমান লোকসকলে বিহু পাতি আহিছে। তাৰ বাবে ভেল্লাৰ খিলঞ্জীয়া গৰিয়া মুছলমানক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন। গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি নুৰুল হকে ভেল্লাৰ বিহুত অংশগ্ৰহণ কৰি কয়-আহোম সকলৰ সৈতে বিহু উদযাপন কৰি আহিছে গৰিয়া মৰিয়া দেশী লোকসকলে । বৰপেটাৰ খিলঞ্জীয়া গৰিয়া মুছলমান অধ্যুষিত ভেল্লা আঞ্চলিক যুৱক সমাজ আৰু গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ ভেল্লা আঞ্চলিক সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে অনুষ্ঠিত হয় এইবিহু | উপস্থিত থাকি উত্তৰ-পূৱ খিলঞ্জীয়া গণ মঞ্চৰ সভাপতি অনুপ চেতিয়াই কয়-অসমীয়া ভাষা, সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত অহোপুৰুষাৰ্থ সংগ্ৰাম কৰি আহিছে গৰিয়া মুছলমান লোকসকলে। এই গৰিয়া সকলক সমষ্টি পুন নিৰ্ধাৰণৰ জৰিয়তে ৰাজনৈতিক ভাৱে হত্যা…
Read More
নিউজ ক্লিকৰ সম্পাদক প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰ অবৈধ আখ্যা উচ্চতম ন্যায়ালয়ৰ

নিউজ ক্লিকৰ সম্পাদক প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰ অবৈধ আখ্যা উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে বুধবাৰে ইউএপিএ গোচৰত দিল্লী আৰক্ষীয়ে নিউজ ক্লিকৰ সম্পাদক প্ৰবীৰ পুৰকায়স্থক গ্ৰেপ্তাৰ কৰাটো অবৈধ বুলি অভিহিত কৰে। আদালতে প্ৰবীৰ পুৰকায়স্থৰ মুক্তিৰ নিৰ্দেশো জাৰি কৰে। দৰাচলতে, দিল্লী আৰক্ষীয়ে নিউজ ক্লিকত চীনা পুঁজিৰ সৈতে ভাৰত বিৰোধী কাৰ্যকলাপৰ অভিযোগত পুৰকায়স্থক গ্ৰেপ্তাৰ কৰিছিল।  তেতিয়াৰ পৰা তেওঁ কাৰাগাৰত আছিল। পুৰকায়স্থই দিল্লী আৰক্ষীৰ দ্বাৰা তেওঁৰ গ্ৰেপ্তাৰ আৰু ৰিমাণ্ডক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছিল।উচ্চতম ন্যায়ালয়ে পুৰকায়স্থৰ গ্ৰেপ্তাৰ আৰু আইনৰ দৃষ্টিত ৰিমাণ্ড অবৈধ বুলি অভিহিত কৰে আৰু তেওঁক মুক্তিৰ নিৰ্দেশ জাৰি কৰে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ সন্দীপ মেহতাই এই গোচৰটোৰ শুনানি ৩০ এপ্ৰিলত সম্পূৰ্ণ কৰে। পুৰকায়স্থ যোৱা বছৰৰ ৩ অক্টোবৰৰ পৰা ইউএপিএৰ অধীনত কাৰাগাৰত…
Read More