অসম

কৰ্তব্যৰত অৱস্থাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত বনৰক্ষী দিলীপ কোঁৱৰক বন শ্বহীদ ঘোষণা অসম বন কৰ্মচাৰী সন্থাৰ ; পৰিয়ালক উপযুক্ত আর্থিক ক্ষতিপূৰণসহ নিযুক্তিৰ দাবী

কৰ্তব্যৰত অৱস্থাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত বনৰক্ষী দিলীপ কোঁৱৰক বন শ্বহীদ ঘোষণা অসম বন কৰ্মচাৰী সন্থাৰ ; পৰিয়ালক উপযুক্ত আর্থিক ক্ষতিপূৰণসহ নিযুক্তিৰ দাবী

ৰাজ্যৰ বিভিন্ন প্ৰান্তত মাজে সময়ে বনৰীয়া হাতী বা আন জীৱ - জন্তুৰ আক্ৰমণত বন আৰু বন্যপ্ৰাণী সুৰক্ষাৰ দায়িত্বত নিয়োজিত কেবাজনো  বনকৰ্মীৰ মৃত্যু হোৱাৰ কেবাটাও ঘটনা সংঘটিত হৈছে।  ইয়াৰ মাজতে ২৯ জানুৱাৰীৰ দিনা পুৱতি নিশা  বন বিভাগৰ নগাওঁ বন সংমণ্ডলৰ শালনা বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ অধীনৰ শিলঘাট খণ্ড বন বিষয়া কাৰ্যালয়ৰ  বনৰক্ষী দিলীপ কোঁৱৰ (৫৬) বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা সাধাৰণ ৰাইজক ৰক্ষা কৰিবলৈ গৈ হাতীৰ আক্ৰমণত ওলোটাই নিজেই নিহত হবলগীয়া হয়। এই কৰুণ ঘটনাই সাধাৰণ ৰাইজৰ লগতে বন বিভাগত শোকৰ ছাঁ পেলাইছে। আনহাতে  কৰ্তব্যৰত  অৱস্থাত এনে এক শোকাবহ অৱস্থাত  ঘটনাত দুজনকৈ বনকৰ্মী নিহত হোৱা ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে অসম বন কৰ্মচাৰী…
Read More
ইউজিচিৰ নতুন নিয়মাৱলীৰ ওপৰত স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ

ইউজিচিৰ নতুন নিয়মাৱলীৰ ওপৰত স্থগিতাদেশ জাৰি উচ্চতম ন্যায়ালয়ৰ

দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহত জাতিগত বৈষম্য ৰোধৰ বাবে গ্ৰহণ কৰা এক বিতৰ্কিত পদক্ষেপে বৰ্তমান আইনী জটিলতাৰ সৃষ্টি কৰিছে। বিশ্ববিদ্যালয় অনুদান আয়োগে শেহতীয়াকৈ জাৰি কৰা ২০২৬ চনৰ নতুন নিৰ্দেশনাৰ ওপৰত বৃহস্পতিবাৰে ভাৰতৰ উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰে। মুখ্য ন্যায়াধীশ সূৰ্য কান্ত আৰু ন্যায়াধীশ জয়মাল্য বাগচীৰ বিচাৰপীঠে কেন্দ্ৰীয় চৰকাৰ আৰু ইউজিকিক এই সন্দৰ্ভত জাননী প্ৰেৰণ কৰিছে। উল্লেখ্য যে, ‘প্ৰমোচন অৱ ইকুইটি ইন হায়াৰ এডুকেশ্যন ইনষ্টিটিউচন ৰেগুলেশ্যন, ২০২৬’ নামৰ এই নতুন নিয়মাৱলীৰ বিৰুদ্ধে দেশজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল ‘সাধাৰণ শ্ৰেণী’ৰ শিক্ষাৰ্থীসকলে। তেওঁলোকৰ মতে, কেৱল অনুসূচিত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীক সামৰি লোৱা এই নিয়মে সমাজত বিভাজন সৃষ্টি কৰাৰ থল আছে। উচ্চতম ন্যায়ালয়েও পৰ্যবেক্ষণ…
Read More
জাৱৰত জুই লগাবলৈ গৈ অগ্নিদগ্ধ হৈছিল পুত্ৰ! বচাবলৈ গৈ মৃত্যু মাতৃৰো

জাৱৰত জুই লগাবলৈ গৈ অগ্নিদগ্ধ হৈছিল পুত্ৰ! বচাবলৈ গৈ মৃত্যু মাতৃৰো

অৱসাৱধানতাই চৰম কাল হৈ নামি আহিল এটা পৰিয়ালৰ। বাৰীৰ পিছফালে জাৱৰ জ্বলাবলৈ গৈ নিজেই অগ্নিদগ্ধ হৈ মৃত্যুক সাৱটিবলগীয়া হ’ল এহাল মাতৃৃ-পুত্ৰই। ৰঙিয়াৰ কানিকুছি ভয়ৰাত সংঘটিত এক শোকাৱহ অগ্নিকাণ্ডৰ ঘটনাই সমগ্ৰ অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। মৃত মাতৃগৰাকীক ৰীতামণি চৌধুৰী (৪৫) আৰু পুত্ৰ মোজাক্কিৰ হুছেইন (১৯) বুলি চিনাক্ত কৰা হৈছে। এই মৰ্মান্তিক দুৰ্ঘটনাটোৰ সূত্ৰপাত ঘটে ঘৰৰ পিছফালে থকা জাবৰ জ্বলোৱাক কেন্দ্ৰ কৰি। পুত্ৰ মোজাক্কিৰে জাবৰখিনিত পেট্ৰ'ল ঢালি জুই জ্বলাই দিয়াৰ সময়তে দুৰ্ভাগ্যবশতঃ তেওঁৰ নিজৰ গাতো জুই লাগে। তীব্ৰ যন্ত্ৰণাত ছটফটাই থকা পুত্ৰক জুইৰ পৰা ৰক্ষা কৰিবলৈ গৈ মাতৃ ৰীতামণি চৌধুৰীও জুইৰ কবলত পৰে। ফলত মাতৃ-পুত্ৰ দুয়োগৰাকীয়ে গুৰুতৰভাৱে অগ্নিদগ্ধ হয় আৰু পৰৱৰ্তী…
Read More
পলাশবাৰী – শুৱালকুছি দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ উদ্যোগত পথ সুৰক্ষা সজাগতা কাৰ্যসূচী

পলাশবাৰী – শুৱালকুছি দলং নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ উদ্যোগত পথ সুৰক্ষা সজাগতা কাৰ্যসূচী

গুৱাহাটী মহানগৰীৰ পৰা কিছু নিলগৰ দক্ষিণ কামৰূপৰ এসময়ৰ বাণিজ্যিক চহৰ পলাশবাৰীৰ সমীপৰ  মাজিৰগাওঁ আৰু অসমৰ মানচেষ্টাৰ স্বৰূপ উত্তৰ কামৰূপৰ শুৱালকুছিৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত বিগত প্ৰায় এক বছৰ চাৰি মাহ ধৰি চলি আছে চাৰিলেনযুক্ত দলং নিৰ্মাণৰ কাম । দলংখনৰ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে দেশৰ লগতে বিশ্বৰ বিভিন্ন দেশত দলং, সুৰংগ আদিৰ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সুনাম থকা লাৰ্চেন এণ্ড টাৰ্বো ( এল এণ্ড টি ) নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে। ইফালে দুয়োটা মূৰৰ পৰা চলি থকা দলঙৰ নিৰ্মাণকাৰ্যৰ বাবে দুয়োফালে ব্যস্ততা পৰিলক্ষিত হৈছে। প্ৰায় ৭০০ জনৰো অধিক শ্ৰমিক দিনে নিশাই দলং নিৰ্মাণ কাৰ্যৰ লগত জড়িত হৈ আছে । ইফালে দলং নিৰ্মাণকাৰী  প্ৰতিষ্ঠানটোৱে জনহিতকৰ…
Read More
বৰপেটাত যাত্ৰীবাহী নাও ডুবি সন্ধানহীন ৭ যাত্ৰীঃ ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ জলপৰিবহণৰ সুৰক্ষাক লৈ হাহাকাৰ

বৰপেটাত যাত্ৰীবাহী নাও ডুবি সন্ধানহীন ৭ যাত্ৰীঃ ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ জলপৰিবহণৰ সুৰক্ষাক লৈ হাহাকাৰ

অসমৰ বৰপেটা জিলাৰ চেঙাৰ ৰহমপুৰত মঙলবাৰে ব্ৰহ্মপুত্ৰ নদীত যাত্ৰীবাহী নাও ডুবি সৃষ্টি হয় তীব্ৰ আতংকময় পৰিৱেশৰ। এই ভয়াৱহ দুৰ্ঘটনাটোত অতি কমেও সাতগৰাকী যাত্ৰী সন্ধানহীন হোৱাৰ আশংকাই এতিয়া সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। এই মৰ্মান্তিক ঘটনাই ৰাজ্যৰ নদী পৰিবহণ ব্যৱস্থাত থকা সুৰক্ষাৰ বিসংগতি আৰু প্ৰশাসনীয় ব্যৰ্থতাক পুনৰবাৰ উদঙাই দিছে। প্ৰাথমিক খবৰ অনুসৰি, নদী পাৰাপাৰ কৰি থকাৰ সময়তে যাত্ৰীবাহী নাওখন হঠাতে ব্ৰহ্মপুত্ৰৰ বুকুত ওলোট খাই পৰে। দুৰ্ঘটনাৰ পাছতে স্থানীয় ৰাইজ আৰু উদ্ধাৰকাৰী দলে তৎপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও বৰ্তমানলৈকে কেইবাজনো যাত্ৰীৰ কোনো সন্ধান পোৱা নাই। ঘাটত জমা হোৱা পৰিয়ালৰ লোকসকলৰ মাজত এতিয়া হাহাকাৰ আৰু কান্দোনৰ ৰোল উঠিছে। অভিযোগ উত্থাপন হৈছে যে,…
Read More
ৰাজস্থানত দহ হাজাৰ কিলোগ্ৰাম বিস্ফোৰক জব্দঃ নাগৌৰত বৃহৎ নেটৱৰ্কৰ সৈতে জড়িত থকাৰ সন্দেহত এজনক গ্ৰেপ্তাৰ

ৰাজস্থানত দহ হাজাৰ কিলোগ্ৰাম বিস্ফোৰক জব্দঃ নাগৌৰত বৃহৎ নেটৱৰ্কৰ সৈতে জড়িত থকাৰ সন্দেহত এজনক গ্ৰেপ্তাৰ

দেশত এক ভয়ংকৰ কূটাঘাতৰ ষড়যন্ত্ৰ বিফল কৰিবলৈ সক্ষম হ’ল ৰাজস্থান আৰক্ষী। ৰাজ্যখনৰ নাগৌৰ জিলাৰ হৰসৌৰ গাঁৱৰ এটা ফাৰ্মহাউচত অভিযান চলাই আৰক্ষীৰ এটা দলে প্ৰায় ১০,০০০ কিলোগ্ৰাম অমোনিয়াম নাইট্ৰেট আৰু অন্যান্য বিস্ফোৰক সামগ্ৰী জব্দ কৰে। ৰাজস্থানৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে ইমান বৃহৎ পৰিমাণৰ অবৈধ বিস্ফোৰক উদ্ধাৰ হোৱা ঘটনাই এতিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়কো সতৰ্ক কৰি তুলিছে। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত নাগৌৰ আৰক্ষীয়ে যোৱা শনিবাৰে ছুলেমান খান (৫৮) নামৰ এজন ব্যক্তিৰ ৪৫ বিঘা মাটিৰ ফাৰ্মহাউচত এই অভিযান চলায়। উক্ত স্থানত থকা ১৮৭ টা বস্তাৰ পৰা ৯,৫৫০ কিলোগ্ৰাম অমোনিয়াম নাইট্ৰেটৰ লগতে ডিটনেটৰ আৰু ডিটনেটিং তাঁৰ উদ্ধাৰ কৰে আৰক্ষীয়ে। ইয়াৰ পাছতে ছুলেমান খানক গ্ৰেপ্তাৰ কৰি গৃহ…
Read More
বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ মল্লিকাৰ্জুন খাৰ্গেঃ উত্তৰ-পূৰ্বাঞ্চলৰ ‘পটকা’ বিতৰ্কক লৈ বিৰোধীৰ মৰ্যাদা লাঘৱৰ অভিযোগ

বিজেপিৰ বিৰুদ্ধে সোচ্চাৰ মল্লিকাৰ্জুন খাৰ্গেঃ উত্তৰ-পূৰ্বাঞ্চলৰ ‘পটকা’ বিতৰ্কক লৈ বিৰোধীৰ মৰ্যাদা লাঘৱৰ অভিযোগ

দেশৰ গণতান্ত্ৰিক মৰ্যাদা আৰু সংসদীয় পৰম্পৰাক কেন্দ্ৰীয় চৰকাৰে ইচ্ছাকৃতভাৱে আঘাত কৰা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ সভাপতি তথা ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেই। মঙলবাৰে ৰাহুল গান্ধী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত ‘পটকা’ক লৈ সৃষ্টি হোৱা বিতৰ্কৰ প্ৰতিক্ৰিয়া দি খাৰ্গেই কয় যে আগন্তুক নিৰ্বাচনৰ পূৰ্বে বিৰোধী পক্ষক হেয় প্ৰতিপন্ন কৰিবলৈহে বিজেপিয়ে এই বিষয়টো অহেতুকভাৱে উচতাই দিছে। সমগ্ৰ বিষয়টো স্পষ্ট কৰি খাৰ্গেই কয় যে ৰাহুল গান্ধীয়ে পটকা (গামোচা) খন যথেষ্ট সন্মান সহকাৰে গ্ৰহণ কৰিছিল আৰু খাদ্য গ্ৰহণৰ সময়তহে সেয়া জাপি এঠাইত থৈ দিছিল। কংগ্ৰেছে উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতিক অপমান কৰা বুলি বিজেপিয়ে যি অভিযোগ আনিছে, তাক নস্যাৎ কৰি তেওঁ কয় যে শাসকীয় দলে কেৱল ৰাজনৈতিক লাভালাভৰ…
Read More
শ্ৰদ্ধাঞ্জলি কাননত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ

শ্ৰদ্ধাঞ্জলি কাননত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ গুৰুত্বপূৰ্ণ অনুষ্ঠান কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ

“ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ, ২০২৬” উপলক্ষে কামৰূপ মহানগৰ জিলা পথ-সুৰক্ষা সমিতিৰ উদ্যোগত অনুষ্ঠিত হ’ল “পথ-সুৰক্ষা” বিষয়ক গুৰুত্বপূৰ্ণ অনুষ্ঠান। পথ-সুৰক্ষাৰ আহ্বানত ভয়ংকৰ পথ-দুৰ্ঘটনা ৰোধ আৰু দুৰ্ঘটনাত নিহত-আহতৰ সংখ্যা হ্ৰাস কৰাৰ আহ্বানেৰে মহানগৰীৰ শ্ৰদ্ধাঞ্জলি কাননত বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে হাতে হাতে কাগজ, কলম লৈ আওৰালে পথ সুৰক্ষাৰ বিভিন্ন শ্ল’গান। শতাধিক ছাত্ৰ-ছাত্ৰীয়ে ৰং তুলিকা লৈ দুৰ্ঘটনামুক্ত অসমৰ আহ্বানত অংকন কৰিলে বহু ব্যতিক্ৰমী ছবি ৷  অংশগ্ৰহণকাৰী ছাত্ৰ-ছাত্ৰীৰ মাজত উপস্থিত হৈ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসে শিশু-কিশোৰ, যুৱপ্ৰজন্মৰ প্ৰতিযোগীৰ ৰং-তুলিকাত মূৰ্তমান হৈ উঠা পথ সুৰক্ষা বিষয়ক ছবিবোৰ এখন এখনকৈ প্ৰত্যক্ষ কৰি প্ৰতিযোগীসকলক উৎসাহিত কৰাৰ লগতে জীৱনৰ কোমল বয়সৰ পৰাই পথ সুৰক্ষা বিষয়টো মন-মগজুত স্থাপন কৰি…
Read More
বিনিময় প্রথাৰে ভাতৃত্বৰ এনাজৰীঃ আজি সামৰণি পৰিল ঐতিহাসিক জোনবিল মেলাৰ

বিনিময় প্রথাৰে ভাতৃত্বৰ এনাজৰীঃ আজি সামৰণি পৰিল ঐতিহাসিক জোনবিল মেলাৰ

জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলাৰ আজি সফল সামৰণি পৰিল। মেলাৰ মুখ্য আকর্ষণ ঐতিহাসিক বিনিময় প্রথাৰ হাটত পাহাৰৰ মামা-মামীসকলে থলুৱাভাৱে উৎপাদিত আলু, কচু, আদা, হালধি আদি সামগ্ৰী ভৈয়ামৰ লোকসকলৰ অন্যান্য সামগ্ৰীৰ সৈতে আদান-প্রদান কৰে। ইয়াৰ পাছতে জোনবিলৰ পাৰত পৰম্পৰাগত কুকুৰা যুঁজ আৰু সমূহীয়া মাছ ধৰা পৰ্ব অনুষ্ঠিত হয়। গোভা ৰজা দীপসিং দেওৰজাই সমূহীয়া মাছ ধৰা পৰ্ব মুকলি কৰে। এই মেলাৰ সৈতে সংগতি ৰাখি তিৱা আৰু অসমীয়া ভাষাৰ কবি সম্মিলন, বিভিন্ন নৃত্য-গীতৰ কাৰ্যসূচী আৰু সুস্বাদু খাদ্যৰ মেলাও অনুষ্ঠিত হয়। তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জোনবিল মেলাত কালি মধ্য অসমৰ পৰম্পৰাগত তিৱাসকলৰ ৰাজ দৰবাৰত ২২ গৰাকী তিৱা ৰজাক ৰাজভাট্টা প্ৰদান…
Read More
নেওতা লিখিব নোৱাৰাটোৱে অপৰাধ! ফৰিদাবাদত পাষণ্ড পিতৃৰ হাতত প্ৰাণ গ’ল ৪ বছৰীয়া কন্যাৰ

নেওতা লিখিব নোৱাৰাটোৱে অপৰাধ! ফৰিদাবাদত পাষণ্ড পিতৃৰ হাতত প্ৰাণ গ’ল ৪ বছৰীয়া কন্যাৰ

ঘৰতে পঢ়িবলৈ বহি নেওতা লিখিব নোৱাৰাৰ বাবেই এজন পাষণ্ড পিতৃয়ে মৰিয়াই মৰিয়াই হত্যা কৰিলে নিজৰে চাৰি বছৰীয়া কন্যাক। ফৰিদাবাদত সংঘটিত এই শোকাৱহ কাণ্ডৰ সন্দৰ্ভত শুকুৰবাৰে আৰক্ষীয়ে অভিযুক্ত পিতৃ কৃষ্ণ জয়ছোৱালক গ্ৰেপ্তাৰ কৰিছে। উত্তৰ প্ৰদেশৰ সোণভদ্ৰ জিলাৰ নিবাসী জয়ছোৱালে ফৰিদাবাদৰ চেক্টৰ ৫৮ থানাৰ অন্তৰ্গত এটা ভাড়াঘৰত পৰিয়ালৰ সৈতে বসবাস কৰিছিল। আৰক্ষীৰ ভাষ্য অনুসৰি, ২১ জানুৱাৰীত সংঘটিত এই ঘটনাৰ দিনা শিশুটিৰ মাতৃ কৰ্মস্থলীলৈ যোৱাৰ বিপৰীতে পিতৃ ঘৰতে আছিল। জয়ছোৱালে কন্যাক ১ৰ পৰা ৫০লৈ নেওতা লিখিবলৈ দিছিল যদিও শিশুটিয়ে সেয়া সম্পূৰ্ণ কৰিব নোৱাৰাত তেওঁ খঙত অগ্নিশৰ্মা হৈ পৰে। ইয়াৰ পিছতে তেওঁ কন্যাক নিৰ্মমভাৱে প্ৰহাৰ কৰে আৰু গুৰুতৰ আঘাতৰ ফলত শিশুটিৰ মৃত্যু ঘটে। সন্ধিয়া…
Read More