অসম

শিৱসাগৰত দলঙৰ ৰেলিং ভাঙি দিচাং নদীত পৰিল ১২ চকীয়া ট্ৰাক

শিৱসাগৰত দলঙৰ ৰেলিং ভাঙি দিচাং নদীত পৰিল ১২ চকীয়া ট্ৰাক

তিনিচুকীয়াৰ পৰা যোৰহাটলৈ বুলি ৰদ কঢ়িয়াই নি থাকোঁতেই দলঙৰ ৰেলিংত খুন্দা মাৰি নদীত পৰে এখন ১২ চকীয়া ট্রাক | AS 06 AC 4926 নম্বৰৰ ট্ৰাকখন ৰেলিং ভাগি দিচাঙত পৰি যায় | কথমপি প্ৰাণ ৰক্ষা পৰে চালক মুকিবুৰ ৰহমান আৰু হেণ্ডিমেন দিলদাৰ হুছেইনৰ | দুয়োগৰাকী পানীত পৰিছিল যদিও সাঁতুৰি পাৰলৈ উঠিবলৈ সক্ষম হয় | দুয়োজন আহত হোৱাত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় | বৰ্তমান ট্ৰাক খন উদ্ধাৰৰ বাবে চেষ্টা চলাই আছে আৰক্ষী, এছ ডি আৰ এফৰ দলে |
Read More
সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত জম্মু-কাশ্মীৰত ৫ জন জোৱান শ্বহীদ

সন্ত্ৰাসবাদীৰে হোৱা সংঘৰ্ষত জম্মু-কাশ্মীৰত ৫ জন জোৱান শ্বহীদ

জম্মু-কাশ্মীৰৰ ডোডা জিলাত সন্ত্ৰাসবাদীৰ সৈতে সোমবাৰে সন্ধিয়াৰ সংঘৰ্ষত গুৰুতৰভাৱে আহত হোৱা এজন বিষয়াসহ পাঁচজন জোৱানৰ মঙলবাৰে পুৱা চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। খবৰ অনুসৰি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সোমবাৰে সন্ধিয়া ডোডা চহৰৰ পৰা প্ৰায় ৫৫ কিলোমিটাৰ দূৰত দেশা বনাঞ্চলত ৰাষ্ট্ৰীয় ৰাইফলছ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ বিশেষ অভিযান গোটৰ (এছঅ'জি) কৰ্মীয়ে যুটীয়া তালাচী অভিযান আৰম্ভ কৰাৰ সময়তে এই সংঘৰ্ষ সংঘটিত হয়। অভিযানৰ অলপ সময়ৰ পিছত গুলি চালনা কৰি সন্ত্ৰাসবাদীয়ে উক্ত স্থানৰ পৰা পলাবলৈ চেষ্টা কৰে। এজন বিষয়াৰ নেতৃত্বত সাহসী জোৱানসকলে তেওঁলোকক প্ৰত্যাহ্বানপূৰ্ণ অঞ্চলত ঘন অৰণ্যৰ মাজেৰে সন্ত্ৰাসবাদীক পিচা কৰে। তাৰ পিছত নিশা প্ৰায় ৯ বজাত বনাঞ্চলত আন এটা সংঘৰ্ষ হয়। এই সংঘৰ্ষত পাঁচজন সৈনিক গুৰুতৰভাৱে…
Read More
কেদাৰনাথৰ পৰা চুৰি ২২৮ কিলোগ্ৰাম সোণ

কেদাৰনাথৰ পৰা চুৰি ২২৮ কিলোগ্ৰাম সোণ

দিল্লীৰ বুৰাৰীত কেদাৰনাথ মন্দিৰ নিৰ্মাণ সন্দৰ্ভত দেশৰ বহু ঠাইত প্ৰতিবাদ আৰম্ভ হৈছে। এতিয়া জ্যোতিৰ্মঠৰ শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰানন্দে এই সন্দৰ্ভত এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। তেওঁ অভিযোগ তুলি সংবাদ মাধ্যমৰ আগত কয়, 'কেদাৰনাথত সোণৰ কেলেংকাৰী হৈছে, সেই বিষয়টো কিয় উত্থাপন কৰা হোৱা নাই?" তেওঁ কয়- এতিয়া সেই কেলেংকাৰী সংঘটিত কৰি দিল্লীত কেদাৰনাথ নিৰ্মাণ কৰিবলৈ ওলাইছে, পুনৰ অনা এটা কেলেংকাৰী হ'ব। কেদাৰনাথৰ পৰা ২২৮ কিলোগ্ৰাম সোণ চুৰি হৈছে। আজিলৈকে, ইয়াৰ ওপৰত কোনো অনুসন্ধান কৰা হোৱা নাই। ইয়াৰ বাবে কোন দায়ী? এতিয়া কোৱা হৈছে যে কেদাৰনাথ দিল্লীত নিৰ্মাণ কৰা হ'ব, এয়া হ'ব নোৱাৰে। প্ৰধানমন্ত্ৰী মোদী সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নত তেওঁ কয়-তেওঁ মোৰ ওচৰলৈ…
Read More
ষষ্ঠ উত্তৰ পূৰ্বাঞ্চল পেনচাক ছিলাট চেম্পিয়নশ্বিপ

ষষ্ঠ উত্তৰ পূৰ্বাঞ্চল পেনচাক ছিলাট চেম্পিয়নশ্বিপ

গুৱাহাটী সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড'ৰ ষ্টেডিয়ামত ১২ জুলাইৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখন ১৪ জুলাই, দেওবাৰে সফল সামৰণি পৰে । মিজোৰামৰ বাহিৰে ছিকিমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত অসমে ১১৮ টা সোণ, ১২১ টা ৰূপ, ১৬৫ টা ব্ৰঞ্জেৰে মুঠ ৪০৪ টা পদক অৰ্জন কৰি শ্ৰেষ্ঠ বিজেতাৰ দলত পৰিণত হয়। নাগালেণ্ড দলে ২৮ টা সোণ, ১৬ টা ৰূপ আৰু ১৬ টা ব্ৰঞ্জসহ ৬০ টা পদকেৰে দ্বিতীয় স্থানত ৰয় । মণিপুৰে ৩৫ টা, অৰুণাচল প্ৰদেশে ২৬ টা, মেঘালয়ে ১০, ত্ৰিপুৰাই ৮ আৰু ছিকিমে ৩ টা পদক জয় কৰে ।‌অতি আড়ম্বৰপূৰ্ণভাৱে আয়োজিত প্ৰতিযোগিতাখনিৰ সামৰণি অনুষ্ঠানত আই আই টি…
Read More
গেলেকীত বোৱাৰী নিৰুদ্দেশৰ

গেলেকীত বোৱাৰী নিৰুদ্দেশৰ

গেলেকী দোলাকাষৰীয়া গাঁৱৰ নন্দিনী দাস ৰাজখোৱা নামৰ এগৰাকী ২৩ বছৰীয়া মহিলা যোৱা সোমবাৰৰ পৰা সন্ধানহীন হৈ আছে | এটি দুবছৰীয়া সন্তানৰ মাতৃ বোৱাৰীগৰাকীৰ কোনো সম্ভেদ নোপাৱাত ইতিমধ্যে পৰিয়ালৰ লোক গেলেকী আৰক্ষীৰ কাষ চাপিছে | মহিলাগৰাকীৰ খবৰ লাভ কৰিলে 7896522707 নাম্বাৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে |
Read More
জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

জিলা পথ-সুৰক্ষা সমিতিৰ গুৰুত্বপূৰ্ণ বৈঠক

কামৰূপ মহানগৰ জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা, সহকাৰী আয়ুক্ত ৰিচি বন্দনা গগৈ,পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, আৰক্ষীৰ যানবাহন শাখাৰ উপ-আয়ুক্ত জয়ন্ত সাৰথি বৰা, জিলা পথ-সুৰক্ষা সমিতিৰ সদস্য সচিব-অভিযন্তা হেমন্ত দেউৰী ভৰালী, আৱকাৰী অধীক্ষক দেৱজিৎ নাথ, প্ৰৱৰ্তক পৰিদৰ্শক বিক্ৰমাদিত্য গগৈ, যানবাহন পৰিদৰ্শক পংকজ দাসকে ধৰি এনএইচএআই, লোকনিৰ্মাণ, স্বাস্থ্য, শিক্ষা আদি বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াৰ উপস্থিতিত, কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ অধ্যক্ষতাত জিলা পথ-সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় ৷ বিগত সময়ত মহানগৰ জিলাখনৰ পথ-সুৰক্ষা সন্দৰ্ভত গ্ৰহণ কৰা পদক্ষেপ সমূহৰ কাৰ্যপন্থা সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। কামৰূপ…
Read More
শ্ৰমিকৰ প্ৰতিবাদত উত্তাল বামুণপুখুৰী আৰু হাতীপটি চাহ বাগিচা

শ্ৰমিকৰ প্ৰতিবাদত উত্তাল বামুণপুখুৰী আৰু হাতীপটি চাহ বাগিচা

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নাজিৰাৰ বামুণপুখুৰী আৰু হাতীপটি বাগিচাত চাহ শ্ৰমিকৰ প্ৰতিবাদত | নিজ নিজ বাগানত আজি শ্ৰমিকৰ বিভিন্ন সমস্যা সন্দৰ্ভত এই প্ৰতিবাদ চাহ শ্ৰমিকৰ | য'ত বাগিচা মেনেজমেণ্টেও শ্ৰমিকক সহযোগ আগবঢ়াই | মেকিপুৰস্থ KANCO TEA & INDUSTRIES LIMITEDৰ মুখ্য কাৰ্যালয়ৰ অধীনত থকা এই সমূহ বাগিচা পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰা দেখা গৈছে | আনহাতে সমস্যা সমাধানৰ দাবীৰে বামুণপুখুৰী আৰু হাতীপটি বাগিচাৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী কৰাৰ অন্তত বাগিচা সমূহৰ পৰিচালক হাতত দাবীৰ স্মাৰক পত্ৰ প্ৰদান কৰে | লগতে বামুণপুখুৰী চাহ বাগিচাৰ মুখ্য পৰিচাল উমেশ কুমাৰ তিৱাৰীয়ে শ্ৰমিকৰ স্মাৰক পত্ৰ গ্ৰহণ কৰি সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে |…
Read More
বিশ্ব জনসংখ্যা দিৱসপ্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ জনসংখ্যা সমাধান ফাউণ্ডেশ্যন, অসমৰ

বিশ্ব জনসংখ্যা দিৱসপ্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ জনসংখ্যা সমাধান ফাউণ্ডেশ্যন, অসমৰ

জনসংখ্যা সমাধান ফাউণ্ডেছন (JSF), অসমৰ ৰাজ্যিক সমিতিৰ তৰফৰ পৰা ১১ জুলাই, ২০২৪ তাৰিখ বৃহস্পতি বাৰৰ দিনাখন বিশ্ব জনসংখ্যা দিৱস উপলক্ষে গুৱাহাটী হেঙেৰাবাৰীস্থিত কামৰূপ (মহানগৰ) জিলাৰ জিলাধিকাৰী কাৰ্য্যালয়ত জিলাধিকাৰীৰ জড়িয়তে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। দেশৰ ২৩ খন ৰাজ্যৰ ৪০০ ৰো অধিক জিলাৰ পৰা স্মাৰক পত্ৰ প্ৰেৰণ কৰা এই কাৰ্য্যসূচীত ভাগ লোৱা জনসংখ্যা সমাধান ফাউণ্ডেশ্যন (JSF), অসমৰ কাৰ্য্যকৰ্তা সকলে অসন্তুলনীয় জনসংখ্যা বৃদ্ধিৰ বাবে দেশত সম্ভাব্য গৃহযুদ্ধ ৰোধ কৰিবৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ সম্বোধিত স্মাৰক পত্ৰখনত দেশৰ ভৱিষ্যতৰ বাবে জনসংখ্যা নিয়ন্ত্ৰণ আইন এখনৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিভিন্ন দিশ উল্লেখ কৰে। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ৰাষ্ট্ৰীয় কাৰ্য্যকাৰিনী সদস্য তথা…
Read More
আৰণ্যকৰ ডি এন এ ফৰেনছিক সেৱাৰ দশক সম্পূৰ্ণ

আৰণ্যকৰ ডি এন এ ফৰেনছিক সেৱাৰ দশক সম্পূৰ্ণ

যোৱা দহ বছৰ ধৰি গুৱাহাটীস্থিত আৰণ্যকৰ বন্যপ্ৰাণী আনুবংশিক গৱেষণাগাৰে বন্যপ্ৰাণীৰ ডি এন এ ফৰেনছিক বিশ্লেষণ সেৱা সফলতাৰে আগবঢ়াই আহিছে । এই পৰীক্ষাগাৰটোৱে অসমৰ এশৰো অধিক কেচৰ উপৰিও আন ৰাজ্যতো নিজৰ সেৱা আগবঢ়াইছে, যাৰ ফলত অঞ্চলটোৰ বন্যপ্ৰাণী অপৰাধৰ তদন্ত দ্ৰুততাৰে আগবঢ়াত যথেষ্ট সহায় হৈছে। পৰীক্ষাগাৰটোৱে ৰূপগত ভাৱে পৃথক কৰিব নোৱাৰা জৈৱিক সামগ্ৰীৰ পৰা বন্যপ্ৰাণীৰ প্ৰজাতি চিনাক্তকৰণ, গঁড়, হাতী, বাঘ, নাহৰফুটুকীৰ ডি এন এৰ জৰিয়তে ফৰেনছিক, বন্দী হাতী পোৱালিৰ পিতৃ-মাতৃৰ পৰীক্ষা আদি বিভিন্ন ডি এন এ বিশ্লেষণৰ সেৱা আগবঢ়াই অহিছে ।  ২০১২ চনত আৰন্যকৰ বন্যপ্ৰাণী আনুবংশিক গৱেষণাগাৰ বিশ্বৰ প্ৰথম এনে গৱেষণাগাৰ হিচাপে পৰিগণিত হয় যিয়ে বনাঞ্চলত এশিঙীয়া গঁড়ৰ ব্যক্তিগত চিনাক্তকৰণৰ বাবে ডিএনএৰ…
Read More
খাবলাৰভিঠাত  মাদকদ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা

খাবলাৰভিঠাত  মাদকদ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা

পাকাবেতবাৰী বিধানসভা সমষ্টিৰ খাবলাৰ ভিঠা মাধ্যমিক বিদ্যালয় প্ৰাংগণত ক্ৰমে খাবলাৰ ভিঠা,চকিৰ ভিঠা,বুনবাহাৰ,কমলপুৰ আদি অঞ্চলৰ ৰাইজৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হয়।অৱসৰপ্ৰাপ্ত শিক্ষক ছিদ্দিকুৰ ৰহমানৰ সভাপতিত্বত আৰু খাবলাৰ ভিঠা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আমিনুল ইছলামৰ উদ্দেশ্য ব্যাখ্যাৰে অনুষ্ঠিত সভাখনত প্ৰায় চাৰি শতাধিক সচেতন ৰাইজ উপস্থিত থাকে। উল্লেখ্য যে,বৰ্তমান সময়ত যুৱ সমাজে   বিভিন্ন অসামাজিক কাৰ্য তথা বিষাক্ত মাদকদ্ৰব্যৰ প্ৰতি আষক্ত হোৱা পৰিলক্ষিত হৈছে। আনকি গাওঁ সমূহত অবাধে ড্ৰাগছ,মদ,ভাং আদি কৰি বিভিন্ন নিচাজাতীয় দ্ৰব্যৰ লগতে একাংশ যুৱতীয়ে দেহ ব্যাৱসায় কাৰ্যত লিপ্ত হোৱাত উপস্থিত বিশিষ্ট ব্যক্তিসকলে  উদ্বেগ প্ৰকাশ কৰাৰ লগতে  এইক্ষেত্ৰত প্ৰশাসনৰ ভূকিকাক ৰহস্যজনক বুলি মত প্ৰকাশ কৰে। সভাখনত উপস্থিত থাকি হৰেন্দ্ৰ চিত্ৰা…
Read More