19
May
এছিয়া কাপ সন্দৰ্ভত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান ৰাজনৈতিক উত্তেজনাৰ মাজতে বিচিচিআইয়ে আগন্তুক এছিয়া কাপৰ দৰে বহুজাতিক প্ৰতিযোগিতাৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তৰ অধীনত আগন্তুক সময়ত টিম ইণ্ডিয়াই এছিয়া কাপত অংশগ্ৰহণ নকৰে। এই সন্দৰ্ভত এছিয়ান ক্ৰিকেট কাউন্সিল (এচিচি)কো অৱগত কৰিছে বিচিচিআইয়ে। ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি অহা মাহত শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া মহিলা এছিয়া কাপৰ পৰা ভাৰতক আঁতৰাই ৰখাৰ কথাও বিচিচিআইয়ে চিন্তা কৰিছে। ইয়াৰ বাহিৰেও ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’বলগীয়া প্ৰস্তাৱিত পুৰুষ এছিয়া কাপৰ পৰা টিম ইণ্ডিয়া বাহিৰ হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান এচিচিৰ নেতৃত্বত আছে পাকিস্তানৰ ক্ৰীড়া মন্ত্ৰী তথা পাকিস্তান…
