28
Feb
কাইলৈ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে কলকাতাত ভাৰতত মৰণপনৰ যুঁজ। কাইলৈ ভাৰতৰ টি-২০ বিশ্বকাপৰ ভাগ্য নিৰ্ণয় হ'ব। যদি ভাৰতে জয় লাভ কৰে তেন্তে বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিব আৰু যদি পৰাজিত হয় বিশ্বকাপৰ পৰা বাহিৰ হ'ব।ভাৰতীয় বেটছমেনসকলে পুনৰ পুৰণি ফৰ্মলৈ উভতি আহিছে যদিও তেওঁলোকৰ বলাৰসকলে এতিয়াও আকৰ্ষণীয় প্ৰদৰ্শন কৰা নাই আৰু এনে পৰিস্থিতিত দেওবাৰে কলকাতাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলৰ দৰে ছুপাৰ এইট মেচখনত তেওঁলোকে এই বিভাগত উন্নতি সাধন কৰিব লাগিব। দক্ষিণ আফ্ৰিকাৰ হাতত ৱেষ্ট ইণ্ডিজৰ পৰাজয় আৰু জিম্বাবুৱেৰ বিৰুদ্ধে ভাৰতৰ বিজয়ে এই ছুপাৰ এইট গ্ৰুপ এ মেচখন দুয়োটা দলৰ বাবে মৰণপনৰ যুঁজ কৰি তুলিছে। ইয়াৰ ফলত ইডেন গাৰ্ডেনত এক…
