06
Aug
নিউজউইকে একেৰাহে ৬ বছৰ ধৰি ভাৰতৰ শ্ৰেষ্ঠ ব্যক্তিগত চিকিৎসালয় হিচাপে স্থান প্ৰদান কৰা গুৰগাঁওস্থিত মেদাণ্ট–দ্য মেডিচিটিয়ে জটিল কৰ্কট ৰোগ আৰু বিনাইন টিউমাৰৰ চিকিৎসাৰ বাবে চাইবাৰনাইফ ৰেডিঅ’চাৰ্জাৰীৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে নাগালেণ্ডৰ ৰাজধানী চহৰ কহিমাত এক অবিৰত স্বাস্থ্য শিক্ষা (চিএমই) অনুষ্ঠানৰ আয়োজন কৰে। মেদাণ্টৰ ৰেডিয়চন অংক’লজী বিভাগৰ অধ্যক্ষ ডাঃ তেজিন্দৰ কাটাৰিয়াৰ নেতৃত্বত অনুষ্ঠিত এই অনিষ্ঠানত চাইবাৰনাইফক উচ্চ নিখুঁত আৰু নূন্যতম পাৰ্শ্বক্ৰিয়াৰ সৈতে তেজবিহীন, বিষহীন চিকিৎসা প্ৰদান কৰা ৰবটিক ৰেডিঅ’চাৰ্জাৰী ব্যৱস্থা হিচাপে আলোকপাত কৰা হয়। বিশেষকৈ অলিগ'মেটাষ্টেটিক কেন্সাৰ আৰু জটিল অৱস্থাত চিনাক্ত হোৱা টিউমাৰৰ বাবে ই ফলপ্ৰসূ, মাত্ৰ ১–৭টা ছেচনত অনুকূল ৰেডিয়েচনৰ মাত্ৰা প্ৰদান কৰে। ২০২২ চনত ভাৰতত ১৪.৬ লাখতকৈ অধিক নতুন…
