19
Nov
বিদেশত ভাৰতীয়ৰ ভ্ৰমণৰ পৰিসংখ্যা বৃদ্ধিৰ সময়ছোৱাত দেশৰ আগশাৰীৰ টেলিকম প্ৰতিষ্ঠান ভি-এ উদ্যোগৰ প্ৰথম ফেমিলী ইণ্টাৰনেচনেল ৰোমিং (আই আৰ) অফাৰসমূহ ঘোষণা কৰিছে। ইণ্ডিয়া ট্যুৰিজিম ডাটা কম্পেণ্ডিয়াম ২০২৫ অনুসৰি ২০২৪ চনত আউটবাউণ্ড ভ্ৰমণ ১০.৭৯% বৃদ্ধি পাইছে, ৩০.৮৯ মিলিয়ন ভাৰতীয়ই বিদেশলৈ উৰা মাৰিছে। শেহতীয়া বজাৰৰ প্ৰতিবেদনত দেখা গৈছে যে ৫৯% ভাৰতীয়ই পত্নী বা সংগীৰ সৈতে যাত্ৰা কৰে, আনহাতে ২৬% ভাৰতীয়ই পৰিয়ালৰ সৈতে ভ্ৰমণ কৰাটো পছন্দ কৰে, যাৰ ফলত টেলিকম প্ৰতিষ্ঠানসমূহে বিশ্বব্যাপী সংযোগ সেৱা বৃদ্ধি কৰিবলৈ অনুপ্ৰেৰণা পায়। ভি-ৰ নতুন ফেমিলী আইআৰ অফাৰে ফেমিলী পোষ্টপেইড প্লেনত গৌণ(ছেকেণ্ডেৰী) সদস্যসকলৰ বাবে বিশেষ ৰেহাই আগবঢ়াইছে-ভি ফেমিলী ব্যৱহাৰকাৰীসকলৰ বাবে ১০% আৰু ৰেডএক্স পৰিয়ালৰ গ্ৰাহকসকলৰ বাবে ২৫% ৰেহাই প্ৰদান…
