18
Aug
বাৰিষাৰ আৰ্দ্ৰতা আৰু উষ্ণতাৰ তাপমাত্ৰাই যিহেতু ছিদ্ৰতা বন্ধ হোৱা, অতিৰিক্ত তৈলাক্ত হোৱা আৰু বিবিধ ছালৰ সমস্যাৰ সৃষ্টি কৰে, সেয়াহে আয়ুৰ্বেদ বিশেষজ্ঞসকলে এক গুৰুত্বপূৰ্ণ প্ৰতিকাৰ হিচাপে আহাৰৰ প্ৰতি মনোযোগ দিয়াৰ পৰামৰ্শ প্ৰদান কৰিছে। আগশাৰীৰ আয়ুৰ্বেদ চিকিৎসকে ডাঃ মধুমিতা কৃষ্ণনে পৰামৰ্শ দিয়ে যে আপোনাৰ শৰীৰক শান্ত কৰি ৰাখিবলৈ আৰু ছালৰ সমস্যাসমূহ নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ বাৰিষাৰ আহাৰ সন্তুষ্টিদায়ক হোৱাৰ লগতে অন্তৰ্নিহিত বৈশিষ্ট্যৰে বাত আৰু পিত্ত দোষৰ ভাৰসাম্য বজাই ৰাখিব লাগে। ডাঃ মধুমিতা কৃষ্ণনে পুষ্টিকৰ আলমণ্ডৰ পৰা আৰম্ভ কৰি ত্ৰিদোষ ভাৰসাম্যতা থকা আমলখিলৈকে ৫ বিধ আয়ুৰ্বেদ ছুপাৰফুডৰ পৰামৰ্শ আগবঢ়াইছে, যাতে শালমইনা কম হয় আৰু ছালখন পৰিষ্কাৰ-উজ্বল হৈ থাকে। আলমণ্ড বাৰিষাৰ সময়ছোৱাৰ আহাৰত অতিৰিক্ত হিচাপে…
