24
Nov
জেএছডব্লিউ এমজি মটৰ ইণ্ডিয়াই নিজৰ এমজি উইণ্ডছৰ বাহনখনে ৪০০ দিনৰ ভিতৰতে ৫০,০০০ বাহন বিক্ৰী অতিক্ৰম কৰি মাইলৰ খুঁটি অৰ্জন কৰা ভাৰতৰ প্ৰথমখন চাৰিচকীয়া ইলেক্ট্ৰিক বাহন(ইভি) হিচাপে পৰিগণিত হোৱাৰ কথা সদৰি কৰিছে। প্ৰতি ঘণ্টাত গড়ে ৫খন বাহন বিক্ৰী কৰা উইণ্ডছৰে দেশৰ ৪ডব্লিউ-ইভি ছেগমেণ্টত দ্ৰুতগতিত আগশাৰীৰ প্ৰতিষ্ঠান হিচাপে আত্মপ্ৰকাশ কৰিছে। বাহনখনৰ দ্ৰুত গ্ৰহণে এম জি উইণ্ডছৰৰ ষ্টাইল, পৰিৱেশন আৰু উদ্ভাৱনী প্ৰযুক্তিৰ মিশ্ৰণৰ প্ৰতি গ্ৰাহকৰ শক্তিশালী পছন্দ প্ৰতিফলিত কৰিছে। জেএছডব্লিউ এম জি মটৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক অনুৰাগ মেহৰোত্ৰাই কয় যে, অভিলেখ সময়ত ৫০,০০০ বাহন বিক্ৰী কৰিবলৈ সক্ষম হোৱাটো ভাৰতৰ ই ভি যাত্ৰাৰ এক যুগান্তকাৰী মুহূৰ্ত। তেওঁ লগতে কয় যে, প্ৰতিষ্ঠানটোৱে উচ্চমানৰ মালিকীস্বত্বৰ অভিজ্ঞতা…
