02
Feb
শ্যাম ষ্টীল গ্ৰুপৰ পৰিচালন সঞ্চালক ললিত বেৰিৱালাই ২০২৬–২৭ বৰ্ষৰ কেন্দ্ৰীয় বাজেটক আদৰণি জনাই কয় যে বাজেটখনে ২০৪৭ চনৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ সৈতে সংগতি থকা অধিক সংযুক্ত, প্ৰযুক্তিগতভাৱে সবল আৰু সৰ্বাংগীন ভাৰতৰ বাবে এক শক্তিশালী ভেটি স্থাপন কৰিছে।বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে দাখিল কৰা কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বেৰিৱালাই কয় যে, মূলধনী ব্যয়ৰ ওপৰত নিৰন্তৰ গুৰুত্ব আৰোপ কৰা হৈছে, যি ৯ শতাংশলৈ বৃদ্ধি কৰা হৈছে আৰু ৰাজহুৱা মূলধন ব্যয় ২০২৬-২৭ বৰ্ষত ১২.২ ট্ৰিলিয়ন টকালৈ বৃদ্ধি কৰা হৈছে। তেওঁ লগতে কয় যে, ৰে’লৱে নেটৱৰ্ক সম্প্ৰসাৰণ, এক্সপ্ৰেছ হাইৱে নিৰ্মাণ আৰু নিৰ্মাণ-কেন্দ্ৰিক বিকাশত কেন্দ্ৰীভূত বিনিয়োগে ভাৰতৰ আন্তঃগাঁথনিৰ মেৰুদণ্ড যথেষ্ট…
