31
Oct
দেশৰ অন্যতম প্ৰাইভেট মাল্টি স্পেচিয়েলিটি চিকিত্সা সেৱা আগবঢ়োৱা প্ৰতিষ্ঠান গ্লবেল হেল্থ লিমিটেড-মেদাণ্টই গুৱাহাটীত এখন অত্যাধুনিক ৪০০+ বিচনাযুক্ত হাস্পতাল স্থাপনৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে। গুৱাহাটী মহানগৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সৰুসজাইৰ ঔদ্যোগিক ক্ষেত্ৰত নিৰ্মাণ হ'ব লগা নতুন হাস্পতালখনে উঃ-পূৰ্বাঞ্চলত উন্নত স্বাস্থ্যসেৱাৰ সুবিধা সম্প্ৰসাৰণৰ বাবে মেদাণ্টৰ অভিযানত এক বৃহৎ পদক্ষেপৰ সূচনা কৰিছে। আনুমানিক ৫০০ কোটি টকাৰ বিনিয়োগেৰে হাস্পতালখনে বিভিন্ন ছুপাৰ-স্পেচিয়েলিটি সেৱাৰে চিকিত্সা ক্ষেত্ৰত নতুন মাত্ৰা প্ৰদান কৰিব আৰু অসুস্থ ৰোগীক নতুন জীৱন প্ৰদান কৰিব। পদ্মভূষণ, পদ্মশ্ৰী আৰু ডাঃ বি চি ৰয় বঁটা বিজয়ী ডাঃ নৰেশ ট্ৰেহানে প্ৰতিষ্ঠা কৰা মেদাণ্ট মেয়’ ক্লিনিক আৰু জনছ হপকিন্সকে ধৰি বিশ্ব চিকিৎসা প্ৰতিষ্ঠানসমূহৰ আৰ্হিত নিৰ্মাণ কৰা…
