ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

সত্য হল আশংকা! মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ অজিত পাৱাৰৰ

সত্য হল আশংকা! মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ অজিত পাৱাৰৰ

অৱশেষত সঁচা হ'ল আশংকা। শৰদ পাৱাৰৰ এনচিপিত বিভেদৰ সৃষ্টি। প্ৰবীণ নেতাগৰাকীৰ ভতিজা অজিত পাৱাৰে মহাৰাষ্ট্ৰৰ বিজেপি-শিৱসেনা চৰকাৰত যোগদান কৰিছে। দেওবাৰে আবেলি তেওঁ ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অজিতৰ সৈতে এনচিপিৰ ৫৩ জন বিধায়কৰ ৩০ জন বিধায়কেও চৰকাৰক সমৰ্থন জনোৱা বুলি জানিব পৰা গৈছে। অজিতে আগতে কৈছিল যে তেওঁ সংগঠনটোৰ ক্ষমতা বিচাৰে, বিৰোধী দলৰ নেতাৰ পদ নহয়। কিন্তু শৰদে তেওঁৰ দাবী মানি নল'লে। ফলস্বৰূপে, এনচিপিত অজিতৰ ভৱিষ্যতসম্পৰ্কে প্ৰশ্ন উত্থাপিত হৈছিল। দেওবাৰে পুৱা, অজিত পাৱাৰে দলৰ কেইবাজনো নেতাৰ সৈতে এখন বৈঠক আহ্বান কৰে। শৰদ পাৱাৰে এই বৈঠকৰ বিষয়ে একো নাজানিছিল। দলৰ জ্যেষ্ঠ নেতা ছগন ভুজবল অজিতৰ বাসগৃহ 'দেৱগিৰি'ত উপস্থিত নেতা…
Read More
বিচনাত সজাই থোৱা টকাৰ বাণ্ডিলৰ সৈতে পত্নী-পুত্ৰৰ চেল্ফি! বিপদত এগৰাকী আৰক্ষী…

বিচনাত সজাই থোৱা টকাৰ বাণ্ডিলৰ সৈতে পত্নী-পুত্ৰৰ চেল্ফি! বিপদত এগৰাকী আৰক্ষী…

বিচনাত সজাই থোৱা ৫০০ টকীয়া নোটৰ বাণ্ডিলৰ কাষতে বহি পৰিয়ালৰ সদস্যসকলে মুখত হাঁহি লৈ উঠা ফটো ভাইৰেল হোৱাৰ পিছতে উত্তৰ প্ৰদেশৰ এগৰাকী আৰক্ষীক লৈ আৰম্ভ হৈছে বিতৰ্কৰ। ইতিমধ্যে আৰক্ষী বিষয়াজনক বদলি কৰা হৈছে। জানিব পৰা মতে আৰক্ষী জোৱানজনৰ নাম ৰমেশ চন্দ্ৰ সাহানী। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰক্ষী জোৱানজনৰ পৰিয়ালৰ ফটো। দেখা যায় যে বিচনাখনত ৫০০ টকীয়া বহু বাণ্ডিল সজাই থোৱা আছে। প্ৰথমতে অনুমান কৰা মতে সেই বাণ্ডিলবোৰত প্ৰায় ১৪ লাখ টকা আছে। টকাৰ পাহাৰৰ সৈতে ৰমেশৰ পত্নী আৰু সন্তানে চেলফি তোলে। সেই ফটো নেট জগতত বিয়পি পৰে। চেলফি পোহৰলৈ অহাৰ লগে লগে তৎপৰ হৈ পৰে উত্তৰ প্ৰদেশ আৰক্ষী। লগে…
Read More
মৰ্মান্তিক! বিবাহ অনুষ্ঠানৰ পৰা ওভতাৰ পথত দ খাৱৈত বাগৰি পৰিল বাহন, ৪ জনৰ মৃত্যু

মৰ্মান্তিক! বিবাহ অনুষ্ঠানৰ পৰা ওভতাৰ পথত দ খাৱৈত বাগৰি পৰিল বাহন, ৪ জনৰ মৃত্যু

বুধবাৰে হিমাচল প্ৰদেশৰ ৰাজধানী শিমলাত সংঘটিত হয় এক যন্ত্ৰণাদায়ক পথ দুৰ্ঘটনা। শিমলাৰ পৰা ১০০ কিলোমিটাৰ নিলগৰ ৰামপুৰৰ কালেদা-মাঝেৱতী পথৰ পৰা খাৱৈত বাগৰি পৰে এখন চাৰিচকীয়া বাহন। শিমলাৰ ৰামপুৰত এই দুৰ্ঘটনাত এগৰাকী যুৱতীসহ ৪ জন লোকৰ মৃত্যু হয়। একে সময়তে এগৰাকী যুৱতী আহত হোৱা বুলি জানিব পৰা গৈছে। আহত যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তথ্য অনুসৰি গাড়ীখনত থকা আটাইকেইজন লোকে বিবাহ অনুষ্ঠানত অংশ লৈ বিবাহ অনুষ্ঠানৰ পৰা উভতি আহিছিল। এই সময়তে গাড়ীখন দুৰ্ঘটনাত পতিত হয়। গাড়ীখনত থকা আটাইকেইজন লোক আত্মীয় বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনা কেনেকৈ সংঘটিত হ’ল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। বৰ্তমান আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত…
Read More
হাস্পতালৰ অপাৰেশ্যন থিয়েটাৰত হিজাব পিন্ধাৰ দাবী মুছলমান ছাত্ৰীৰ! অধ্যক্ষই ক’লে…

হাস্পতালৰ অপাৰেশ্যন থিয়েটাৰত হিজাব পিন্ধাৰ দাবী মুছলমান ছাত্ৰীৰ! অধ্যক্ষই ক’লে…

কৰ্ণাটকৰ পৰা আৰম্ভ হোৱা হিজাব বিতৰ্ক উচ্চতম ন্যায়ালয়ত শুনানিৰ বাবে বাকী থাকিলেও দেশৰ বিভিন্ন ৰাজ্যত এই বিতৰ্কই তীব্ৰ ৰূপ ধাৰণ কৰিছে। কেৰালাতো একেধৰণৰ এটা গোচৰ চৰ্চালৈ আহিছে। ৰাজ্যখনৰ তিৰুৱনন্তপুৰম চিকিৎসা মহাবিদ্যালয়ৰ ৭ গৰাকী মুছলমান ছাত্ৰীয়ে অপাৰেচন থিয়েটাৰত দীঘল হাতৰ স্ক্ৰাব জেকেট আৰু চাৰ্জিকেল হুড পিন্ধিবলৈ অধ্যক্ষক দাবী জনাইছে। সংবাদ সংস্থা এএনআইৰ তথ্য অনুসৰি এই দাবীৰ বাবে ছাত্ৰীয়ে হিজাব পৰিধান কৰাটো প্ৰয়োজনীয় বুলি অভিহিত কৰিছে। হিজাবৰ বিকল্প হিচাপে লং স্লীভ স্ক্ৰাব জেকেট আৰু চাৰ্জিকেল হুড পৰিধান কৰাৰ অনুমতি বিচাৰিছে ছাত্ৰীসকলে। এই দাবীৰ বাবে ৭ গৰাকী ছাত্ৰীয়ে মহাবিদ্যালয় প্ৰশাসনলৈ এখন চিঠি লিখিছে। চিঠিখনত তেওঁলোকে অপাৰেচন থিয়েটাৰৰ ভিতৰত হিজাব পিন্ধিব নিদিয়াক লৈ উদ্বেগ…
Read More
মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই নৈত বাগৰি পৰিল ট্ৰাক, কমেও ১০ জনৰ মৃত্যু

মৰ্মান্তিক! নিয়ন্ত্ৰণ হেৰুৱাই নৈত বাগৰি পৰিল ট্ৰাক, কমেও ১০ জনৰ মৃত্যু

মধ্য প্ৰদেশৰ দাতিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। এখন অনিয়ন্ত্ৰিত ট্ৰাক নদীত বাগৰি পৰাৰ ফলত ট্ৰাকখনত থকা ১০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৩০ জনতকৈ অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে। এই আটাইকেইজন লোকে এখন ট্ৰাকত উঠি বিবাহ অনুষ্ঠানত অংশ লৈ উভতি আহিছিল। তথ্য অনুসৰি দাতিয়াৰ দুৰ্ছাদা থানা এলেকাৰ বুহাৰা গাঁৱত সংঘটিত হৈছে এই যন্ত্ৰণাদায়ক দুৰ্ঘটনা। বুহাৰা নদীত অনিয়ন্ত্ৰিতভাৱে বাগৰি পৰে ট্ৰাকখন। এই ভয়াবহ দুৰ্ঘটনাটোত দহজনৰ মৃত্যুৰ তথ্য পোহৰলৈ আহিছে। ট্ৰাকখনৰ আটাইকেইজন লোকে বিবাহ অনুষ্ঠানত অংশ লৈ উভতি আহি থকা অৱস্থাত ট্ৰাক চালকজনে গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰাকখন বুহাৰা নদীত বাগৰি পৰে। নদীত ট্ৰাকখন পৰি যোৱাৰ তথ্য পোৱাৰ লগে লগে গাঁওবাসীয়ে…
Read More
পুনৰ এনকাউণ্টাৰ! উত্তৰ প্ৰদেশত আৰক্ষীৰ গুলীত নিহত কুখ্যাত অপৰাধী

পুনৰ এনকাউণ্টাৰ! উত্তৰ প্ৰদেশত আৰক্ষীৰ গুলীত নিহত কুখ্যাত অপৰাধী

উত্তৰ প্ৰদেশত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰত নিহত হল এজন কুখ্যাত অপৰাধী। মঙলবাৰে কাকৱোৰত মৃত্যু হয় মহম্মদ গুফৰাণ নামৰ অপৰাধীজনৰ। জানিব পৰা মতে অপৰাধীটোৰ বিৰুদ্ধে হত্যাকে ধৰি মুঠ ১৩টা অভিযোগ আছিল। গুফৰাণৰ মূৰৰ ১.২৫ লাখ টকাৰ দাম নিৰ্ধাৰণ কৰা হৈছিল। অৱশ্যে মঙলবাৰে পুৱা আৰক্ষীৰ সৈতে হোৱা গুলীচালনাত গুফৰানৰ মৃত্যু হয়। উত্তৰ প্ৰদেশ আৰক্ষীৰ সূত্ৰ অনুসৰি মঙলবাৰে পুৱা ৫ বজাৰ পৰা বিশেষ টাস্ক ফ’ৰ্চে গুফৰাণৰ ডেৰাত তালাচী আৰম্ভ কৰে। কৌশাম্বী জিলাৰ সেই ডেৰাত আৰক্ষীৰ আক্ৰমণ অনুভৱ কৰি কুখ্যাত অপৰাধীয়ে গুলীচালনা আৰম্ভ কৰে। পুলিচৰ চকুত ধূলি লৈ পলাবলৈও চেষ্টা কৰে। আৰক্ষীয়ে বলপূৰ্বকভাৱে প্ৰতিশোধ লয়। এছটিএফৰ অতিৰিক্ত ডিজি অমিতাভ যশে জনোৱা মতে, আৰক্ষীৰ সৈতে হোৱা…
Read More
আগন্তুক টি-১০ ক্ৰিকেট লীগৰ বাবে ক্ৰিকেট দল ক্ৰয় অভিনেতা সঞ্জয় দত্তৰ

আগন্তুক টি-১০ ক্ৰিকেট লীগৰ বাবে ক্ৰিকেট দল ক্ৰয় অভিনেতা সঞ্জয় দত্তৰ

বলীউড অভিনেতা সঞ্জয় দত্তই টি-১০ লীগত দ্বিতীয় ফ্ৰেঞ্চাইজি অৰ্জন কৰি ক্ৰিকেটত তেওঁৰ জড়িততা বৃদ্ধি কৰিছে, যাক এতিয়া খেলৰ দ্ৰুততম সংস্কৰণ হিচাপে গণ্য কৰা হয়। হাৰাৰে হাৰিকেন ক্ৰিকেট দলটোক শেহতীয়াকৈ সঞ্জয় দত্তৰ বিভিন্ন ব্যৱসায়িক দপ্তৰত যোগ দিয়া হৈছে। টি-10 লীগ, যি ইয়াৰ আনন্দদায়ক ক্ৰিকেট কাৰ্যৰ বাবে জনাজাত, এই সংযোজনৰ দ্বাৰা আৰু অধিক ৰোমাঞ্চকৰ কৰি তোলা হৈছে। খেলখনৰ দ্ৰুততম সংস্কৰণ, জিম্বাবোৱে টি-১০ ফৰ্মেট, অধিক জনপ্ৰিয় হৈ উঠিছে আনহাতে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) আটাইতকৈ বেছি চোৱা ক্ৰিকেট লীগ প্ৰতিযোগিতা হৈ আছে। হাৰাৰে হাৰিকেনছ নামৰ এটা নতুন সঞ্জয় দত্ত দলে জিম টি-১০ ক্ৰিকেট লীগত খেলিব। তেওঁ এই প্ৰচেষ্টাত মেষ গোট অফ কোম্পানীৰ…
Read More
শোকাবহ! বিয়াৰ পৰা উভতাৰ পথতে ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু একে পৰিয়ালৰ ৫ সদস্যৰ

শোকাবহ! বিয়াৰ পৰা উভতাৰ পথতে ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু একে পৰিয়ালৰ ৫ সদস্যৰ

এখন মটৰ চাইকেলত পাঁচজন যাত্ৰা কৰাৰ ভয়ঙ্কৰ পৰিণতি! বিয়াৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হৈ দুটি শিশুসহ একেটা পৰিয়ালৰ পাঁচজন সদস্যৰ মৃত্যু হয়। শুকুৰবাৰে উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ-লক্ষ্ণৌ পথৰ গাতে লাগি থকা অঞ্চলত সংঘটিত হয় এই ঘটনা। অঞ্চলটোৰ চক্ৰ বিষয়া অমিত চৌৰসিয়াই কয়, ‘শুকুৰবাৰে পুৱাই পৰিয়ালৰ সকলোৱে বিবাহ অনুষ্ঠানৰ পৰা উভতি আহিছিল। তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হয়। অৱশ্যে এই ঘটনাৰ সঠিক কাৰণ কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অনুমান কৰা হৈছে যে মটৰ চাইকেলখনে কেনেবাকৈ নিয়ন্ত্ৰণ হেৰুৱাইছে বা আন এখন বাহনৰ সৈতে খুন্দা মাৰিছিল।” দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিবলৈ ইতিমধ্যে তদন্ত আৰম্ভ হৈছে। বিষয়াগৰাকীয়ে জনোৱা মতে, মৃত আটাইকেইজনৰ মূৰত গুৰুতৰভাৱে আঘাত পাইছে। মৃতদেহ…
Read More
একেলগে বিজেপিক পৰাভূত কৰাৰ লক্ষ্য! চিমলাত অনুষ্ঠিত হ’ব বিৰোধী মিত্ৰজোঁটৰ পৰৱৰ্তী বৈঠক

একেলগে বিজেপিক পৰাভূত কৰাৰ লক্ষ্য! চিমলাত অনুষ্ঠিত হ’ব বিৰোধী মিত্ৰজোঁটৰ পৰৱৰ্তী বৈঠক

নিজৰ মাজত থকা বৈসম্য দূৰ কৰি একেলেগে বিজেপিক লোকসভা নিৰ্বাচনত পৰাভূত কৰাৰ লক্ষ্য বিৰোধীৰ। পাটনাত ১৭টা বিৰোধী দলৰ বৈঠকত লোকসভা নিৰ্বাচনত বিৰোধীৰ ৰণনীতিৰ সিদ্ধান্ত লোৱাৰ বাবে প্ৰথমতে একেলগে যুঁজ দিয়াৰ সিদ্ধান্তত সকলোৱে একমত প্ৰকাশ কৰিছিল। মতাদৰ্শগতভাৱে কংগ্ৰেছ, জেডি(ইউ), আৰজেডি, তৃণমূল, এনচিপি, পিডিপি, সকলোৱে নিজৰ সৰু সৰু মতানৈক্য একাষৰীয়া কৰি বিজেপি বিৰোধীতাত একত্ৰিত হ’ব বিচাৰে। পাটনাত বিৰোধীৰ প্ৰথমখন বৈঠকত পৰৱৰ্তী বৈঠকৰ তাৰিখ নিৰ্ধাৰণ কৰা হৈছে। অহা ১০ বা ১২ জুলাইত চিমলাত অনুষ্ঠিত হ’ব বিৰোধী দলৰ পৰৱৰ্তী বৈঠক।
Read More
ভাৰতত অনুপ্ৰৱেশৰ সময়তে ভাৰত-পাক সীমান্তত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত ৪ সন্ত্ৰাসবাদী…

ভাৰতত অনুপ্ৰৱেশৰ সময়তে ভাৰত-পাক সীমান্তত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত ৪ সন্ত্ৰাসবাদী…

মাত্ৰ এসপ্তাহৰ ব্যৱধানতে সন্ত্ৰাসবাদীক দমন কৰাত নিৰাপত্তা বাহিনীয়ে যথেষ্ট সফলতা অৰ্জন কৰিছে। শুকুৰবাৰে পুৱা কাশ্মীৰৰ কুপৱাৰাত ৪টা সন্ত্ৰাসবাদী নিহত হয়। পাকিস্তান সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাৰ পৰা ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে ভাৰতীয় সেনাৰ গুলীবৰ্ষণত নিহত হয় সন্ত্ৰাসবাদী কেইটা। প্ৰসংগক্ৰমে যোৱা শুকুৰবাৰে কুপৱাৰাত অভিযানত ভাৰতীয় নিৰাপত্তাৰক্ষীৰ হাতত ৫ জন বিদেশী সন্ত্ৰাসবাদী নিহত হৈছিল। জানিব পৰা মতে, শুকুৰবাৰে পুৱা কুপৱাৰাৰ মাছাল ছেক্টৰৰ পৰা পাক সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ খবৰ আহিছিল। সন্ত্ৰাসবাদীয়ে পাকিস্তান অধিকৃত কাশ্মীৰ (PoK)ৰ বনাঞ্চলৰ পৰা ভাৰতত প্ৰৱেশৰ চেষ্টা চলাইছিল। ইয়াৰ পিছত ভাৰতীয় সেনা আৰু আৰক্ষীৰ যুটীয়া বাহিনীয়েসন্ত্ৰাসবাদীক প্ৰতিৰোধ কৰে। বন্দুক যুদ্ধত ৪ টা সন্ত্ৰাসবাদী নিহত হয়। অৱশ্যে তেওঁলোকৰ পৰিচয় সন্দৰ্ভত সবিশেষ জানিব…
Read More