ৰাষ্ট্ৰীয় : আন্ত:ৰাষ্ট্ৰীয়

মৰ্মান্তিক! কেদাৰনাথ যাত্ৰাৰ সময়তে বাহনৰ ওপৰত পাহাৰৰ শিল বাগৰি পৰাত কমেও ৫ তীৰ্থযাত্ৰীৰ মৃত্যু

মৰ্মান্তিক! কেদাৰনাথ যাত্ৰাৰ সময়তে বাহনৰ ওপৰত পাহাৰৰ শিল বাগৰি পৰাত কমেও ৫ তীৰ্থযাত্ৰীৰ মৃত্যু

উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত বৃহস্পতিবাৰে নিশা ভূমিস্খলনৰ ফলত কেদাৰনাথলৈ যোৱা এখন গাড়ীৰ ওপৰত পাহাৰৰ শিল বাগৰি পৰাত গুজৰাটৰ তিনিজনকে ধৰি কমেও পাঁচজন তীৰ্থযাত্ৰীৰ মৃত্যু ঘটে। গুপ্তকাশী-গৌৰিকুণ্ড ঘাইপথৰ ফাটাৰ সমীপৰ টাৰছালিত সংঘটিত হোৱা ভূমিস্খলনে পথটোৰ ৬০ মিটাৰ দৈৰ্ঘ্যৰ অংশ উটুৱাই লৈ যায়। ভক্তসকলে এখন গাড়ীত উঠি কেদাৰনাথৰ পবিত্ৰ মন্দিৰলৈ গৈ থকা অৱস্থাত ফাটা আৰু সোণপ্ৰয়াগৰ মাজত পাহাৰৰ পৰা পৰি থকা শিল আৰু শিলগুটিৰ ভৰত খুন্দা মাৰে। ঘটনাৰ তথ্য পোৱাৰ লগে লগে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও ধাৰাসাৰ বৰষুণে কামত বাধাৰ সৃষ্টি কৰে। শুকুৰবাৰে বতৰ পৰিষ্কাৰ হোৱাৰ লগে লগে গাড়ীখনৰ ছিন্নভিন্ন অৱশিষ্টৰ পৰা পাঁচটা মৃতদেহ উলিয়াই অনা হয় বুলি…
Read More
ৰাহুল গান্ধীৰ বাবে কমবয়সীয়া ছোৱালীৰ অভাৱ নাই, ৫০ বছৰীয়া এগৰাকী মহিলাক তেওঁ ফ্লায়িং কিছ দিব কিয়?- স্মৃতি ইৰাণীক উভতি ধৰিলে মহিলা সাংসদে…

ৰাহুল গান্ধীৰ বাবে কমবয়সীয়া ছোৱালীৰ অভাৱ নাই, ৫০ বছৰীয়া এগৰাকী মহিলাক তেওঁ ফ্লায়িং কিছ দিব কিয়?- স্মৃতি ইৰাণীক উভতি ধৰিলে মহিলা সাংসদে…

কম বয়সীয়া ছোৱালীৰ অভাৱ নাই ৰাহুল গান্ধীৰ বাবে। গতিকে ৫০ বছৰীয়া এগৰাকী মহিলাক তেওঁ কিয় চুমা খাব? এই প্ৰশ্ন উত্থাপন কৰে বিহাৰৰ মহিলা কংগ্ৰেছৰ এগৰাকী সাংসদে। ৰাহুল গান্ধীৰ সদনত ফ্লায়িং কিছক লৈ বিজেপি মন্ত্ৰী স্মৃতি ইৰাণীয়ে সূত্ৰপাত ঘটোৱা বিতৰ্কৰ পিছতে এই মন্তব্য কৰে বিহাৰৰ মহিলা সাংসদ নীতু সিঙে। কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে দাবী কৰে যে অনাস্থা প্ৰস্তাৱৰ আলোচনাৰ সময়ত ৰাহুল গান্ধীয়ে তেওঁক ফ্লায়িং কিছ প্ৰদান কৰি সদনৰ গৰিমাৰ আঘাত হানিছে। তেতিয়াৰ পৰাই সূত্ৰপাত ঘটিছে এই বিতৰ্কৰ। বিহাৰৰ সাংসদ নীতু সিঙে কয়, ‘আমাৰ নেতা ৰাহুল গান্ধীৰ বাবে কমবয়সীয়া ছোৱালীৰ অভাৱ নাই। ফ্লায়িং কিছ দিব লগা হ’লে সৰু কাৰোবাক দিব পাৰিলেহেঁতেন। ৫০…
Read More
লোমহৰ্ষক! ১৬ বছৰীয়া ছাত্ৰীক অপহৰণ কৰি ধৰ্ষণৰ পিছত হত্যা শিক্ষকৰ, উত্তাল ৰাজস্থান

লোমহৰ্ষক! ১৬ বছৰীয়া ছাত্ৰীক অপহৰণ কৰি ধৰ্ষণৰ পিছত হত্যা শিক্ষকৰ, উত্তাল ৰাজস্থান

আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে ৰাজস্থানৰ ছাৱাই মাধোপুৰ জিলাৰ এটা কুঁৱাত এগৰাকী ১৬ বছৰীয়া কিশোৰীক মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে স্থানীয় ৰাইজে ছাত্ৰীগৰাকীৰ শিক্ষকে ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে। ইতিমধ্যে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে অভিযুক্তৰ বিৰুদ্ধে বনলী থানাত ধৰ্ষণ আৰু হত্যাৰ গোচৰ ৰুজু কৰিছে। যোৱা ৮ আগষ্টত চৰকাৰী বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকী নিৰুদ্দেশ হোৱাৰ পিছত পিতৃয়ে তেওঁক অপহৰণ কৰাৰ অভিযোগত বিদ্যালয়ৰ শিক্ষক ৰামৰতন মীনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতে কিশোৰীগৰাকীৰ আত্মীয় আৰু স্থানীয় গাঁওবাসীয়ে মৃতদেহটো বিদ্যালয়ৰ খেলপথাৰত ৰাখি প্ৰতিবাদ সাব্যস্ত কৰে। ক্ষতিপূৰণ, বিদ্যালয়ৰ সমগ্ৰ কৰ্মচাৰীক অপসাৰণ, জ্যেষ্ঠ আৰক্ষী বিষয়াৰ তদন্ত আৰু অভিযুক্তক তৎকালীনভাৱে গ্ৰেপ্তাৰ…
Read More
প্ৰচণ্ড বৰষুণৰ ফলত সংঘটিত দুৰ্যোগত উত্তৰাখণ্ডত বিগত ২৪ ঘণ্টাত মৃত্যু ৯ জনৰ…

প্ৰচণ্ড বৰষুণৰ ফলত সংঘটিত দুৰ্যোগত উত্তৰাখণ্ডত বিগত ২৪ ঘণ্টাত মৃত্যু ৯ জনৰ…

বাৰিষাৰ বৰষুণে দুৰ্যোগ নমাই আনিছে কেইবাখনো ৰাজ্যলৈ। বুধবাৰে প্ৰচণ্ড বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ বাবে জম্মু-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ খহি পৰিছিল। যাৰ বাবে ব্যাহত হৈ পৰিছিল অমৰনাথ যাত্ৰা। সমান্তৰালভাৱে উত্তৰাখণ্ডতো বাৰিষাই নমাই আনিছে প্ৰাকৃতিক দুৰ্যোগ। বিগত ২৪ ঘণ্টাত উত্তৰাখণ্ডত বৰষুণৰ বাবে সংঘটিত দুৰ্যোগত ৯ জন লোক নিহত হোৱাৰ লগতে আন কেইবাজনো লোক সন্ধানহীন হৈ থকাৰ খবৰ পোৱা গৈছে। বুধবাৰে নিশাৰ পৰা হৃষিকেশৰ ধলৱালা আৰু খাৰা অঞ্চল ধাৰাসাৰ বৰষুণত ডুব যায়। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰশাসনে উদ্ধাৰৰ কাম আৰম্ভ কৰিছে। ইফালে, গৌৰীকুণ্ডত খহি পৰাৰ ফলত মৃত্যুৰ খবৰ আহিছে। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে ধলৱালা, খৰাকে ধৰি বানাক্ৰান্ত অঞ্চলত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। ইতিমধ্যে ৫০…
Read More
বন্দুক দেখুৱাই মিউজিক কোম্পানীৰ CEOক অপহৰণ! ‘শিণ্ডে’ শিৱিৰৰ বিধায়ক পুত্ৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

বন্দুক দেখুৱাই মিউজিক কোম্পানীৰ CEOক অপহৰণ! ‘শিণ্ডে’ শিৱিৰৰ বিধায়ক পুত্ৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ শিণ্ডে শিবিৰৰ শিৱসেনাৰ বিধায়কৰ পুত্ৰৰ বিৰুদ্ধে উত্থাপন হৈছে বৃহৎ অভিযোগ। বিধায়ক প্ৰকাশ সৰ্বেৰ পুত্ৰৰ লগতে আন কেইবাজনো লোকে মুম্বাইৰ এটা মিউজিক কোম্পানীৰ চিইঅ’ক বন্দুক দেখুৱাই অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই ঘটনাৰ চিচিটিভি ফুটেজ। ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। বুধবাৰে সংঘটিত হয় এই অপহৰণ কাণ্ড। গোৰেগাঁৱত অৱস্থিত সংগীত কোম্পানীটোৰ কাৰ্যালয়ৰ পৰা অপহৰণ কৰা হয় চিইঅ’জনক। ১০ৰ পৰা ১৫জন যুৱক সংগঠনৰ কাৰ্যালয়লৈ গৈছিল। বন্দুক দেখুৱাই তাৰ পৰা অপহৰণ কৰে মিউজিক কোম্পানীৰ চিইঅ’ ৰাজকুমাৰ সিঙক। তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে অভিযান আৰম্ভ কৰে। উদ্ধাৰ কৰা হয় মুখ্য কাৰ্যবাহী বিষয়াগৰাকীক। ৰাজকুমাৰে অভিযোগ কৰে যে তেওঁক…
Read More
মোডী চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ অনাস্থা প্ৰস্তাৱ! আজি সদনত উত্তৰ দিব প্ৰধানমন্ত্ৰীয়ে…

মোডী চৰকাৰৰ বিৰুদ্ধে বিৰোধীৰ অনাস্থা প্ৰস্তাৱ! আজি সদনত উত্তৰ দিব প্ৰধানমন্ত্ৰীয়ে…

এন ডি এ চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে অনা অনাস্থা প্রস্তাৱৰ প্রতিক্রিয়া প্রকাশ কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বৃহস্পতিবাৰে লোকসভাত ভাষণ দিবলৈ সাজু হৈছে৷ বুধবাৰে সংসদত প্ৰধানমন্ত্ৰীৰ উপস্থিতি নিশ্চিত কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, অবিশ্বাস প্ৰস্তাৱৰ উত্তৰ দিবলৈ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী সদনত উপস্থিত থাকিব। ইফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিশ্চিত কৰিছে যে বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অনাস্থা প্ৰস্তাৱৰ উত্তৰ দিবলৈ সদনত উপস্থিত থাকিব। বিৰোধীয়ে ২৬ জুলাইত মোডী চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ দাখিল কৰিছিল যিটো লোকসভাৰ অধ্যক্ষ ওম বিৰলাই মানি লৈছিল। অৱশ্যে মোডী চৰকাৰে ভোট হেৰুৱাব নোৱাৰে কাৰণ তেওঁৰ ভাৰতীয় জনতা পাৰ্টি আৰু ইয়াৰ মিত্ৰ দলৰ লোকসভাত সংখ্যাগৰিষ্ঠতা আছে। ৫০ জন সহকৰ্মীৰ সমৰ্থন থকা যিকোনো…
Read More
নিৰ্মম! ৰাজপথৰ ওপৰতে দুই মহিলাক নিৰ্দয়ভাৱে প্ৰহাৰ পুৰুষৰ, সম্পত্তিৰ বিবাদৰ পিছতে ঘটিল এই ঘটনা…

নিৰ্মম! ৰাজপথৰ ওপৰতে দুই মহিলাক নিৰ্দয়ভাৱে প্ৰহাৰ পুৰুষৰ, সম্পত্তিৰ বিবাদৰ পিছতে ঘটিল এই ঘটনা…

মণিপুৰত নাৰীৰ ওপৰত সংঘটিত অত্যাচাৰক লৈ সমগ্ৰ দেশ জ্বলি থকাৰ সময়তে এইবাৰ উত্তৰ প্ৰদেশৰ পৰা পোহৰলৈ আহিছে মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ এক চাঞ্চল্যকৰ কাণ্ড। ৰাজ্যখনৰ বদৌন জিলাৰ এটা পথত দুগৰাকী মহিলাক একাংশ লোকে নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। ভিডিঅ’টোত দেখা গৈছে যে মাজৰ পথত দুগৰাকী মহিলাক নিৰ্দয়ভাৱে প্ৰহাৰ কৰা হৈছে। ভুক্তভোগী দুগৰাকীৰ ভিতৰত এগৰাকী বৃদ্ধাও আছে। খবৰ অনুসৰি উত্তৰ প্ৰদেশৰ বিলছি থানা এলেকাৰ মাহলোলী গাঁৱত সংঘটিত হৈছে এই ঘটনা। অঞ্চলটোত সংঘটিত হৈছে মহিলাৰ সৈতে তীব্ৰ কাজিয়াৰ ঘটনা। একেটা পৰিয়ালৰ সদস্যৰ মাজত সা-সম্পত্তিৰ বিবাদক লৈ সংঘটিত হয় এই কাজিয়া। দুগৰাকী মহিলাক ৰাস্তালৈ চোঁচৰাই আনি ভিৰৰ…
Read More
এইখন ৰাজ্যৰ বিধানসভাত এতিয়া হাতত মোবাইল, পতাকা, প্ৰতিবাদী চিহ্ন আৰু অস্ত্ৰ-শস্ত্ৰ লৈ প্ৰৱেশ কৰিব নোৱাৰিব বিধায়কে…

এইখন ৰাজ্যৰ বিধানসভাত এতিয়া হাতত মোবাইল, পতাকা, প্ৰতিবাদী চিহ্ন আৰু অস্ত্ৰ-শস্ত্ৰ লৈ প্ৰৱেশ কৰিব নোৱাৰিব বিধায়কে…

উত্তৰ প্ৰদেশৰ বিধায়কসকলে আৰু বিধানসভা ভৱনৰ ভিতৰত মোবাইল ফোন, পতাকা, প্ৰতিবাদৰ প্ৰতীক আৰু অস্ত্ৰ-শস্ত্ৰ কঢ়িয়াই নিব নোৱাৰিব। ৰাজ্য বিধানসভাৰ পৰিচালনা সমিতিৰ অধ্যক্ষ ৰামপাল ভাৰ্মাই সোমবাৰে সদনত ১৫৬ পৃষ্ঠাৰ খচৰা নিয়মাৱলী দাখিল কৰে য’ত এই পৰামৰ্শসমূহ দিয়া হৈছে। নিয়ম অনুসৰি সদনত সদস্যসকলে মোবাইল ফোন লৈ সোমাব নোৱাৰিব। সদস্যসকলে অস্ত্ৰ-শস্ত্ৰ, পতাকা, চিহ্ন (প্ৰদৰ্শন কৰিবলৈ) বা আন কোনো প্ৰদৰ্শনযোগ্য বস্তু প্ৰদৰ্শন কৰিব নোৱাৰিব বুলিও বিধায়কৰ বাবে প্ৰস্তাৱিত নিয়মত উল্লেখ কৰা হৈছে। মূলতঃ বিৰোধীৰ সদস্যসকলে পতাকা, বেনাৰ, প্লেকাৰ্ড ব্যৱহাৰ কৰি বিভিন্ন বিষয়ত শ্লোগান প্ৰদৰ্শন কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে। নিয়মাৱলীত প্ৰস্তাৱিত অন্যান্য নিয়মত উল্লেখ আছে যে সদনত সদস্যসকলৰ চুটি জাননীৰ প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে…
Read More
হাৰিয়ানাৰ হিংসাজৰ্জৰ নুহলৈ যোৱা কংগ্ৰেছৰ ৯ জনীয়া প্ৰতিনিধি দলক বাধা প্ৰদান আৰক্ষীৰ…

হাৰিয়ানাৰ হিংসাজৰ্জৰ নুহলৈ যোৱা কংগ্ৰেছৰ ৯ জনীয়া প্ৰতিনিধি দলক বাধা প্ৰদান আৰক্ষীৰ…

হাৰিয়ানা আৰক্ষীয়ে মঙলবাৰে ৯ জনীয়া কংগ্ৰেছৰ প্ৰতিনিধি দল এটাক হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত নুহ জিলা ভ্ৰমণৰ পৰা বাধা প্ৰদান কৰে। নুহৰ পৰা প্ৰায় ১৫ কিলোমিটাৰ উত্তৰ-পূবৰ ৰেৱাছান গাঁৱৰ সমীপত প্ৰতিনিধি দলটোক বাধা প্ৰদান কৰা হয়। প্ৰতিনিধি দলৰ অংশ আছিল কংগ্ৰেছৰ সাংসদ দীপেন্দৰ হুডা আৰু ৰাজ্যিক দলৰ মুৰব্বী উদয় ভান। হুডাই কয় যে আমাৰ প্ৰতিনিধি দলটোৱে নুহ চহৰ, নলহাৰ মন্দিৰ আৰু বজাৰসমূহ পৰিদৰ্শন কৰিব বিচাৰে। আমি সকলোৰে সৈতে কথা পাতিব বিচাৰিছো। কিন্তু আৰক্ষীয়ে আমাক বাধা প্ৰদান কৰে। দেওবাৰে গুৰুগ্ৰাম আৰু নুহ পৰিদৰ্শন কৰিবলৈ যোৱা চিপিআইৰ চাৰিজনীয়া প্ৰতিনিধি দল এটাক আৰক্ষীয়ে ৰখাই দিয়ে। সেই সময়ত আৰক্ষীয়ে নুহৰ সমীপৰ ক্ষতিগ্ৰস্ত গাঁওসমূহত দলটোক প্ৰৱেশ কৰিবলৈ…
Read More
মৰ্মান্তিক! প্ৰেয়সীৰ পিতৃৰ পৰা লুকুৱাবলৈ চেষ্টা কৰি চাদৰ পৰা পিচলি কৰুণ মৃত্যু যুৱকৰ

মৰ্মান্তিক! প্ৰেয়সীৰ পিতৃৰ পৰা লুকুৱাবলৈ চেষ্টা কৰি চাদৰ পৰা পিচলি কৰুণ মৃত্যু যুৱকৰ

চাদত বহি প্ৰেয়সীৰ সৈতে পিজ্জা ডেটত মিলিত হোৱাৰ সময়তে হঠাৎ অহা প্ৰেয়সীৰ পিতৃৰ পৰা লুকুৱাবলৈ চেষ্টা কৰি কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল এজন যুৱকে। এই শোকাবহ ঘটনা সংঘটিত হৈছে হায়দৰাবাদৰ বৰাবান্দা অঞ্চলত। আৰক্ষীয়ে জনোৱা মতে, মহম্মদ শ্বোৱেইবে প্ৰেমিকাক লগ কৰিবলৈ গৈছিল প্ৰেমিকাগৰাকীৰ ঘৰলৈ। চাদত লগ হৈ থাকোঁতে এজন মানুহৰ খোজৰ শব্দ শুনে। ছোৱালীজনীৰ দেউতাক চাদলৈ আহিব বুলি ভয় কৰি শ্বোৱেইবে এটা চুকত লুকাই থাকিবলৈ চেষ্টা কৰে। কিন্তু দুৰ্ভাগ্যবশতঃ চাদৰ পৰা পিচলি পৰে যুৱকজন। এই ঘটনাত গুৰুতৰভাৱে আহত হোৱা যুৱকজনক ওচমানিয়া জেনেৰেল হস্পিতাললৈ স্থানান্তৰ কৰা হয় যদিও পুৱা প্ৰায় ৫.৩০ বজাত মৃত্যু হয়। বৰাবান্দা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত…
Read More