ভাৰত

সংক্ৰমিত মহৰ কামোৰৰ জৰিয়তে কেৰালাত বিয়পিছে ৱেষ্ট নাইল জ্বৰ

সংক্ৰমিত মহৰ কামোৰৰ জৰিয়তে কেৰালাত বিয়পিছে ৱেষ্ট নাইল জ্বৰ

কেৰালাত ৱেষ্ট নাইল জ্বৰ দ্ৰুতগতিত বিয়পিবলৈ ধৰিছে। সংক্ৰমিত মহৰ কামোৰৰ জৰিয়তে এই জ্বৰ বিয়পে। এইকাৰণেই কেৰালাৰ স্বাস্থ্য বিভাগে সকলো জিলাতে বৰ্ষা ঋতুৰ পূৰ্বে পৰিচ্ছন্নতা অভিযান চলোৱাৰ নিৰ্দেশ জাৰি কৰে। কিয়নো ৰাজ্যখনৰ তিনিখন চহৰত এই সংক্ৰমিত ৰোগ ধৰা পৰিছে। কেৰালাৰ স্বাস্থ্য বিভাগ এই সন্দৰ্ভত সম্পূৰ্ণ সক্ৰিয় হৈ পৰিছে। ইয়াৰ লগতে ৰাজ্যখনত এক সতৰ্কবাণীও জাৰি কৰা হৈছে।কোজিকোডত এতিয়ালৈকে ৱেষ্ট নাইল জ্বৰৰ পাঁচটা ঘটনা পোহৰলৈ আহিছে। ইয়াৰ লগতে, মালাপ্পুৰম আৰু ত্ৰিচুৰত কিছু লোক এই ৰোগত আক্ৰান্ত হোৱা বুলিও জানিব পৰা গৈছে। এনে বহুতো ঘটনা আছে য'ত এই ৰোগৰ লক্ষণবোৰ প্ৰকাশ কৰা হোৱা নাই। এইকাৰণেই কৰ্তৃপক্ষই এতিয়ালৈকে সংক্ৰমিত লোকৰ সংখ্যা ৰাজহুৱা কৰা নাই। সংবাদ…
Read More
পেৰিছ অলিম্পিকৰ ৩২৯ টা ক্ৰীড়া ইভেণ্টত অংশগ্ৰহণ কৰিব ১০৫০০ তকৈও অধিক এথলীটে

পেৰিছ অলিম্পিকৰ ৩২৯ টা ক্ৰীড়া ইভেণ্টত অংশগ্ৰহণ কৰিব ১০৫০০ তকৈও অধিক এথলীটে

পেৰিছ অলিম্পিক ২০২৪ ৰ প্ৰস্তুতি পূৰ্ণ গতিত চলি আছে। এইবাৰ ২৬ জুলাইৰ পৰা ১১ আগষ্টলৈ ফ্ৰান্সৰ ৰাজধানী পেৰিছত এই মহা ক্ৰীড়া লীগ আয়োজন কৰা হ'ব। য'ত ৩২৯ টা ইভেণ্টত ৩২টা ক্ৰীড়া খেলা হ'ব আৰু ইয়াত ১০৫০০ তকৈও অধিক এথলীটে অংশগ্ৰহণ কৰিব। শেষবাৰৰ বাবে ভাৰতীয় দলটোৱে ২০২০ টকিঅ' অলিম্পিকত ১২৪ জন খেলুৱৈৰ সৰ্ববৃহৎ দল প্ৰেৰণ কৰিছিল। পেৰিছ অলিম্পিকত ভাৰতীয় দলৰ বাবে বহুতো এথলীটক বাছনি কৰা হৈছে। এতিয়ালৈকে পেৰিছ অলিম্পিক ২০২৪ ৰ বাবে বাছনি কৰা ভাৰতীয় এথলীটসকলৰ ভিতৰত আছে - আৰ্চাৰী: ধিৰাজ বমদেৱৰা (পুৰুষৰ ৰিকাৰ্ভ)। এথলেটিকছ: নীৰজ চোপ্ৰা (জেভেলিন থ্ৰো), কিশোৰ কুমাৰ জেনা (জেভেলিন থ্ৰো), মুৰলী শ্ৰীশংকৰ (পুৰুষৰ লং জাম্প), অবিনাশ চেবল…
Read More
ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা  হৈছে হুইটলে গ’ল্ড এৱাৰ্ড

ড° পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়োৱা  হৈছে হুইটলে গ’ল্ড এৱাৰ্ড

জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে নিৰলস প্ৰচেষ্টাৰ গুৰি ধৰা এগৰাকী নিষ্ঠাবান মহিলাৰ শক্তিক পুনৰ উজলাই আৰণ্যকৰ সংৰক্ষণ জীৱবিজ্ঞানী ড° পূৰ্ণিমা দেৱী বৰ্মনক “সেউজ অস্কাৰ” খ্যাত “ হুইটলে গ’ল্ড এৱাৰ্ড ২০২৪” প্ৰদান কৰা হৈছে। অসমত স্থানীয়ভাবে হাড়গিলা হিচপে পৰিচিত বিশ্বৰ অন্যতম বিৰলতম বৰটোকোলা বিধৰ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ অক্লান্ত কৰ্মৰ স্বীকৃতি স্বৰুপে বৰ্মনলৈ এই বটাঁ আগবঢ়োৱা হৈছে । জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত নাৰী শক্তিক বিশ্ব পৰ্যায়ত উজলাই তোলা এই স্বীকৃতি কেৱল ড° বৰ্মনৰ বাবেই নহয়, অসম তথা দেশৰ বাকী অংশৰ বাবেও এক উল্লেখযোগ্য কৃতিত্ব। এই স্বীকৃতিত আপ্লুত  ড° পূৰ্ণিমা দেৱী বৰ্মনে কয় যে এই বঁটাই স্থানীয় সমুদায়ৰ সমৰ্থনেৰে হাড়গিলাক সুৰক্ষা দিয়াৰ তেওঁৰ সংকল্পক…
Read More
উচ্চতম ন্যায়ালয়ৰ মজিয়াত কেন্দ্ৰীয় চৰকাৰ আৰু পশ্চিম বংগ চৰকাৰৰ মাজত বাকযুদ্ধ

উচ্চতম ন্যায়ালয়ৰ মজিয়াত কেন্দ্ৰীয় চৰকাৰ আৰু পশ্চিম বংগ চৰকাৰৰ মাজত বাকযুদ্ধ

কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ক কয় যে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰো (চিবিআই) তেঁওলোকৰ নিয়ন্ত্ৰণৰ অধীনত নহয়। কেন্দ্ৰীয় চৰকাৰে পশ্চিম বংগ চৰকাৰৰ দ্বাৰা দাখিল কৰা গোচৰটোৰ প্ৰাথমিক আপত্তিত এই কথা কয়। দৰাচলতে, পশ্চিম বংগ চৰকাৰে নিজৰ গোচৰত কয় যে চিবিআইয়ে ৰাজ্যখনৰ আগতীয়া অনুমতি অবিহনে বহুক্ষেত্ৰত তেঁওলোকৰ তদন্ত আগবঢ়াই আছে। পশ্চিম বংগ চৰকাৰে সংবিধানৰ ১৩১ নং অনুচ্ছেদৰ অধীনত কেন্দ্ৰৰ বিৰুদ্ধে শীৰ্ষ আদালতত এটা মূল গোচৰ ৰুজু কৰিছে, চিবিআইয়ে এজাহাৰ পঞ্জীয়ন কৰি তেওঁলোকৰ তদন্ত আগবঢ়াইছে বুলি অভিযোগ উত্থাপন কৰিছে। আনহাতে ৰাজ্যখনে গোচৰসমূহৰ তদন্তৰ বাবে তেঁওলোকৰ অধিকাৰ ক্ষেত্ৰৰ অধীনত থকা ফেডাৰেল সংস্থাটোক দিয়া সাধাৰণ সন্মতি প্ৰত্যাহাৰ কৰিছে। অনুচ্ছেদ ১৩১ কেন্দ্ৰ আৰু এক বা একাধিক ৰাজ্যৰ…
Read More
বিশ্বৰ ভিতৰত ৰাছিয়াত সৰ্বাধিক চাইবাৰ অপৰাধৰ ঘটনা

বিশ্বৰ ভিতৰত ৰাছিয়াত সৰ্বাধিক চাইবাৰ অপৰাধৰ ঘটনা

চাইবাৰ অপৰাধৰ ক্ষেত্ৰত ভাৰত দশম স্থানত আছে। চাইবাৰ অপৰাধৰ জৰিয়তে ধন সংগ্ৰহ কৰাটো এতিয়া সচৰাচৰ ঘটনা হৈ পৰিছে। এই তথ্যবোৰ এটা নতুন অধ্যয়নত প্ৰকাশ পাইছে যিয়ে সমগ্ৰ বিশ্বৰ চাইবাৰ অপৰাধৰ বিশেষজ্ঞসকলৰ ওপৰত জৰীপ কৰে।গৱেষকৰ এটা আন্তৰ্জাতিক দলে 'ৱৰ্ল্ড চাইবাৰ ক্ৰাইম ইণ্ডেক্স' সংকলন প্ৰস্তুত কৰিছে, যিয়ে প্ৰায় ১০০ খন দেশক স্থান দিছে আৰু বিভিন্ন শ্ৰেণীৰ চাইবাৰ ক্ৰাইম অনুসৰি মুখ্য স্থানবোৰ চিনাক্ত কৰিছে। এই শ্ৰেণীবোৰৰ ভিতৰত আছে ৰেনছমৱেৰ, ক্ৰেডিট কাৰ্ড চুৰি, আৰু কেলেংকাৰী। পিএলঅ'এছ ৱান আলোচনীত প্ৰকাশিত গৱেষণা অনুসৰি, ৰাছিয়া তালিকাৰ শীৰ্ষত আছে আৰু তাৰ পিছত আছে ইউক্ৰেইন, চীন, আমেৰিকা যুক্তৰাজ্য, নাইজেৰিয়া আৰু ৰোমানিয়া। উত্তৰ কোৰিয়াই সপ্তম স্থানত আছে, আনহাতে ব্ৰিটেইন আৰু…
Read More
সংসদ চৌহদত অনুসন্ধান আৰু প্ৰৱেশৰ তদাৰক কৰিব চিআইএছএফে

সংসদ চৌহদত অনুসন্ধান আৰু প্ৰৱেশৰ তদাৰক কৰিব চিআইএছএফে

ভাৰতীয় সংসদৰ সমগ্ৰ নিৰাপত্তাৰ দায়িত্ব শীঘ্ৰেই কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ (চিআইএছএফ) হাতত থাকিব। বৰ্তমান, সংসদ চৌহদত অনুসন্ধান আৰু প্ৰৱেশ ব্যৱস্থা তদাৰক কৰাৰ বাবে চিআইএছএফ দায়বদ্ধ। এই সন্দৰ্ভত তিনিজন বিষয়াই কয় যে শীঘ্ৰেই চিআইএছএফে সমগ্ৰ সংসদৰ নিৰাপত্তাৰ দায়িত্ব লাভ কৰিব। বিষয়াকেইজনে কয় যে ২০২৩ চনৰ ১৩ ডিচেম্বৰত দুজন ব্যক্তিয়ে সংসদৰ ভিতৰত অনুপ্ৰৱেশ কৰা আৰু তাৰ পিছত গেছ প্ৰয়োগ কৰাৰ ঘটনাৰ পিছত সংসদৰ নিৰাপত্তা ব্যৱস্থা পুনৰীক্ষণ কৰা হৈছিল। ইয়াৰ পিছত, চি.আই.এছ.এফ.-ক প্ৰৱেশ আৰু অনুসন্ধানৰ দায়িত্ব দিয়া হৈছিল। ইফালে, পৰ্যালোচনাটোৱে এই সিদ্ধান্তত উপনীত হৈছিল যে দেশৰ আটাইতকৈ উচ্চ-প্ৰফাইল কমপ্লেক্সসমূহৰ এটাৰ নিৰাপত্তাৰ ক্ষেত্ৰত একাধিক সংস্থা জড়িত হ'ব নালাগে। সংসদৰ নিৰাপত্তা আগতে দিল্লী আৰক্ষীৰ ওচৰত…
Read More
মাৰ্চ মাহত ১.৭৮ লাখ কোটি টকাৰ জিএছটি সংগ্ৰহ

মাৰ্চ মাহত ১.৭৮ লাখ কোটি টকাৰ জিএছটি সংগ্ৰহ

ঘৰুৱা বিক্ৰী বৃদ্ধিৰ বাবে মাৰ্চ মাহত সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) সংগ্ৰহ ১১.৫ শতাংশ বৃদ্ধি হৈ ১.৭৮ লাখ কোটি টকালৈ বৃদ্ধি হয়। এই কথা বিত্ত মন্ত্ৰালয়ে প্ৰকাশ কৰে। ইয়াৰ সৈতে, সমগ্ৰ বিত্তীয় বৰ্ষত (এপ্ৰিল ২০২৩-মাৰ্চ ২০২৪) মুঠ জিএছটি সংগ্ৰহ আছিল ২০.১৮ লাখ কোটি টকা, যি এবছৰ আগৰ তুলনাত ১১.৭ শতাংশ অধিক। বিত্ত মন্ত্ৰালয়ে কয়, "২০২৪ চনৰ মাৰ্চ মাহৰ বাবে জিএছটি ৰাজহ ১.৭৮ লাখ কোটি টকাৰ দ্বিতীয় সৰ্বাধিক আছিল, যি বছৰি ১১.৫ শতাংশ বৃদ্ধি পঞ্জীয়ন কৰিছিল। ঘৰুৱা লেনদেনত ১৭.৬ শতাংশৰ গুৰুত্বপূৰ্ণ বৃদ্ধিৰ দ্বাৰা এই বৃদ্ধি হৈছিল।" এপ্ৰিল, ২০২৩-ত সৰ্বাধিক ১.৮৭ লাখ কোটি টকাৰ জিএছটি মাহিলী সংগ্ৰহ নথিভুক্ত কৰা হৈছিল। সমাপ্ত হোৱা…
Read More
২০৩০ ত সামৰিক শক্তিত ভাৰতে অতিক্ৰম কৰিব ৰাছিয়া আৰু জাৰ্মানীক

২০৩০ ত সামৰিক শক্তিত ভাৰতে অতিক্ৰম কৰিব ৰাছিয়া আৰু জাৰ্মানীক

ভাৰতে এই বছৰ তেওঁলোকৰ প্ৰতিৰক্ষা বাজেট ৬.২১ লাখ কোটিলৈ বৃদ্ধি কৰিছে। যোৱা বছৰ এই বাজেট ৫.৯ লাখ কোটি আছিল। আগন্তুক ৬ বছৰত ১৩২.২৬ বিলিয়ন ডলাৰৰ প্ৰতিৰক্ষা বাজেটৰ সৈতে, ভাৰতৰ সেনা বিশ্বৰ তৃতীয় আটাইতকৈ শক্তিশালী সেনা হ'ব। এক প্ৰতিবেদনত অনুসৰি অহা ৬ বছৰত ভাৰতে তেঁওলোকৰ প্ৰতিৰক্ষা খণ্ডত বাজেট ইমানেই বৃদ্ধি কৰিব যে ৰাছিয়া আৰু জাৰ্মানী দেশবোৰো পিছ পৰি থাকিব। ইনচাইডাৰ মাঙ্কিত প্ৰকাশিত এক প্ৰতিবেদনত, বিশেষজ্ঞসকলে সামৰিক শক্তি, সামৰিক সঁজুলি, সৈনিকৰ সংখ্যা, কাৰিকৰী ক্ষমতা আৰু জিডিপি বিবেচনা কৰি ৰেংকিং প্ৰস্তুত কৰিছে। ৰাছিয়া বৰ্তমান আটাইতকৈ শক্তিশালী সৈন্যবাহিনীৰ তালিকাত তিনি নম্বৰত আছে, কিন্তু ২০৩০ চনৰ ভিতৰত উন্নত সামৰিক সঁজুলিৰ অভাৱৰ বাবে তেওঁলোক পঞ্চম স্থানলৈ…
Read More
৯০ মিটাৰ জেভলিন থ্ৰ’ কৰাৰ লক্ষ্যৰে পেৰিছ অলিম্পিকত অবতীৰ্ণ হ’ব নীৰজ চোপ্ৰা

৯০ মিটাৰ জেভলিন থ্ৰ’ কৰাৰ লক্ষ্যৰে পেৰিছ অলিম্পিকত অবতীৰ্ণ হ’ব নীৰজ চোপ্ৰা

বৰ্তমানৰ অলিম্পিক আৰু বিশ্ব চেম্পিয়ন জেভলিন থ্ৰ'য়াৰ নীৰজ চোপ্ৰাই ১০ মে'ত প্ৰতিষ্ঠিত ডায়মণ্ড লীগ শৃংখলাৰ দোহা লেগত তেওঁৰ ছিজন আৰম্ভ কৰিব। ২৬ বছৰীয়া চোপ্ৰাই চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত সোণৰ পদক লাভ কৰি যোৱা ছিজনটো সমাপ্ত কৰিছিল। এই বছৰ তেওঁৰ লক্ষ্য হ'ব পেৰিছ অলিম্পিকত পুনৰ স্বৰ্ণ পদক অৰ্জন কৰা। চোপ্ৰাৰ উপৰিও ভাৰতীয় খেলুৱৈ কিশোৰ জেনাই কাটাৰৰ ৰাজধানীত অনুষ্ঠিত হ'বলগীয়া ডায়মণ্ড লীগ পৰ্যায়ত আত্মপ্ৰকাশ কৰিব। জেনাই ২০২৩ চনৰ বুদাপেষ্ট বিশ্ব চেম্পিয়নশ্বিপত পঞ্চম স্থান লাভ কৰিছিল আৰু হাংঝৌত ৮৭.৫৪ মিটাৰ ব্যক্তিগত শ্ৰেষ্ঠতাৰে ৰূপৰ পদক জিকিছিল।চোপ্ৰা চেক গণৰাজ্যৰ জাকুব ভাদলেজচ আৰু গ্ৰেনাডাৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন এণ্ডাৰচন পিটাৰ্ছৰ দৰে খেলুৱৈৰ বিৰুদ্ধে অবতীৰ্ণ হ'ব। ২০২৩…
Read More
১ এপ্ৰিলৰ পৰা ইউ.পি.আই মাধ্যমৰে ৰে’লৰ টিকট ক্ৰয় কৰিব পাৰিব যাত্ৰীয়ে

১ এপ্ৰিলৰ পৰা ইউ.পি.আই মাধ্যমৰে ৰে’লৰ টিকট ক্ৰয় কৰিব পাৰিব যাত্ৰীয়ে

দ্ৰুতগতিত বিকশিত হোৱা বিশ্বই প্ৰযুক্তিৰ সৈতে আগবাঢ়িব ধৰিছে। ভাৰতে ডিজিটেল পৰিশোধৰ ক্ষেত্ৰত যথেষ্ট দক্ষতা অৰ্জন কৰিছে। এতিয়া ৰে'লৱেই ১ এপ্ৰিলৰ পৰা এই কৌশলটো কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছে। যাত্ৰীসকলৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ৰে'লৱেই এপ্ৰিলৰ ১ তাৰিখৰ পৰা পৰিশোধ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিবলৈ গৈ আছে। অনলাইন পৰিশোধৰ প্ৰচাৰৰ বাবে, ৰে'লৱেই কিউআৰ কোড স্কেনাৰ প্ৰৱৰ্তন কৰিছে। ৰে'লৱেৰ এই নতুন সেৱাত, ৰে'ল ষ্টেচনৰ টিকট কাউণ্টাৰত কিউআৰ কোডৰ জৰিয়তে পৰিশোধ কৰি যাত্ৰীয়ে সাধাৰণ টিকট ক্ৰয় কৰিব পাৰিব। পেটিএম, গুগল পে, আৰু ফোন পেৰ দৰে মুখ্য ইউ.পি.আই. মোডৰ জৰিয়তে পৰিশোধ কৰিব পাৰিব। ইয়াৰ উপৰিও, ডিজিটেল পৰিশোধৰ প্ৰচাৰৰ বাবে, ৰে'লৱেই খাদ্যৰ পৰা টিকট, জৰিমনা আৰু পাৰ্কিংলৈকে…
Read More