28
Mar
মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত অৰ্থাৎ চলিত লোকসভা মুঠ ২২২ খন বিধেয়ক গৃহীত হয় আৰু তাৰে ৪৫ খন সদনত উত্থাপন কৰাৰ দিনা গৃহীত কৰা হয়। এছ'চিয়েচন ফৰ ডেমক্ৰেটিক ৰিফৰ্মছ (এডিআৰ)ৰ এক বিশ্লেষণত এই তথ্য প্ৰকাশ পাইছে। নিম্ন সদনত উত্থাপনৰ দিনাই অনুমোদিত বিধেয়কসমূহৰ ভিতৰত আছে বিনিয়োগ (লেখানুবাদ) বিধেয়ক, বিনিয়োগ বিধেয়ক, জম্মু আৰু কাশ্মীৰ বিনিয়োগ (দ্বিতীয়) বিধেয়ক, কেন্দ্ৰীয় সামগ্ৰী আৰু সেৱা কৰ (সংশোধনী) বিধেয়ক, ২০২৩ আৰু নিৰ্বাচন আইন (সংশোধনী) বিধেয়ক, ২০২১।এডিআৰৰ বিশ্লেষণৰ ভিত্তিত প্ৰস্তুত কৰা প্ৰতিবেদনখন মঙলবাৰে প্ৰকাশ হয়। ই সপ্তদশ লোকসভা আৰু ইয়াৰ সদস্যসকলৰ কাম-কাজৰ ওপৰত আলোকপাত কৰে।প্ৰতিবেদন অনুসৰি, সপ্তদশ লোকসভাৰ কাৰ্যকালত ২৪০ খন বিধেয়ক উত্থাপন কৰা হৈছিল আৰু ২২২ খন গৃহীত…
