26
Dec
চুবুৰীয়া বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত চলোৱা আতিশয্য আৰু হিন্দু যুৱকক জীৱন্তে জ্বলাই হত্যাৰ সন্দৰ্ভত সমগ্ৰ ৰাজ্য জুৰি তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে ২৪ ডিচেম্বৰৰ দিনা সন্ধিয়া গুৱাহাটী মহানগৰীৰ পাণ্ডুৰ পৰা মালিগাওঁ হৈ আদাবাৰীলৈ উলিওৱা হয় বিশাল প্ৰতিবাদী সমদল । বৃহত্তৰ পাণ্ডু-মালিগাঁও ৰাইজৰ উদ্যোগত উলিওৱা এই সমদলত প্ৰতিবাদকাৰী সকলে বাংলাদেশৰ অন্তৰ্ৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুচৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বাংলাদেশৰ পতাকা জ্বলাই দিয়ে প্ৰতিবাদ কাৰী সকলে । প্ৰতিবাদকাৰী সকলে বাংলাদেশত হিন্দু ধৰ্মী দীপু চন্দ্ৰ দাসৰ নৃশংস হত্যাকাণ্ডৰ প্ৰতিবাদত আৰু বাংলাদেশত থকা হিন্দু সকলৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবীত বাংলাদেশ মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে পাণ্ডু মালিগাঁও। লগতে প্ৰতিবাদকাৰীসকলে "বাংলাদেশ গ' বেক,…
