20
May
গুজৰাটৰ আহমেদাবাদস্থিত চেলউইন ট্ৰেডাৰ্ছ লিমিটেডৰ সঞ্চালক মণ্ডলী(বৰ্ড অৱ ডাইৰেক্টৰে)য়ে পেটেল কণ্টেইনাৰ ইণ্ডিয়া প্ৰাইভেট লিমিটেডত কৌশলগত বিনিয়োগৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্ৰতিষ্ঠানটোৱে পেটেল কণ্টেইনাৰত ৩৬% অংশীদাৰিত্ব অধিগ্ৰহণ কৰিব, যি আগন্তুক দুবছৰত ৫১% লৈকে সম্প্ৰসাৰিত হ'ব। গুজৰাটৰ ভৱনগৰ জিলাত লজিষ্টিক কণ্টেইনাৰৰ বাবে নতুন উৎপাদন কেন্দ্ৰ স্থাপনৰ বাবে সহায়ক হোৱাকৈ চেল উইন ট্ৰেডাৰ্ছৰ দ্বাৰা বিনিয়োগ ব্যৱহাৰ কৰা হ’ব। ২০২৪ বৰ্ষৰ ভাইব্ৰেণ্ট গুজৰাট গ্ল’বেল ছামিটত গুজৰাটৰ ভৱনগৰস্থিত লজিষ্টিক কণ্টেইনাৰ নিৰ্মাণকেন্দ্ৰত ৪৫ কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি দিছে পেটেল কণ্টেইনাৰে। লজিষ্টিক আৰু বিতৰণ অনুকূল কৰি ২০২৫ বৰ্ষৰ ভিতৰত ১০০ নিয়োগ সৃষ্টি কৰিব বুলি আশা কৰা এই প্ৰকল্পটোৱে প্ৰধান বন্দৰ আৰু বাণিজ্যিক পথৰ সমীপত কৌশলগত স্থানৰ পৰা লাভৱান…
