13
Jun
স্কোডা অটো ইণ্ডিয়াই নিজৰ নিৰন্তৰ সামগ্ৰীৰ কাৰ্য-কৌশলৰ পৰিৱৰ্তন ঘটাই ৫-তাৰকাযুক্ত নিৰাপদ বহৰক অধিক উন্নীতকৰণ কৰি কুশ্বক অনিক্স এ টি মুকলি কৰিছে। স্কোডাৰ অনুৰাগী আৰু গ্ৰাহকসকলক সন্তুষ্টি আৰু সঠিক মূল্য প্ৰদান কৰাৰ লক্ষ্যৰে গ্ৰাহকৰ বিভিন্ন মতামতৰ ভিত্তিত ২০২৩ৰ প্ৰথম ত্ৰৈমাসিকত প্ৰথমে অনিক্স মুকলি কৰা হৈছিল। শেহতীয়াকৈ গ্ৰাহকৰ মতামতৰ ভিত্তিত স্কোডা অটো ইণ্ডিয়াই এতিয়া কুশ্বক অনিক্সক অটোমেটিক ট্ৰেন্সমিছন আৰু বহুতো নতুন বৈশিষ্ট্যৰে উন্নীত কৰা হৈছে, যাৰ ফলত নিজৰ ছেগমেণ্টৰ আটাইতকৈ সুলভ অটোমেটিক ৰূপে পৰিগণিত হৈছে। স্কোডাৰ এই নতুন এছইউভি অনিক্স এটি হৈছে এক্টিভ আৰু এম্বিচন ভেৰিয়েণ্টৰ মিশ্ৰণ। ইয়াত ডিআৰএলৰ সৈতে ক্রিষ্টলাইন এলইডি হেডলেম্প, ষ্টেটিক কৰ্নাৰিং ফাংচনৰ সৈতে ফ্ৰণ্ট ফগ লেম্প, ৱাইপাৰ আৰু…
