29
Aug
ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান বেংগালুৰু (আই আই এম বি) আৰু এছ পি জৈন ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড ৰিচাৰ্ছৰ শেহতীয়া যুগান্তকাৰী প্ৰতিবেদনত ফেণ্টাচি ক্ৰীড়া প্ৰতিযোগিতাসমূহত সুযোগতকৈ দক্ষতাই প্ৰধান ভূমিকা পালনৰ কথা স্পষ্ট ৰূপত প্ৰকাশ পাইছে। “নীতি নিৰ্ধাৰণৰ বাবে ডিচিছন ছাপৰ্ট চিষ্টেম: দৈনিক ফেণ্টাচি খেলসমূহ(ডিএফএছ)ত দক্ষতা আৰু সুযোগৰ পৰিমাপকৰণ ” শীৰ্ষক এই যুটীয়া অধ্যয়নে ব্যৱহাৰকাৰীৰ দক্ষতা অবিশ্বাস্য সুযোগতকৈ সফলতাৰ এক অধিক গুৰুত্বপূৰ্ণ নিৰ্ধাৰক বুলি উদাহৰণসহ দাঙি ধৰিছে। অধ্যাপক ইউ দিনেশ কুমাৰৰ নেতৃত্বত ৰূপায়িত কৰা এই গৱেষণাই অভিজ্ঞতা, পূৰ্বৰ প্ৰদৰ্শন আৰু শেহতীয়াকৈ এজন খেলুৱৈৰ সফলতাৰ ওপৰত অংশগ্ৰহণৰ যথেষ্ট প্ৰভাৱৰ ওপৰত আলোকপাত কৰিছে। মুঠ ২,৯৫১খন মেচ আৰু ১,৬০,০০০খন প্ৰতিযোগিতাৰ তথ্য বিশ্লেষণৰ অন্তত এই অধ্যয়নে লাভ…
