ব্যৱসায়

নতুন দিল্লী ফ’ৰামত তৈলপাম খণ্ডক আগুৱাই নিয়াৰ বাবে চৰকাৰ-উদ্যোগৰ শক্তিশালী অংশীদাৰিত্বৰ বাবে আহ্বান গড্ৰেজ এগ্ৰ’ভেটৰ

নতুন দিল্লী ফ’ৰামত তৈলপাম খণ্ডক আগুৱাই নিয়াৰ বাবে চৰকাৰ-উদ্যোগৰ শক্তিশালী অংশীদাৰিত্বৰ বাবে আহ্বান গড্ৰেজ এগ্ৰ’ভেটৰ

নতুন দিল্লীত অনুষ্ঠিত ইণ্ডিয়ান ভেজিটেবল অইল প্ৰডিউচাৰ এছচিয়েচন(পাচলি তেল উৎপাদক সন্থা)ৰ সন্মিলনত গড্ৰেজ এগ্ৰ’ভেট(জিএভিএল)ৰ তৈলপাম বাগিচা ব্যৱসায়ে সমগ্ৰ দেশৰ তৈলপাম খেতিয়কসকলক উন্নীত কৰিবলৈ ৰাজ্য চৰকাৰ আৰু উদ্যোগ-প্ৰতিষ্ঠানৰ মাজত শক্তিশালী সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। গড্ৰেজ এগ্ৰ'ভেটৰ তৈলপাম ব্যৱসায়ৰ মুখ্য কাৰ্যবাহী বিষয়া সৌগত নিয়োগীয়ে এই সন্মিলনত নিজৰ অভিমত প্ৰকাশ কৰি কয় যে, "স্বাস্থ্যৰ প্ৰভাৱৰ পৰা পাৰিপাৰ্শ্বিক উদ্বেগলৈকে তৈলপামক লৈ মানুহৰ মাজত বহুতো ভুল ধাৰণা আছে। এক উদ্যোগ হিচাপে তৈলপামক লৈ আমি আগবাঢ়িবলৈ এই সমস্যাবোৰ সামগ্ৰিকভাৱে সমাধান কৰিব লাগিব।" সৌগত নিয়োগীয়ে ২০১৯-২০ বৰ্ষত ভোজ্য তেল – তৈলপাম(এনএমইঅ’-অ’পি)ৰ ৰাষ্ট্ৰীয় অভিযান আৰম্ভ হোৱাৰ পিছৰে পৰা হোৱা অগ্ৰগতিৰ ওপৰত আলোকপাত কৰিছে। সমান্তৰালভাৱে ২০৩০ৰ ভিতৰত…
Read More
চিয়েট আইএছআৰএল চিজন ২-য়ে বিশ্বব্যাপী ৰাইডাৰ পঞ্জীয়নবৃদ্ধিৰ সৈতে ৰেকৰ্ড ভাঙিছে

চিয়েট আইএছআৰএল চিজন ২-য়ে বিশ্বব্যাপী ৰাইডাৰ পঞ্জীয়নবৃদ্ধিৰ সৈতে ৰেকৰ্ড ভাঙিছে

চিয়েট ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগ(আইএছআৰএল)ৰ ছিজন ২ৰ বাবে ৰাইডাৰ পঞ্জীয়নৰ ক্ষেত্ৰত অভিলেখসংখ্যক বিশ্বব্যাপী সঁহাৰি লাভ কৰিছে। ২০২৪ চনৰ ২১ জুনত ৰাইডাৰৰ পঞ্জীয়ন আৰম্ভ হৈছিল আৰু ইতিমধ্যে প্ৰথম তিনি সপ্তাহত ১০২গৰাকীয়ে পঞ্জীয়ন কৰিছে। এই পৰিসংখ্যাই বিশ্বব্যাপী মটৰস্প’ৰ্ট সম্প্ৰদায়ৰ ভিতৰত আইএছআৰএলৰ জনপ্ৰিয়তা আৰু ক্ৰমবৰ্ধমান প্ৰভাৱ প্ৰদৰ্শন কৰিছে য’ত আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশৰ খেলুৱৈসকলে মেগা নিলামৰ বাবে পঞ্জীয়ন কৰিছে। ছিজন ২ৰ বাবে পঞ্জীয়ন আৰম্ভ হোৱাৰ মাত্ৰ প্ৰথম তিনিদিনতে ৫০গৰাকীয়ে পঞ্জীয়ন কৰিছে, ইতিমধ্যে প্ৰথম তিনি সপ্তাহত ১০০গৰাকীতকৈ অধিক খেলুৱৈয়ে পঞ্জীয়ন কৰিছে। এই পৰিসংখ্যাই বিশ্বব্যাপী মটৰস্প’ৰ্ট সম্প্ৰদায়ৰ ভিতৰত আইএছআৰএলৰ জনপ্ৰিয়তা আৰু ক্ৰমবৰ্ধমান প্ৰভাৱ প্ৰদৰ্শন কৰিছে য’ত আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশৰ খেলুৱৈসকলে মেগা নিলামৰ…
Read More
ভিয়ে কাজাখস্তান, উজবেকিস্তান আৰু জৰ্ডানৰ বাবে নতুন পোষ্টপেইড আন্তৰ্জাতিক ৰোমিং পেক মুকলি কৰিছে

ভিয়ে কাজাখস্তান, উজবেকিস্তান আৰু জৰ্ডানৰ বাবে নতুন পোষ্টপেইড আন্তৰ্জাতিক ৰোমিং পেক মুকলি কৰিছে

বিদেশ ভ্ৰমণ আৰু মধ্য-পশ্চিম এছিয়া ভ্ৰমণ কৰা ভাৰতীয়ৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ লগে লগে দেশৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভিয়ে তিনিটা নতুন ভ্ৰমণ গন্তব্যস্থান - কাজাখস্তান, উজবেকিস্তান আৰু জৰ্ডান ভ্ৰমণৰ বাবে নতুন পোষ্টপেইড আন্তঃৰাষ্ট্ৰীয় ৰোমিং পেক মুকলি কৰিছে। ভিৰ ব্যৱহাৰকাৰীসকলে এতিয়া মাত্ৰ ৬৪৯ টকাৰ প্ৰাৰম্ভিক মূল্যত ১২০খন দেশত নিৰৱচ্ছিন্নভাৱে সংযুক্ত হৈ থাকিব পাৰিব। ভিয়ে প্ৰথম মানৱ মহাকাশ বিমান কচমোড্ৰমৰ বাসভূমি কাজাখস্তান, ঐতিহাসিক সমৰকণ্ড চহৰে সমৃদ্ধ উজবেকিস্তান আৰু পেট্ৰা আৰু মৃত সাগৰেৰে ভৰা মনোৰম জৰ্ডানক সেৱাৰ সম্প্ৰসাৰণ কৰিছে কিয়নো ভাৰতীয় ভ্ৰমণকাৰীৰ মাজত এই গন্তব্যস্থানসমূহৰ ক্ৰজনপ্ৰিয়তা বৃদ্ধি পাইছে। ভিৰ পোষ্টপেইড ব্যৱহাৰকাৰীসকলে বিদেশ ভ্ৰমণৰ সময়ত নিৰৱচ্ছিন্নভাৱে সংযুক্ত হৈ থাকিবলৈ ২৪ ঘণ্টাৰ পেক, ১০ দিনৰ…
Read More
এমডিআৰটি ২০২৪ ৰেংকিঙত টাটা এআইএ লাইফ ইঞ্চুৰেন্সৰ বিশ্বজুৰি ৬নং স্থান লাভ 

এমডিআৰটি ২০২৪ ৰেংকিঙত টাটা এআইএ লাইফ ইঞ্চুৰেন্সৰ বিশ্বজুৰি ৬নং স্থান লাভ 

দেশৰ জীৱন বীমা খণ্ডত টাটা এআইএ লাইফ ইঞ্চুৰেন্স(টাটা এআইএ)-এ ২০২৪ৰ গ্ল’বেল মিলিয়ন ডলাৰ ঘূৰণীয়া মেজমেল (এম ডি আৰ টি) ৰেংকিঙত ষষ্ঠ স্থান দখল কৰি সন্মানজনক স্থান দখল কৰিছে। ২০২৩ৰ ৩১ ডিচেম্বৰলৈকে প্ৰতিষ্ঠানটোৱে আকৰ্ষণীয় ২৫৮৪গৰাকী এমডিআৰটি-যোগ্য উপদেষ্টা আৰু কৰ্মচাৰীক পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে, যি পূৰ্বৰ বছৰৰ তুলনাত ৩০.৬৪% উৰ্ধ্বগামী হৈছে।টাটা এআইএই ১,২৩৮গৰাকী যোগ্যতা অৰ্জনকাৰী উপদেষ্টাৰ সহযোগত সৰ্বাধিক সংখ্যক মহিলা এমডিআৰটিক নিৰ্বাচিত কৰি ভাৰতত তালিকাৰ শীৰ্ষস্থান দখল কৰি এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অৰ্জন কৰিছে আৰু বিশ্বব্যাপী এই কেটেগৰীত সপ্তম স্থান দখল কৰিছে। এমডিআৰটি হৈছে বিত্তীয় পেছাদাৰীসকলৰ এক বিশ্ববিশ্ৰুত গ্লবেল সংস্থা, যিয়ে পৃথিৱীৰ ৮০খন দেশৰ জীৱন বীমা আৰু বিত্তীয় সেৱাৰ ক্ষেত্ৰত উৎকৃষ্টতা প্ৰদৰ্শন…
Read More
গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছে মুকলি কৰিলে ভাৰতৰ প্ৰথমটো স্বদেশী মহ প্ৰতিৰোধক

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছে মুকলি কৰিলে ভাৰতৰ প্ৰথমটো স্বদেশী মহ প্ৰতিৰোধক

গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেডে (জিচিপিএল) ভাৰতৰ বৈজ্ঞানিক সমাজৰ বাবে এক উল্লেখযোগ্য সাফল্যৰ নিদৰ্শন দাঙি ধৰি দেশৰ প্ৰথমটো থলুৱাভাৱে বিকশিত আৰু পেটেণ্টযুক্ত মহ প্ৰতিৰোধী সামগ্ৰী ‘ৰেনোফ্লুথ্ৰিন’ মুকলি কৰিছে। নতুন গুডনাইট ফ্লেছ লিকুইড ভেপ’ৰাইজাৰত অনন্য বৈশিষ্ট্যৰে ভৰপূৰ এই উদ্ভাৱনী সামগ্ৰীবিধে বৰ্তমান বজাৰত উপলব্ধ আন যিকোনো প্ৰতিৰোধকৰ তুলনাত দুগুণ ফলপ্ৰসূ হোৱাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে। ৰেন’ফ্লুথ্ৰিনৰ জটিল পৰীক্ষণ কৰা হৈছে আৰু চেণ্ট্ৰেল ইনচেক্টিচাইড বৰ্ড এণ্ড ৰেজিষ্ট্ৰেচন কমিটী(চিআইবি এণ্ড আৰচি)-এ অনুমোদন জনাইছে আৰু ইয়াৰ কাৰ্যকাৰিতা তথা সুৰক্ষা নিশ্চিত কৰিছে। মহজনিত ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি ভাৰতে অবৈধ আৰু পঞ্জীয়নহীন চীনৰ মহ প্ৰতিৰোধী সামগ্ৰী ওপৰত ক্ৰমাৎ নিৰ্ভৰশীলতা হৈ থকাৰ সময়তে এই উল্লেখযোগ্য…
Read More
ষ্টাইলিছ কমপেক্ট এছইউভি ডিজাইনেৰে সাজু হৈছে স্কোডা অটো ইণ্ডিয়া, ২০২৫ত বিশ্বজুৰি মুকলি কৰিব বাহন

ষ্টাইলিছ কমপেক্ট এছইউভি ডিজাইনেৰে সাজু হৈছে স্কোডা অটো ইণ্ডিয়া, ২০২৫ত বিশ্বজুৰি মুকলি কৰিব বাহন

স্কোডা অটো ইণ্ডিয়াই ২০২৫ত বিশ্বজুৰি মুকলি কৰিবলগীয়া বহু প্ৰত্যাশিত কমপেক্ট এছইউভিখনৰ দ্বিতীয়টো টিজাৰ মুকলি কৰিলে। ভাৰতৰ সমৃদ্ধিৰ কাহিনীৰে উদ্বুদ্ধ ৪ মিটাৰ এছইউভি ছেগমেণ্টত বিশ্ববজাৰত প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব পৰাকৈ নতুন অফাৰ মুকলিৰ পদক্ষেপে স্কোডাৰ কৌশলগত সম্প্ৰসাৰণ আৰু ভাৰতীয় বজাৰৰ প্ৰতি দায়বদ্ধতাক প্ৰতফলিত কৰিছে। বহুমুখী এমকিউবি-এঅ'-আইএন প্লেটফৰ্মত প্ৰস্তুত কৰা বাহনখন সফল কুশ্বাক আৰু শ্লাভিয়া মডেলৰ আধাৰত প্ৰস্তুত কৰা হৈছে, স্কোডাৰ আগন্তুক এছইউভিয়ে ইউৰোপীয় কাৰুকাৰ্য্য আৰু স্থানীয় ডিজাইন সংবেদনশীলতাৰ সংমিশ্ৰণৰ প্ৰতিশ্ৰুতি দিছে। স্কোডা অটো ইণ্ডিয়াৰ ব্ৰেণ্ড ডাইৰেক্টৰ পেট্ৰ জেনেবাই এই নতুন বাহন মুকলি আৰু শেহতীয়া পদক্ষেপৰ বিষয়ে বিশেষ গুৰুত্ব আৰোপ কৰি কয় যে, “আমাৰ নতুন কমপেক্ট এছইউভিখনে ভাৰতৰ নগৰীয়া ড্ৰাইভিং পৰিস্থিতিৰ বাবে আদৰ্শ…
Read More
যুৱ সুৰ সৰতাজ ২০২৪: ডেধিয়া মিউজিক ফাউণ্ডেচনে হিন্দুস্তানী শাস্ত্ৰীয় সংগীত শিল্পীৰ বাবে আয়োজন কৰিছে প্ৰিমিয়াৰ প্ৰতিভা সন্ধান প্ৰতিযোগিতাৰ

যুৱ সুৰ সৰতাজ ২০২৪: ডেধিয়া মিউজিক ফাউণ্ডেচনে হিন্দুস্তানী শাস্ত্ৰীয় সংগীত শিল্পীৰ বাবে আয়োজন কৰিছে প্ৰিমিয়াৰ প্ৰতিভা সন্ধান প্ৰতিযোগিতাৰ

ডেধিয়া মিউজিক ফাউণ্ডেচন(ডিএমএফ)-এ দেশজুৰি হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ যুৱ প্ৰতিভাৰ অন্বেষণ আৰু তুলি ধৰাৰ লক্ষ্যৰে এখন অভিনৱ মঞ্চ যুৱ সুৰ সৰতাজ ২০২৪ৰ আৰম্ভ কৰাৰ কথা সগৌৰৱে ঘোষণা কৰিছে। জাইকাছৰ চিইঅ’ আতিশ দেধিয়াই প্ৰতিষ্ঠা কৰা ডিএমএফ সংগীতৰ জৰিয়তে ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰচাৰ আৰু সংৰক্ষণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। যুৱ সুৰ সৰতাজ ২০২৪ প্ৰতিযোগিতাই ১৫-৩০ বছৰ বয়সৰ উচ্চাকাংক্ষী সংগীতশিল্পীসকলক নিজৰ বহুমুখী প্ৰতিভা প্ৰদৰ্শনৰ এক সুবৰ্ণ সুযোগ প্ৰদান কৰিছে। দেশৰ প্ৰথিতযশা শিল্পী কৌশিকী চক্ৰৱৰ্তী, ৰাহুল দেশপাণ্ডে আৰু সঞ্জীৱ অভ্যাংকৰৰ বিচাৰকৰ আসন শুৱনি কৰিব লগা এই প্ৰতিযোগিতাৰ জৰিয়তে ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ প্ৰতি আগ্ৰহ পুনৰ জগাই তোলাৰ লক্ষ্য লোৱা হৈছে। জাইকাছৰ চিইঅ’ আতিশ দেধিয়াই…
Read More
কানাৰা ৰোবেকোৱে আগবঢ়াইছে সন্তুলিত সুবিধা পুঁজি : বজাৰৰ অস্থিৰতাৰ বাবে এক স্মাৰ্ট সমাধান

কানাৰা ৰোবেকোৱে আগবঢ়াইছে সন্তুলিত সুবিধা পুঁজি : বজাৰৰ অস্থিৰতাৰ বাবে এক স্মাৰ্ট সমাধান

ভাৰতৰ দ্বিতীয় পুৰণি সম্পদ পৰিচালনা প্ৰতিষ্ঠান কানাৰা ৰোবেকো মিউচুৱেল ফাণ্ডে মুকলি কৰিছে কানাৰা ৰোবেকো বেলেঞ্চ এডভাণ্টেজ ফাণ্ড, যি হৈছে এক মুকলি গতিশীল সম্পদ আবণ্টন পুঁজি, ইয়াক বজাৰৰ লাভৰ মূলধন হিচাপে ব্যৱহাৰ কৰাৰ লগতে বিপদাশংকা হ্ৰাস কৰাৰ বাবে ডিজাইন কৰা হৈছে। এই নতুন পুঁজিৰ অফাৰ (এনএফঅ’) ২০২৪ চনৰ ১২ জুলাইৰ পৰা ২৬ জুলাইলৈকে লাভ কৰিব গ্ৰাহকসকলে। এই বেলেঞ্চ এডভাণ্টেজ ফাণ্ডৰ আবণ্টন কমেও ৬৫% ইকুইটিত হ’ব, যাৰ ফলত বিনিয়োগকাৰীৰ বাবে ইকুইটি কৰৰ সুবিধাসমূহ নিশ্চিত হ’ব, বাকীখিনি ঋণ আৰু মুদ্ৰা বজাৰৰ সঁজুলিৰ জৰিয়তে বিনিয়োগ কৰা হ’ব। ইয়াৰ লক্ষ্য হৈছে বজাৰৰ অস্থিৰতাৰ বাবে বিনিয়োগকাৰীৰ আচৰণৰ ব্যৱধান দূৰ কৰা। এই বিষয়ে কানাৰা ৰোবেকোৰ মুখ্য কাৰ্যবাহী…
Read More
বলিষ্ঠ সম্প্ৰসাৰণ পৰিকল্পনাৰে ভাৰতৰ বজাৰ দখলৰ লক্ষ্য হাইচেঞ্চৰ

বলিষ্ঠ সম্প্ৰসাৰণ পৰিকল্পনাৰে ভাৰতৰ বজাৰ দখলৰ লক্ষ্য হাইচেঞ্চৰ

গ্ৰাহক ইলেক্ট্ৰনিকছ আৰু সঁজুলিৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠান হাইচেন্সে বিশেষভাৱে পূব ভাৰতত নিজৰ বজাৰৰ উপস্থিতি বৃদ্ধিৰ এক অভিলাষী কৌশল মুকলি কৰিছে। কোম্পানীটোৱে ব্যাপক চেনেল সম্প্ৰসাৰণ আৰু টেলিভিছন আৰু এয়াৰ কণ্ডিচনাৰকে ধৰি উদ্ভাৱনীমূলক প্ৰডাক্ট অফাৰৰ জৰিয়তে নিজৰ স্থিতি অধিক সুদৃঢ় কৰাৰ লক্ষ্য লৈছে।হাইচেঞ্চে প্ৰতিযোগিতামূলক মূল্যত অত্যাধুনিক প্ৰযুক্তিৰ গ্ৰাহকৰ প্ৰৱেশ বৃদ্ধিৰ বাবে মূল খুচুৰা আৰু বিতৰণ অংশীদাৰৰ সৈতে ঘনিষ্ঠভাৱে সহযোগিতা কৰাৰ পৰিকল্পনা কৰিছে। এই কৌশলগত পদ্ধতিয়ে পূব ভাৰতত যথেষ্ট বৃদ্ধিৰ সুযোগসমূহ অন্বেষণ কৰাৰ লগতে গ্ৰাহকৰ মাজত নিজকে পছন্দৰ ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে হাইচেঞ্চৰ প্ৰতিশ্ৰুতিক প্ৰতিফলিত কৰিছে। হাইচেঞ্চ ইণ্ডিয়াৰ চিইঅ’ পংকজ ৰাণাই এই বিষয়ে কয় যে, "আমি উল্লেখযোগ্য বজাৰ অংশীদাৰিত্ব দখলৰ লক্ষ্যৰে…
Read More
ভাৰতত অবৈধ বাজি আৰু জুৱাক নিয়ন্ত্ৰণৰ বাবে গুৰুত্বপূৰ্ণ প্ৰতিবেদন প্ৰকাশ শাস্ত্ৰৰ

ভাৰতত অবৈধ বাজি আৰু জুৱাক নিয়ন্ত্ৰণৰ বাবে গুৰুত্বপূৰ্ণ প্ৰতিবেদন প্ৰকাশ শাস্ত্ৰৰ

ছিকিউৰিটি এণ্ড চাইণ্টিফিক টেকনিকেল ৰিচাৰ্চ এছ'চিয়েচনে চমুকৈ এছএএছটিআৰএই ইণ্ডিয়া ফিউচাৰ ফাউণ্ডেচনৰ সহযোগত ৰাষ্ট্ৰীয় সুৰক্ষা বিশ্ববিদ্যালয়ত "ভাৰতত বাজি আৰু জুৱাক নিষিদ্ধকৰণ: ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে প্ৰয়োজনীয়তা" শীৰ্ষক এক গুৰুত্বপূৰ্ণ প্ৰতিবেদন প্ৰকাশ কৰিছে। এক উচ্চ পৰ্যায়ৰ ঘূৰণীয় মেজমেলত আলোচনাৰ মাধ্যমেৰে উপস্থাপন কৰা এই বিস্তৃত প্ৰতিবেদনে দেশজুৰি অবৈধ বাজি আৰু জুৱাৰ বৰ্ধিত কাৰ্য-কলাপৰ বিৰুদ্ধে যুঁজিবলৈ বা ব্যৱস্থা ল'বলৈ অতি শীঘ্ৰে পদক্ষেপ লোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। শাস্ত্ৰৰ অধীনৰ প্ৰায়োগিক বিজ্ঞান বিদ্যালয়ৰ অভিযান্ত্ৰিক তথা প্ৰযুক্তি বিভাগৰ সঞ্চালক কৰ্ণেল নিধিশ ভাটনাগৰে ধন সৰবৰাহ আৰু পৰিকল্পিত অপৰাধকে ধৰি শেহতীয়া বৰ্ধিত কাৰ্য-কলাপৰ নেতিবাচক প্ৰভাৱৰ ওপৰত বিভিন্ন দিশ দাঙি ধৰি নৱীকৃত আইনী ফ্ৰেমৱৰ্ক আৰু কেন্দ্ৰীয়ভাৱে বলবৎকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত…
Read More