23
Sep
প্ৰশাসনিক ক্ষেত্ৰত অধিক স্বচ্ছতা আৰু আমোলাতান্ত্ৰিক আঁসোৱাহসমূহ নোহোৱা কৰি দ্ৰুতগতিত কাৰ্য সমাপন আৰু দ্ৰুতগতিত সেৱা প্ৰদানৰ বাবে দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ৰ উদ্যোগত ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ আয়োজন কৰা হৈছে স্পেচিয়েল কেম্পেইন ৪.০ৰ। ভাৰত চৰকাৰে আৰম্ভ কৰা এই পদক্ষেপে প্ৰশাসনিক সংস্কাৰ আৰু জনঅভিযোগ বিভাগ(ডিএআৰপিজি)ৰ তত্বাৱধানত বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ সমান্তৰালকৈ ফিল্ড আৰু আউটষ্টেচন দুয়োধৰণৰ কাৰ্যালয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই অভিযানত পৰিষ্কাৰ-পৰিচ্ছন্নতাক প্ৰতিষ্ঠানিকৰণ, এই অভিযানৰ স্থানসমূহ চূড়ান্ত কৰা আৰু অভিলেখ ব্যৱস্থাপনা উন্নত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। এমএছডিইয়ে পূৰ্বৰ অভিযানসমূহত সক্ৰিয় ৰূপত বিভিন্ন পদক্ষেপ হাতত লৈছিল, ইতিমধ্যে ২,৩০৫টা ৰাজহুৱা অভিযোগ সমাধান কৰিছে আৰু প্ৰায় ২০০০টা স্বচ্ছতা অভিযান ৰূপায়ণ…
