24
Jul
নিছান মটৰ ইণ্ডিয়া আৰু আমাজন মিনিটিভিয়ে ডান্স ৰিয়েলিটি শ্ব’ ‘হিপ হপ ইণ্ডিয়া’ত সৰ্ববৃহৎ অন গ্ৰাউণ্ড হিপ-হপ ডান্স এক্টিভিটিৰ গিনিজ ৱৰ্ল্ড ৰেকৰ্ড ভংগ কৰিলে। একেলগে ১,৮৭০ নৃত্যশিল্পীয়ে মুম্বাইৰ ফিল্মচিটিত একত্ৰিত হৈ ৫ মিনিটৰ আকৰ্ষণীয় আৰু মনোগ্ৰাহী হিপ-হপ প্ৰদৰ্শন কৰে। হিপ হপ ইণ্ডিয়াৰ বিচাৰক ৰেমো ডিচুজা আৰু নুৰা ফাতেহী, আমাজনৰ এডভাৰ্টাইজিং হেড গিৰীশ প্ৰভু , নিছান মটৰ্ছ ইণ্ডিয়াৰ সঞ্চালক মোহন উইলছন উপস্থিত থাকে এই অনুষ্ঠানত। বিশেষ অংশীদাৰ ‘টু দ্য কালচাৰ’ আৰু নৃত্যৰ দল ‘কিংছ ইউনাইটেডে’ এই অনুষ্ঠানটোৰ নৃত্য পৰিচালনা কৰে। ভাৰতৰ প্ৰথম আৰু সৰ্ববৃহৎ ৰিয়েলিটি ডান্স শ্ব' 'হিপ হপ ইণ্ডিয়া'ই হিপ হপৰ গতিশীল ডান্স ফৰ্ম উদযাপন কৰিছে। বিচাৰক ৰেমো ডিচুজা আৰু নুৰা…
