ত্ৰিপুৰা

প্ৰেমত পৰি ভাৰতত অবৈধভাৱে অনুপ্ৰৱেশ, ত্ৰিপুৰাত গ্ৰেপ্তাৰ বাংলাদেশী মহিলা

প্ৰেমত পৰি ভাৰতত অবৈধভাৱে অনুপ্ৰৱেশ, ত্ৰিপুৰাত গ্ৰেপ্তাৰ বাংলাদেশী মহিলা

এবছৰীয়া প্ৰেমৰ পিছত গোপনে বিবাহ সম্পন্ন কৰি পাছপৰ্ট আইন উলংঘা কৰি অবৈধভাৱে সীমান্ত পাৰ হৈ ভাৰতলৈ অহা এগৰাকী বাংলাদেশী মহিলাক ত্ৰিপুৰাত গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে, উত্তৰ ত্ৰিপুৰা জিলাৰ কদমতলা বজেন্দ্ৰ নগৰৰ ৫০ বছৰীয়া সুধাংশু দাসৰ সৈতে বাংলাদেশৰ মৌলবীবজাৰ নিবাসী জলি ৰাণী দাস নামৰ ২৫ বছৰীয়া মহিলাগৰাকীয়ে বিবাহপাশত আবদ্ধ হয়। বাংলাদেশৰ এটা মন্দিৰত গম্ভীৰ্যপূৰ্ণভাৱে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ১৭ ডিচেম্বৰত দম্পতীহালে লুকাই চুৰকৈ ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰে। দেওবাৰে নিশা মহিলাগৰাকীৰ জাতীয়তা সম্পৰ্কে এক গোপন খবৰ পোৱাৰ পিছতে আৰক্ষী আৰু বি এছ এফৰ জোৱানে বাজেন্দ্ৰনগৰ অঞ্চলত যৌথ অভিযান চলায়। ইয়াৰ পিছতে মহিলাগৰাকীক স্বামীৰ ঘৰত গ্ৰেপ্তাৰ হয়। সীমান্তত নিয়োজিত সীমান্ত নিৰাপত্তা…
Read More
পত্নীৰ পৰা ধন দাবী কৰি শাৰীৰিক-মানসিক অত্যাচাৰ খোদ আৰক্ষী বিষয়াৰ, গোচৰ ৰুজু

পত্নীৰ পৰা ধন দাবী কৰি শাৰীৰিক-মানসিক অত্যাচাৰ খোদ আৰক্ষী বিষয়াৰ, গোচৰ ৰুজু

খাকী পোছাকত দাগ লগাই নিজৰ পত্নীক যৌতুক বিচাৰি শাৰীৰিক-মানসিক খোদ আৰক্ষী বিষয়াৰ। ত্ৰিপুৰা আৰক্ষীৰ অতিৰিক্ত অধীক্ষক উত্তম বনিকৰ পত্নী সুপৰ্ণা দাসে সোমবাৰে পশ্চিম আগৰতলা মহিলা আৰক্ষী থানাত গোচৰ ৰুজু কৰে। ঘটনাৰ পিছতে ত্ৰিপুৰা আৰক্ষীৰ সঞ্চালক প্ৰধানে উত্তমক ছেপাহিজালা জিলাৰ পদৰ পৰা অপসাৰণ কৰি আগৰতলাৰ আৰক্ষী মুখ্য কাৰ্যালয়ত সংলগ্ন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত আৰক্ষী বিষয়াগৰাকীৰ পত্নী সুপৰ্ণা দাসে প্ৰকাশ কৰে যে ২০১২ চনৰ মাৰ্চ মাহত সেই সময়ত উপ-আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত উত্তম বানিকৰ বিয়া হৈছিল। ‘আমাৰ বিয়াৰ তিনিমাহৰ পাছত উত্তম আৰু তেওঁৰ মাকে মোক মানসিকভাৱে অত্যাচাৰ কৰিবলৈ ধৰিলে, ধন দাবী কৰিলে, আনকি শাৰীৰিক নিৰ্যাতনৰ আশ্ৰয়ও ল’লে। সেই বছৰতে তেওঁ গাড়ীৰ…
Read More
ত্ৰিপুৰাত ৪ লক্ষাধিক টকা মূল্যৰ গাঞ্জাসহ দুজনক আটক…

ত্ৰিপুৰাত ৪ লক্ষাধিক টকা মূল্যৰ গাঞ্জাসহ দুজনক আটক…

ত্ৰিপুৰাৰ খোৱাই জিলাৰ তেলিয়ামুৰা মহকুমাৰ অন্তৰ্গত মুংগিয়াকামিত আৰক্ষীৰ অভিযানত ৪ লক্ষাধিক টকা মূল্যৰ গাঞ্জা জব্দ কৰাৰ লগতে দুজনক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষী সূত্ৰই জনোৱা মতে, শুকুৰবাৰে পুৱা ৭ বজাত খোৱাই জিলাৰ মুংগিয়াকামি আৰক্ষী থানাৰ অন্তৰ্গত এখন বজাৰৰ কাষৰীয়া অঞ্চলত এখন ৬ চকীয়া ট্ৰাক জব্দ কৰে। এম এইচ ০৫ এ এম ২০৮৪ নম্বৰৰ ৬ চকীয়া কণ্টেইনাৰ ট্ৰাক খনেৰে অসমলৈ বৃহৎ পৰিমাণৰ গাঞ্জা সৰবৰাহৰ সময়তে আৰক্ষীয়ে অভিযান চলাই গাঞ্জা খিনি জব্দ কৰে। ইফালে আৰক্ষীয়ে ট্ৰাকখনৰ চালক আৰু সহায়কাৰী জনকো আটক কৰি তদন্ত অব্যাহত ৰাখিছে।
Read More
লোকসভাৰ সাংসদৰ পৰিপ্ৰেক্ষিতত ত্ৰিপুৰা বিধানসভাৰ পৰা পদত্যাগ প্ৰতিমা ভৌমিকৰ…

লোকসভাৰ সাংসদৰ পৰিপ্ৰেক্ষিতত ত্ৰিপুৰা বিধানসভাৰ পৰা পদত্যাগ প্ৰতিমা ভৌমিকৰ…

বুধবাৰে আগৰতলাত ৰাজ্যপাল সত্যদেৱ নাৰায়ণ আৰ্য্যই ত্ৰিপুৰা বিধানসভাৰ প্ৰটেম অধ্যক্ষ হিচাপে বিনয় ভূষণ দাসক শপত গ্ৰহণ কৰাৰ কিছু সময়ৰ পাছতে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক লোকসভাৰ আসন অক্ষুণ্ণ ৰাখিবলৈ বিধানসভাৰ পৰা পদত্যাগ কৰে। সেপাহিজালা জিলাৰ ধনপুৰ বিধান সভা সমষ্টিৰ পৰা ৩৫০০ ভোটৰ ব্যৱধানত জয়লাভ কৰিছিল ভৌমিক। পদত্যাগ কৰাৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ভৌমিক কয়, ‘মই দুয়োটা স্থানতে (সংসদ আৰু বিধানসভা) সদস্যপদ ৰাখিছো। দলটোৱে মোক ধনপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ পৰামৰ্শ দিলে। দলৰ নিৰ্দেশ অনুযায়ী মই এতিয়া ধনপুৰ সমষ্টিৰ পৰা পদত্যাগ কৰিছো। মোক ভোট দিয়া ভোটাৰ সকলক ধন্যবাদ জনাইছো। ধনপুৰৰ উন্নয়নৰ বাবে দিয়া সকলো প্ৰতিশ্ৰুতি পূৰণ হ’ব…
Read More
আজি অনুষ্ঠিত ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ…

আজি অনুষ্ঠিত ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ…

কটকটীয়া নিৰাপত্তাৰ মাজতে বৃহস্পতিবাৰে ত্ৰিপুৰাত ৬০ জনীয়া বিধানসভাৰ বাবে ভোটদান চলি আছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণ সন্ধিয়া ৪ বজালৈ চলিব। বিষয়াসকলৰ মতে, ২৫৯জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিবলৈ উত্তৰ-পূব ৰাজ্যখনৰ ৩৩৩৭টা ভোটকেন্দ্ৰত দিনৰ ভাগত প্ৰায় ২৮.১৩ লাখ ভোটাৰে নিজৰ সাব্যস্ত কৰিব। ইফালে, ৩৩৩৭টা ভোটকেন্দ্ৰৰ ভিতৰত ১১০০টা বুথ স্পৰ্শকাতৰ আৰু ২৮টা বুথ জটিল বুলি চিনাক্ত কৰা হৈছে বুলিও বিষয়াসকলে লগতে কয়। ৯৭টা বুথ মহিলা ভোটগ্ৰহণকাৰীয়ে পৰিচালনা কৰি আছে। ভোটদান প্ৰক্ৰিয়াৰ সময়ত আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক সীমা ছীল কৰি সমস্যা সৃষ্টিকাৰীসকলক আঁতৰাই ৰাখিবলৈ দিয়া হৈছে বুলি সূত্ৰই জনায়। সতৰ্কতামূলক ব্যৱস্থা হিচাপে সমগ্ৰ ৰাজ্যতে ১৭ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজালৈকে নিষেধাজ্ঞা জাৰি কৰা…
Read More
ত্ৰিপুৰাত প্ৰায় ৪০ লাখ টকাৰ ব্ৰাউন চুগাৰসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

ত্ৰিপুৰাত প্ৰায় ৪০ লাখ টকাৰ ব্ৰাউন চুগাৰসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

ত্ৰিপুৰাৰ আমতলি থানাৰ অন্তৰ্গত মাটিনগৰ অঞ্চলত এজন যুৱকৰ পৰা ত্ৰিপুৰা আৰক্ষীয়ে ৪০ লাখ টকাৰ ১২ পেকেট ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে। অভিযুক্ত যুৱকজনক জৱাহৰ মিঞা বুলি জানিব পৰা গৈছে। উদ্ধাৰ হোৱা ব্ৰাউন চুগাৰৰ পৰিমাণ ১২০ গ্ৰাম। অতিৰিক্ত আৰক্ষী অধীক্ষক ৰাজদ্বীপ দেৱে জব্দ কৰা ব্ৰাউন চুগাৰৰ বজাৰ মূল্য ৪০ লাখ টকা হ’ব বুলি জানিবলৈ দিয়ে। লগতে অভিযুক্তজন গৰু ব্যৱসায়তো জড়িত বুলি উল্লেখ কৰি আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ গ্রহণ কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে কয় যে আৰক্ষীয়ে তেওঁক জেৰা অব্যাহত ৰাখিছে আৰু এই গেঙৰ সৈতে জড়িত আন লোকসকলক গ্ৰেপ্তাৰ কৰিছে।
Read More
ত্ৰিপুৰাত অপহৰণৰ চেষ্টা চলোৱাৰ সন্দেহত ৪ সন্তক গণপ্ৰহাৰ

ত্ৰিপুৰাত অপহৰণৰ চেষ্টা চলোৱাৰ সন্দেহত ৪ সন্তক গণপ্ৰহাৰ

এক অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহত ত্ৰিপুৰাৰ খোৱাই জিলাত একাংশ লোকে শনিবাৰে চাৰিজন সাধুক আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে। খবৰ অনুসৰি, চাৰিজন সাধু উত্তৰ প্ৰদেশৰ পৰা তেলিয়ামুৰা উপ-বিভাগৰ শান্তিনগৰলৈ আহে আৰু এক পৃথক স্থানত একত্ৰিত হয়। তাত সন্ত কেইগৰাকীয়ে এগৰাকী নাবালিকাৰ সৈতে বাৰ্তালাপৰ চেষ্টা কৰে নাবালিকা গৰাকীয়ে চিঞৰ বাখৰ কৰে। যাৰ ফলত স্থানীয় একাংশ ৰাইজে নাবালিকা গৰাকীক অপহৰণৰ চেষ্টা কৰা বুলি সন্দেহ কৰি সন্ত কেইগৰাকীক কৰায়ত্ত কৰি উত্তম মাধ্যম শোধায়। পিছত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ সন্ত কেইগৰাকীক উদ্ধাৰ কৰি থানালৈ লৈ যায়। চাৰিজন সাধুক ক্ৰমে- জিতেন্দ্ৰ গোস্মামী (৩১), ভোজৰাজ (৭২), দিনেশ (২১), টিংকু গোস্মামী (৩২) বুলি চিনাক্ত কৰা হৈছে।…
Read More
ক’ৰোনাত আক্রান্ত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ

ক’ৰোনাত আক্রান্ত মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ

দেশত ক্রমাৎ বৃদ্ধি পাবলৈ ধৰিছে মহামাৰী ক’ৰোনাৰ সংক্রমণ৷ দেশত নিতৌ নতুনকৈ ক’ৰোনাত আক্রান্ত হৈছে ভিন্ন প্রান্তৰ লোক৷ ইয়াৰ মাজতে আজি ক’ৰোনাত আক্ৰান্ত হ’ল ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱ। আজি নিজৰ টুইটাৰ একাউণ্টযোগে এই কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে। তেওঁ লিখিছে, “মোৰ ক’ভিড-১৯ পৰীক্ষাৰ ফলাফল পজিটিভ আহিছে। বৰ্তমান চিকিৎসকৰ পৰামৰ্শমতে মই হোম আছ’লেচনত আছোঁ। মই সকলোকে ক’ভিড গাইডলাইন মানিবলৈ অনুৰোধ কৰিছোঁ।”
Read More

গুৱাহাটীৰ বহু ঠাই ফুৰি গৈছে গীতাৰাণী কৰ্মকাৰে

ষ্টাফৰিপোৰ্টাৰ, ৮ এপ্ৰিল :: গুৱাহাটীৰ বহু ঠাই ফুৰি গৈছে ত্ৰিপুৰাৰ প্ৰথমগৰাকী কৰ'না ভাইৰাছ পজিটিভ গীতাৰাণী কৰ্মকাৰে। কামাখ্যা মন্দিৰৰ পিছত নাম ওলাইছে এখন হোটেলৰ। পল্টন বজাৰ থানাৰ সুখমণি হোটেলৰ সকলো কৰ্মচাৰী এতিয়া আতংকিত।
Read More